সম্পাদকীয়
কোনো আঞ্চলিক দল নাথাকে

ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাদ্দাৰ ঘোষণা: ভাৰতবৰ্ষত কোনো আঞ্চলিক দল নাথাকে৷

কেইদিনমান পিছতে জনতা দল ইউনাইটেডৰ সভাপতি শ্ৰীনীতিশ কুমাৰে ভৱিষ্যতমুখী সিদ্ধান্ত ল’লে : বিজেপিৰ সঙ্গ ত্যাগ কৰিলে আৰু ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু অন্যান্য দলৰ লগত নতুন চৰকাৰ গঠন কৰিলে৷

অসমত বিজেপি চৰকাৰৰ লগত সনাপিটিকা কৰি থকা আঞ্চলিক দলকেইটাৰ কোনো প্ৰতিক্ৰিয়া ৰাজহুৱা নহ’ল৷ অৱশ্যে এইটোও ঠিক যে বিজেপিৰ লগত অসমৰ আঞ্চলিক দলকেইটাৰ শ্ৰীনীতিশ কুমাৰৰ বলিষ্ঠ পদক্ষেপ পেটে পেটে ভালেই পাইছে৷

সকলোৰে একে প্ৰশ্ন: অসমৰ দলকেইটাক বিজেপিয়ে কেতিয়া কি পৰিস্থিতিত একাষৰীয়া কৰিব?

নাদ্দাৰ ঘোষণাৰ পিছতে আৰএছএছৰ মুৰব্বী মোহন ভগতৰ ঘোষণা: কোনো এজন ব্যক্তিয়ে, কোনো এটা দলে দেশৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰে৷

মোহন ভগতৰ ঘোষণাৰ পিছতে ৰাজ্য সভাৰ অধ্যক্ষ, দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকতা নাইডুৰ ঘোষণা: প্ৰথমে দেশ, পিছতহে দল৷

উল্লেখযোগ্য যে অধ্যক্ষ ভেংকতা নাইডুৰ কালছোৱাত প্ৰধান মন্ত্ৰীয়ে এবাৰো ৰাজ্য সভাত কোনো বক্তব্য দাঙি ধৰা নাই৷ ইয়াৰ লগত অধ্যক্ষগৰাকীৰ ওপৰৰ মন্তব্যটোৰ কোনো সম্পৰ্ক নাই বুলি কোনোবাই ভাবিব পাৰেনে?

প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণা: হিতাধিকাৰী সৃষ্টিয়ে দেশৰ অৰ্থনীতিৰ অন্যায় কৰিছে৷

সকলোৱে ভাবিছে যে মোদীয়ে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজিৰৱালকে উদ্দেশ্য কৰি সতৰ্কবাণী শুনাইছে৷

কোনোবাই বিশ্বাস কৰিব পাৰেনে যে মোদীয়ে কথাষাৰ কওঁতে অসমৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকো উদ্দেশ্য কৰি কথাষাৰ কোৱা নাই৷

কোনোবাই ডাঠি ক’ব পাৰেনে যে ড॰ শৰ্মাৰ হিতাধিকাৰী সৃষ্টিয়ে আজিৰ দিনটোত অসম চৰকাৰে স্কুলৰ বাবে বিজুলী পাংখা কিনিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি কৰা নাই??

বসন্ত ডেকা

Image Description