সম্পাদকীয় - বিজেপি চৰকাৰৰ ঘোৰ অন্যায়

অসমত বিজেপি চৰকাৰখনে অসমীয়া ভাষাৰ প্ৰতি ঘোৰ অন্যায় কৰিছে।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকতখন উঠাই দিছে৷

১৯৬০ চনত অসম ৰাজ্যিক ভাষা আইনে অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ মৰ্য্যাদা দিছে৷ প্ৰশাসনৰ ভাষা হিচাপে অসমীয়া ভাষাৰ উত্তৰণৰ বাবে ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ।

ইয়াৰ লগতে সংগতি ৰাখি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাসম্পৰ্কীয় প্ৰশ্নকাকত নিৰ্দিষ্ট কৰা হৈছে৷

বৰ্তমান অসমীয়াৰ প্ৰশ্নকাকতখন ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিছে৷ দেখ-দেখকৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত আইনসংগত নহয়।

লোকসেৱা আয়োগ বিধায়িনীভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত৷ সেয়েহে লোকসেৱা আয়োগৰ সকলো নীতিবিষয়ক সিদ্ধান্ত স্বতন্ত্ৰৰীয়া৷ এনে ব্যৱস্থা চৰকাৰৰ এটা কেবিনেট সিদ্ধান্তই নাকচ কৰিব নোৱাৰে৷

চৰকাৰে সিদ্ধান্তটোৰ জৰিয়তে ইংৰাজী ভাষাৰ তুলনাত অসমীয়া ভাষাক অৱনমন কৰিলে৷ কি ধৃষ্টতা!

চৰকাৰে পাহৰি গ’ল যে ইংৰাজী ভাষা ৰাজ্যিক ভাষা নহয়৷ ইংৰাজী ভাষা মাঁথো চৰকাৰী কাম-কাজতহে প্ৰয়োজনত ব্যৱহাৰ হয়৷

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক নিয়োগৰ ক্ষেত্ৰত অধিক সুবিধা দিলে৷ ই স্পষ্টভাৱে বৈষম্যমূলক সিদ্ধান্ত৷ ই সংবিধানৰ পৰিপন্থী৷ চৰকাৰে কথাটো গমি-পিতি চোৱা নাই৷

চৰকাৰী চাকৰি এনেই দুৰ্লভ হৈ পৰিছে, তাতে আকৌ বৈষম্যমূলক সিদ্ধান্ত লোৱা হৈছে৷ প্ৰশ্ন হয় নাগপুৰৰ বেদীত ৰাজ্যিক বিজেপি চৰকাৰখনে অসমীয়াৰ স্বাৰ্থ আৰু কিমান জলাঞ্জলি দিব?

মহাৰাষ্ট্ৰত লোকসেৱা আয়োগৰ পৰীক্ষাত মাৰাঠী বাধ্যতামূলক। ওড়িশাত ওড়িয়া বাধ্যতামূলক। বংগত বাংলা ক'বলৈ, পঢ়িবলৈ আৰু লিখিবলৈ জানিব লাগিব। অৰ্থ স্পষ্ট।

ৰাজ্য চৰকাৰে নিজৰ অযুক্তিকৰ আৰু বৈষম্যমূলক সিদ্ধান্ত প্ৰত্যাহাৰ কৰক৷ এইয়ে ‘প্ৰত্যাহ্বান’ৰ ফালৰ পৰা আহ্বান৷৷

বসন্ত ডেকা

Image Description