সম্পাদকীয় - কৌতুকলৈ ৰূপান্তৰিত বঁটা

২০০০ চনৰ আশে-পাশে অসমৰ সংবাদ মাধ্যমসমূহত হঠাৎ প্ৰতিদিনে বিভিন্নজন 'ভাৰতজ্যোতি' বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাতৰি প্ৰকাশ হ'ব ধৰিলে। বেছ কিছুদিনলৈ উক্ত বঁটাৰ বাবে নিৰ্বাচিত নতুন নতুন লোকৰ খবৰেৰে বাতৰিকাকতৰ পৃষ্ঠা ভৰি থাকিল। ইয়াৰে বেছিভাগ লোক সকলোৰে অপৰিচিত নাইবা স্বল্পখ্যাত।

লাহে লাহে কথাটো সকলোৰে চকুত পৰিল। ব্যক্তিগত পৰ্য্যায়ত এই বিষয়ে আলোচনা চলিল যদিও ৰাজহুৱাকৈ কোনেও একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। ইতিমধ্যে বঁটাৰ বাবে নিৰ্বাচিত কিছুসংখ্যকক অভিনন্দন জনোৱা বাতৰিও সমান্তৰালভাৱে প্ৰকাশ পাবলৈ আৰম্ভ কৰিলে। গতিকে চকুচৰহাৰ অপবাদ পোৱাৰ ভয়ত সকলো মনে মনে থাকিল। কিন্তু আড্ডা মহলত সৰৱ আলোচনা চলিল। ক্ৰমান্বয়ে ই কৌতুকলৈ ৰূপান্তৰিত হ'ল।

অৱশেষত শ্ৰদ্ধাৰ দেৱেন দত্ত ডাঙৰীয়াই বাতৰিকাকতত এক পত্ৰৰ জৰিয়তে এই বঁটা প্ৰদানৰ আঁৰৰ উদ্দেশ্য তথ্যসহকাৰে উদঙাই দিয়ে। কিছুমান ভুৱা সংস্থাৰ নামত দিল্লীকে ধৰি দেশৰ কিছু অসাধু লোকে টকাৰ বিনিময়ত বঁটা বিক্ৰীৰ ব্যৱসায় চলাই থাকে। 'ভাৰতজ্যোতি বঁটা' তেনে পৰিকল্পনাৰে অংশবিশেষ। শ্ৰী দত্ত ডাঙৰীয়াই নিজেও সেই বঁটাৰ বাবে তেনে এক পত্ৰ পোৱাৰ কথা সদৰি কৰাৰ লগতে তেওঁ তাক কোনো গুৰুত্ব দিয়া নাই বুলি জনায়।

বহুদিনলৈ 'ভাৰতজ্যোতি বঁটা'ৰ অধ্যায় অসমত কৌতুক হিচাপে থাকি যায়।

কালি ৪ ডিছেম্বৰ তাৰিখে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলত ৰাজ্য চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' নামৰ তিনিটা বঁটাৰ বাবে নিৰ্বাচিত বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ লগতে ইয়াৰ সতে জড়িত নগদ ধনৰ পৰিমাণ আৰু অন্যান্য সুবিধাসমূহৰ কথা ঘোষণা কৰে। ৩ ডিছেম্বৰত অনুষ্ঠিত অসম কেবিনেটৰ অনুমোদনমৰ্মে মুখ্য মন্ত্ৰীগৰাকীয়ে এই ঘোষণাসমূহ কৰে।

ইতিমধ্যে ৮ জুনত অনুষ্ঠিত অসম কেবিনেটত 'অসম ৰত্ন', 'অসম ভূষণ' আৰু 'অসমশ্ৰী' বঁটা সম্পৰ্কত লোৱা এনে ধৰণৰ বঁটাসম্পৰ্কীয় সিদ্ধান্ত একে ধৰণে সংবাদ মেলত ঘোষণা কৰা হৈছিল। এই সন্দৰ্ভত 'আমাৰ অসম' কাকতৰ ৯ জুনৰ সংখ্যাত প্ৰকাশিত ' কথাতে কটা যাব, কথাতে বঁটা পাব' শীৰ্ষক এক চিন্তনীয় মজাৰ বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিটোত কোৱা হৈছিল যে:

'মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ৮ জুনত অনুষ্ঠিত কেবিনেট বৈঠকত বহু নতুন বঁটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এতিয়াৰে পৰা প্ৰতি বছৰে চৰকাৰে যোগ্যলোকক প্ৰদান কৰিব এই বঁটাসমূহ৷ ৮ জুনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে চৰকাৰে ১৯টাকৈ বঁটা প্ৰদান কৰিব৷ ইয়াৰ বাবদ ৰাজকোষৰ পৰা প্ৰতি বছৰে ব্যয় হ’ব ৩৪ লাখকৈ টকা৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নতুনকৈ প্ৰদান কৰিবলগীয়া বঁটাসমূহ হ’ল:

'অসম ৰত্ন': সমাজলৈ তথা ৰাজ্যখনলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে নিয়মীয়াকৈ এই বঁটা প্ৰদান কৰা হ’ব৷ এই বঁটাত থাকিব পাঁচ লাখ টকা৷ এই বঁটা পূৰ্বেও দিয়া হৈছিল যদিও নিয়মীয়া হোৱা নাছিল৷

'অসম বিভূষণ': প্ৰতি বছৰে ৩ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত থাকিব ৩ লাখ টকা৷

'অসম ভূষণ': প্ৰতি বছৰে ৫ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত থাকিব ২ লাখ টকা৷

'অসমশ্ৰী': প্ৰতি বছৰে ১০গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত থাকিব ১ লাখ টকা৷

এই আটাইকেইটা বঁটাৰ ক্ষেত্ৰত বঁটাপ্ৰাপকসকলে আন কেতবোৰ সুবিধাও লাভ কৰিব৷ সেই সুবিধাসমূহৰ ভিতৰত আছে:

গুৰুতৰ অসুখৰ বাবে বিনামূলীয়া চিকিৎসা, অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা আদি৷ এই বঁটাসমূহ প্ৰতি বছৰে অসম দিৱসৰ দিনা প্ৰদান কৰা হ’ব৷

লক্ষ্যণীয়ভাৱে ৰাজ্য চৰকাৰে নতুনকৈ ১৯টা বঁটা ঘোষণা কৰিলেও পূৰ্বতে চৰকাৰে দিয়া বহু বঁটা আজি অনিয়মীয়া হৈ পৰিছে৷ বছৰৰ পাছত বছৰ ধৰি প্ৰদান কৰা নাই বহু বঁটা৷ আনকি বহু বঁটা আজি পাহৰণিৰ গৰ্ভত৷ উল্লেখ্য, ৰাজ্য চৰকাৰৰ অধীনত প্ৰদান কৰা বঁটাৰ অধিকাংশৰ দায়িত্বত আছে সাংস্কৃতিক বিভাগ৷

বিভাগটোৰ অধীনত মুঠ ২৫টাঢ বঁটা প্ৰদান কৰা হয়৷ ইয়াৰে ৯টা বঁটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৷ ৰাজ্য চৰকাৰৰ সূত্ৰমতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰিব লাগে যদিও ২০১৪ চনত শেষৰবাৰৰ কাৰণে বঁটা প্ৰদান কৰা হয়৷ ঠিক তেনেদৰে প্ৰতি বছৰে প্ৰদান কৰিবলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ 'বিষ্ণুৰাভা বঁটা' ২০১৬ চনৰ পিছত আৰু প্ৰদান কৰা হোৱা নাই৷ প্ৰতি বছৰে প্ৰদান কৰা শিল্পী বঁটা ২০১৬ চনত দিয়া হৈছে৷ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বীৰ চিলাৰায় বঁটা প্ৰতি তিনি বছৰৰ মূৰে মূৰে দিব লাগে যদিও ২০০৮ চনতে শেষৰবাৰৰ কাৰণে এই বঁটা প্ৰদান কৰা হৈছিল৷

লক্ষ্যণীয়ভাৱে ৮ জুনত পুনৰ ঘোষণা কৰা ‘অসম ৰত্ন’ বঁটা ২০০৮ চনতে চৰকাৰে প্ৰৱৰ্তন কৰিছিল৷ প্ৰতি তিনি বছৰৰ মূৰে মূৰে এই বঁটা দিব লাগে৷ ৰাজ্যিক পৰ্য্যায়ৰ এই বঁটা ২০০৮ চনত ড॰ ভূপেন হাজৰিকাক, ২০১২ চনত ড॰ মামণি ৰয়চম গোস্বামীক প্ৰদান কৰা হয়৷ তাৰ পাছৰে পৰা বন্ধ হৈ পৰে এই বঁটা প্ৰদানৰ প্ৰক্ৰিয়া৷ প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ 'মাধৱদেৱ বঁটা'২০০৯ চনত ড॰ লক্ষ্মীনন্দন বৰা আৰু ২০১৩ চনত অধ্যাপক মৃণাল মিৰিক প্ৰদান কৰাৰ পাছত বৰ্তমানলৈ এই বঁটা আৰু কাকো প্ৰদান কৰা নহ’ল৷ এইটো এটা উদাহৰণহে মাত্ৰ৷

ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ যিসমূহ বঁটা প্ৰৱৰ্তন কৰিছিল তাৰে অধিকাংশ ২০১৬ চনৰ পিছত আৰু প্ৰদান কৰা হোৱা নাই৷ ২০১৭ চনত কেৱল 'শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা' নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা হৈছিল৷ ৰাজ্য চৰকাৰে ইতিপূৰ্বে প্ৰৱৰ্তন কৰা ২৫টা বঁটাৰ অধিকাংশই ইতিমধ্যে পাহৰণিৰ গৰ্ভত সোমাই পৰাৰ পাছত চৰকাৰে মঙলবাৰে নতুনকৈ একাধিক বঁটাৰ সিদ্ধান্ত ঘোষণা কৰে।

৮ জুনত ঘোষণা কৰা বঁটাৰ বেছিভাগেই শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীক আগবঢ়োৱা হ’ব৷ বহুতে প্ৰশ্ন তুলিছে যে য’ত ক'ৰ’নাৰ সময়ত দৰিদ্ৰ-মধ্যবিত্তৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে, নিবনুৱাৰ সংখ্যা বাঢ়িছে, বহু লোক কৰ্মহীন হৈ পৰিছে, সেই সময়ত ৰাজকোষৰ ঢধন ব্যয় কৰি এনেদৰে নতুন নতুন বঁটা ঘোষণা কৰিছে৷ বহুতৰ সন্দেহ হৈছে ইয়াৰ আঁৰত ৰাজ অনুগ্ৰহণৰ বাবে বহুতে আপোচমুখী অৱস্থান ল’ব৷

উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনত বুজনসংখ্যক শিল্পী-সাহিত্যিক-বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰিছিল৷ কিন্তু ইয়াৰে বহুতে এতিয়া ‘কা’ৰ সমৰ্থনত নামি পৰিছে৷ ফেছবুক বা ছ’ছিয়েল মিডিয়াত চৰকাৰবিৰোধী মন্তব্য কৰি জে’লৰ ভাত খাবলগীয়া হৈছে বহু অসমীয়া যুৱকে৷ অৱশ্যে এতিয়া ‘কা’ আন্দোলনক লৈ চৰকাৰ যথেষ্ট কঠোৰ৷ গতিকে পৰিস্থিতি এনেকুৱা হ’ল যে অসমৰ ৰাইজৰ বাবে এতিয়া দুটা পথ খোলা আছে: 'কথাত বঁটাও পাব পাৰে বা কথাত কটাও যাব পাৰে৷'

এটা সময়ত 'শ্ৰীমন্ত শংকৰদেৱ বঁটা' অসম চৰকাৰৰ সৰ্বোচ্চ সন্মানৰ বঁটা আছিল। প্ৰতি বছৰে আগবঢ়োৱা এই বঁটা ২০১৪ চনৰ পৰা তিনি বছৰৰ অন্তত দিয়াৰ সিদ্ধান্ত লোৱা হ'ল। ২০১৪ চনৰ পিছত এই বঁটা প্ৰদান কৰা হোৱা নাই।

২০০৮ চনত 'অসম ৰত্ন' বঁটা প্ৰৱৰ্তন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকালৈ আৰু ২০১২ চনত মামণি ৰয়ছম গোস্বামীলৈ এই বঁটা আগবঢ়োৱা হয়। তাৰপিছত আৰু নাই। এই কাৰ্য্যৰ দ্বাৰা যাৰ নামত বঁটা দিয়া হয় আৰু যিসকল বৰেণ্য ব্যক্তিক বঁটা প্ৰদান কৰা হয় উভয়কে অসন্মানিত কৰা হোৱা নাইনে?

মন গ'লেই বঁটা ঘোষণা, মন নগ'লেই বন্ধ – এইবোৰ কি চলিছে?

'ভাৰতজ্যোতি বঁটা'ৰ দৰে অসম চৰকাৰৰ বঁটাও কৌতুকত পৰিণত হ'ল নেকি?

Image Description