সম্পাদকীয় - সম্প্ৰীতিৰ কথা

অহা বছৰ ২০২২ চনত দেশৰ সাতখন ৰাজ্যত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব। বছৰটোৰ প্ৰথমভাগত গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড এই পাঁচোখন ৰাজ্য আৰু বছৰটোৰ শেষত হিমাচল প্ৰদেশ আৰু গুজৰাট এই দুখন ৰাজ্যত বিধান সভাৰ বাবে নিৰ্বাচন হ'ব।

ইতিমধ্যে এই ৰাজ্যকেইখনৰ ৰাজনৈতিক বাতাবৰণ লাহে লাহে গৰম হ'ব ধৰিছে। দেশত হোৱা অতিপাত মূল্যবৃদ্ধি আৰু গুৰুতৰ নিবনুৱা সমস্যাত ককবকাই থকা জনসাধাৰণৰ মাজত এনে পৰিস্থিতিত পৰিৱৰ্তনৰ লহৰ সৃষ্টি হোৱাটো অতি স্বাভাৱিক। গতিকে শাসনাধিস্থ বিজেপি দলে নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ সাম্প্ৰদায়িক বিভাজনৰ ৰণনীতি অধিক তীব্রতৰ কৰি তোলাতো খাটাং।

ইতিমধ্যে ইয়াৰ কুচকাৱাজ আৰম্ভ হৈছে। ত্ৰিপুৰাৰ মছজিদ ধ্বংসৰ ঘটনা আৰু দিল্লী–হাৰিয়ানা সীমান্ত অঞ্চলৰ জুম্মা নামাজৰ বিৰোধিতা আদি ঘটনাক্ৰম যে এই সাতখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখিয়েই সংঘটিত কৰা হৈছে এইকথা বুজাই বুজিছে। আগন্তুক দিনবোৰত এনে ঘটনা আৰু অধিক হাৰত বৃদ্ধি পোৱাটো সম্পূৰ্ণ খাটাং।

আচলতে দেশৰ মুখ্যধাৰাৰ সংবাদ গোষ্ঠীসমূহে সাম্প্ৰদায়িক বিভাজনৰ বাতৰিসমূহ গুৰুত্বসহকাৰে প্ৰকাশ কৰা বন্ধ কৰিলেই দেশত সাম্প্ৰদায়িক ৰাজনীতি বহু পৰিমাণে বন্ধ হৈ যাব। কিন্তু পৰিতাপৰ বিষয় এইটোৱেই আজি বেছিভাগ সংবাদগোষ্ঠী কাৰ দখলত সকলোৱে জানে। গতিকে এনে পৰিস্থিতিত সমান্তৰাল সংবাদসেৱা অধিক সজাগ হোৱাৰ বাহিৰে আন গত্যন্তৰ নাই।

এটা কথা ঠিক যে দেশত বিভেদতকৈ সম্প্ৰীতিৰ নিদৰ্শন বেছি। কিন্তু জনসাধাৰণৰ মাজত থকা স্বাভাৱিক শান্তি-সদ্ভাৱনাৰ খবৰসমূহ প্ৰচাৰ কৰা নহয়। তাৰ সলনি ষড়যন্ত্ৰমূলক সংঘাত সৃষ্টিৰ বাতৰিসমূহ আজি কিছু বছৰৰ পৰা ৰহণ সানি প্ৰচাৰ কৰা হয়। সমস্যা তাতেই। অথচ আমাৰ নিজৰ ওচৰে-পাজৰে এনে বহুত উদাহৰণ আছে যিসমূহ প্ৰকাশ পালে সমাজৰ ঐক্য সংহতিৰ সাঁকোখন অধিক কটকটীয়া হয়।

গুৱাহাটী ৰেলৱে ষ্টেচনৰ আসন সংৰক্ষণ টিকটগৃহৰ গাতে লাগি আছে ফকীৰ দৰগাহ শ্বৰীফ। এই দৰগাহৰ বিশেষত্ব এইটোৱেই যে অতীজৰে পৰা ইয়াৰ পৰিচালনা হিন্দুসকলে কৰে। কিছুমানে ইয়াক ফকীৰ মন্দিৰ বুলিও কয়। দৰগাহৰ ভিতৰত এডাল আঁহত গছ আছে য'ত শিতলা পূজা কৰা হয়। বাবৰী মছজিদ ধ্বংসৰ ঘটনাৰ সময়ত কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই দৰগাহৰ খবৰ প্ৰকাশ কৰিছিল।

২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনৰ আগে আগে অসমৰ হাইলাকান্দিৰ বজাৰ অঞ্চলত থকা এটা মছজিদৰ জুম্মাৰ নামাজক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। যিটো এতিয়া দিল্লী-হাৰিয়ানাৰ সীমান্ত অঞ্চলত কৰিব বিচৰা হৈছে।

কিন্তু মানুহৰ মাজত থকা স্বাভাৱিক ঐক্যৰ এনাজৰীডাল ইমান কটকটীয়া যে ই যি কোনো পৰিস্থিতিতে অটুট থাকে। সাম্প্ৰদায়িক সংঘৰ্ষ জৰ্জৰিত হাইলাকান্দিটো তেনে সম্প্ৰীতি অটুট আছিল।

১২মে ২০১৯ দেওবাৰ।দুপৰীয়া সময়।অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ গাওঁৰ ৰুবণ দাসৰ পত্নী নন্দিতাই প্ৰসৱ বেদনাত বহু সময় ধৰি চটফটাই আছে।কেইকিল'মিটাৰমান আঁতৰৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়লৈ পত্নীক নিবলৈ এখন এম্বুলেঞ্চৰ বাবে কেইবা ঠাইতো যোগাযোগ কৰিও মানুহজন বিফল হৈছে।দুদিন পূৰ্বৰ গোষ্ঠীগত সংঘৰ্ষৰ বাবে তেতিয়াও সমগ্ৰ জিলাখনতে সান্ধ্যআইন বলবৎ আছিল।সেইবাবেই এনে বিপদৰ সময়তো পৰিয়ালটোক সহায় কৰিব কোনো আগবাঢ়ি অহা নাছিল।তথাপিও তেওঁ পত্নীক সান্তনা দি ক'লে, 'চাবা কোনোবা নহয় কোনোবা এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহিবই।'

কেনেবাকৈ পৰিয়ালটোৰ বিপদৰ কথা প্ৰতিবেশী মকবুলৰ কাণত পৰিল।অকণো পলম নকৰি মকবুলে নিজৰ অট'ৰিক্সাখনতে মানুহজনীক তুলি ল'লে। সাৱধানতাৰে যিমান পাৰি বেগাই চিকিৎসালয় অভিমুখে অট'ৰিক্সা চলাই নিলে।পতি-পত্নী দুয়োকে মাজে মাজে সান্ত্বনা দি গৈছে যদিও অজান আশংকাত দুই ওঁঠেৰে অস্ফুত কণ্ঠেৰে জনশূন্য সমগ্ৰ পথছোৱা একান্তমনে মকবুলে 'আল্লাক' স্মৰণ কৰি গ'ল।

এটা সময়ত তেওঁলোক চিকিৎসালয়ত উপস্থিত হল। কিন্তু উৎকণ্ঠা শেষ নহ'ল।সন্ধিয়া ৫ বাজি গ'ল,এতিয়াও ভিতৰৰ পৰা কোনো খবৰ অহা নাই। উৎকণ্ঠা চৰম সীমাত।৫-৩০ বজাত ডাক্তৰ নিজে ওলাই আহি ক'লে এটা ল'ৰা হৈছে। বৰ্ত্তমান মাক আৰু সন্তান দুয়ো ভালে আছে।আহ্ কি আনন্দ।মাক-দেউতাকে লৰাটোৰ নাম থ'লে শান্তি। জিলা উপায়ুক্ত সমন্বিত সকলোৱে মকবুলৰ শলাগ ল'লে।ৰাষ্ট্রীয় সংবাদ মাধ্যমটো সমগ্র ঘটনাটো প্ৰকাশ পালে।

আমাৰ সমাজৰ শেহতীয়া এই ঘটনাটোৰ দৰে অলেখ ঘটনা আগতেও হৈছে।মানুহৰ মনৰ মাজত থকা সাঁকোখন এই সমাজত আগৰে পৰা আছে।আমাৰ পূৰ্বপুৰুষে এই সাঁকোখন মজবুত ৰূপত গঢ়ি থৈ গৈছে। এই সাঁকো কাৰো গাইগুটীয়া নহয়।সকলোৰে উমৈহতীয়া।।

Image Description