সম্পাদকীয় - লাজ

২০০১ চনত অসমৰ এখন বহুল প্ৰচাৰিত অসমীয়া দৈনিক বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত অতি গুৰুত্বসহকাৰে এখন ফট' প্ৰকাশ পাইছিল। ফট'খনত আছিল গুৱাহাটীৰ এখন মহাবিদ্যালত স্নাতক বৰ্ষত পঢ়ি থকা এজন ছাত্ৰই নিজৰ পঢ়া খৰছ উলিয়াবলৈ নিজৰ মুখখন কাপোৰেৰে ঢাকি গুৱাহাটীত ৰিক্সা চলাই থকা এক দৃশ্য।

বাতৰিকাকতখনে এই বাতৰিটো ইমান গুৰুত্বসহকাৰে কিয় প্ৰকাশ কৰিবলগীয়া হ'ল? প্ৰশ্ন আহি পৰে ইয়াতে। ছাত্ৰজনে কি নকৰিবলগীয়া কাম কৰিলে। তেওঁৰ ঘৰুৱা আৰ্থিক অৱস্থা বেয়া। সেয়ে তেওঁ নিজৰ খৰছ উলিয়াবলৈ এটা সৎ উপাৰ্জনৰ বাট উলিয়াই লৈছে। ইয়াত আপত্তি কৰিবলগীয়া একো নাই। বৰং তেওঁ প্ৰশংসাৰহে পাত্ৰ।

তথাপিও ফট'খন গুৰুত্বসহকাৰে প্ৰকাশ পালে। কাৰণ ছাত্ৰজনে ৰিক্সা চলোৱা সময়ত মুখত কাপোৰ বান্ধি নিজৰ পৰিচয় গোপন কৰিবলৈ চেষ্টা কৰিছিল।

আমাৰ সমাজত ৰিক্সা চলোৱা, পাণ দোকান দিয়া, হাজিৰা কাম কৰা আদি জীৱিকাসমূহ সৰু কাম বুলি ধৰা হয়। এনে কাম কৰা লোকসকলৰ কোনো সামাজিক মৰ্য্যাদা নাথাকে। গতিকে সামাজিক মৰ্য্যাদা হেৰুৱাৰ ভয়ত ছাত্রজনে মুখখন ঢাকি ল'বলৈ বাধ্য হৈছিল।

৭০ৰ দশকত প্ৰথমবাৰৰ বাবে অট'ৰিক্সা ওলোৱাৰ সময়ত গুৱাহাটীৰ এদল শিক্ষিত যুৱকে অট'ৰিক্সা চলাই জীৱিকাৰ এক নতুন বাট মুকলি কৰিছিল। তেতিয়াও কিন্তু শ্ৰমৰ মৰ্য্যাদা দিব নজনা আমাৰ সমাজখনৰ বাবে এই যুৱকসকলে একে ধৰণৰ সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছিল। সেই সময়ত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই এই যুৱকসকলৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰি লগে লগে সৃষ্টি কৰিলে এটি অমৰ গীত – 'অট'ৰিক্সা চলাওঁ/ আমি দুয়ো ভাই/ গুৱাহাটী কৰি গুলজাৰ/ বিই ফেল মই / সৰুভাই এমএ পাছ/ বেংকত বহুতো ধাৰ।'

এই গীতটিৰ এঠাইত সুধাকণ্ঠই গাইছে – 'ভাইটিৰ এটি মাথোঁ দোষ আছে/ জালুকবাৰী প্রিয় তাৰ/ মোৰ পৰা কেতিয়াবা/ অট'খন খুজি কয়/ প্ৰিয়া আজি হ'ব পেছেঞ্জাৰ।/ সুধিলোঁ তোক বিয়া কৰাব জানো/ ন'হলি যে তই প্ৰফেছৰ/ সি উত্তৰ দিয়ে মোৰ প্ৰেয়সীয়ে বুজে দাদা/ দিগনীতি অব লেবাৰ ( dignity of labour)।'

আমাৰ সমাজত শ্ৰমৰ মৰ্য্যাদা প্ৰকৃতাৰ্থত তেতিয়াও প্ৰতিষ্ঠা হোৱা নাছিল, আজিও হোৱা নাই। সেয়েহে বহুতো শিক্ষিত যুৱক-যুৱতীয়ে তথাকথিত মৰ্য্যাদাসম্পন্ন সংস্থাপন বিচাৰি নাপায় হতাশাত জীৱন পাৰ কৰিবলগীয়া হৈছে। অথচ এতিয়াও আমাৰ ৰাজ্যত এনে বহু কাম পৰি আছে যিবোৰ কৰি তেওঁলোকে অনায়েসে স্বাৱলম্বী হ'ব পাৰে আৰু ভৱিষ্যতে উদ্যোগ আদি গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰাৰম্ভিক প্ৰয়োজনীয় পুঁজি আহৰণ কৰিব পাৰে।

একমাত্ৰ সামাজিক লজ্জাৰ বাবে বেছিভাগ থলুৱা যুৱক-যুৱতীয়ে সেই কামবোৰ নকৰে। ফলত বহিৰাগতসকলে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি সেই জীৱিকাসমূহৰ জৰিয়তে দোপতদোপে উন্নতিৰ জখলাত বগাবলৈ ধৰে।

এই ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহৰ লোকৰ মানসিকতা প্ৰশংসনীয়। এই দেশসমূহৰ সমাজ ব্যৱস্থাই শ্ৰমৰ প্ৰকৃত মৰ্য্যদা দিব জানে বাবে সেই দেশসমূহত নাগৰিক সকলে যি কোনো কাম কৰিবলৈ কোনো লাজ নাইবা সংকোচ অনুভৱ নকৰে। যিটো আমি অনুকৰণ কৰা উচিত।

পৰিতাপৰ বিষয় এইটো যে আমাৰ দেশৰ খোদ প্ৰধান মন্ত্ৰীগৰাকীয়ে শ্ৰমৰ সঠিক মৰ্য্যাদা দিব নজনা এলান্ধুকলীয়া ধ্যান–ধাৰণাৰ পৰা মুক্ত নহয় যেন অনুভৱ হয়। কাৰণ নিজৰ বাল্যকালৰ দৰিদ্ৰতাৰ কথা বুজাবলৈ গৈ তেওঁ ল'ৰালিত ৰেলত চাহ বিক্ৰী কৰা কথাটো এনেকুৱাকৈ উপস্থাপন কৰিলে যেন এই জীৱিকাটো গ্ৰহণ কৰা মানুহৰ কোনো সন্মান নাই।

প্ৰধান মন্ত্ৰীগৰাকীয়ে নেহেৰু গান্ধী পৰিয়ালৰ সতে থকা তেওঁৰ আৰ্থিক পাৰ্থক্য বুজাবলৈ গৈ যি সহানুভূতি আদায়ৰ প্ৰচাৰ চলালে তাৰ দ্বাৰা চাহ বিক্ৰী কৰি জীৱিকা চলোৱা লোকসকলৰ সন্মান লাঘৱ নহ'লনে?

কিন্তু তেওঁৰ যদি দেশক সঁচাকৈয়ে এনে ধৰণৰ কুসংস্কাৰৰ পৰা মুক্ত কৰাৰ সদিচ্ছা থাকিলহেঁতেন তেন্তে তেওঁ এনে ধৰণৰ প্ৰচাৰৰ পৰা নিজকে বিৰত ৰাখিলেহেঁতেন।

বৰং অন্তত এটা কথাত তেওঁ ছ'নিয়া গান্ধীক প্ৰশংসাহে কৰিলেহেঁতেন। নেহৰু-গান্ধী পৰিয়াল সম্পৰ্কে তেওঁ যিমান অধ্যয়ন কৰা পৰিলক্ষিত হৈছে তাৰ পৰা তেওঁ নিশ্চয় এইটো কথা নজনা কৈ থকা নাই যে ছ'নিয়া গান্ধীয়ে নিজৰ পঢ়া খৰছ উলিয়াবলৈ বিশ্ববিদ্যালয়ৰ কেণ্টিনত পৰিচাৰিকাৰ কাম কৰিছিল। সেই কথা জনাৰ পিছত দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে এই কথা উদাহৰণ হিচাপে দাঙি ধৰা হ'লে তেওঁৰ সুনাম বৃদ্ধি হোৱাৰ লগতে ইয়াৰ দ্বাৰা অজস্ৰজন নিশ্চয় অনুপ্ৰাণিত হ'লহেঁতেন। যিটো দেশৰ বাবে মংগলজনক হলহেঁতেন।

দুখৰ বিষয় নিজৰ প্ৰচাৰত মত্ত আমাৰ প্ৰধান মন্ত্ৰীগৰাকী ইয়াৰ গভীৰ অন্তৰ্নিহিত উদ্দেশ্য সম্পৰ্কে যে সচেতন নহয় সেইকথা তেওঁ প্ৰমাণ কৰি দিলে।

ছ'নিয়া গান্ধীয়ে কেণ্টিনত কাম কৰা কথাটো এনেকুৱা – ৰাজীৱ গান্ধী আৰু ছ'নিয়া গান্ধী দুয়ো ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। এদিন ৰাজীৱ গান্ধীৰ বিশ্ববিদ্যালয়খনৰ কেণ্টিনত খাদ্য পৰিবেশন কৰা এগৰাকী পৰিচাৰিকাক দেখি ভাল লাগিল। সেয়াই আছিল ছ'নিয়া গান্ধী। কেণ্টিনৰ মেনেজাৰৰ পৰা গম পালে তেওঁ ইটালীৰ ছোৱালী। সেই বিশ্ববিদ্যালতে পঢ়ে। তেওঁ নিজৰ পঢ়া খৰছ উলিয়াবলৈ কেণ্টিনত পাৰ্ট টাইম কাম কৰে। সেইবোৰ দেশত এইটো সচৰাচৰ চলি থকা বিষয়। ইয়াত অস্বাভাৱিকতা একো নাই। গতিকে নিজৰ সামাজিক স্থিতিত ই কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিছুদিনৰ ভিতৰতে দুয়োৰে মাজত প্ৰেম হয়। এটা সময়ত বিয়া হয়।

ইয়াত লক্ষণীয় কথাটো হ'ল 'মই এটা সময়ত কেণ্টিনত বাচন ধুইছিলোঁ' বুলি কৈ ছ'নিয়া গান্ধীয়ে কেতিয়াও দেশবাসীৰ সহানুভূতি আদায় কৰিবলৈ চেষ্টা কৰা নাই বা গান্ধী পৰিয়ালে কেণ্টিনৰ পৰিচাৰিকা এগৰাকীক বোৱাৰী কৰি নিজকে মহান কৰাৰ যত্নও কৰা নাই।

ছ'নিয়া গান্ধী নাইবা গান্ধী পৰিয়ালে তেনে কৰিলে ভবিষ্যতে নিজৰ পঢ়া খৰছ উলিয়াবলৈ ছাত্ৰ-ছাত্ৰী সকলে সেই কাম কৰিবলৈ লাজ নাপালেহেঁতেন নে?

এতিয়া আমাৰ সমাজৰ বাবে প্ৰধান মন্ত্ৰীৰ সহানুভূতি আদায়ৰ প্ৰচাৰ, নে ছ'নিয়া গান্ধীৰ বিশেষভাৱে গুৰুত্ব প্ৰদান নকৰা কথা,কোনটো আদৰ্শ হোৱা উচিত সকলোৱে বিচাৰ কৰক। এখন সমাজত সৎ কাম কৰিবলৈকো কুণ্ঠাবোধ কৰিবলগীয়া পৰিৱেশ বৰ্তি থকাটো সমাজখনৰ বাবেই বৰ লাজৰ কথা।।

Image Description