সম্পাদকীয় - ইউক্ৰেইনৰ ট্ৰেজেডী

যোৱা এঘাৰ দিন ধৰি ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে আৰু দুৰ্ভগীয়া ইউক্ৰেইনবাসীয়ে পুটিনৰ খঙৰ সন্মুখীন হৈছে। কেইবছৰমান আগলৈকে ইউক্ৰেইন ৰাছিয়াৰৰ অংগ আছিল আৰু ইউক্ৰেইনসকলকো ৰাছিয়ান হিচাবে গণ্য কৰা হৈছিল।

বহু ইউক্ৰেনিয়ানৰ ৰাছিয়াৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। আৰু সেইবাবে হয়তো পুটিনে ভাবিছিল যে ৰাছিয়ান সেনাবাহিনী ইউক্ৰেইনত প্ৰৱেশ কৰিলে তেওঁলোকৰ ফুলৰ মালা পিন্ধাই আদৰি নিব আৰু দুই-তিনিদিনৰ ভিতৰতে ইউক্ৰেইনত ৰাছিয়াৰ প্ৰতিপত্তি প্ৰতিষ্ঠা হ'ব। ভাবিছিল যে বৰ্তমানৰ শাসকবৃন্দ ইউক্ৰেইনৰ পৰা পলাই পত্ৰং দিব আৰু খুউব দ্ৰুতগতিৰে অভিযানৰ সামৰণি পৰিব।

কিন্তু কাৰ্য্যক্ষেত্ৰত তেনেকুৱা একো নহ'ল। ইউক্ৰেনিয়ান সেনাবাহিনী আৰু সাধাৰণ নাগিৰকসকলে অতি সাহসেৰে ৰাছিয়াৰ প্ৰবল শক্তিৰ মুখামুখি হৈছে আৰু সেইবাবেই এঘাৰ দিনৰ পিছতো যুদ্ধখন শাম কটা নাই। আমেৰিকা আৰু মিত্ৰগোষ্ঠীয়ে পোনপটীয়াকৈ যুদ্ধত অংশ লোৱা নাই যদিও এইকথা সহজেই অনুমেয় যে অস্ত্ৰ-শস্ত্ৰ মিছাইল আদি ব্যাপক পৰিমাণত ইউক্ৰেইনক দিয়া হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত ভয়াবহ যুদ্ধখন তৎকালীন সমাপ্তি ঘটিব বুলি আগতে সকলোৱে যেনেকৈ ভাবিছিল, এতিয়া তাৰ ওলোটা হৈছে।

শেহতীয়াকৈ গুলীবাৰুদেৰে নোৱাৰি ৰাছিয়াই আন ধৰণে ইউক্ৰইনক বশ কৰিব বিচাৰিছে। শক্তিৰ বাবে ইউক্ৰইন সম্পূৰ্ণৰূপে পাৰমাণৱিক শক্তি প্ৰকল্পৰ ওপৰত নিৰ্ভৰশীল। এটা এটাকৈ আটাইকেইটা পাৰমাণৱিক প্ৰকল্প অধিকাৰ কৰিবলৈ ৰাছিয়া আগবাঢ়িছে। উদ্দেশ্য অতিমাত্ৰা ঠাণ্ডাত ইউক্ৰেইনবাসীক পদানত কৰা।

ইউক্ৰেইনৰ প্ৰায় সকলো ঠাইতে উষ্ণতা এতিয়া শূন্য ডিগ্ৰীৰ বহু তলত আৰু বিদ্যুত নাথাকিলে মানুহৰ বাবে তাত থকাটো সম্ভৱ নহয়। শক্তিপ্ৰকল্পসমূহৰ ওপৰত একছত্ৰী আধিপত্য স্থাপন কৰি ৰাছিয়াৰ ইউক্ৰেইনবাসীক কাবু কৰিব খুজিছে। ইয়াৰ ফলাফল কিন্তু সমগ্ৰ বিশ্বৰ বাবে ভয়াবহ হ’ব পাৰে।

১৯৮৬ চনৰ ২৬ এপ্ৰিলত বিশ্বৰ এক বৃহত্তম পাৰমাণৱিক প্ৰকল্প চাৰ্ণবিল শক্তিকেন্দ্ৰত (তেতিয়া ৰাছিয়াৰ অধীন আছিল) হোৱা ভয়ানক বিস্ফোৰণ আৰু তাৰ ফলত হোৱা উচ্চ তেজস্ক্ৰিয় ৰশ্মিৰ বিকিৰণৰ পৰা বিশ্বৰ এক বিশাল অঞ্চলৰ জনসাধাৰণে জীয়াতু ভুগিছিল। এতিয়া চাৰ্ণবিল প্ৰকল্পক ইউক্ৰেইনে বন্ধ কৰি ৰাখিছে আৰু তাৰে বিধ্বস্ত হোৱা ৰিয়েক্টৰৰ পৰা যাতে তেজস্ক্ৰিয়তা বাহিৰলৈ ওলাই আহিব নোৱাৰে, তাৰ বাবে উপযুক্ত ব্যৱস্থা কাৰ্য্যকৰী কৰি ৰাখিছে।

ৰাছিয়ান বাহিনীৰ আক্ৰমণত ইউক্ৰেইনৰ প্ৰধান চাৰিটা পাৰমাণৱিক প্ৰকল্পৰ যদি এটাৰো ৰিয়েক্টৰ ভাগি যায়, তেনেহ’লে তাৰ বিষময় ফল পৃথিৱীৰ আটায়ে ভোগ কৰিব লাগিব। সেয়া যেন হ’বলৈ নাপায়।

পৃথিৱীৰ প্ৰধান শক্তিবিলাকৰ মাজত শীতল যুদ্ধ কেইবা বছৰৰো আগতে বন্ধ হৈ গৈছিল। ইউক্ৰেইনৰ যুদ্ধই আকৌ সেয়া মুকলি কৰিলে। নিঃসন্দেহে ৰাছিয়া আৰু আমেৰিকাৰ শীতল যুদ্ধ বহুদিনলৈ চলি থাকিব আৰু আমি আটায়ে তাৰ ফল ভোগ কৰিব লাগিব।

ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত পৃথিৱীত আটাইতকৈ হাঁহিয়াতৰ পাত্ৰ হৈছে মোডী চৰকাৰ। সোঁপন্থী দলৰ চৰকাৰ হিচাবে সকলোৱে ভাবিছিল মোডীৰ সমৰ্থন থাকিব আমেৰিকাৰ ফালে। দেখাত নিৰপেক্ষ হৈ থাকিব বিচাৰিলেও এই কথা স্পষ্ট যে ইউক্ৰেনৰ যু্দ্ধৰ পৰিৱেশত ভাৰত ঠিয় দিছে বামপন্থী ৰাছিয়া আৰু চীনৰ সৈতে। কেনে অদ্ভুত কথা।

আচলতে যি দেখা গৈছে মোডী চৰকাৰ কিংকৰ্তব্যবিমুঢ় হৈ পৰিছে। কি কৰিলে উচিত হব, কি কৰিলে ৰাছিয়া আৰু আমেৰিকা দুয়োখন দেশ সন্তুষ্ট হৈ থাকিব, সেই বিষয়ে ভাজপা দল আৰু চৰকাৰৰ স্থিতি অতিশয় অস্পষ্ট। ইউক্ৰেইনত থকা হাজাৰ হাজাৰ ভাৰতীয়, বিশেষকৈ চিকিৎসাবিজ্ঞানৰ ছাত্ৰসকলক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সুস্পষ্ট নীতি যথাসময়ত গ্ৰহণ নকৰাৰ বাবে ভাজপা চৰকাৰ জবাবদিহি হৈছে। উপায়ন্তৰ হৈ এতিয়া মোডী চৰকাৰে ৰাছিয়াৰ ওচৰত প্ৰাৰ্থনা কৰিছে, তোমালোকে অলপ দিনৰ বাবে হ’লেও যুদ্ধ বন্ধ কৰা, আমি ভাৰতীয়খিনিক দেশলৈ আনি লওঁ। আন্তঃৰাষ্ট্ৰীয় কূটনীতিত মোডী চৰকাৰ হাঁহিয়াতৰ পাত্ৰ হৈছে।

টেলিভিছনৰ মোডীৰ এইকেইদিন অসহায় দৃষ্টি। যি বুজা গৈছে ভাজপা চৰকাৰৰ আগতীয়া কোনো আঁচনি নাই, কৌশল নাই—তদৰ্থ ব্যৱস্থাৰে চলা চৰকাৰ এইখন। এনেকুৱা এক ব্যৱস্থাৰে চলা চৰকাৰ এইখন। এনেকুৱা এক ব্যৱস্থাৰ ফলত আন্তৰ্জাতিক প্ৰেক্ষাপটত ভাৰতৰ এতিয়া সন্মান নোহোৱা হৈছে। ভৱিষ্যতেহে ক'ব আমি ইয়াৰ ফলত কিমান ভুগিব লাগে।।

Image Description