সম্পাদকীয়
নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ

ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা ক্ৰমান্বয়ে সমাধানৰ বাহিৰত যাব লাগিছে৷ ক্ৰমাগতভাৱে নিবনুৱা যুৱ শক্তিৰ সংখ্যা বাঢ়িব লাগিছে, কিন্তু নিয়োগৰ সা-সুবিধা দ্ৰুতগতিত কমি আহিছে৷

এক পৰিসংখ্যা অনুযায়ী ২০২০-২০৫০১ ভিতৰত ভাৰতত সংস্থাপন নথকা যুৱ শক্তিৰ পৰিমাণ ১৬.৫ শতাংশ বাঢ়িব৷ সকলো ধৰণৰ শিক্ষাৰ সম্প্ৰসাৰণ দ্ৰুতগতিত আগবাঢ়িছে আৰু আগতকৈ অধিকসংখ্যক ল’ৰা-ছোৱালী এতিয়া মহাবিদ্যালয়-বিশ্ববিদ্যালয়লৈ গৈছে৷ ইয়াৰে বহুসংখ্যক আগতে কৃষিকাৰ্য্যত জড়িত আছিল। এতিয়া খেতিপথাৰ এৰি উচ্চ শিক্ষাত ভৰ্তি হৈছে৷

মনত আশা, যথোপযুক্ত আৰ্থিক লাভালাভ নথকা, অথচ অধিক পৰিমাণে দৈহিক পৰিশ্ৰম কৰিবলগা কৃষিকাৰ্য্যৰ পৰা তেওঁলোক মুক্ত হ’ল আৰু উচ্চ শিক্ষা সমাপ্ত কৰি এটা ভাল চাকৰিৰে আপেক্ষিকভাৱে কম কষ্টৰ জীৱন এটা তেওঁলোকে পাব৷ যুৱতীসকলৰ ক্ষেত্রত এইটো বিশেষভাৱে প্ৰণিধানযোগ্য।

পৰিসংখ্যা অনুযায়ী ১৫ৰ পৰা ২৯ বছৰ বয়সৰ মাজত থকা ছোৱালীৰ প্ৰায় ১৬ শতাংশহে ২০০৫ চনত মহাবিদ্যালয় বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল। ২০১৮ চনত এই পৰিসংখ্যা বাঢ়ি গৈ প্ৰায় দুগুণ [৩১ শতাংশ] হ’লগৈ৷ ফল স্বৰূপে,ঞ এতিয়া ভয়াৱহ হৈ উঠা নিবনুৱা সমস্যাই বেছিকৈ আক্ৰান্ত কৰিছে মহিলাক৷

শিক্ষাৰ সা-সুবিধা বৃদ্ধিৰ সমানুপাতে কৰ্ম-সুবিধা সৃষ্টিৰ প্ৰচেষ্টা নিচেই সামান্য৷ অহা কেইবছৰত স্বাভাৱিকতে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব আৰু আসন্তুষ্ট যুৱ শক্তিক নিয়ন্ত্ৰণত ৰখাটো যি কোনো চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহবান হ’ব৷

কৃষিকাৰ্য্য আৰু সংশ্লিষ্ট জীৱিকা-অৰ্জনৰ সুবিধাবোৰত ইমান দিনে ভাৰতবৰ্ষত প্ৰায় ৪৪ শতাংশ লোক জড়িত হৈ আছিল৷ কিন্তু সাম্প্ৰতিক কালত ইয়াৰ দ্ৰুত পৰিৱৰ্তন লক্ষ্য কৰা হৈছে৷ কৃষি আৰু সংশ্লিষ্ট ক্ষেত্ৰসমূহত পুঁজিৰ বিনিয়োগ পৰ্য্যাপ্ত হোৱা নাই, কৃষিৰ উৎপাদনো স্তবিৰ হৈ পৰা যেন অনুভূত হৈছে আৰু এনে এক ব্যৱস্থাৰ লগত জড়িত হৈ থকাৰ বাবে যুৱ শক্তিৰ আগ্ৰহ নোহোৱা হৈছে। বৰঞ্চ এক সৰ্বাত্মক অনীহাই গা কৰি উঠিছে৷

যুৱ শক্তিয়ে ভাবিবলৈ লৈছে যে কৃষিকাৰ্য্যত জড়িত হৈ থকাৰ বাবে উদ্‌গনি যোগোৱাৰ প্ৰধান উদ্দেশ্য হৈছে বদ্ধিৰ্ত নিবনুৱা সমস্যাৰ প্ৰকৃত ছৱিখন জনসাধাৰণৰ পৰা লুকাই ৰখাটোহে৷ সেইবাবে যুৱ শক্তি নগৰমুখী হৈছে আৰু নিবনুৱা সমস্যাই অনিয়ন্ত্ৰিত পৰ্য্যায়ত উপনীত হৈছে৷

চৰকাৰী পৰিসংখ্যায়েই এই কথা দেখুৱাইছে যে ২০১২ৰ পৰা ২০১৮ চনৰ ভিতৰত কৃষিকাৰ্য্য এৰি অনা-কৃষিখণ্ডত জীৱিকাৰ সন্ধানত ওলাই অহা যুৱক-যুৱতীৰ সংখ্যা প্ৰতিবছৰে ১৭৫ লাখ বা তাতকৈও বেছিকৈ বাঢ়িছে৷ নগৰীয়া নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে এইখিনি সময়ত৷

অৰ্থনৈতিক খণ্ডত চৰকাৰী পৃষ্ঠপোষকতা পোৱা নাই– বৰঞ্চ সংস্থাপনৰ এই দুই প্ৰধান খণ্ডৰ পৰা চৰকাৰ আঁতৰি আহিছে খৰতকীয়াকৈ আৰু এনেকৈ দেশৰ অৰ্থনীতিৰ মূল সোপান হয় ধবংস কৰা হৈছে নহয় দ্ৰুতগতিৰে সংকুচিত কৰা হৈছে৷

হিতাধিকাৰীৰ ভোটবেংক সৃষ্টি কৰাৰ কামত ৰাজহুৱা পুঁজি মাত্ৰাধিকভাৱে ব্যৱহাৰ কৰি অৰ্থনীতিৰ মূল বুনিয়াদবোৰকে খণ্ড-বিখণ্ড কৰি পেলোৱা হৈছে৷ বৰ্তমানৰ ভাৰতীয় অৰ্থনীতিৰ দুৰ্বল অৱস্থা ইয়াৰে ফল৷

আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল মহিলা নিবনুৱাৰ ক্ষেত্ৰত৷ ২০০৫ চনত বিভিন্ন আনুষ্ঠানিক কৰ্মস্থলত নিয়োজিত মহিলাৰ পৰিসংখ্যা আছিল ৪২.৮ শতাংশ এই পৰিমান কমিল দ্ৰুতগতিৰে ২৩.০ শতাংশলৈ ২০১৮ চনত৷ এনেকুৱা অৱস্থা এটা প্ৰতিফলিত হৈছে যে মহিলা নিবনুৱাসকলে নিয়োগ ক্ষেত্ৰখনৰ পৰা অতিশয় হতাশাৰে আঁতৰি গৈছে– ‘আমি ঘৰৰ কামেই কৰিম’ যেন তেনেকুৱা এক মনোভাৱেৰে নিবনুৱা পুৰুষসকললৈ নিয়োগ ক্ষেত্ৰখন এৰি দিছে৷

নিবনুৱা সমস্যাৰ এই অতি চিন্তাজনক অৱস্থাৰ সৈতে যোগ হৈছে ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু ব্যৱসায়ৰ পৰা এক বৃহৎসংখ্যক চাকৰি কৰ্তনৰ প্ৰায় অমানৱীয় ব্যৱস্থা৷

শ্ৰম আৰু শ্ৰমিকসম্পৰ্কীয় আইন-কানুনবোৰৰ বিভিন্ন সুৰুঙাৰে ব্যক্তিগত খণ্ডত শ্ৰমিক অপসাৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ক'ভিডৰ সময়ত জীৱন বচাবলৈ কৰ্মক্ষেত্ৰ এৰি গুচি অহা লাখ লাখ শ্ৰমিকৰ পুনৰ নিয়োগ নহ’ল৷ সুন্দৰ সুবিধা গ্ৰহণ কৰিলে ব্যক্তিগত খণ্ডই৷ চৰকাৰ নিমাত৷

ইটোৰ পিছত সিটো উৎসৱৰ কোটী কোটী টকা খৰছ কৰা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ এইবোৰ কথালৈ ভ্ৰুক্ষেপ নাই, কেৱল লাগে ক্ষমতা৷ কিন্তু নিবনুৱা সমস্যা ইমান দ্ৰুতভাৱে বৃদ্ধি হৈছে যে এসময়ত সি কি ৰূপ ধাৰণ কৰে, তাক ভাবিলেই ভয় লগা হৈছে৷ চৰকাৰৰ ওচৰত কোনো আঁচনি নাই এই সমস্যাৰ সমাধানৰ বাবে৷ দ্ৰুতগতিত বৃদ্ধি পোৱা নিবনুৱা সমস্যাই যে এসময়ত চৰকাৰখনেই গ্ৰাস কৰিব সেই বিষয়ে সন্দেহৰ আৱকাশ নাই৷৷

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description