সম্পাদকীয় - ষষ্ঠ ইন্দ্ৰিয়

আমাৰ শৰীৰৰ পাঁচোটা ইন্দ্ৰিয় হৈছে চকু,কাণ, নাক, জিভা আৰু ছাল।ইয়াৰ উপৰিও আন এটি ইন্দ্ৰিয় আমাৰ শৰীৰত সক্ৰিয় হৈ থাকে। তাকে কোৱা হয় ষষ্ঠ ইন্দ্ৰিয়। যিটো মূলতঃ এক অনুভূতি। কোনো কোনো সময়ত আমি প্ৰত্যক্ষভাৱেই একো নেদেখাকৈ বা নুশুনাকৈ কোনো কথা অনুমান কৰিব পাৰোঁ। এটা কথা সঠিক ৰূপত অনুমান কৰিব পৰা ক্ষমতাকে কোৱা হয় intuition বা আত্মজ্ঞান নাইবা আত্মানুভূতি। ভিন্নজনৰ ক্ষেত্ৰত এই অনুভূতি প্ৰৱণতা ভিন্ন ৰূপত থাকে। কাৰোবাৰ বেছি, কাৰোবাৰ কমো হ'ব পাৰে।

মানৱ শৰীৰত ষষ্ঠ অনুভূতিৰ অৱস্থান সম্পৰ্কে বহুতো গৱেষণা হৈছে। কেইবছৰমান পূৰ্বে নেদাৰলেণ্ডৰ এটি গৱেষক দলে ষষ্ঠ ইন্দ্ৰিয়ৰ অস্তিত্বৰ কথা ৰাজহুৱা কৰিছে। এই গৱেষকসকলে দাবী কৰা মতে মানুহৰ মস্তিষ্কৰ এটি অঞ্চলত ষষ্ঠ ইন্দ্ৰিয়ৰ সক্ৰিয়তা তেওঁলোকে চিহ্নিত কৰিছে। 'চায়েঞ্চ' সাময়িকীত কিছু বছৰ পূৰ্বে এই গৱেষণাৰ তথ্য প্ৰকাশ কৰা হৈছিল। নেদাৰলেণ্ডৰ ইউট্ৰাক্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আঠজন ব্যক্তিৰ মাজত এই গবেষণা সম্পন্ন কৰিছিল। গৱেষণা কালত ইয়াত অংশ লোৱা ব্যক্তিসকলক ধাৰাবাহিকভাৱে পৰিৱৰ্তনশীল কিছুমান বিন্দুৰ অৱস্থান বিশ্লেষণ কৰিবলৈ কোৱা হৈছিল। সেই সময়ত গৱেষকসকলে তেওঁলোকৰ মস্তিষ্কৰ কাৰ্য্যক্ৰমণিকা পৰ্য্যবেক্ষণ কৰিছিল। ইয়াৰ জৰিয়তে গৱেষকসকলে প্ৰত্যেকৰে মস্তিষ্কৰ এক মানচিত্ৰ লাভ কৰে। তেওঁলোকে ইয়াৰ নাম দিয়ে 'ট'প'গ্ৰাফিকেল মেপ'।

গৱেষকসকলে দেখিছে, প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত মস্তিষ্কৰ এটি নিৰ্দিষ্ট অঞ্চলত সংখ্যাৰ ধাৰণা বা পূৰ্বানুমানৰ বিষয়টিয়ে কাম কৰে। তেওঁলোকৰ দাবী, তেওঁলোকে মস্তিষ্কৰ যি মানচিত্ৰ লাভ কৰিছে সেই অঞ্চলটোতেই মানুহৰ ষষ্ঠ ইন্দ্ৰিয় বা অতীন্দ্ৰিয়ৰ উপলব্ধি সৃষ্টি হয়।

ষষ্ঠ ইন্দ্ৰিয়ৰ সম্পৰ্কত বৈজ্ঞানিক বাখ্যা যিয়েই নহওক তথাপিও মানুহৰ মনটোৱে কৰা কিছুমান পূৰ্বানুমান আমি প্ৰত্যেকেই কম-বেছি পৰিমাণে মানি লওঁ বা কোনো কোনো পৰিস্থিতিত মানিবলৈ বাধ্য হওঁ। কিয় তেনে হয়, তাকো আমি মনে মনে ভাবোঁ । হয়তো নিজৰ মনৰ ভিতৰত চলি থকা এই কথাবোৰ বেছিভাগ সময়তে নিজৰ ভিতৰতে থাকি যায়। কেতিয়াও কাৰো আগত প্ৰকাশ কৰা ন'হয়। আকৌ কেতিয়াবা একে ধৰণৰ পূৰ্বানুমান একে সময়তে বহুতেই কৰা যেন অনুভৱ কৰিলেই আমি অতি উৎসাহেৰে নিজৰ এনে ভাৱবোৰ আনৰ আগত প্ৰকাশ কৰোঁ।

এইবাৰৰ সম্পাদকীয় লিখাৰ সময়তে লাভ কৰা তেনে এক অভিজ্ঞতাৰ বিষয়ে লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। এইবাৰৰ সম্পাদকীয় যিটো বিষয়ত কালি ২৮ আগষ্টৰ সন্ধিয়া লিখিবলৈ আৰম্ভ কৰিছিলোঁ সেই বিষয়টো আছিল 'অন্ধবিশ্বাস'। লিখিবলৈ লওঁতেই মনটোত ভাব হ'ল মই লিখিম বুলি ভবা কথাখিনি আজি লিখাটো উচিত হ'ব জানো? কাৰণ অন্ধবিশ্বাস এতিয়া ৰাজনৈতিক হাতিয়াৰ। কাৰোবাৰ উদ্দেশ্যেত আঘাত হ'লেই বিপদ ঘটাব পাৰে। তথাপিও মই লিখি গ'লোঁ। এইখিনিতে কৈ থওঁ আজি-কালি মই ফোনটোতে টাইপ কৰি লিখোঁ। নিশা দহমান বজাত লিখা শেষ হওঁ হওঁ – মাত্ৰ দুশাৰী লিখিবলৈ আছে। তেনে সময়তে জৰুৰীভাৱে ফোনটোত আন এটি কথাত মন দিবলগীয়া হোৱাত লিখাটো ছেভ ন'হল। নিজৰ ওপৰতে বৰ খং উঠিল। একে সময়তে পুনৰবাৰ মনটোত ভাব হ'ল এই সময়ত এইটো লিখা উচিত নহয় বুলি যে ভাবিছিলোঁ এইয়া তাৰেই কিবা ইংগিত নেকি?

শেষ কৰা কাম এটা পুনৰ নতুনকৈ কৰিবলগীয়াটো বৰ আমনিদায়ক। নিশা খোৱা-বোৱা শেষ কৰি পুনৰ লিখা আৰম্ভ কৰিলোঁ। সময় তেতিয়া নিশা দুই বাজি কেইমিনিটমান গৈছে লিখা প্ৰায় শেষ। হঠাৎ বেটাৰী শেষ হৈ ফোনটো বন্ধ হৈ গ'ল। লৰালৰিকৈ ফোনটো চাৰ্জাৰত লগাই দি অন কৰি দিলোঁ। নাই এইবাৰো ছেভ ন'হল। মূৰটোৱে কাম নকৰা হ'ল। এবাৰ নহয় দুবাৰকৈ আজি একেটা কথা হ'ল। এইটো এতিয়া লিখা উচিত নহয় বুলি ভবা কাৰণেই বাৰে বাৰে এনে হৈ আছে নেকি?

অৱশেষত অন্ধবিশ্বাস বিষয়টোত নিলিখাৰ সিদ্ধান্ত লৈ পেলালোঁ। একেটা কাম পুনৰ আৰম্ভ কৰা বৰ বিৰক্তিকৰ সেই কথা ভাবিহে। মনলৈ অহা আশংকাৰ ইয়াত কিমান ভূমিকা আছে ক'ব নোৱাৰিম। এটা সময়ত ৰাতিপুৱা উঠি লিখিম বুলি শুই গ'লোঁ।

পুৱা সাৰপোৱাত যথেষ্ট পলম হ'ল। যোৱা নিশাৰ ঘটনাটোৰ প্ৰভাৱ এতিয়াও মনটোত চলি আছে। দেশত কিছুমান বিষয়ত মুকলিকৈ মত ব্যক্ত কৰাৰ পৰিৱেশ নোহোৱা হৈছে। সেয়েহে এনে ধৰণৰ পৰিৱেশে আনিব পৰা বিপদৰ পূৰ্বানুমান আমাৰ মনে কৰিব পৰা হৈছে। গতিকে কালিৰ ঘটনাটো যি হ'ল ভালেই হ'ল বুলি ভাবি ল'ব পাৰিছোঁ। লিখাখিনি ছেভ নোহোৱা বাবে আজি আৰু কোনো আক্ষেপ নাই। ইণ্ডিয়া টুডে আলোচনীৰ 'মুড অৱ দি নেশ্বন' সমীক্ষাৰ তথ্যই দেশৰ এনে এক পৰিৱেশকে উদঙাই দিছে।

Image Description