সম্পাদকীয় - অসমীয়া আমাৰ প্ৰথম পৰিচয়

অসমীয়া আমাৰ প্ৰথম পৰিচয়

আমি অসমৰ৷ অসমীয়া আমাৰ প্ৰথম পৰিচয়৷ অসম ভাৰতৰ অংগৰাজ্য হোৱাৰ বাবে আমাৰ আনটো পৰিচয় ভাৰতীয়৷ একেই কথা এজন বংগৰ বাঙালী, মহাৰাষ্ট্ৰৰ মাৰাঠী নাইবা তামিলনাডুৰ তামিলৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ আজিকালি কোনো কোনোৱে আমাক আমাৰ প্ৰথম পৰিচয় ভাৰতীয় বুলি বুজাব খোজে৷ যিটো সম্পূৰ্ণ ভুল৷ উদাহৰণ স্বৰূপে দেশ বিভাজনৰ সময়ত অসমক পাকিস্তানৰ সৈতে চামিল কৰাৰ এক ষড়যন্ত্ৰ চলিছিল৷ সেই ষড়যন্ত্ৰ সফল হোৱা হ’লে আজি আমাৰ আনটো পৰিচয় পাকিস্তানী হ’লহেঁতেন৷ কিন্তু পাকিস্তানতো আমাৰ প্ৰথম পৰিচয় হৈ থাকিলহেঁতেন একেই অসমীয়া৷ অৰ্থাৎ কোনো পৰিস্থিতিতে আমাৰ অসমীয়া পৰিচয় লৰচৰ নহয়৷ সেয়েহে অসমীয়া আমাৰ প্ৰথম পৰিচয়৷ আনহাতে আমি আমাৰ ভাৰতীয় পৰিচয়তো গৌৰৱাম্বিত৷ কাৰণ ভাৰতৰ সংবিধানে সকলোকে ভাষা-জাতি-সংস্কৃতি তথা ধৰ্ম ৰক্ষাৰ বাবে অধিকাৰ প্ৰদান কৰিছে৷ বৈচিত্ৰ্যৰ মাজত ঐক্য হৈছে ভাৰতীয় জাতিৰ ভেটি তথা শক্তি৷ সেয়েহে ভাৰতীয় হৈও আমি বুকু ফিন্দাই ক’ব পাৰোঁ- আমি অসমীয়া৷

অসমীয়া পৰিচয় আমাৰ স্বাভিমান৷ এই স্বাভিমান অটুট ৰখাৰ স্বাৰ্থতে যুগে-যুগে বহুতো বীৰ অসমীয়াই নিজৰ প্ৰাণ পৰ্যন্ত বলিদান দিবলগীয়া হৈছে৷ ১৯৬০ চনৰ ৪ জুলাইৰ আজিৰ এই দিনটোতে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীয়ে গুৱাহাটীত আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিছিল৷ আজি ৪ জুলাইৰ এই পবিত্ৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷ আমাৰ স্বাভিমান ৰক্ষাৰ যুঁজখনত তেখেতৰ এই চৰম ত্যাগৰ নিদৰ্শন সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব৷

অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি পদে-পদে প্ৰত্যাহ৩ানৰ মুখামুখি হোৱাটো কোনো নতুন কথা নহয়৷ কিন্তু বিগত কিছু বছৰৰ পৰা ভাৰতৰ প্ৰায়ভাগ জাতি সত্তাই এক আচহুৱা প্ৰত্যাহ্বান সতে যুঁজ কৰিব লগীয়া হৈছে৷ কোনো কোনো জাতি সত্তাৰ বাবে আচহুৱা শব্দটো প্ৰযোজ্য নহ’লেও অসমীয়াৰ বাবে ই সম্পূৰ্ণৰূপে প্ৰযোজ্য৷ কাৰণ এই প্ৰত্যাহ৩ান আহিছে ধৰ্মীয় পৰিচয়ক প্ৰথম পৰিচয় হিচাবে দাঙি ধৰাৰ ষড়যন্ত্ৰৰ মাজেৰে৷ অসমীয়াৰ বাবে ইয়াক আচহুৱা বুলি কোৱা হৈছে কাৰণ অসমীয়া হৈছে ভাষা-কৃষ্টি-সংস্কৃতিভিত্তিক জাতি৷ ধৰ্মৰ কোনো ভূমিকা ইয়াত নাই৷ ই সকলোৰে ব্যক্তিগত বিষয়৷ কোনো ধৰ্মীয় উৎসৱ অসমৰ জাতীয় উৎসৱ নহয়৷ লোক উৎসৱহে অসমৰ জাতীয় উৎসৱ৷ অসমৰ এই বাস্তৱ ভিত্তিটোক অস্বীকাৰ কৰি একাংশ ধৰ্মীয় মৌলবাদী দল-সংগঠনে নিজ-নিজ ধৰ্মীয় লোকসকলক অসমীয়াৰ সলনি নিজৰ ধৰ্মীয় পৰিচয়কহে প্ৰথম পৰিচয় বুলি বুজাবলৈ চেষ্টা কৰিছে৷ কিন্তু অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাত সকলো ধৰ্মৰ লোকৰ সমান অৰিহণা আছে৷ অসমীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কেৱল ভাষা বিশেষৰ পৰাহে হৈছে৷ যিটো অপ্ৰিয় হ’লেও সত্য৷ গতিকে আমাৰ ধৰ্মীয় পৰিচয় আমাৰ প্ৰথম পৰিচয় হ’ব নোৱাৰে৷ আমাৰ প্ৰথম পৰিচয় অসমীয়া ৷

Image Description