সম্পাদকীয় - সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা

আজিৰ পৰা বহু বছৰ পূৰ্বেই ভাৰতৰ সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষই ক'বলৈ বাধ্য হৈছিল।অধ্যক্ষগৰাকীৰ তেনে অকপট স্বীকাৰুক্তিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা সৎ আৰু নিষ্ঠাবান সংবাদকৰ্মীক ব্যথিত কৰা নাছিল। বৰং উৎসাহিতহে কৰিছিল।

সংবাদ মাধ্যমৰ স্খলনৰ মূল কেৰোণটো কোনখিনিত আছে এই সংবাদকৰ্মীসকলে ভালদৰে জানিছিল। মাধ্যমটোক গেলাই পেলোৱা কাৰণসমূহ তেতিয়াৰ পৰা অধ্যক্ষগৰাকীৰ সকীয়নিত বন্ধ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ভাবি সেয়েহে তেওঁলোক উৎফুল্লিত হৈছিল।

কিন্তু দুৰ্ভাগ্যৰ বিষয় প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষৰ সকীয়নিয়েও গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্খলিত ৰূপৰ স্খলন বন্ধ কৰিব নোৱাৰিলে। দিনে দিনে এই স্খলন দ্ৰুতগতিত বৃদ্ধি পাবহে ধৰিলে। ফলত এটা সময়ত ভাৰতৰ সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মান হেৰুৱাই পেলালে।

আজি দেশত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোনেও বিবেচনা নকৰে। শাসকপক্ষৰ পদলেহনকাৰী ভৃত্য হিচাবেহে বৰ্তমান ভাৰতৰ মূলসুঁতিৰ বেছিভাগ সংবাদ মাধ্যমৰ পৰিচয় নিৰূপণ হৈছে। গণতন্ত্ৰৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু কি থাকিব পাৰে?

যোৱা সাতোটা বছৰে দায়িত্ব গ্ৰহণ কৰা দিন ধৰি দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে আজিকোপতি এখনো সংবাদ মেল সম্বোধন কৰা নাই। প্ৰধান মন্ত্ৰীৰ এনে কাৰ্য্যই দেশত বৰ্তমান সংবাদ মাধ্যমৰ স্থান কি সেই কথা ভালকৈয়ে বুজাই দিছে। শাসকপক্ষৰ পদলেহনকাৰী সংবাদ মাধ্যমসমূহে ইয়াক প্ৰভুৰ কৃপা বুলি সানন্দে গ্ৰহণ কৰিছে।

নিজকে ক্ষমতাৰ এটা অংশ হিচাবে গ্ৰহণ কৰি ক্ষমতা উপভোগ কৰিছে। নিজৰ সা-সম্পত্তি, প্ৰতিপত্তি বৃদ্ধি কৰি গৈছে। তেওঁলোকে তেওঁলোকৰ সাংবাদিক জীৱনৰ উদ্দেশ্য ইয়াতে বিচাৰি পাইছে। গতিকে প্ৰধান মন্ত্ৰীগৰাকীয়ে সাতোটা বছৰে সংবাদ মেল সম্বোধন নকৰাটো তেওঁলোকৰ বাবে কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়, লাজৰ কথাও নহয়।

সাতোটা বছৰে প্ৰধান মন্ত্ৰীয়ে সাংবাদিক মেল সম্বোধন নকৰা বিষয়টি দেশৰ কেইবাগৰাকী প্ৰখ্যাত সাংবাদিকে কঠোৰ ভাষাৰে সমালোচনা কৰি আছে। আজিৰ ভাৰতত তেনে সাংবাদিকৰ সংখ্যা যথেষ্ট তাকৰ বাবে বিষয়টিয়ে সৰ্বসাধাৰণক চুব পৰা নাই। অৱশ্যে বেছিভাগ সাংবাদিকৰে আচল স্বৰূপ দেখি সংবাদ মেলত কেনে প্ৰশ্ন থাকিব সেইয়া ধাৰণা কৰিব পাৰিয়ে হয়তো এই বিষয়ত জনসাধাৰণক উদাসীন যেন দেখা গৈছে। একমাত্ৰ বিশ্বাসযোগ্যতা নথকা বাবেই সংবাদজগতৰ এই অতি গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি কোনো চিন্তিত নহয়।

সুখৰ বিষয় প্ৰযুক্তিৰ উন্নতিয়ে যেনেকৈ ছপা মাধ্যমৰ সতে বৈদ্যুতিন মাধ্যমৰ জন্ম দিছে, তেনেদৰে ইণ্টাৰনেটৰ আগমনে এক সমান্তৰাল ই-মাধ্যমৰ সূচনা কৰিছে। আজি সমান্তৰাল ই-সাংবাদিকতাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক পুনৰ জীয়াই তোলাৰ চেষ্টা আৰম্ভ কৰিছে। ই এক ইতিবাচক দিশ। যদিও পদলেহনকাৰী একাংই আহি ইয়াতো ভিৰ কৰিছে, তথাপিও সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা প্ৰতিষ্ঠাৰ মহাৰণখনক ই-সংবাদ কৰ্মীসকলেই যে অহা দিনবোৰত আগবঢ়াই নিব সেইকথা ধুৰূপ। চতুৰ্থ স্তম্ভৰ বিশ্বাসযোগ্যতা পুনৰ প্ৰতিষ্ঠা হ'বই লাগিব। তেতিয়াহে দেশত গণতন্ত্ৰ থাকিব।

Image Description