সম্পাদকীয় - বিশ্বকৰ্মা পূজা আৰু প্ৰধান মন্ত্ৰীৰ জন্মদিন

ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন প্ৰতিবছৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। কোনো তিথি অনুযায়ী এই পূজা পালন কৰা নহয়। সাধাৰণতে ভাদ মাহ ৩১ দিনীয়া হয়। ইংৰাজী কেলেণ্ডাৰৰ ফেব্ৰুৱাৰী মাহৰ দৰে তিনি বছৰৰ অন্তত প্ৰতিটো চতুৰ্থ বৰ্ষৰ ভাদ মাহ ৩২দিনীয়া হয়। গতিকে ভাদ মাহ ৩১ দিনীয়া হ'লে বিশ্বকৰ্মা পূজা ১৭ ছেপ্টেম্বৰত পৰে আৰু ৩২ দিনীয়া হ'লে ১৮ ছেপ্টেম্বৰত হয়।

বিশ্বকৰ্মা পূজা কেতিয়াৰ পৰা পাতিবলৈ লোৱা হৈছিল সেই সম্পৰ্কে কেইবাটাও কাহিনী শুনা যায়। ইয়াৰ কোনটো সম্পূৰ্ণ শুদ্ধ কোৱাটো টান। পূব ভাৰতত আটাইতকৈ অধিক প্ৰচলিত কাহিনীটিৰ মতে ১৮৩৮ চনত কলকাতাৰ থমছন প্ৰেছৰ মালিক ইংৰাজ থমছন চাহাবে প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰেছত বিশ্বকৰ্মা পূজা পাতিছিল। সেই সময়ত থমছন প্ৰেছ উচ্চ গুণসম্পন্ন কামৰ বাবে বিখ্যাত আছিল।

নিজৰ কামৰ মান অক্ষুণ্ণ ৰাখিবলৈ থমছন চাহাবে প্ৰেছৰ সকলো কামতে পৰিষ্কাৰ–পৰিছন্নতাত আটাইতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছিল। কিন্তু চাফ-চিকুণতাৰ ক্ষেত্ৰত তেঁও প্ৰেছৰ কৰ্মচাৰীৰ পৰা আশানুৰূপ সহায় পোৱা নাছিল। বহুদিন কৈ থাকিও তেওঁ কৰ্মচাৰীসকলৰ দ্বাৰা গোটেই প্ৰেছটো পৰিষ্কাৰ কৰাব পৰা নাছিল।

সেয়েহে এদিন তেওঁ এগৰাকী পূজাৰী ব্ৰাহ্মণৰ সতে আলোচনা কৰি ১৭ছেপ্টেম্বৰৰ দিনটোত বিশ্বকৰ্মা পূজা আয়োজন কৰাৰ কথা ঘোষণা কৰিলে। ইয়াতে কৰ্মচাৰীসকল উৎসাহিত হৈ পূজাৰ আয়োজনত লাগি গ'ল আৰু পূজাৰ দিনটোলৈ প্ৰেছটো ধুই-পখালি চাফা কৰি পেলালে। চাহাবৰ বুদ্ধি কামত আহিল । বহুবাৰ কৈও কৰাব নোৱৰা কামটো তেওঁ এই পূজাৰ জৰিয়তে সহজতে কৰাত সফল হ'ল।

উত্তৰ ভাৰতটো বিশ্বকৰ্মা পূজা পালন কৰা হয় যদিও তাত থমছন চাহাবৰ কাহিনীৰ উল্লেখ পোৱা নাযায়। তাত বৃদ্ধ বিশ্বকৰ্মা মূৰ্তিকহে পূজা কৰা হয়। যিটো পূব ভাৰতৰ সম্পূৰ্ণ বিপৰীত। পূব ভাৰতত ডেকা বয়সৰ বিশ্বকৰ্মাৰ মূৰ্তি সাজি পূজা কৰা হয়।

মূৰ্তিৰ বয়সৰ বৈসাদৃশৰ বাহিৰে বিশ্বকৰ্মা পূজাৰ ভক্তি, উৎসাহ , উদ্দীপনা সমগ্র দেশতে একেই। কালক্ৰমত ভাৰতৰ বিভিন্ন ঠাই বিশেষকৈ অসমত বিশ্বকৰ্মা পূজাই ধৰ্মীয় গণ্ডীৰ পৰিধি অতিক্ৰম কৰি এক সাৰ্বজনীন ৰূপ পাই। অসমত সকলো ধৰ্মৰ শ্ৰমিকসকলে সমান উৎসাহেৰে এই পূজা পালন কৰে। সংখ্যাৰ হিচাপত সম্ভৱতঃ বিশ্বকৰ্মা পূজা আটাইতকৈ অধিক সংখ্যক অনুষ্ঠিত হোৱা পূজা।

এইবাৰো ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়। পূজাৰ দুই-তিনিদিন আগৰেপৰা মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা মৃণ্ময় মূৰ্তি বিক্ৰীৰ বাবে বজাৰত শাৰী শাৰীকৈ ৰখা দৃশ্য প্ৰচাৰ মাধ্যমত সজোৰে প্ৰচাৰ কৰা হয়। সাধাৰণতে এই মূৰ্তিসমূহ পূজাৰ আগনিশা সম্পূৰ্ণ বিক্ৰী হৈ যায়। বিশ্বকৰ্মা পূজাৰ আগনিশা হেনো অসমত এদিনৰ হিচাপত সৰ্বাধিক পৰিমাণৰ সুৰা বিক্ৰী হয়। অৰ্থাৎ দেশৰ অৰ্থনৈতিক অৱস্থাৰ একো একোটি আভাস এনে ধৰণৰ উৎসৱ-পাৰ্বন আদিৰ পৰাও পোৱা যায়।

এইবাৰ আহোঁ ১৭ ছেপ্টেম্বৰ দিনটোৰ আন এক প্ৰসঙ্গলৈ । এইদিনটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। এইবাৰ এইটো তেওঁৰ ৭১তম জন্মদিন আছিল। একেবাৰে চমু নাইবা দিনজোৰা কাৰ্য্যসূচীৰে প্ৰধান মন্ত্ৰীৰ জন্মদিন পালন কৰাটো এক পৰম্পৰা। অৱশ্যে দেশৰ বৰ্তমান পৰিস্থিতিত এইবাৰ প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ কাৰ্যসূচী অতি অনুষ্টুপীয়া হ'ব বুলি সকলোৱে আশা কৰিছিল।

আচম্বিতে সকলোকে আচৰিত কৰি ১৭ ছেপ্টেম্বৰৰ পৰা কুৰিদিনীয়াকৈ প্ৰধান মন্ত্ৰীৰ ৭১তম জন্মদিন পালন কৰা হ'ব বুলি ঘোষণা কৰা হ'ল। দেশৰ এনে এক দুৰ্দশাগ্ৰস্থ পৰিস্থিতিত প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ কুৰিদিনীয়া কাৰ্য্যসূচীৰ প্ৰয়োজন ক'ত বুলি লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। ইতিমধ্যে ইণ্ডিয়া টুডে আলোচনীৰ 'মুদ অব দ্য নেশ্বন' সমীক্ষাই প্ৰধান মন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা উদঙাই থৈছে। এই সমীক্ষাৰ কথা তল পেলাবলৈকে এনে কাৰ্য্যসূচীৰ ঘোষণা কৰা হৈছে বুলি কাৰো বুজিবলৈ বাকী নাথাকিল।

দেশৰ দুৰৱস্থাপূৰ্ণ প্ৰকৃত ছবিখন ঢাকি ৰাখি এখন ভুৱা জয় জয় ময় ময় ভাৰতৰ ছবি দাঙি ধৰিবলৈকে এনে ধৰণৰ প্ৰচাৰসৰ্বস্ব কুৰিদিনীয়া কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। কিন্তু কেৱল মিথ্যাচাৰৰ জৰিয়তে জানো দেশৰ প্ৰকৃত ছবিখন ঢাকি ৰাখিব পৰা যায়? এইকথা প্ৰমাণ হ'বলৈও সেয়েহে বেছিপৰ নালাগিল।

১৭ ছেপ্টেম্বৰৰ নিশাই টিভিত এটা বাতৰি প্ৰকাশ হ'ল। সেইয়া আছিল কোনোকালে নোহোৱা এক বিশেষ ঘটনাৰ বাস্তৱ ছবি। এইবাৰ বিশ্বকৰ্মাৰ অধিকাংশ মূৰ্তি বিক্ৰী নহ'ল। আগৰদৰে পূজা পতাৰ সামৰ্থ বেছিভাগৰে নোহোৱা হ'ল।বিক্ৰী নোহোৱা শাৰী শাৰী বিশ্বকৰ্মাৰ মূৰ্তি গুৱাহাটীৰ গণেশগুৰি বজাৰৰ পদপথতে বেপাৰীয়ে এৰি থৈ ঘৰলৈ গুচি গ'ল। আজি সেইখিনি উভতাই লৈ যোৱাৰো তেওঁলোকৰ সম্বল নাই। কিমান দুখ, বেদনা, মনোকষ্ট ইয়াৰ মাজত নিহিত হৈ আছে – কুৰিদিনীয়াকৈ জন্মদিন পালনৰ পৰিকল্পনা কৰাসকলে ইয়াক উপলব্ধি কৰিব পাৰিবনে? একমাত্ৰ আত্মপ্ৰচাৰত ব্যস্ত প্ৰধান মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰকৃত ছবিখন চাবলৈ শিকিবনে?

Image Description