সম্পাদকীয়
ত্ৰিপুৰা-নাগালেণ্ড-মেঘালয়ৰ নিৰ্বাচনৰ পৰা আমাৰ শিকিবলগীয়া

উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত হৈ যোৱা বিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত বিভিন্ন আলোচনা-পৰ্য্যালোচনা এইকেইদিনত আমি পঢ়িবলৈ পাইছোঁ৷ দুটা দিশত এই পৰ্য্যালোচনাবোৰ গুৰুত্বপূৰ্ণ:

[ক] ভাজপা দলৰ আগ্ৰাসন স্তব্ধ হৈছে আৰু

[খ] জনগোষ্ঠীয় আত্মচেতনা পুনৰ ওপৰলৈ আহিছে৷

মানুহে কেৱল ধন-গৰ্ব আৰু উৎসৱৰ ৰাজনীতিত সৰ্বকালৰ বাবে বিশ্বাস নকৰে আৰু এইবোৰ ফালি এদিন ওলাই আহিবই জাতীয়তাবাদৰ সবল আধাৰেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ৷ ত্ৰিপুৰাৰ নিৰ্বাচনত তিপ্ৰামথা দলৰ সপক্ষে প্ৰচাৰ কৰিবলৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা দলে কেইবাদিনো ধৰি প্ৰচাৰ চলাইছিল৷ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ আত্ম অধিকাৰ সাব্যস্ত কৰাৰ দীৰ্ঘদিনীয়া সংগ্ৰামক তিপ্ৰামথা দলে কেনেকৈ এক ৰাজনৈতিক যুঁজত পৰিণত কৰিছে তাৰ পোনপটীয়া অজাপৰ প্ৰতিনিধি দলটোৱে প্ৰত্যক্ষ কৰিলে

তিপ্ৰামথা দলৰ অভাৱনীয় সাফল্যই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে খিলঞ্জীয়া জনসাধাৰণক উদ্বুদ্ধ কৰিছে আৰু স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ অসমৰ জাতীয়তাবাদী ধাৰাৰ ওপৰত প্ৰতিফলিত হ’ব৷ নতুন এক সাহ, নতুন পৰিকল্পনা, আৱেগিক ঐক্যৰ অজাপই এতিয়া ৰাজ্যখনৰ ৰাজনীতিক আগুৱাই লৈ যাব লাগিব৷

উত্তৰ-পূৰ্বাঞ্চলত ভাজপাই নিজৰ শক্তি হেৰুৱাইছে৷ দম্ভ, টকা-পইছা, প্ৰলোভন এইবিলাকে সদায় ৰাজনীতিৰ গতি নিৰ্ধাৰণ কৰিব নোৱাৰে৷ কেৱল ত্ৰিপুৰাত ভাজপা নিজৰ জোৰত ক্ষমতালৈ আহিছে, তাতো তেওঁলোকৰ আসনৰ সংখ্যা কমিল, ভোটৰ সংখ্যাও কমিল৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ত্ৰিপুৰাৰ বাকী দলসমূহে তিপ্ৰামথাৰ নেতৃত্ব মানি লৈ নিৰ্বাচন খেলা হ’লে ভাজপাৰ পতন অৱশ্যম্ভাৱী আছিল

কেৱল ত্ৰিপুৰী জনজাতিৰ প্ৰধান বসতিস্থলসমূহতে নহয়, সমগ্ৰ ৰাজ্যখনলৈ তিপ্ৰামথাই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷ ত্ৰিপুৰা আৰু অসমৰ মাজত বহু মিল আছে, বিভিন্নতাও আছে, জনগোষ্ঠীয় বিন্যাস আৰু অৱস্থিতিৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে৷ শ্ৰীলুৰীণজ্যোতি গগৈ নিজে ত্ৰিপুৰাৰ নিৰ্বাচনৰ সময়ছোৱাত তাত উপস্থিত থাকি সকলো কথাৰ প্ৰত্যক্ষ অভিজ্ঞতা হৈছে৷ এইবোৰ কথা অজাপৰ বাবেও এতিয়া দিকনিৰ্ণায়ক হ’ব৷

মেঘালয়ত শ্ৰীকনৰাড চাংমাই নিৰ্বাচনৰ আগেয়েই জানিছিল যে ৰাজ্যখনত এখন শক্তিশালী বিজেপি বিৰোধী 'অণ্ডাৰকাৰেণ্ট' আছে, সেইবাবেই বেছি হৈ চৈ নকৰাকৈ তেওঁৰ দলটোক আঁতৰাই আনিছিল আৰু অকলশৰীয়াকৈ নিৰ্বাচন খেলি বিজেপিবিৰোধী ঢৌৰ আলমত সৰ্ববৃহৎ দল হিচাবে প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হ’ল৷ ভাজপাই কনৰাড চাংমা বিৰোধী ভূমিকা এটা নিৰ্বাচনৰ সময়ত বজাই ৰাখি পৰোক্ষভাৱে চাংমাৰ দলক সহায় কৰিলে৷

ইয়াৰ অৰ্থ হ’ল মেঘালয়ত কনৰাড চাংমাৰ দলেহে ৰাজনীতিৰ গতি নিৰ্ধাৰণ কৰিলে, ভাজপাই নহয়৷ চালকৰ আসনত সৰ্বত্ৰ আঞ্চলিক দল, ভাজপা নহয়৷ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু ভাজপাৰ অসমৰ নেতৃবৃন্দ সকলোবোৰ আস্ফালন জনসাধাৰণে উপভোগ কৰিলে, কিন্তু কোনোৰকমৰ গুৰুত্ব নিদিলে৷

একেই ৰাজনৈতিক দৃশ্য আমি প্ৰত্যক্ষ কৰিলোঁ নগালেণ্ডতো৷ তাতো শ্ৰীনেইফিউ ৰিঅ’ৰ দলহে চালকৰ অসনত, ভাজপা নহয়৷

মুঠতে এই তিনিখন ৰাজ্যৰ নিৰ্বাচনে প্ৰতিফলিত কৰা দৃশ্যটো হ’ল ভাজপাৰ নেগুৰত ধৰি আঞ্চলিক দল থকা নাই, বৰঞ্চ ওলোটা দৃশ্যহে আমি দেখিলোঁ

সকলোবোৰ কথা নিৰ্ণয় কৰিলে আঞ্চলিক দলবোৰে। শাসনত থকা অথবা নথকা ১৭৯টা সমষ্টিৰ নিৰ্বাচনত ৯৩টা সমষ্টি অধিকাৰ কৰি আঞ্চলিক দলবোৰে নিজৰ ক্ষমতাৰ পৰিধি পুনৰ সাব্যস্ত কৰিলে৷ ধনবল, হুমকি আৰু ধৰ্মৰ ভিত্তিত জনসাধাৰণক ভাগভাগ কৰি পেলোৱা ৰাজনীতি তিনিখন ৰাজ্যত উৎখাত হোৱাৰ দিশত৷ অসমতো এতিয়া ইয়াৰ আৰম্ভণি হ’ব৷

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description