সম্পাদকীয়
নিতিন গাডকাৰি

মাত্ৰ কিছুদিনৰ আগৰ কথা।

'জীৱনত কৰিবলগীয়া কাম বহুত আছে। মাজে মাজে ভাবোঁ ৰাজনীতি এৰি দিবলৈ।' কৈছিল গাডকাৰিয়ে। গাডকাৰি কোন কোৱাৰ প্ৰয়োজন বোধ কৰা নাই।

তাৰে কিছুদিনৰ পিছৰ ঘটনা।

বিজেপিৰ সৰ্বোচ্চ গোটটোৰ পৰা গাডকাৰি বাদ পৰিল। অথচ হেনো আৰএছএছৰ প্ৰিয় এজন। অথচ এজন কামৰ মানুহ।

গাডকাৰি প্ৰায় সদায়েই বাতৰিৰ মাজতে থাকিবলৈ ল'লে।

'নিজে আতঁৰি নগ'লে কোনো শেষ হৈ নাযায়।'

'আজিকালি বহুতে ৰাজনীতি কৰে ক্ষমতাত থাকিবলৈ।'

'আমি সময়ত সিদ্ধান্ত নলওঁ।'

'আমি বিশেষজ্ঞক গুৰুত্ব দিব লাগে।'

'বিভাগবোৰৰ মাজত সমন্বয়ৰ অভাৱ।'

গাডকাৰিয়ে মন্ত্ৰীসভা এৰা নাই।

যাবলৈকো কোৱা হোৱা নাই।

আন কোনো মন্ত্ৰীয়ে কথাবোৰ ক'বলৈ সাহসো কৰা নাই।

ভাজপেয়ী বিজেপিৰ সভাপতি আছিল। ধৰ্মৰ ৰাজনীতি নকৰিলে। ড০ কালামক দেশৰ ৰাষ্ট্ৰপতি পাতিলে। বুৰঞ্জীত ৰৈ গ'ল। গাডকাৰিও হেনো হিংসুক মনৰ নহয়।

কিন্ত্ত এতিয়া দেশখনত হিংসাৰ পথ হাতিয়াৰ হৈছে। সংঘাত তাতেই নেকি বাৰু? সময়ে ক'ব। সময়ে দেখুৱাই আহিছে যে হিংসুক মন সভ্যতাৰ বোজা। কিন্ত্ত ক্ষণস্থায়ী সেইয়া।

হিংসুক শাসনৰ বাবে একোটা দশক বৰ দীঘলীয়া সময়।।

বসন্ত ডেকা

Image Description