সম্পাদকীয় - আমি ভাবিবৰ হ'ল

অসমক ভালপোৱা মানুহখিনিয়ে ইজনে সিজনক চিনিবৰ হ'ল। ইজনে সিজনৰ হাতত ধৰি আগবাঢ়িবৰ হ'ল।

অসমতে জন্ম লৈ, অসমতে জীৱন কটোৱা এচাম লোকে অসমক ভালপাওঁ বুলি ক'বলৈ সংকোচ বোধ কৰে। গোটেই জীৱন অসমৰ লগত একাত্মবোধ অনুভৱ নকৰে। কোনখন স্বদেশ বিচাৰি নাপায়।

অসমতে থাকি অসমৰ লগত একাত্ম নোহোৱাকৈ ভাৰতবৰ্ষৰ লগত একাত্ম হ'ব নোৱাৰি। অসমক চেৰাই গৈ দেশবাসী হ'ব নোৱাৰি। তেনে চিন্তাৰে নিজকে প্ৰৱঞ্চনা কৰা হয় মাথোঁ। নিজৰ চিন্তাক অংগচ্ছেদ কৰাৰ দৰে হয়।

অসমতে জীৱন কটোৱা একোটা প্ৰজন্ম জনজীৱনৰ পৰা আঁতৰি থাকিলে পাছৰ প্ৰজন্ম নিজৰ মাজতেই অধিক আৱদ্ধ থাকিব। ৰাজনৈতিকভাৱে অধিক গাইগুটীয়া হ'ব। সামাজিক জীৱন কাৰাৰুদ্ধ হৈ পৰিব। সৰু সৰু সঁজাত সোমাই থাকিব লাগিব।

ৰাষ্ট্ৰীয় দলবোৰে তেনে এটা পৰিবেশ সুবিধাজনক পায়। সমাজখন ভাগ ভাগ হৈ থাকিলে ভোট ভাঙিবলৈ আৰু সুবিধা হয়।

৭৫ বছৰৰ অমৃতৰ দিনত ভোট ভাঙে জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত। সুস্থ বিবেচনাৰে অধিকাৰ সাব্যস্ত কৰা মানুহৰ অভাৱ ফুটি উঠিছে।

এচাম কুমলীয়া মনো অন্ধকাৰত সোমাইছে। মদ-ব্ৰইলাৰ-খমখমীয়া নোটে অন্ধকাৰ কূপবোৰ গঢ়িছে। বিপদে সকলোকে গিলিছে।বয়সিয়ালসকলে কুমলীয়া মনকো অন্ধকাৰত সুমুৱাই দিছে। জনজীৱনত নতুন চিন্তাৰ আলোচনা নাই। লেতেৰা ৰাজনীতিয়ে আবৰি ধৰিছে।

নজনা মানুহে ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছে। টকাই যেন শেষ আৰু একমাত্ৰ জীৱন - তেনে ধাৰণাই জনজীৱন আচ্ছন্ন কৰিছে। অহংকাৰী ৰাজনীতিক টকাৰ মোহত ডুব গৈছে। দুখীয়াৰ মৰণ মিলিছে। অসমৰ অন্যায় কৰা ৰাজনীতিকৰ সন্তানহঁতে অসমত নপঢ়ে, আগলৈকো নাথাকিব।

সেইবাবেই সময় দুৱাৰদলিত। অসমক ভালপোৱা মানুহখিনি একগোট হ'বৰ হ'ল। সকলোৱে টোপৰ মোহ এৰিবৰ হ'ল। সোঁহাতে এহেজাৰ দি বাওঁহাতে পাঁচগুণ নিয়াজনক ক'বলৈ সময় হ'ল।।

বসন্ত ডেকা

Image Description