সম্পাদকীয়
ইভিএম-এ বিপদ মাতিব পাৰে

দেশৰ ৰাজনীতিত পট সলনি হৈ আছে৷ মোডী চৰকাৰ বাৰুকৈয়ে বিপাঙত পৰিছে৷ আদানিৰ লগত সম্পৰ্কটো স্পষ্ট কৰি নিদিয়া বাবেই সংসদ অচল হৈ আছে৷ মোডীয়ে ২০১৪ চনৰ পৰা আজিলৈকে সংবাদমেলৰ সন্মুখীন হোৱা নাই৷ বছা বছা সাংবাদিক আৰু বাতৰি চেনেল চৰকাৰৰ পক্ষত নিয়োজিত হৈ আছে৷

পৃথিৱীৰ আটাইতকৈ ধনী দল হ’ল বিজেপি৷ আৰু আটাইতকৈ ধনী সংগঠন হ’ল আৰএছএছ৷ ক্ষমতাৰ ৰাগীত এতিয়া দুয়োটা বলীয়ান হৈ পৰিছে৷ দেশৰ বাক স্বাধীনতা নোহোৱা হৈছে৷ আন গণতান্ত্ৰিক ৰাষ্ট্ৰবোৰেও দেশৰ চৰকাৰক সঁকিয়াই দিছে৷ আমি নিজেই প্ৰতিদিনে দল আৰু সংগঠন দুয়োটাৰে অহংকাৰী মনৰ উদাহৰণবোৰ পাই আছো৷ সকলো কাম ধনৰ বলেৰে আৰু ক্ষমতাৰ বলেৰে কৰিছে৷ আইনলৈ পিঠি দিছে৷

দেশৰ মুখ্য ন্যায়াধীশকো সমালোচনাৰ মাজলৈ আনিছে৷ মোডীক প্ৰয়োজন মাত্ৰ তেওঁৰ কথা শুনা মানুহৰ৷ আনকি ৰাজ্যসভাৰ অধ্যক্ষজনেও চৰকাৰৰ হৈ মাত মাতি আহিছে৷ অলপতে অধ্যক্ষজনে আচৰিত কথা এটা ৰাজহুৱাভাৱেই কৈছে৷ সংসদ হ’ল ভাৰতীয় সংবিধানৰ সৃষ্টি৷ অধ্যক্ষ ধানকাৰে কৈছে যে সংসদৰ মতেহে হেনো সংবিধান ৰচনা হ’ব লাগে৷

মোডী চৰকাৰৰ দেশৰ সংবিধানক উপলুঙা কৰা অত্যাচাৰী শাসনৰ বিৰুদ্ধে দেশৰ প্ৰায়বোৰ বিৰোধী দলৰ মাজত ঐক্যৰ ৰেঙণি দেখা গৈছে৷ এতিয়ালৈকে ওডিশা আৰু তেলেংগানাৰ মুখ্য মন্ত্ৰীয়ে বিৰোধীৰ পক্ষত মুকলিকৈ থিয় হোৱা নাই৷ বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ একেলগে বিজেপিক হৰুৱাবলৈ আহবান জনাইছে৷

আমিও ভাবোঁ যে দেশৰ অন্যতম বৃহৎ দল হিচাবে কংগ্ৰেছে বিৰোধী ঐক্যৰ বাবে আগভাগ লোৱা উচিত৷ এনে কৰিবলৈ যাওঁতে সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰ অতিকৈ প্ৰয়োজন হ’ব৷ ব্যক্তিগত আকাংক্ষাক নিজৰ ঠাইতে থ’ব পাৰিলে বিৰোধী ঐক্য সম্ভৱপৰ হ’ব৷

ঐক্যৰ বাবে নীৰৱে কাম কৰাটোহে দূৰদৰ্শিতাৰ পৰিচয় হ’ব৷ প্ৰেছৰ জৰিয়তে বিৰোধী ঐক্যৰ কথা আলোচনা কৰাটো অকণো সমীচিন নহয়৷ ই বিজেপি আৰু আৰএছএছকহে সহায় কৰিব৷

শেহতীয়াকৈ ইভিএমৰ প্ৰসঙ্গটো আকৌ এবাৰ এত্থাপিত হৈছে৷ এনচিপিৰ সভাপতি শ্ৰীশাৰদ পাৱাৰৰ নেতৃত্বত বিৰোধী দল লগ হৈ নিৰ্বাচন আয়োগক ইভিএমৰ নিৰ্ভৰযোগ্যতা সম্পৰ্কে প্ৰশ্ন কৰিছে৷ বিৰোধীয়ে অতি তাৎপৰ্য্যপূৰ্ণভাৱে কৈছে যে একোটা ইভিএম যেতিয়াই মাজতে বিকল হৈ পৰে তেতিয়াই সেইটো ইভিএমৰ সকলো ভোট বিজেপিৰ পক্ষত থাকে৷

ইভিএমক লৈ বিজেপি কৰি অহা ষড়যন্ত্ৰৰ আন আৰু একো প্ৰমাণ নালাগে৷ সেইবাবে ইভিএমৰ সলনি বেলট পেপাৰলৈ উভতি যোৱাটোৱেই দেশৰ গণতন্ত্ৰৰ বাবে অতি নিৰ্ভযোগ্য ৰক্ষণাবেক্ষণ হ’ব৷৷

বসন্ত ডেকা

Image Description