সম্পাদকীয় - গৰু

The cow is a four footed domestic animal. গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু। এইশাৰী গৰুৰ বিষয়ে লিখা প্ৰায়বোৰ ৰচনাতে সততে দেখা পোৱা আটাইতকৈ অধিক সাদৃশ্য থকা বাক্য।

যি কোনো ভাষাৰ শিক্ষা প্ৰদান কৰোঁতে শিক্ষাৰ্থীসকলক সেই ভাষাত ৰচনা লিখিবলৈ শিকোৱা হয়। যাতে শিক্ষাৰ্থীসকলে সেই ভাষাটোত সকলো কথা সলসলীয়াকৈ লিখিব পৰা হয়। যিবোৰ বিষয়ৰ ওপৰত প্ৰাৰম্ভিক পৰ্য্যায়ত ৰচনা লিখাৰ শিক্ষা দিয়া হয় তাৰ ভিতৰত অন্যতম প্ৰধান এক বিষয় হৈছে গৰু।

আমাৰ দেশ এখন কৃষিপ্ৰধান দেশ। গৰু হৈছে কৃষি উপযোগী প্ৰাণী। বলদ গৰুৱে হাল বাই, মৰণা মাৰে। গাই গৰুৱে পোৱালি জগাই, গাখীৰ দিয়ে। গৰুৰ গোবৰ খেতিৰ বাবে উৎকৃষ্ট সাৰ। মৃত্যুৰ পিছত গৰুৰ ছালৰ পৰা ভাল চামৰা আৰু হাড়ৰ পৰা বুটাম আদি তৈয়াৰ কৰিব পাৰি।

অসমৰ জাতীয় জীৱন গৰুৰ পৰা হোৱা লাভ আৰু উপকাৰিতা সম্পৰ্কে সদায় সচেতন। কৃষিপ্ৰধান অসমৰ সমাজ জীৱনত গৰুৰ প্রতিপালন আৰু শ্ৰীবৃদ্ধিত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়। অসমীয়া সমাজৰ গৰু বিহুৰ পৰম্পৰা ইয়াৰ এক অনন্য নিদৰ্শন। গৰু বিহুৰ দিনা গৰুৰ গাত মাহ–হালধি সানি নদীত ভালকৈ গা–ধুৱাই "লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা ; মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু" বুলি কৈ খাবলৈ দিয়া হয়। সন্ধিয়া গোহালিত দীঘলটি, মাখিয়টি পাতেৰে জাত–জাত কোবাই মহ–দাহ খেদা হয়। অসমৰ সমাজত এই পৰম্পৰা অতীজৰে পৰা এতিয়ালৈকে চলি আছে।

আমাৰ সমাজত গৰুক মৰম, আদৰ, যত্ন সকলোখিনি কৰা হয় কাৰণ ই কৃষিজীৱী সমাজখনৰ উপাৰ্জনৰ এক প্ৰধান আহিলা। তাৰোপৰি নিৰ্জু প্ৰকৃতিৰ প্ৰাণী হোৱা বাবেই গৰুৱে গৰাকীৰ অন্তৰতো স্থান পাই। সেইবুলি মাতৃৰ স্থান নাপায়। বৰং কি কাৰণে জানো! গৰুক মূৰ্খতাৰ প্ৰতীক ৰূপেহে গণ্য কৰা হয়। কিবা এটা কথা বুজাই থাকিলেও বুজি নাপালে 'ঐ গৰু' বুলি ডাঙৰে সৰুক উপহাস কৰা কথাই ইয়াকে প্ৰমাণ কৰে।

পৌৰাণিক ভাৰতীয় গ্ৰন্থ-সাহিত্যইও সেই সময়ৰ সমাজৰ গো-ৰ অৱস্থিতি সম্পৰ্কে অন্য কোনো পৃথক দৃষ্টিভঙ্গী থকাৰ ইংগিত বহন নকৰে। উদাহৰণ স্বৰূপে, পঞ্চতন্ত্ৰৰ কথাত ৰজা অমৰশক্তিয়ে তেওঁৰ জ্ঞানশূন্য তিনি পুত্ৰৰ বিষয়ে এক মন্তব্যত কৈছিল –

किंग तया क्रियते धेन्ना या न सूते न दुग्धदा।
कीयर्थ: पुत्रेन जातेंन यो न विद्वान्न न भक्तिमान।।
( কিং তয়া ক্ৰিয়তে ধেন্না য়া ন সূতে ন দুগ্ধদা।
কোঅর্থ পুত্ৰেন যাতেন য়ো ন বিদ্বান ন ভক্তিমান।।)

অৰ্থাৎ, সেই গাইগৰুৰ কি কাম যি পোৱালি আৰু গাখীৰ দিব নোৱাৰে। তেনেদৰে এনে পুত্ৰ থাকি কি লাভ যি বিদ্বান আৰু ভক্তিমান নহয়।

গো–ৰ স্থান মাতৃৰ শাৰীত থকা হ'লে অকামিলা হ'ল বুলিয়ে এনে গাইগৰু থকাৰ কিবা অৰ্থ আছে বুলি জানো ক'লেহেঁতেন?

এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব আজিকালি বেছিভাগ ঠাইতে খেতি–বাটিত হালবোৱা, মৰণামৰা আদি কামত গৰুৰ সলনি ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। সেইবাবে আপাতদৃষ্টিত গৰুৰ প্ৰয়োজনীয়তা নাইবা মূল্য কিছু কমা যেন লাগে। কিন্তু বাস্তৱত গৰুৰ মূল্যই বৰ্তমান সৰ্বকালৰ ৰেকৰ্ড ভঙ্গ কৰিছে। কাৰণ গৰুৰ ৰাজনৈতিক চাহিদা এতিয়া আটাইতকৈ বেছি। সাধাৰণতে এইবিধ চাহিদাৰ বিষয়ে সচৰাচৰ লিখা গৰুৰ ৰচনাসমূহত উল্লেখ কৰা দেখা পোৱা নাযায়। কিন্তু ভাৰতবৰ্ষত গৰুৰ ৰাজনৈতিক চাহিদা থকা কথা নতুন নহয়। ইয়াৰ ইতিহাস বহু পুৰণি। ভাৰতলৈ ইছলাম ধৰ্মৰ আগমনৰো বহু পূৰ্বৰ। ভাৰতত বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়তে গো-মাংস ভক্ষণ ৰাজহুৱা বিতৰ্কলৈ আহিছিল। সেইয়া আছিল এক দীঘলীয়া কাহিনী। ইণ্টাৰনেটৰ যুগত এইবোৰ তথ্য এতিয়া সহজতে পাব পাৰি। গতিকে এই বিষয়ে ইয়াত বহলাই আলোচনা কৰাৰ প্ৰয়োজন নাই।

ব্ৰিটিছৰ শাসনকালত হিন্দু–মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ উদ্দেশ্যে পুনৰবাৰ ৰাজনীতিৰ মূল বিষয় হৈ পৰে গৰু। ব্ৰিটিছসকল ভাৰত এৰি গুচি গ'ল। স্বাধীন ভাৰততো কিন্তু গৰুৰ ৰাজনৈতিক চাহিদা থাকি গ'ল। কেতিয়াবা কমে, কেতিয়াবা বাঢ়ে। কিছু বছৰৰ পৰা ইয়াৰ চাহিদা তুংগত আছে। আজিৰ ভাৰতত গো-ধনে চৰকাৰ পাতিবও পাৰে, ভাঙিবও পাৰে। মানুহৰ জীৱনৰ মূল্যতকৈও এতিয়া গৰুৰ মূল্য অধিক। দেশ, সমাজ, অৰ্থনীতি, ৰাজনীতি সকলো ৰসাতলে যাওক কোনো কথা নাই। মাথোঁ প্ৰতিষ্ঠা হ'ব লাগে 'গাই আমাৰ আই'।

গৰুৰ ৰচনাৰ শেহতীয়া সংস্কৰণ ইমানেই। কাহিনীয়ে নতুন ৰূপ ল'লে এই ৰচনাৰ নৱসংযোজন প্ৰকাশ কৰা হ'ব।।

Image Description