সম্পাদকীয়
মুখাবোৰ খহাই পেলাব লাগিব

যোৱা কিবছৰৰ আটাইবোৰ অহংকাৰ, বৰ বৰ কথাৰ আঁৰৰ মুখাবোৰ এতিয়া লাহে লাহে খহিব ধৰিছে । মুংগেৰীলালৰ সেই ৰঙীন সপোনবোৰ যে দেশৰ আৰু ৰাজ্যখনৰ মানুহক দেখুৱাইছিল, আৰু মানুহৰ মনবোৰ সৰু সৰু কিছুমান উপঢৌকনৰে আচ্ছন্ন কৰি ৰাখিবলৈ দিনৰাতি প্ৰচাৰ চলাইছিল, সেইবোৰৰ আঁৰৰ প্ৰকৃত ছবিখন এতিয়া পোহৰলৈ আহিব ধৰিছে । জনসাধাৰণক কিছুদিন ঠগিব পাৰে , কিন্ত সদায় নোৱাৰে।

এতিয়া যোৱা কিবছৰৰ কাণ্ড- কাৰখানাবোৰ পৰা কেইবাটাও কথা পৰিষ্কাৰ হৈছে:

(ক) জনকল্যাণ ভাজপা আৰু এই দলৰ চৰকাৰবোৰৰ মূল উদ্দেশ্য নহয়, কেইগৰাকীমান পুঁজিপতি আৰু দলৰ প্ৰধান পৃষ্ঠপোষকমণ্ডলীৰ হাতত দেশৰ সমূহ সম্পদৰ একছত্ৰী মালিকানা গতাই দি দল আৰু দলক তুলি ধৰা মাতৃ সংগঠনসমূহৰ আৰ্থিক স্থিতি সৰ্বতিকালৰ বাবে সুনিশ্চিত কৰা;

(খ) দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ কেইগৰাকীমান গুজৰাটীৰ হাতত তুলি দিয়া;

(গ) পূবৰ আৰু দক্ষিণৰ আত্মাভিমানী মানুহখিনিৰ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা অৱদমিত কৰি উত্তৰ ভাৰতীয় হিন্দীবলয় অথবা তথাকথিত গংগা সভ্যতাৰ অধীন কৰা;

(ঘ) জাতীয় আৰু সাংবিধানিক অনুষ্ঠানসমূহক প্ৰণালীবদ্ধভাৱে নিশকতীয়া কৰি নিজৰ বহতীয়া অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা;

(ঙ) ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংষ্ঠাসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি এই সংষ্ঠাসমূহৰ প্ৰতি জনসাধাৰণৰ আস্থা নোহোৱা কৰা, ইত্যাদি ।

সকলো কথা ঠিকেই চলি আছিল, কিন্ত সাম্প্ৰতিক কিছুমান কথাকাণ্ডৰ পৰা মুখাবোৰ খোল খাবলৈ ধৰিছে । দেশৰ অৰ্থনীতিৰ শক্তিশালী কাঠামোৰ দ্ৰুত স্খলন ঘটিছে, যিসময়ত আদানীৰ দৰে মোডীৰ ঘনিষ্ঠ ব্যৱসায়ী এজন বিশ্বৰ ভিতৰত তৃতীয় ধনী ব্যক্তিত পৰিণত হৈছে ।

আগতে নাম নুশুনা আদানীৰ সীমামূৰলীয়া অসমতো শক্তিশালী প্ৰবেশ ঘটিছে । একে সময়তে নিত্যব্যৱহাৰ্য্য বস্তুবোৰৰ দাম সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বহু ওপৰত অৱস্থান কৰিছে । ভূতৰ ওপৰত দানহ পৰাৰ দৰে এতিয়া বিদ্যুতৰ মূল্য কোনো জাননী নিদিয়াকৈ তিনি-চাৰি গুণ বৃদ্ধি কৰা হৈছে - তথাকথিত হিতাধিকাৰীক বিলাই বিলাই আৰু চৰকাৰী অনুষ্ঠানবোৰ, আনকি কেবিনেট বৈঠকসমূহো লাহ-বিলাহ, আমোদ-প্ৰমোদৰ অনুষ্ঠানত পৰিণত কৰি ৰাজহুৱা পুঁজি পানীৰ দৰে উৰুৱা হৈছে ।

বহুবল্কী এগৰাকী মন্ত্ৰীয়ে হেনো কৈছে বিদ্যুতৰ মূল্য বেছি দিব লাগিবই, কাৰণ কৰ্মচাৰীৰ দৰমহা যে প্ৰতি তিনি মাহে তিনি মাহে বৃদ্ধি হয় (কত পালে বা এই তথ্য?), যেন ৰাজ্যখনৰ প্ৰতিজন লোকেই চৰকাৰী কৰ্মচাৰী।

মুখাবোৰ এনেকৈয়ে খোল খায়। যোৱা কিবছৰত হোৱা এটাও নিযুক্তি সন্দেহৰ উৰ্দ্ধত হোৱা নাই, হয় দালালৰ দপদপনি, ধনৰ ইহাত-সিহাত, নহয় চাকৰিবোৰ হস্তগত কৰিছে মন্ত্ৰী-বিধায়ক-সাংসদ, দলীয় কৰ্মকৰ্তাৰ অঙহী অথবা ঢেমাধৰাসকলে।

দলৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে অভিযোগ উঠিছে, দলীয় বিধায়কৰ বিৰুদ্ধেও সামাজিক মাধ্যমত পোনপটীয়া অভিযোগ উঠিছে । কামকাজবোৰ সাধাৰণ মানুহৰ সহ্যৰ বাহিৰত গৈছে ।

প্ৰয়োজনত কৈ অধিক ক্ষমতা দিয়াৰ ফলত অসম পুলিচে ৰাজ্যখনত নিজেই যি সন্ত্ৰাসৰ আৰম্ভ কৰিছিল, জনসাধাৰণ সজাগ হোৱাৰ বাবে সেয়া কিছু নিয়ন্ত্ৰিত হোৱা যেন লাগিছে, কিন্ত উচ্চবাচ্য কমা নাই । 'পিঠি ফালি দিম'জাতীয় দম্ভালিৰ অন্ত হোৱা নাই ।

সেইবাবেই কৈছো যে জনসাধাৰণক সদায় ঠগন দি থাকিব পৰা নাযায়। সচাঁ কথাবোৰ এদিন পোহৰলৈ আহিবই।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description