সম্পাদকীয়
বছৰটোত কি পালোঁ?

একেবাৰে নিৰপেক্ষভাৱেই ক'ব পাৰি যে ৰাজ্যবাসীয়ে সুখ-শান্তি-সমৃদ্ধিৰে কটাব নোৱাৰিলে। ৰাজহুৱা নিৰাপত্তাহীনতা প্ৰতি পদে পদে অনুভূত হৈছিল। সমাধানৰ নামত চাৰিওফালে সীমা অশান্ত হ'ল। দিল্লীৰ ভাষ্য বিপৰীত। সমাধান হেনো স্থায়ী হ'ল।

বিজ্ঞাপনৰ পাতবোৰত উন্নয়নৰ কোনো ছবি নোলাল। এফালে উন্নয়নৰ পষেক। আনফালে ঋণৰ বোজা এক লাখ কোটি পাৰ হ'ল। মাথোঁ আভুৱা। বহু আঁচনিত মামৰে ধৰিব। ঠিক যিদৰে বছৰটোত চাকৰি 'গণিব' নোৱৰা হৈ পৰিল।

মহিলাৰ ওপৰত অত্যাচাৰে দেশৰ ভিতৰতে প্ৰথম স্থান পালে। ভুৱা চিকিৎসকেও অভিলেখ ৰচিলে। এইবোৰ দশকজুৰি হৈ থকা ঘটনা।

মাতৃভাষাৰ বিদ্যালয়বোৰৰ হাবু-দুবু খোৱা অৱস্হা হ'ল। আন এটা দশকজুৰি হৈ থকা ঘটনা। বছৰটোত শোচনীয় ৰূপ ল'লে। সুখ-সমৃদ্ধিৰ সকলো দিশ সামৰি ৰাজ্যখন ৰাষ্ট্ৰীয় মাপকাঠিত তলত বহিল।

প্ৰথমে ক'লে বিদেশীক উচ্ছেদ হ'ব, তাৰ পিছত ক'লে উচ্ছেদিতক পুনৰ সংস্থাপন কৰা হ'ব, সকলোকে সাত বিঘাকৈ মাটি দিয়া হ'ব। ক্ষমতাৰ ব্যৱহাৰ নে অপব্যৱহাৰ? বিজেপি ব্ৰেণ্ডৰ ৰাজনীতি। ছলনাৰ ৰাজনীতি। হিতাধিকাৰী সৃষ্টিৰে পথাৰৰ লখিমী আঁতৰোৱাৰ ৰাজনীতি।

খিলঞ্জীয়াৰ 'প্ৰভুত্ব'ই বছৰটোত অৱক্ষয়ৰ ৰূপ ল'লে। সম্পদবোৰ অনা-অসমীয়াৰ হাতত গটোৱা হ'ল। এইবাৰ চিৰিয়াখন বিলুপ্তিৰ পথত। জোৰ পুৰি হাত পালে। কথাৰে যে নহ’ব, এসময়ৰ লগৰীয়াবোৰক ক'বলৈ মন গৈছে।

অসম চুক্তিৰ মূল বিষয়ক তল পেলোৱা হ'ল। অস্বীকাৰ কৰিলে সত্যৰ অপলাপ হ'ব। জোৰ দি থকা শব্দটো হৈছে 'প্ৰভুত্ব'। হ'ব লাগিছিল বিদেশীৰ চিনাক্তকৰণ।এটা বুজিব নোৱৰা সাথঁৰ।

এখন শুদ্ধ আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে জোৰ দিয়াৰ উপযুক্ত সময় আছিল। সুযোগ লোৱা নহ'ল। ক'ত কেৰোণ লাগিল সকলোৱে দকৈ ভাবিবৰ হ'ল।

বিজেপিৰ অভিসন্ধি গভীৰ হোৱা যেন লাগিছে। সমষ্টি পুনৰ নিৰ্ধাৰণে বিদেশীক পুনৰ বিতৰণহে কৰিব। বিতাৰণ নহয়। সময়ে ক'ব খিলঞ্জীয়াৰ দখল সঁচা হ'ল নে আৱৰণহে হ'ল।।

বসন্ত ডেকা

Image Description