সম্পাদকীয়
প্ৰধান মন্ত্ৰীৰ বক্তব্যত - লাচিত বৰফুকনৰ বিকৃতকৰণ

নতুন দিল্লীত অসম চৰকাৰৰ আয়োজনত লাচিত দিৱস পালন কৰা হৈছে৷ যোৱাকালি প্ৰধান মন্ত্ৰীয়ে লাচিত বৰফুকনক ভাৰতবৰ্ষৰ অমৰ সন্তান বুলি অভিহিত কৰিছে৷

বুৰঞ্জীৰ তথ্য শুদ্ধ ৰূপত দাঙি ধৰাটো সকলো জনা-শুনা মানুহৰে কৰ্তব্য আৰু দায়িত্ব৷ আহোম ৰজা চক্ৰধবজ সিংহই কাৰ হাতত আহোম সেনাবাহিনীৰ দায়িত্ব অৰ্পণ কৰিব সেই বিষয়ে এক প্ৰকাৰৰ সাক্ষাৎকাৰ লৈছিল৷ লাচিত বৰফুকনে ৰজাৰ কথাৰ উত্তৰত কৈছিল: ‘বঙাল, কিনো? মানুহহে৷’

লাচিত বৰফুকনৰ এই বাক্যষাৰে ৰজাক আকৃষ্ট কৰিছিল৷ ৰজাই লাচিত বৰফুকনৰ হাততে অসমৰ পৰা মোগলবাহিনীক খেদি পঠিয়াবলৈ আহোম সেনা বাহিনীৰ দায়িত্ব অৰ্পণ কৰিছিল৷

উল্লেখযোগ্য যে সেই সময়ত অসমৰ বাবে বিদেশী সকলোকে ‘বঙাল’ বুলি কোৱা হৈছিল৷ ইয়াৰ লগত কোনো ভাষা-ধৰ্ম-জাত-পাতৰ বিচাৰ নাছিল৷ অসমৰ অনিষ্ট সাধন কৰিব পৰা সকলো শক্তিকে ‘বঙাল’ শব্দটোৰে বুজোৱা হৈছিল৷

আহোম সেনাবাহিনীয়ে মূলতঃ ‘বঙাল’বাহিনীৰ বিৰুদ্ধেহে যুঁজিছিল ৷ সেয়া বুৰঞ্জী হ’ল৷ আৰএছএছ আৰু বিজেপিয়ে গোটেই দেশৰে বুৰঞ্জীক নতুনকৈ লিখিবলৈ উঠি পৰি লাগিছে৷ মূলতঃ দেখুৱাব খুজিছে যে ভাৰত এখন ‘হিন্দু’ ৰাষ্ট্ৰ৷ তাৰেই অংশ হিচাবে যোৱাকালি প্ৰধান মন্ত্ৰীয়ে লাচিত বৰফুকনক ভাৰতবৰ্ষৰ সন্তান বুলি বৰ্ণনা কৰিছে৷

বুৰঞ্জীয়ে কয় যে ১৮২৬ চনলৈ অসম এখন স্বাধীন সম্ৰাজ্য আছিল৷ কাৰো তলতীয়া নাছিল৷ মান ৰজাই ব্ৰিটিছৰ লগত ইয়াণ্ডাবু সন্ধি চহী কৰিছিল৷ ইয়াৰ জৰিয়তে অসমৰ শাসনভাৰ মান ৰজাই ব্ৰিটিছৰ হাতত তুলি দিছিল৷ তেতিয়াৰ পৰাই অসম পৰাধীন হৈ পৰে৷ কিন্তু মান ৰজা আৰু ব্ৰিটিছৰ মাজত হোৱা চুক্তিত আহোম পক্ষক অংশীদাৰ কৰা নাছিল৷ সেয়েহে সেই চুক্তিক সন্মান কৰাৰ কোনো আৱশ্যকতা নাছিল৷

লাচিত বৰফুকন স্বাধীন অসমৰ সন্তান হৈ ওপজিছিল। প্ৰধান মন্ত্ৰীৰ ভুল এইখিনিতেই।

লাচিত বৰফুকন অসমৰ এজন জাতীয় বীৰ৷ যুগে যুগে জাতীয় বীৰ হৈ ৰ’ব৷ কোনোবাই কলমৰ খোচত লাচিত বৰফুকনক জাতীয় বীৰৰ শাৰীৰ পৰা ‘হিন্দু’ বীৰৰ শাৰীলৈ অৱনমিত কৰিব নোৱাৰে৷ বুৰঞ্জী সদায় বাস্তৱ৷ বুৰঞ্জীৰ পটভূমি কলমৰ খোচত সলনি হৈ নাযায়৷ সময়ৰ পৰিণতিৰ ৰং কলমৰ খোচত সলনি নহয়৷

আহোম বুৰঞ্জী বিকৃতকৰণ অতি কঠিন কাম৷ কিয়নো গোটেই দেশৰ ভিতৰতে বুৰঞ্জী লিখাৰ কাম ৬০০ বছৰীয়া আহোমৰ ৰাজত্বকালতে আৰম্ভ হৈছিল৷ প্ৰচুৰ ঐতিহাসিক সমল বহু কিতাপৰ পাতে পাতে লিখা আছে৷ সেয়া আৰএছএছ আৰু বিজেপিৰ কলমৰ খোচে সলনি কৰিব নোৱাৰে৷

কিন্তু প্ৰচেষ্টা অব্যাহত থাকিব৷ কিয়নো বুৰঞ্জী বিকৃতকৰণক এবিধ ৰাজনৈতিক অস্ত্ৰ হিচাবে ল’ব বিচৰা হৈছে৷ কিন্তু আমাৰ দৃঢ় বিশ্বাস অসমৰ ক্ষেত্ৰত এয়া সফল নহয়৷৷

বসন্ত ডেকা

Image Description