সম্পাদকীয় - ধলপুৰৰ লোকসকল আৰু সাম্প্ৰদায়িক ৰাজনীতি

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা ঐতিহাসিক অসম আন্দোলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল এই আন্দোলনৰ ন্যায্যতা। এই আন্দোলন বিৰোধিতা কৰা সকলেও ইয়াৰ ন্যায্যতা অস্বীকাৰ কৰিব পৰা নাছিল। অসমৰ পৰা অবৈধ বিদেশী নাগৰিকক বহিস্কাৰ কৰা উচিত এই কথাত কোনেও আপত্তি দৰ্শাব পৰা নাছিল। বিভিন্ন পক্ষৰ মাজত মতপাৰ্থক্য আছিল বিদেশী নাগৰিক চিনাক্ত কৰণৰ ভিত্তিবৰ্ষ নিৰ্দ্ধাৰণত।

সদৌ অসম ছাত্র সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে অবৈধ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ'ব লাগে বুলি দাবী কৰিছিল। সৰ্বদলীয় সভাই এই ভিত্তিবৰ্ষ ১৯৭১ চন হ'ব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

আন্দোলনৰ আৰম্ভণিতে কোনো কোনোৱে বহিৰাগত শব্দটি ব্যৱহাৰ কৰাত ভাৰতৰ আন প্ৰান্তৰ পৰা অসমত আহি বসবাস কৰা লোকসকলৰ বিৰুদ্ধে এই আন্দোলন বুলি আন্দোলন বিৰোধীসকলে দেশজুৰি জোৰদাৰ প্ৰচাৰ চলাইছিল। যাতে এই আন্দোলনৰ কোনো ন্যায্যতা নাথাকে। আন্দোলনকাৰী নেতৃত্বই এই কূট–কৌশল বুজি পায় বহিৰাগত নহয় অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধেহে এই আন্দোলন এই কথা অতি ক্ষিপ্ৰতাৰে স্পষ্ট কৰি দিছিল।

ফলত কম দিনৰ ভিতৰতে দেশৰ সীমা পাৰ কৰি এই আন্দোলনে আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল। অবৈধ বিদেশী নাগৰিকৰ বোজাই অসমৰ জনসাধাৰণৰ অস্তিত্ব বিপদাপন্ন কৰিছে এই কথাই দেশৰ আন প্ৰান্তৰ লগতে বিদেশতো চৰ্চা লাভ কৰিছিল। কিন্তু পৰিতাপৰ বিষয় এইটোৱেই আছিল ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে এই কথা উপলব্ধি কৰিও একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত মুকলিকৈ এই আন্দোলন সফল কৰাৰ কোনো উদ্যোগ গ্ৰহণ কৰা নাছিল।

অৱশ্যে সেই সময়ৰ নৱগঠিত ভাৰতীয় জনতা পাৰ্টীৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ধৰ্মৰ ভিত্তিত অবৈধ বিদেশী নাগৰিকক বিভাজন কৰাৰ বিজেপিৰ নীতিক আন্দোলনৰ নেতৃত্বই কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। সেইবাবে বিজেপি দলকো আন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ দৰেই আন্দোলনৰ নেতৃত্বই সমদূৰত্বত ৰাখিছিল।

বিজেপি দলে কেৱল মুছলমান প্ৰবজনকাৰীৰ বিৰুদ্ধেহে এই আন্দোলন হোৱাটো বিচাৰিছিল। আন্দোলনৰ নেতৃবৰ্গই তেনে দাবী জনালে সেই দাবীৰ সমৰ্থনত এক ৰাষ্ট্ৰীয় আন্দোলন গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও দিছিল। সেই সময়ৰ বিজেপিৰ এগৰাকী নেতাই দলৰ হৈ আন্দোলনৰ নেতৃবৰ্গক এই কথা পতিয়ন নিয়াবলৈ যথেষ্ট চেষ্টা কৰিছিল। কিন্তু তেওঁ তেওঁৰ প্ৰচেষ্টাত সফল হ'ব নোৱাৰিলে। আন্দোলনৰ নেতৃত্বই তেওঁক বুজাই দিলে এইয়া অসমৰ হিন্দু–মুছলমানৰ সমস্যা নহয়। এইয়া অসমৰ জাতীয় অস্তিত্বৰ সমস্যা। লাখ লাখ অবৈধ বিদেশীৰ প্ৰবজনে অসমৰ ভাষা–কৃষ্টি–সংস্কৃতি আৰু অৰ্থনীতি সকলোৰে প্ৰতি তীব্র ভাবুকিৰ সৃষ্টি কৰিছে।

জাতি-ধৰ্ম–বৰ্ণ নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া ৰাইজ সেয়েহে নিজৰ ভাষা–কৃষ্টি–সংস্কৃতি জীয়াই ৰখাৰ অস্তিত্বৰ সংগ্ৰামত মাৰবান্ধি থিয় হৈছে। এই সংগ্ৰাম অসমৰ কোনো বিশেষ জাতি বা ধৰ্মীয় লোকৰ অস্তিত্বৰ সংগ্ৰাম নহয়। এইয়া অসমৰ সকলো থলুৱা ভাষা–জাতি–ধৰ্মৰ লোকৰ অস্তিত্ব ৰক্ষাৰ এক উমৈহতীয়া সংগ্ৰাম। অবৈধ বিদেশীৰ এটাই পৰিচয় তেওঁলোক অবৈধ বিদেশী নাগৰিক। তেওঁলোক যি জাতিৰে নহওক, যি ধৰ্মৰে নহওক, অসমৰ মাটিত তেওঁলোকৰ কোনো স্থান নাই। অসম আন্দোলনৰ নেতৃত্ব এই স্থিতিত দৃঢ়তাৰে অলৰ-অচৰ হৈ থাকিল।

ঐতিহাসিক অসম আন্দোলনৰ দাবী সাম্প্ৰদায়িক নাছিল বাবেই ইয়াৰ ন্যায্যতা সকলোৱে মানি ল'বলৈ বাধ্য হৈছিল। সেয়েহে সেই দাবী আজিও প্ৰাসংগিক আৰু ভৱিষ্যতলৈও প্ৰাসংগিক হৈ থাকিব। বিজেপিৰ চলনাত অবৈধ বিদেশীৰ মাজত ধৰ্মীয় বিভাজন কৰি এই দাবী উত্থাপন কৰা হ'লে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বজুৰি ইয়াৰ প্ৰতিক্ৰিয়া নহ'লহেঁতেন জানো। তেতিয়া এই আন্দোলনৰ ন্যায্যতাই নোহোৱা হলহেঁতেন। যাৰ সুযোগ গ্ৰহণ কৰি সাম্প্ৰদায়িক শক্তিসমূহ অসমত ব্যাপক ৰূপত মূৰ দাঙি উঠিলহেঁতেন।

বিজেপিক প্ৰশ্ৰয় নিদিয়া বাবে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ন্যায্যতা অটুট থাকিল। ফলত হিন্দুৱেই হওক বা মুছলমানেই হওক কোনো সাম্প্ৰদায়িক শক্তিয়ে সেই সময়ত কোনো ক্ষেত্ৰতে ব্যাপক ৰূপত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল।

বিজেপি দলে অসম আন্দোলনৰ নেতৃত্বক ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক বিভাজন কৰা কাৰ্য্য মান্তি কৰাব নোৱাৰিলে। ১৯৮০ চনত গঠন হোৱা এই দলে ১৯৮৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত মাত্ৰ ২ খন আসন লাভ কৰিছিল। সময় সলনি হ'ল।বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি দলৰ চৰকাৰ। বিজেপি চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ সুযোগলৈ ২০১৯ চনত সংসদত 'কা' আইন গৃহীত কৰি ২০১৪ চনলৈ অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিলে। অসমত ব্যাপক প্ৰতিবাদ হ'ল। অসম আন্দোলনৰ মূল নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিলে। পাঁচজন লোক শ্বহীদ হ'ল। আছুৱে স্পষ্ট কৰি দিলে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা যি ধৰ্মৰে নহওক এজনো বিদেশীৰ বোজা অসমে ল'ব নোৱাৰে।

'কা' আইন গৃহীত কৰাৰ পাছত অসমত এতিয়া হিন্দু বাংলাদেশী বিজেপিৰ প্ৰধান সমৰ্থক। মুছলমানৰ বিৰুদ্ধে এওঁলোক এতিয়া আটাইতকৈ বেছি সোচ্চাৰ। তেওঁলোকে তেওঁলোকৰ বাংলাদেশৰ হিন্দু–মুছলমানৰ কাজিয়াখন সুযোগ বুজি অসমতে আৰম্ভ কৰি দিলে। বাংলাদেশত মুছলমানৰ সতে হোৱা সংঘাতৰ পোতক তেওঁলোকে এইবাৰ অসমত ল'ব বিচাৰিছে। অসমৰ সমাজজীৱন ভাঙি থানবান হ'লেও সেইবোৰলৈ তেওঁলোকৰ ভ্ৰূক্ষেপ নাই।

দুখৰ বিষয় এইটোৱেই যে ধৰ্মান্ধতা এতিয়া আমাৰ সমাজ জীৱনটো গা-কৰি উঠিছে। ভৱিষ্যত প্ৰজন্মৰ হাতত আমি কেনেকুৱা এখন অসম গতাই থৈ যাব ওলাইছোঁ সেই বিষয়ে ভবা–চিন্তা কৰা লোক লাহে লাহে কমি আহিছে । কোনোবাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে সমাজখনক হিন্দু–মুছলমানৰ নামত ভাগ কৰিব বিচাৰিছে। কিছুমানে তাতে নভবা নিচিন্তাকৈ হাত উজান দিছে। ইয়াৰ ফলাফল কিমান ভয়াবহ হব পাৰে সকলোৱে গভীৰভাৱে চিন্তা কৰাটো নিতান্ত প্ৰয়োজন হৈ পৰিছে।

এইকেইটা দিন অসমত যিটো বিষয় আটাইতকৈ অধিক চৰ্চাত আছে সেইটো হৈছে ছিপাঝাৰৰ ধলপুৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযান। বিজেপি দলে জনমানসত এনেকুৱা এখন ছবি দাঙি ধৰিছে যে চৰকাৰী মাটি দখল কৰা মুছলমান বাংলাদেশীক তেওঁলোকে উচ্ছেদ কৰি তাৰপৰা খেদি পঠিয়াইছে। মুছলমান বাংলাদেশীৰ বিৰুদ্ধে এনেকুৱা উচ্ছেদ আগলৈও চলি থাকিব।

এওঁলোকক ক'লৈ খেদি পঠিয়াইছে? তেওঁলোককটো ওচৰতে সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোক বাংলাদেশী নে ভাৰতীয় নাগৰিক? যদি বাংলাদেশী তেওঁলোকক ট্ৰেনজিত কেম্পলৈহে( পূৰ্বৰ কনচেণ্ট্ৰেচন কেম্প)পঠিয়াব লাগিছিল। তাকে নকৰি ইমান হৈ চৈ কৰাৰ কাৰণ কি? বিজেপি চৰকাৰৰ মূল উদ্দেশ্য চৰকাৰী মাটিৰ বেদখল উচ্ছেদ নে ইয়াৰ অজুহাতত হিন্দু–মুছলমানৰ ৰাজনীতি তৰান্বিত কৰা। মুখ্য মন্ত্ৰীয়ে উচ্ছেদৰ পূৰ্বে তেওঁলোকৰ নেতাসকলৰ সতে আলোচনা কৰি চৰকাৰী নিয়মমতে প্ৰত্যেককে ছয় বিঘাকৈ মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তাৰমানে চৰকাৰী তথ্য মতে এই লোকসকল ভাৰতীয় নাগৰিক। সেই বাবে চৰকাৰে তেওঁলোকক মাটি আবন্টন দিবলৈ বিচাৰিছে। ইমানদিনে তেওঁলোকে কোনো কাগজপত্ৰ নোহোৱাকৈ চৰকাৰী মাটি দখল কৰি বহি আছিল। এতিয়া তেওঁলোকে মাটিও পাব, কাগজপত্ৰও পাব। তেওঁলোকৰ ভাল হ'ল নে বেয়া হ'ল?

ধলপুৰৰ ২৩ ছেপ্টেম্বৰৰ অনাকাংক্ষিত ঘটনা সমগ্র বিশ্বৰ দৃষ্টিগোচৰ হোৱাত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপায় নাপায় ২৪ ছেপ্টেম্বৰত সংবাদ মাধ্যমত চৰকাৰৰ ছয় বিঘাকৈ মাটি দিয়াৰ সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে। কিছুসংখ্যক লোকে অৱশ্যে এই কথা বেয়া পাব বুলিও তেওঁ কয়। কিছুলোকে বেয়া পোৱাৰ কথা তেওঁ কিয় উল্লেখ কৰিব লগা হ'ল? কাৰণ এই সমগ্ৰ বিষয়টো তেওঁ ৰাজনীতি কৰাৰ উদ্দেশ্যে মন্দিৰৰ মাটি দখলৰ যি কাহিনী ৰচনা কৰা হৈছে তেওঁ জানে সেইবোৰ কিমান সঁচা কিমান মিছা।

ৰাজনীতিৰ বাবে তেওঁ যিয়েই নকওক মুখ্য মন্ত্ৰী হিচাপে তেওঁ দেশৰ সংবিধান আৰু আইনমতেহে সকলো কাম কৰিবলৈ বাধ্য। তাৰোপৰি তেওঁৰ দৰে চতুৰ ৰাজনীতিবিদ এজনে ভিতৰি সকলোকে সন্তুষ্ট ৰখাৰ নীতি গ্ৰহণ কৰাটোৱেই স্বাভাৱিক। কাৰণ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত কাক কেতিয়া কেনেকৈ প্ৰয়োজন হয় কোনে জানে। গতিকে ধৰ্মান্ধভাৱে বিজেপি কৰাসকলে তেওঁৰ এনে দুমুখীয়া চৰিত্ৰ ভাল নাপাব বুলি তেওঁ জানিয়ে সংবাদ মাধ্যমত লগতে ভাল নোপোৱাৰ বিষয়টো উনুকিয়াই থ'লে।

২৩ ছেপ্টেম্বৰত ধলপুৰত দুজন লোকৰ মৃত্যু হ'ল।পিছলৈ মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে।কেইবাগৰাকী আৰক্ষীকে ধৰি বহুজন আহত হ'ল।ইমানৰ পিছতো বিজেপি দলৰ ধলপুৰক লৈ কৰা সাম্প্ৰদায়িক প্ৰচাৰ বন্ধ নহ'ল। মুছলমানৰ বিৰুদ্ধে হিন্দুক উচতুৱাৰ ৰাজনীতি চলি থাকিল। বিজেপিৰ নেতাসকলে যিটো পৰ্য্যায়ত মুছলমান সম্পৰ্কত আজিকালি বক্তব্য প্ৰদান কৰে কোনো বিবেকবান লোকে তাক সমৰ্থন কৰিব নোৱাৰে।

প্ৰতিটো মুহূৰ্তত সমাজত কেনেকুৱা এক বিষবাষ্প বিয়পাই দিয়া হৈ আছে তাক সকলোৱে দেখি আছে। বহুতে ইয়াৰ প্ৰতিবাদ কৰিবও ভয় কৰা হ'ল। প্ৰতিবাদ কৰিলেই মিঞাৰ দালাল সজোৱা হয়। তথাপিও সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাই প্ৰতিবাদ কৰি আছে। সাম্প্ৰদায়িকতাৰ ভেটি কঁপাই আছে।

সাম্প্ৰদায়িক ৰাজনীতিৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ জৰিয়তে অতি পৰিকল্পিতভাৱে বহুতো প্ৰকৃত তথ্য গাপ দি ৰখা হৈছে। চৰ-চাপৰিত বাসকৰা মুছলমান ৰাইজৰ অসম মাতৃৰ হকে কোনো অৰিহণাই নাই বুলি অনবৰতে ব্যাপক প্ৰচাৰ চলি থাকে। কিন্তু সত্যটো সদায় সত্যই হয়।তেনে এটি বাস্তৱ সত্য হ'ল চৰ–চাপৰিৰ মুছলমান লোকসকলে নিজৰ মাতৃভাষা লোকপিয়লত অসমীয়া বুলি কোৱা বাবেহে অসমত অসমীয়া ভাষাই ৰাজ্যভাষাৰ মৰ্য্যদা পাইছিল আৰু পাই আছে।

গতিকে চৰ-চাপৰিৰ মুছলমান মানেই বাংলাদেশী এই কথা সঠিক নহয়। এনে কথা জাতিটোৰ বাবেই ক্ষতিকাৰক। ধলপুৰৰ লোকসকল যদিহে ভাৰতীয় নাগৰিক হয় তেন্তে তেওঁলোকক সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক। সাম্প্ৰদায়িক ৰাজনীতিৰে আমাৰ আইৰ মুখৰ মাতষাৰ কাঢ়ি নিয়াৰ বাট মুকলি কৰা বন্ধ কৰক।

Image Description