সম্পাদকীয়
ষড়যন্ত্ৰকাৰী চৰকাৰ

কেইদিনমানৰ আগতে অসম চৰকাৰে এই ঘোষণা কৰিছিল যে ৰাজ্যখনৰ পঢ়াশালিসমূহৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে দহ হেজাৰ কৌটি টকা খৰচ কৰিব৷

এই ঘোষণাই সৃষ্টি কৰা আশাত ঠাণ্ডা পানী পৰিল । এতিয়া শিক্ষা মন্ত্ৰীয়ে বিধায়কসকললৈ দিয়া এখন চিঠিৰ সৰ্বনাশী কথাখিনিৰ পৰা৷ প্ৰতি সমষ্টিতে বিধায়কসকলক দাতা [মানে ব্যৱসায়ী অথবা ঘোচখোৰ বিষয়া] বিচাৰিবলৈ কোৱা হৈছে, যিসকলে পঢ়াশালিবোৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধনৰ মোনা আগবঢ়াব৷

প্ৰকাৰান্তৰে বিদ্যালয়সমূহ ব্যৱসায়ীসকলৰ হাতত তুলি দিব খোজা হৈছে৷ আৰু এনে ব্যৱসায়ী যদি ওলাই নাহে, তেনেহ’লে এসময়ত জনসাধাৰণে গঢ়ি তোলা আৰু পিছত চৰকাৰীকৰণ কৰা ‘অসমীয়া’ মাধ্যমৰ বিদ্যালয়সমূহক নিঃচিহ্ন হ’বলৈ এৰি দিয়া হ’ব৷

এইখনেই অসম চৰকাৰৰ– ২০২১ চনত ৰাইজে পাতি দিয়া চৰকাৰ৷ ভাজপা আৰু এই দলৰ চৰকাৰৰ মুখা খৰতকীয়াকৈ খোল খাব ধৰিছে৷

প্ৰথমতে এপিএছছিৰ পৰীক্ষাৰ পৰা অসমীয়া বিষয়ৰ প্ৰশ্নকাকত উঠাই দি ৰাজ্য চৰকাৰৰ চাকৰি হিন্দীবলয়ৰ প্ৰাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ল৷ এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অসমৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাত হিন্দী মাধ্যম ব্যৱহাৰ হ’ব– যাতে এই চাকৰীসমূহত হিন্দীবলয়ৰ প্ৰাৰ্থীৰ অন্তৰ্ভুক্তি সুনিশ্চিত কৰি নাগপুৰৰ প্ৰভুসকলক সন্তুষ্ট কৰি ৰাখিব পাৰি৷

কিমানে তললৈ যাব পাৰে ৰাজ্য চৰকাৰ?

অংক আৰু বিজ্ঞান শিক্ষাৰ পৰা অসমীয়া ভাষাক নিৰ্বাসন দিব বিচৰা ব্যৱস্থাবলীও এইবোৰ আখৰাৰ অংশ হিচাবে পৰিগণিত হৈছে৷

এইবোৰ দেখি-শুনি আমি শিকিমনে? আমাক এক ভয়ংকৰ ভৱিষ্যতৰ ফালে লৈ যাব বিচাৰিছে চৰকাৰখনে৷ ৰাজহুৱা পুঁজি খৰচ কেনেকৈ কৰা হৈছে তাৰ এক নিৰপেক্ষ অধ্যয়নৰ প্ৰয়োজন হৈছে৷ কোনবোৰ কামত চৰকাৰে হাত উজাৰি খৰচ কৰিছে আৰু তাৰ সিংহভাগ কাৰ হাতলৈ গৈছে, অলপ খোজ-খবৰ কৰিলেই গম পোৱা যাব৷

কোনবোৰ কামৰ বাবে চৰকাৰৰ হাতত পুঁজি নাই আৰু কিয় নাই– সেইবোৰ কথা বুজিবলৈও অৰ্থনীতিবিদ হোৱাৰ প্ৰয়োজন নাই৷

সামগ্ৰিকভাৱে চাবলৈ হ’লে বৰ্তমান চৰকাৰখনৰ কোনো আঁচনি নাই– যেতিয়া যি মন যায় তাকেই কৰিছে৷ অন্তৰালত আছে ‘ওৱান পইণ্ট এজেণ্ডা’– অসমীয়া ভাষা-সংস্কৃতিক একাষৰীয়া কৰি অসমৰ খিলঞ্জীয়া গোষ্ঠীসমূহৰ জাতীয়তাবাদী চেতনা যি কোনো প্ৰকাৰে নোহোৱা কৰিব লাগে৷

আৰু নিজৰ তথা দলৰ কোষাগাৰ শক্তিশালী কৰিব লাগে যাতে সাংসদ-বিধায়কৰ কিনা-বেচা কৰি হ’লেও শাসনত বৰ্তি থাকিব পাৰে৷

কিন্তু এটা কথা শাসকীয় গোষ্ঠীয়ে পাহৰি গৈছে যে জনসাধাৰণক সদায় ঠগন দিয়াটো সম্ভৱ নহয়৷ ভাৰতবৰ্ষতে তাৰ বহুত উদাহৰণ আছে৷ যিদৰে সম্ভৱ নহয় ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ জাতীয়তাবাদী ধ্যান-ধাৰণাক সদায় অৱদমিত কৰি ৰখাটো৷

ইতিমধ্যে ইয়াৰ কিছু প্ৰতিফলন ঘটিব ধৰিছে৷ আমাৰ ধাৰণা যে সোনকালেই নিজকে প্ৰৱল প্ৰতাপী বুলি ভবা শাসকগোষ্ঠীৰ মাজতো ভাঙোন আৰম্ভ হ’ব আৰু অনুসন্ধানকাৰী ৰাজহুৱা অনুষ্ঠানবোৰক ৰাজনৈতিক বিৰোধীসকলক শংকিত, দমিত কৰিবলৈ বদ্ধিৰ্তভাৱে চলাই অহা ষড়যন্ত্ৰবোৰে বিপৰীত ফল দিব৷

২০২৪ ওচৰ চাপি অহাৰ লগে লগে কিছুমান বিশেষ কাৰ্য্যকলাপ বৃদ্ধি হোৱাটো জনসাধাৰণেও লক্ষ্য কৰিছে৷ এই সময়ত জাতীয় ভাৱাপন্ন আটাইৰে কৰ্তব্য হ’ব জনসাধাৰণৰ ওচৰলৈ গৈ প্ৰকৃত কথাবোৰ দাঙি ধৰা৷

চৰকাৰে কি কৰিব খুজিছে সেয়া কাৰো বুজিবলৈ বাকী নাই৷ কোৰোণাৰে টকা চপোৱাটো আটাইবোৰ কাম-কাজৰ পৰা স্পষ্ট হৈছে৷ কিন্তু তাতোকৈ ডাঙৰ কথাটো হ’ল অসমৰ জনগোষ্ঠীয় জাতীয়তাবাদ, যাৰ প্ৰধান সপোনটো হ’ল ভাষা, তাক নিঃচিহ্ন কৰিবলৈ এক সৰ্বব্যাপী ষড়যন্ত্ৰ অনুসৰি প্ৰতিটো কাম, প্ৰতিটো সিদ্ধান্ত হৈছে৷ ইয়াক আমি বাধা দিবই লাগিব৷।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description