সম্পাদকীয় - ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কাৰ্য্যকৰীকৰণত লৰাধেমালি

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কাৰ্য্যকৰী কৰিবলৈ ভাৰতীয় জনতা দলৰ চৰকাৰে উঠি-পৰি লাগিছে । প্ৰতিবাৰ নতুন শিক্ষা নীতি এটা যুগুত কৰোঁতে তাত বহুত ভাল ভাল কথা সন্নিবিষ্ট কৰা হয় আৰু জনসাধাৰণক বহুত ৰঙীণ সপোন দেখুওৱা হয় । এনেকুৱা এক পৰিবেশ গঢ়ি তোলা হয় যেন নতুন শিক্ষা নীতি কাৰ্য্যকৰী হ'লে সকলো সমস্যাৰ শেষ হৈ যাব, ভাৰতবৰ্ষ এখন সৰ্বশ্ৰেষ্ঠ দেশত পৰিণত হ'ব, সকলোৰে বাবে শিক্ষাৰ সকলো পথ মুকলি হ'ব, নিবনুৱা এজনো নাথাকিব, ইত্যাদি ।

কিন্তু কাৰ্য্যকৰীকৰণৰ পৰ্য্যায়বোৰ আৰম্ভ হোৱাৰ পিছতহে গম পোৱা যায় যে মূল কথাবোৰ একেই আছে, কৰবাত অলপ-অচৰপ ৰং সনা হৈছে, যিবোৰ কথা ঠিক হোৱাটো কাম্য আছিল, সেইবোৰ একেদৰেই চলি থাকে । মূলতঃ যিবোৰ পৰিবৰ্তন কৰিলে চৰকাৰৰ ৰাজনৈতিক-অৰ্থনৈতিক লাভ হয়, সেইবোৰ ঠিকেই কৰে । কিন্তু যিবোৰ ব্যৱস্থাৰ ৰূপায়ণে কিছুমান সুদূৰপ্ৰসাৰী গুণগত পৰিবৰ্তন আনিব পাৰে, সেইবোৰ কথাৰ পৰা চৰকাৰ আঁতৰি থাকে।

এইবাৰো একে কথা, নতুন শিক্ষা নীতি সফলভাৱে কাৰ্য্যকৰীকৰণ কৰিবলৈ বিদ্যালয়, মহাবিদ্যালয়ৰ আন্তঃগাঠনি মজবুত কৰা, প্ৰয়োজনীয় সংখ্যক শিক্ষকৰ ব্যৱস্থা কৰা, উপযুক্ত প্ৰশিক্ষণৰ সা-সুবিধা সৃষ্টি কৰা, আদি কথাবোৰে গুৰুত্ব পোৱা নাই। কিন্তু যেনে-তেনে নতুন আঁচনি এখন ৰূপায়ণ কৰা দেখুৱাই বাহবাহ ল'ব লাগে, সেইটোৱেই মূল লক্ষ্য হৈ পৰে ।

স্কুল পৰ্য্যায়ত নতুন শিক্ষা নীতি কাৰ্য্যকৰী কৰিবলৈ লৈ অসম চৰকাৰেও একেদৰে আগ বঢ়া যেন ভাব হৈছে । চৰকাৰে ভাবিছে নতুন শিক্ষা নীতিৰ অধীনত কিছুমান স্কুল চামিল কৰি স্কুলৰ সংখ্যা কমাব পৰা যাব, কিছুমান স্কুলঘৰ অন্য কামত ব্যৱহাৰ কৰিব পৰা যাব, আৰু কেইবাখনো স্কুল একেলগ কৰা হ'ব যেতিয়া নতুন শিক্ষক নিযুক্তিৰো প্ৰয়োজন নোহোৱা হ'ব। চৰকাৰে এই সংকীৰ্ণ লক্ষ্যৰেহে যেন স্কুল পৰ্য্যায়ত অহা বছৰৰ পৰা নতুন শিক্ষা নীতি ৰূপায়ণ কৰিবলৈ ওলাইছে, তেনেকুৱা এটা মনোভাৱেই প্ৰকট হৈছে ।

১০+২ৰ বৰ্তমানৰ স্কুলীয়া শিক্ষাৰ লগত প্ৰাক-প্ৰাথমিকৰ তিনি বছৰ যোগ দি মুঠ ১৫ বছৰৰ স্কুলীয়া শিক্ষাৰ ব্যৱস্থা কৰিব খোজা হৈছে। তাকে জানিবা ভাগ কৰা হৈছে ৫ (প্ৰাক-প্ৰাথমিক, 'ক', 'খ', প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণী) + ৩ (প্ৰাথমিক, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ) + ৩ (মাধ্যমিক, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ) + ৪ (উচ্চ মাধ্যমিক, নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ) হিচাবে ।

ইমান দিনে প্ৰাক-প্ৰাথমিক শিক্ষা ব্যক্তিগত খণ্ডৰ প্ৰায় একচেতীয়া ব্যৱসায় আছিল । চৰকাৰী স্কুলত প্ৰাক-প্ৰাথমিক শ্ৰেণী খুলিব লাগে বুলি এটা দাবী আছিল বহুদিন ধৰি, কিন্তু চৰকাৰে তালৈ কাণষাৰ কৰা নাছিল । নতুন শিক্ষা নীতিত পাঁচবছৰীয়া প্ৰাক-প্ৰাথমিক শিক্ষাৰ কথা কোৱা হৈছে - কেনেকৈ এই ব্যৱস্থা কাৰ্য্যকৰী কৰা হ'ব, চৰকাৰে সেই বিষয়ে এতিয়ালৈকে একো কোৱা নাই, আঁচনিও জনোৱা নাই ।

কেৱল কৈছে যে অহা বছৰৰ পৰা বহুত স্কুল একেলগ কৰি ছাত্র আৰু শিক্ষকৰ সংখ্যাৰ দিশেৰে স্কুলসমূহ মজবুত কৰা হ'ব, খালি হৈ যোৱা ঘৰবোৰ অন্য কামত ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ ফলত চৰকাৰৰ আয় বৃদ্ধি হ'ব | এইটো এটা সাঁথৰ ।

প্ৰাক-প্ৰাথমিক শ্ৰেণী (তিনি বছৰ সম্পূৰ্ণ কৰা সকলো শিশুক স্কুললৈ অনাৰ কথা) যদি চৰকাৰী স্কুলত কাৰ্য্যকৰী কৰা হয়, তেতিয়া আমাৰ বোধেৰে এতিয়াতকৈও বহুত বেছি স্কুলঘৰৰ প্ৰযোজন হ'ব । বৰ্তমানৰ অংগনবাদী কৰ্মীসকল আৰু অংগনবাদী কেন্দ্ৰসমূহক প্ৰাক-প্ৰাথমিক শিক্ষাৰ লগত জড়িত কৰাৰ কথা ৰাষ্ট্ৰীয় শিক্ষা নীতিত কোৱা হৈছে যদিও তিনি বছৰৰ ওপৰৰ সকলো শিশুক স্কুললৈ অনাৰ চুপাৰিশ কাৰ্য্যকৰী কৰাৰ বাবে সেয়া মুঠেই যথেষ্ট আৰু সন্তোষজনক নহয় ।

এটা কথা স্পষ্ট যে প্ৰাক-প্ৰাথমিক শ্ৰেণী আৰু তিনিবছৰীয়া শিশুসকলৰ বাবে কোনো আঁচনি নকৰাকৈ চৰকাৰে শিক্ষা নীতি কাৰ্য্যকৰী কৰিবলৈ ওলাইছে । একপ্ৰকাৰ লৰাধেমালি। অৱশ্যে চৰকাৰৰ আন এটা মতলবো থাকিব পাৰে | প্ৰাক-প্ৰাথমিকৰ পাঁচোটা বছৰৰ সম্পূৰ্ণ দায়িত্ব কিজানি বিজেপি চৰকাৰে ব্যক্তিগত খণ্ডৰ ব্যৱসায়ী গোষ্ঠীসমূহৰ হাততে তুলি দিব খুজিছে । এনেকুৱা এটা কথা হ'লে বৰ্তমানৰ অংগনবাদী কৰ্মীৰো কাম নোহোৱা হ'ব ।

সুনিৰ্দিষ্ট আঁচনি নোহোৱাকৈ চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্য্যকৰী কৰিবলৈ ওলাইছে । চৰকাৰে যদি ব্যাৱসায়িক মনোবৃত্তিৰেহে শিক্ষা নীতি কাৰ্য্যকৰী কৰিব বিচাৰিছে, তেনেহ'লে আগৰ সকলোবোৰ শিক্ষানীতি ব্যৰ্থ হোৱাৰ দৰে এইবাৰো একেই হ'ব ।

আচৰিত কথা যে এই কথাবিলাকৰ পুংখানুপুংখভাৱে এতিয়াও আলোচনা হোৱা নাই | এটা কথা মনত ৰাখিব লাগিব যে প্ৰায় ১৫ লাখ স্কুল (প্ৰাথমিকৰ পৰা হাইস্কুললৈকে), ৮৭ লাখ শিক্ষক আৰু ২৬ কোটি ছাত্র-ছাত্রীৰে ভাৰতৰ স্কুলীয়া শিক্ষাৰ ব্যৱস্থাটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ | ইমান বৃহৎসংখ্যক লৰা-ছোৱালীৰ ভৱিষ্যতক লৈ ধেমালি কৰাটো মুঠেই সমীচিন নহয় ।

কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description