সম্পাদকীয় - শ্বহীদ দিৱসৰ সংকল্প

"ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশী নাগৰিকৰ নাম কৰ্তন নকৰালৈকে অসমত কোনো নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব" – অসম আন্দোলনৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ এইয়া আছিল আন্দোলনৰ আৰম্ভণিৰ এক দৃঢ় সিদ্ধান্ত । ভাৰত চৰকাৰ আৰু নিৰ্বাচন আয়োগে এই সিদ্ধান্ত আওকান কৰি ১৯৭৯ চনৰ ডিচেম্বৰ মাহত অসমত নিৰ্বাচন ঘোষণা কৰিলে। আন্দোলনৰ নেতৃত্বই ইয়াৰ তীব্র বিৰোধিতা কৰি কাকো মনোনয়ন পত্ৰ জমা দিবলৈ দিয়া নহ'ব বুলি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে।

কোনেও মনোনয়ন দিবলৈ সাহস কৰা নাই। এনেতে প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আহমেদৰ পত্নী বেগম আবিদা আহমেদৰ ধুমকেতুৰ দৰে অসমৰ ৰাজনীতিত আবিৰ্ভাৱ ঘটিল। বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ (ই) দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিবলৈ তেওঁ দিল্লীৰ পৰা অসমলৈ উৰা মাৰি আহিল। গুৱাহাটীৰ লাখটকীয়াত থকা ঘৰৰ পৰা তেওঁ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত মনোনয়ন প্ৰদান কৰিবলৈ বৰপেটাত উপস্থিত হ'ল। তেওঁৰ লগত আছে নিৰাপত্তা বাহিনীৰ এক বিশাল কনভয়। কনভয়ৰ নেতৃত্বত আছিল কুখ্যাত আৰক্ষী বিষয়া কে পি এছ গীল। হাজাৰ হাজাৰ লোকে আবিদা আহমেদৰ কনভয় আগুৱাই যোৱাত বাধা প্ৰদান কৰিলে। গীলৰ নেতৃত্বত সশস্ত্ৰ নিৰাপত্তা বাহিনী নিৰস্ত্ৰ জনসাধাৰণৰ ওপৰত জপিয়াই পৰিল। নিৰ্মম ভাবে বি.এইচ.বি. মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰক হত্যা কৰিলে। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত নিৰাপত্তা বাহিনীয়ে হত্যা কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী খৰ্গেশ্বৰ তালুকদাৰেই হ'ল অসম আন্দোলনৰ প্ৰথম জন শ্বহীদ।

৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী ছবছৰীয়া অসম আন্দোলনৰ ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে পৰিসমাপ্তি ঘটিল। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সেই মহাসংগ্ৰাম খনৰ ৮৫৫ গৰাকী শ্বহীদক অসমে কেতিয়াও পাহৰিব নোৱাৰে। তেওঁলোকৰ ত্যাগ আৰু বলিদানক আজিও সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে আৰু ভৱিষ্যতেও সুঁৱৰিব । শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নিহত হোৱা ১০ ডিচেম্বৰৰ দিনটো প্ৰতিবছৰে সেয়েহে শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। জাতিটোৰ বাবে ১০ ডিচেম্বৰৰ দিনটো এক অতি পবিত্ৰ দিন। অসম মাতৃৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতি গৰাকী বীৰ শ্বহীদক অতি শ্ৰদ্ধাৰে আৰু পবিত্ৰতাৰে জাতিয়ে সোঁৱৰণ কৰে। প্ৰতিবছৰে এইদিনটোতে নিৰৱচ্ছিন্ন জাতীয় সংগ্ৰাম খন নতুন তেজেৰে, নতুন শক্তিৰে আগুৱাই নিয়াৰ দৃঢ় সংকল্প সকলোৱে গ্ৰহণ কৰে। এই দৃঢ় সংকল্পৰ বাবেই অসম আৰু অসমীয়াই জাতীয় প্ৰশ্নত কেতিয়াও আপোচ নকৰে।

সৌসিদিনা জাতিধ্বংসী 'কা' আইন গৃহীত কৰাৰ লগে লগে জাতীয় প্ৰশ্নত অসমেযে কেতিয়াও আপোচ নকৰে সেইকথা পুনৰবাৰ প্ৰমাণ কৰি দিলে। ২০১৯ চনৰ ১১ ডিছেম্বৰত জাতিধ্বংসী 'কা' আইন সংখ্যাগৰিষ্ঠতাৰ বলত বিজেপি দলে জাপি দিয়াৰ লগে লগে আকৌ এবাৰ সমগ্ৰ অসম উত্তাল হৈ পৰিল। সকলো ৰাজপথলৈ ওলাই আহিল। ৰাইজৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ বন্ধ কৰিবলৈ নিশা প্ৰশাসনে সান্ধ্য আইন ঘোষণা কৰিলে।

১২ ডিছেম্বৰত গুৱাহাটীত হাজাৰ হাজাৰ লোকে সান্ধ্য আইন ভঙ্গ কৰি আছুৰ উদ্যোগত লতাশিল খেলপথাৰত সমবেত হ'ল। আবেলিলৈ বিভিন্ন ঠাইত নিৰস্ত্ৰজনৰ ওপৰত পুলিচৰ গুলি চলিল। পাঁচজন শ্বহীদ হ'ল। তথাপিও সজোৰে প্ৰতিবাদ চলি থাকিল।

অসমে গোটেই ভাৰতবর্ষক যেন বাট দেখুৱালে। অতি কম সময়তে দেশজুৰি 'কা' আইনৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ আৰম্ভ হ'ল।

'কা' আইন দেশৰ সংবিধানৰ পৰিপন্থী এখন সাম্প্ৰদায়িক আইন। সুস্থ সমাজৰ বাবে অতি ক্ষতিকাৰক। তাৰোপৰি অসমে ইতিমধ্যে ১৯৭১লৈ বাংলাদেশীৰ বোজা লৈ থৈছে। হিন্দু-মুছলমান যিয়েই নহওক অসমত বাংলাদেশীয়ে নতুনকৈ নাগৰিকত্ব পালে ই প্ৰত্যক্ষভাৱেই আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। ইতিমধ্যে প্ৰব্ৰজনৰ সমস্যাই আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপদাপন্ন কৰি ৰাখিছে।

এই সমস্যাৰ বাবে কংগ্ৰেছ দল মূলতে জগৰীয়া। বিজেপিয়েও ভোটবেংকৰ স্বাৰ্থত একেই পথ ল'লে। মুছলমানৰ ভয় দেখুৱাই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ আইন কৰিলে। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা অসম গণ পৰিষদ দলে এই আইনৰ সপক্ষে ভোট দিলে। আঞ্চলিকতাবাদী অসমীয়া বিপদত পৰিল।আছু নেতৃত্বই ঘোষণা কৰিলে প্ৰয়োজন হলে নতুন দল হ'ব। এক অতি সাহসী সিদ্ধান্ত। গঠন হ'ল পৰামৰ্শদাতা সমিতি। এই সমিতিৰ পৰামৰ্শ মতে গঠন হ'ল অসম জাতীয় পৰিষদ দল। যাৰ মূল আদৰ্শ – অসম প্ৰথম, সদায় আৰু চিৰদিন। গতিকে 'কা'আইন বাতিলৰ সংগ্ৰামখন আগুৱাই নিয়াটো এই দলৰ নৈতিক দায়িত্ব। এই নীতি চুলিৰ মান ইফাল–সিফাল হ'লেই ৰাইজ বিতুষ্ট হ'ব।

মনকৰিবলগীয়া কথা, কিছুদিনৰ পৰা অসমৰ 'কা'আন্দোলন নিঃশেষ হ'ল বুলি এটি চক্ৰৰ দ্বাৰা ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে। ইয়াৰ দ্বাৰা ক'ভিড মহামাৰী যে কা আন্দোলন সাময়িকভাৱে স্তিমিত হোৱাৰ মূল কাৰণ সেই কথা কিয় লুকুৱাব বিচৰা হৈছে? কাৰ স্বাৰ্থত?

'কা' বাতিলৰ দাবীত দিল্লীৰ সাহীনবাগত ২০১৯ চনৰ ১৫ ডিছেম্বৰৰ পৰা ২০২০ চনৰ ২৪ মার্চলৈ মহিলাসকলে অৱস্থান কৰি প্ৰতিবাদী সংগ্ৰাম চলাই আছিল। অসমতো আছুৰ উদ্যোগত আন্দোলন চলি আছিল। ২০২০ চনৰ ২৪ মার্চৰ পৰা সমগ্র দেশতে লকডাউন আৰম্ভ হ'ল।লকডাউনৰ ফলত সাহীনবাগৰ প্ৰতিবাদী মহিলাসকল ২৪ মাৰ্চত সেই ঠাই ত্যাগ কৰিবলৈ বাধ্য হ'ল। অসমতো আন্দোলন বন্ধ থাকিল।

লকডাউন শেষ হোৱাৰ লগে লগে অসমত বিধান সভা নিৰ্বাচন হ'ল। নিৰ্বাচনৰ সময়তো 'কা'বিৰোধী আন্দোলন চলিল। নিৰ্বাচন শেষ হোৱাৰ লগে লগে আকৌ লকডাউন আৰম্ভ হ'ল। ক'ভিড বিধি কিছু শিথিল কৰাৰ লগেলগে অসম জাতীয় পৰিষদে 'গণ গৰ্জন' কাৰ্যসূচীৰে পুনৰ 'কা' আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। এতিয়া লকডাউন প্ৰায় শেষ গতিকে পুনৰ 'কা'বিৰোধী আন্দোলন আৰম্ভ হোৱাটো নিশ্চিত। তাৰোপৰি কৃষি আইন বাতিলৰ ঘোষণাত ৰাইজ যথেষ্ট উৎসাহিত।

গতিকে 'কা'আন্দোলনৰ গতি তৰান্বিত হোৱাটো খাটাং। 'কা' বাতিল নোহোৱালৈকে জাতি ক্ষান্ত নহয় – এইয়াই এইবাৰৰ শ্বহীদ দিৱসৰ সংকল্প হোৱাটো ধুৰূপ।

Image Description