সম্পাদকীয়
ইডি: অনুসন্ধানকাৰী সংস্থা নে ৰাজনৈতিক প্ৰতিদ্বন্দীক এসেকা দিয়াৰ বাবে হাথিয়াৰ?

১৯৫৬ চনমানৰ পৰাই ইডি অথবা "এনফৰ্চমেণ্ট ডাইৰেক্টৰেট' আছে যদিও সাম্প্ৰতিক সময়ত ইডি প্ৰতি সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ হৈছে।

শাসকীয় দলৰ বিৰুদ্ধবাদীক এসেকা দি ঠান্ডা কৰাৰ অস্ত্ৰ হিচাবে ইডিক যেনেকৈ ব্যৱহাৰ কৰা হৈছে তালৈ চাই সাধাৰণ মানুহে পাহৰি গৈছে যে ৰাইজৰ পৰা সংগৃহীত কৰকাটলৰ এটা অশেংৰে লালিতপালিত ইডি হ'ল এটা চৰকাৰী বা ৰাজহুৱা সংস্থা।

ৰাইজৰ বাবে এতিয়া ইডি হ'ল কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা চৰকাৰখনৰ এক হাথিয়াৰ যাৰ সহায়ত বিৰোধী দলসমূহক পদানত কৰিব বিচৰা হৈছে। চাবলৈ গ'লে ইডি এক পুলিচবাহিনী নহয়, বিত্ত মন্ত্ৰালয়ৰ অধীনত থকা ৰাজহ বিভাগৰ অধীনত ইডি এক অনুসন্ধানকাৰী সংস্থা।

অবৈধভাৱে ধনৰ লেনদেন কৰা আৰু বিদেশী মুদ্ৰা বিনিময় আইন ভংগ কৰা সকলৰ বিৰুদ্ধে অনুসন্ধান কৰি তেওঁলোকক আইনৰ সমুখীন কৰোৱাটোৱে ইডিৰ মূল কাম। কিন্তু কাৰ্য্যক্ষেত্ৰত দেখা গৈছে যে অতি সাম্প্ৰতিক কালত কেন্দ্ৰত থকা ভাজপা চৰকাৰে প্ৰধান বিৰোধী দলসমূহৰ নেতাসকলৰ পিছত হকে-বিহকে ইডি লগাই তেওঁলোকক ভীতিগ্ৰস্ত কৰিবলৈ বাবে অথবা তেওঁলোকৰ কাম-কাজ সীমিত কৰিবলৈ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত ইডিক এনেদৰে ব্যৱহাৰ কৰি ভাৰতবৰ্ষত এটা দলৰ ৰাজত্ব স্থায়ী কৰিব বিচৰা হৈছে আৰু তাৰ দ্বাৰাই গণতন্ত্ৰৰ মূল কাঠামোটোকে বগৰাই পেলাব বিচৰা হৈছে।

আইনগতভাৱে ইডিক কৰ্তৃত্ব দিয়া হৈছে কেইখনমান আইনৰ কাৰ্য্যকাৰিতা নিশ্চিত কৰাৰ বাবে। ইয়াৰ ভিতৰত আছে: (ক) ১৯৭৩ চনৰ বিদেশী মুদ্ৰা নিয়ন্ত্ৰণ আইন( FERA 1973), (খ) ১৯৯৯ চনৰ বৈদেশিক মুদ্ৰা পৰিচালনা আইন( FEMA,1999), (গ) ধনৰ অবৈধ লেনদেন প্ৰতিৰোধৰ বাবে 2002 চনত গৃহীত পলৰীয়া অৰ্থনৈতিক অপৰাধীৰ আইন(FEDA, 2018)কেইখনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ।

কিন্তু কাৰ্য্যক্ষেত্ৰত এই আইনকেইখনৰ আচল অপৰাধী কিমানজনক ইডিয়ে বিচাৰৰ সমুখীন কৰাইছে অথবা শাস্তি দিয়াব পৰিছে, সেই বিষয়ে আমি নাজানো। অথচ ৰাজনৈতিক প্ৰতিদ্বন্দীসকলৰ বিৰুদ্ধে ইডিৰ ব্যৱহাৰ প্ৰতিদিন বাঢ়িব লাগিছে।

শাস্তি বিধানৰ উদাহৰণ নগণ্য; কিন্তু এসেকা দিয়াৰ মানসিকতাৰে ইডিৰ ব্যাপক ব্যৱহাৰ প্ৰতিদিন ঘটিব লাগিছে।

উচ্চতম ন্যায়ালয়ে কৈছিল যে ইডি এটা পুলিচবাহিনী নহয় আৰু সেইবাবে এইটো আশা কৰা হৈছিল যে ইডিয়ে পুলিচৰ দৰে নিজৰ কামবোৰ নকৰিব। কিন্তু সাম্প্ৰতিক কালত ইডি পুলিচতকৈও এখোপ ওপৰত গৈছে।

ৰাজনৈতিক বিৰুদ্ধবাদীসকলক দিনৰ পিছত দিন জেৰা কৰি কৰি পিছত গ্ৰেপ্তাৰ কৰাটো এটা সাধাৰণ কথা হৈছে। ৰাজ্য চৰকাৰৰ এখনৰ মন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বা কৰিছেই। কিন্তু নিজৰ বিপদৰ আগতীয়া আভাস পাই যদি ৰাতিৰ ভিতৰতে গেৰুৱা বসন পৰিধান কৰিছে, তেনেহ’লে তেনেলোক ইডিৰ পৰা বাচি গৈছে।

এইবোৰ পৰিঘটনা গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে মুঠেই আশাপ্ৰদ নহয়, বৰঞ্চ ভয়াৱহ ভৱিষ্যতৰ সম্ভাৱনাহে দেখা গৈছে। ৰাজ্য চৰকাৰে যিদৰে নিজৰ পুলিচবাহিনী বিৰোধীপক্ষক এসেকা দিবলৈ ব্যৱহাৰ কৰি আহিছে, ঠিক তেনেদৰে ইডি কেন্দ্ৰত অধিস্থিত ৰাজনৈতিক দলৰ এক হাথিয়াৰ হৈ পৰিছে।

২০২৪ৰ নিৰ্বাচনৰ আগে আগে বিৰোধী ৰাজনৈতিক দলবোৰক নিশকতীয়া কৰাৰ বাবে যে ইডিক আৰু বেছিকৈ ব্যৱহাৰ কৰা হ'ব; সেই বিষয়ে এতিয়া সন্দেহৰ অৱকাশ নাই। কিন্তু ৰাইজ সচেতন হৈ থাকিলে 'ইডি'য়েও শাসকীয় দলক যুঁজখন জিকাব নোৱাৰিব।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

০৬/০৮/২০২২

Image Description