তাঁতশাল


Image Description

বড়োসকলৰ প্ৰায় সকলো ঘৰতে তাঁতৰ শাল দেখা যায়৷ তেওঁলোৰ বিশ্বাস যি ঘৰত তাঁতৰ শাল নাই, সি বড়োয়েই নহয়৷ ... কাঁজী শিপিনী হিচাপে বড়ো-জীয়ৰী-বোৱাৰীসকলে বোৱা-কটাত বৰ পাকৈত৷ বড়ো ছোৱালীয়ে বোৱা-কটা নাজানিলে দৰা নাপায় বুলি বড়োসকলে ভাবে৷ বোৱা-কটা নজনা ছোৱালীক বড়োসকলে ‘আখুজী’, ‘খুৰীয়া’, ‘দাদী’, ‘আখাই’, ‘পাখৰী’ বোলে৷

বড়ো মতাসকলে কয় যে, এবছৰ খেতি নহ’লেও নাকান্দিবা, ঘৈণীজনী যদি কাপোৰ বব নাজানে তেনেহ’ল কান্দিবা– ‘বৗছৗৰ্‌ছেনি মাই-জায়ীখৌ দাগাব্‌, হিঞ্জাও হাবাৰঙৈখো গাব্‌৷’ যিজনী তিৰোতাই বোৱা-কটা, ফুল বছাত পাকৈত তাই ‘হাবা গুৰুংথাৰ্‌, আখাৎ বিখাৎ ডাঙলা খাৎ [বোৱা-কটা, ফুল বছাত পাকৈত, যি দেখিলে তাকে ফুল বাছিব পাৰে]৷ তেওঁলোকৰ কাৰণে কোনো চানেকীৰ প্ৰয়োজন নহয়, যি দেখে তাকে তাঁতত তুলিব পাৰে৷

ছবছৰ বয়সৰ পৰাই এঘাৰ-বাৰ বছৰলৈকে হাতৰ কাম আৰু বোৱা-কটা, ফুল বছাত বড়ো ছোৱালীসকল পাকৈত হ’বই লাগিব৷ এই নিয়ম বড়োসকলৰ ভিতৰত বাধ্যতামূলক হৈ পৰিছে৷ যি তিৰোতাই বোৱা-কটা আৰু ফুল বছাৰ বিষয়ে নাজানে, তাই লাজত, দুখত প্ৰায় কন্দা দেখা যায়৷ বড়ো-সংসাৰত দেখা যায় তিৰোতাসকলেই আচল গৰাকী– বিশেষকৈ অৰ্থনৈতিক ফালৰ পৰা৷

কাৰণ তিৰোতাসকলে অৰ্থনৈতিক সমস্যা দূৰ কৰিবলৈ আগভাগ লয়৷ ... ঘৰৰ হালোৱা গৰু-ম’হৰ আৱশ্যক হ’লে, বাচন-বৰ্তন কিনিবলৈ হ’লে, কৰ-কাটল, খাজনা দিবলৈ হ’লে, তেল-নিমখ আজিৰ প্ৰয়োজন হ’লে, ল’ৰা-ছোৱালীক পঢ়াবলৈ হ’লে, বেজ-ডাক্তৰ-কবিৰাজৰ দৰকাৰ হ’লে, আনকি মাটি-বাৰী-সম্পত্তিৰ বন্ধক মোকলাবলৈ হ’লে তিৰোতাসকলে অতি পৰিশ্ৰম কৰি বোৱা-কটা বস্তু বা এৰী কাপোৰ বই উলিয়াই, সেইবিলাক বিক্ৰী বা সলনি কৰি সমস্যা সমাধান কৰে৷ সেই হিচাপে ঘৰত মতা মানুহতকৈ তিৰোতাৰ অধিকাৰ বেছি৷ দান-দক্ষিণা দিবলৈ হ’লেও এই কাৰণে গিৰীয়েকৰ কোনো অনুমতিৰ আৱশ্যক নহয়৷

তাঁতশালৰ কাৰণে বাটি কাঢ়িবলৈ খুণ্টা, বিছনা বাৰী, বোৰণী এফালে আৰু আনফালে খুণ্টা আৰু বোৰণীহে থাকিব৷ খাদৗনী (কাঢ়নী), চৗৰ্‌খি (চেৰেকী), বাচৗ (ৰাচ), চেৱাৰী, গৗঞ্জা, খাইথা (হাঁকুটি, বোচ্‌ঙা), ণৗহাচুং, গান্দৈ (গাৰী) তাঁত বাটি কাঢ়িবৰ সময়ত লাগে৷ ব’ তুলিবৰ সময়ত গৗঞ্জা, বৌ-ডাঙ্গী আৰু শেষ হোৱাৰ সময়ত আৰু এটা গান্দৈ লাগিব৷ চাৰিটা শাল খুণ্টাৰ সহায় লৈ ব' তোলা হয়৷ গাৰীৰ বিন্ধাই সোমাই মাটিত পুতি থোৱা কাণ-মাৰীকে ‘বোৰণী’ বোলে৷

বড়ো তিৰোতাসকলে আজিকালি জেকাৰ্ট লুমত বোৱাৰ নিচিনা নিজে ব’ তুলি ফুল বাছি উঠাব পাৰে৷ কাপোৰ বোৱা, ফুল তোলা সিহঁতৰ নিজৰ প্ৰিয় নহয় জানো? হয়৷ সিহঁতৰ ফুলক ‘আগৰ’ বোলে৷ সেই আগৰ বিধ বিধ নানা তৰহৰ৷ যেনে, আগৰ গিডিৎ, ‘মখদৗমা’ (এবিধ ফুল), ডাঙশ্ৰী গুবা, জাথাৰ্খিহালা, ঠাইগীব বিবাৰ (ঔ ফুল), নাৰ্‌ চীবিবাৰ, বইগীৰী বিবাৰ (বগৰীৰ ফুল), হাজৌ আগৰ (হাবি বা পাহাৰৰ ফুল), ডাওডৈ মেখৰী, ফাৰাও মেগৗন্‌ (পাৰৰ চকু] ডাওথু আগৰ (কপোত ফুল), চৌবায় আগৎ; লাও বেগৰ্‌, খাই হাগাৰ; সাচী হাথাই (কাঁচীৰ দাওঁ); ডাওবাই মেখৰী; মোছা নাগান্‌ (বাঘৰ খোজ); মুফুৰ নাগান্‌ (ভালুকৰ খোজ); মাওজী নাগান্‌ (মেকুৰীৰ খোজ] আদি পুৰণি ডিজাইনৰ বহু বিধৰ ফুলৰ লগে লগে নতুন ডিজাইনৰ বহু ফুল তোলা বড়ো শিপিনীসকলৰ অন্তৰৰ উঁহৰ পৰা উলিওৱা দেখা যায়৷

আজিকালি প্লেইন বোৱাৰ নিয়ম আছে৷ বড়ো শিপিনীসকলে তাক ‘মাথা’ বুলি কয়৷ আজিকালি যাক টুইল বুলি কয়, সেই পদ্ধতিৰে বোৱাক ‘গৰ্‌খা গংবুৰৈ’ বুলি কয়৷ আজিকালিৰ দৰে পাৰিত ফুল তোলা, অতীজৰে পৰা বড়ো শিপিনীসকলে জানে৷ তাক ‘আগৰ’ তোলা বুলি কয়, ‘আগৰ্‌ দৗখ্‌না’ বুলিও জনাজাত৷ আগৰ গিডিৎ হৈছে দৗখ্‌নাৰ গোটেই গাটোতে একেলগে সাতবৰণীয়া ৰং-বেৰঙৰ ফুল তোলা হয়৷ ইয়াকেই ‘দৗখনা ঠাওচী’ বুলিও কয়৷

আগৰ দিনত যেই কোনো সুভ স্থানত বিয়াই-সবাহে ‘দৗখ্‌না ঠাওচী’ পিন্ধাহে দেখা যায়৷ ওঝাবিলাকে কয়, আগৰ দিনৰ হেনো ভূত-প্ৰেত-দেৱতাসকলে যাতে লম্ভিব নোৱাৰে সেই কাৰণে তিৰোতাসকলে এনে সাতবৰণীয়া ইন্দ্ৰধনুৰঙীয়া ‘দৗখ্‌না ঠাওচী’ পিন্ধি ওলায়, যাতে ভূত-প্ৰেত-দেৱতাসকলে মুগ্ধ হৈ ওচৰ নাচাপে৷

দৗখ্‌না ছয় প্ৰকাৰ, যেনে, ‘দৌখনা ঠাওচী (আগৰ গিডিৎ), গৗৰ্‌খৗ গৗংবুৰি, মৗছা, ডাওথু গৗদৗ, (কপোতৰ ডিঙিৰ নিচিনা), আগৰ্‌ গুবৈ, ছালা মাথা৷

পোন প্ৰথমে শিপিনীসকলে ছালা মাথা আৰু ডাওথু গৗদৗ ডিজাইনৰ কাপোৰ ব’বলৈ শিকে৷ তাৰ পিছত গৗৰ্‌খা গৗংবুৰৈ আগৰ, আগৰ গিডিৎ আৰু অৱশেষত মৗছা ডিজাইনৰ কাপোৰ ব’বলৈ বড়ো তিৰোতাসকলে শিকে৷

পাঁচ-ছয় বছৰ বয়সৰ পৰা বড়ো ছোৱালীসকলে এৰী সূতা কটাৰ পৰা গেৰেট (নেওথনী)ত কপাহ গুটি বছাৰ পৰা, কপাহ ধুনাৰ পৰা, পাঁজি সজাৰ পৰা সূতা টাকুৰী, যঁতৰত কটাৰ পৰা ব’ তোলা, তাঁত-বাটি কৰাৰ পৰা কাপোৰ বোৱালৈকে, ফুল তোলালৈকে শিকে বাধ্যতামূলক হিচাপে৷ কাৰণ তেওঁলোকে জানে যে, বোৱা-কটা, ফুল তোলা নাজানিলে, তেওঁলোকৰ বিয়া নহয়, কাৰণ বড়ো ডেকাবোৰে অশিপিনী বড়ো ছোৱালীক বিয়া কৰিবলৈ মন নকৰে৷ কাৰণ কথাতে আছে:

‘বৗছাৰ্‌ছেনি মাই জায়ৈখৌ দাগাব্‌৷
হিজ্ঞাও হাবাৰুঙৈখৌ গাব্‌৷’

এবছৰ ধান খেতি নহ’লেও নাকান্দিবা, বোৱা-কটা আদি কাম-বন নজনা ঘৈণীৰ কাৰণে কান্দিবা৷

আজিকালি বড়ো শিপিনীসকলে নতুন নতুন ফুল বাছি কাপোৰ বয়, যেনে চাম্‌শ্ৰী (শ্যাম বৰণীয়া) চাবী, মিনিহাব্‌, মেডেল্‌, ফেদে, লাওচৗম, চন্দ্ৰহালী, খাছীয়েও আগৰ (কাছ), ঘৰী আদি ফুল নকৈ আৱিষ্কাৰ কৰি, অসমৰ অসমীয়া সংস্কৃতি বিশেষকৈ বয়নশিল্প আজিও বড়ো শিপিনীসকলে জীয়াই ৰাখিছে৷

দুখীয়া শিপিনীসকলে এৰী কাপোৰ বিক্ৰী কৰি কপাহৰ ‘সিমা’ বা খনীয়া (ডাঠ) কাপোৰ হৈ থয়৷ এই সিমা বা খনীয়া সচৰাচৰ দহ হাত দীঘল, বহলে খুব কমেও তিনি হাত হয়৷ সিমা বা ডাঠ বৰকাপোৰৰ এই অৰ্থ৷ খন-নাইৰ পৰা খনীয়া হৈছে, অৰ্থাৎ জাপ দিয়া কাপোৰ৷ প্ৰত্যেক পৰিয়ালতে এই সিমা বা খনীয়া থাকিবই৷ তিনিখন সিমা বা খনীয়া এখন লেপৰ সমান৷ দীগুসিতা বা দহি-সূতা পেলাব নাপায়৷ পেলালে তাই ‘আওলুৰী’ বা দাদী-আকাজী হয়৷ এই দহি-সূতা জোৰা দি সিমা সি বড়ো শিপিনীসকলে বয়৷।