ধৰ ঝাড়ু ধৰ ভাই


Image Description

ধৰ ঝাড়ু ধৰ ভাই!
আৰু চাবৰ সময় নাই—
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই।

সাতাম পুৰুষৰ
আহা! সোণৰ চোতাল ঘৰ
কত যুগৰ ভূঁহুৰ পৰি
আছে যে পোত খাই।

কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে—
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে–
হ'ল এৱে তোৰ সময় হ'বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।

হিংসা-দ্বেষ, ভেদা-ভেদৰ,
ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়–
ধৰ ঝাড়ু ধৰ ভাই।

বীৰ-বেশেৰে ধৰ ঝাড়ু ধৰ
জাতিৰ জীৱন কৰ মনোহৰ
সাৰি-পুচি চুকে-কোণে
যত যি আছে জাহি-জাবৰ
নহ'লে যে বিশ্ব সভাত
নহ'ব তোৰ বহাৰ ঠাই।।

(অসম-কেশৰী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটি এটি গভীৰ ভাবোদ্দীপক কবিতা ৷ কবিতাটিৰ মাজেৰে কবিৰ গভীৰ স্বদেশপ্ৰেম আৰু প্ৰৱল মুক্তিপ্ৰয়াস পৰিস্ফুট হৈছে।

ইংৰাজৰ অধীনলৈ অহাৰ পাছত স্বদেশৰ অতীতৰ গৌৰৱ ম্লান পৰি যায় ৷ পৰাধীনতাৰ প্ৰভাৱত মানুহৰ মনবোৰো হৈ পৰে সংকুচিত ৷ হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ-ভেম আদি অশুভ ভাবনাবোৰে স্বদেশশবাসীৰ মনবোৰ আবৰি ধৰে ৷ সোণেৰে সজোৱা মনোৰম চোতাল-ঘৰ জাবৰ-ভূঁহুৰ, মলি-মামৰ পৰি ঢাক খোৱাৰ দৰে পৰাধীনতাৰ অশুভ প্ৰভাৱে মনত সৃষ্টি কৰা হীনতা-নীচতায়ো জাতিটোৰ পূৰ্বৰ গৌৰৱ ম্লান কৰি পেলায়।

এনে দুৰ্দিনৰ সময়ত জাতিটোৱে বীৰ-বেশেৰে হাতে হাতে ঝাৰু লৈ সেৱকৰ ভূমিকাত নিশ্চয় অৱতীৰ্ণ হ'ব লাগে ৷ জাবৰ-ভূঁহুৰ, মলি-মামৰে আবৰি ধৰা সোণৰ চোতাল-ঘৰ সাৰি-মচি নিকা কৰাৰ দৰে পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থকা মনৰ পৰাও সকলো প্ৰকাৰৰ কলুষ-কালিমা অঁতৰাই পৰিষ্কাৰ কৰা উচিত৷

মনৰ স্বচ্ছতাৰ জৰিয়তেহে জাতিটোৱে বিশ্বসভাত স্থান পাবলৈ সক্ষম হ'ব বুলি কবিৰ একান্ত বিশ্বাস ৷

কবিতাটি আজিও বিশেষভাৱে প্ৰাসংগিক।

(ৰাজীৱ শৰ্মা)।।