উদং বাকচ


Image Description

(১০ জুলাই সংখ্যাৰ পৰা)
তৰাদৈয়ে হঠাৎ প্ৰশ্ন কৰিলে–

‘কিহে খুন্দিয়াই মাৰিলে?’

‘জীপ ঞগাড়ীয়ে৷ আহ! দগদগীয়া সুন্দৰ চেহেৰা! তেজৰ চেকুৰা লাগি থকা বৰফবোৰ আঁতৰাই মই এই দুই হাতেৰে তাৰ দেহ চিতাত তোলাত সহায় কৰি দিছিলোঁ৷ ডেকা ল’ৰাৰ তেজ৷ মোৰ এই হাত দুখনকো একেবাৰে–’ মাটিৰ নিশ্চল মূৰ্তিৰ দৰে থিয়হৈ থকা তৰাদৈলৈ মূৰ তুলি চাই সি বাক্যটো শেষ কৰিব নোৱাৰিলে৷ দুয়োৰে মাজত এই প্ৰকাণ্ড ক’লা বাকচটো এটা ৰহস্যময় গহ্বৰৰ দৰে পৰি আছে৷ এই গহ্বৰত সোমাই গৈ দুয়ো ভাল অচিনাকি হৈ পৰিল৷

সোমেশ্বৰ থিয় হ’ল৷ এটা নাটকীয় ভংগীৰে সি আটাহ পাৰি উঠিল–

‘তৰাদৈ, কুলীৰ ছোৱালীক চাহ বাগিচাৰ চাহাবে বিয়া কৰোৱা সেই দিন শেষ হৈ গৈছে৷ মজদুৰ কুলিৰ ছোৱালীক বিয়া কৰোৱা জেনকিন্স চাহাবৰ হাড়ত এতিয়া বন গজিছে! ডাঙৰ চাহাবৰ ল’ৰা সৰু বোপাই তোক বিয়া কৰাম বুলি কৈছিল৷ তোক হৃদয়েৰে ভাল পাইছিল৷ কিন্তু পাৰিলেনে সি? এই জুপুৰিৰ পৰা নি তোক টিঙৰ ঘৰত ঠাই দিব সি পাৰিলেনে?’

তৰাদৈৰ বুকু ফাটি যেন এটা আৱাজ বাহিৰ হৈ আহিল–

‘মোক বিয়া কৰাব নোৱাৰাৰ বাবে সি ইমানদিনে বিয়া কৰোৱা নাছিল৷ বাৰ বছৰ পাৰ হৈ গৈছে৷ আৰু বোধহয় জীৱনত বিয়া নকৰালেহেঁতেন৷’

বিৰাট বপূৰ কনিষ্টবলটিয়ে তৰাদৈৰ মুখলৈ ট-টকৈ চাবলৈ ধৰিলে৷ এইবাৰ সি তাৰ মজবুত দাণ্ডাডাল মাটিত খুন্দিয়াই খুন্দিয়াই এটা হুংকাৰ মাৰিয়েই যেন থিয় হ’ল৷ তাৰ পাছত তৰাদৈক ধিক্কাৰ দিয়াৰ দৰে গালি বৰ্ষণ কৰিবলৈ ধৰিলে– ‘ঠাকুৰৰ এই পুতেকটোক তিৰোতা মানুহৰ সৰ্বস্ব বিলাই দিয়াৰ সময়ত তই যেনেকুৱা আহম্মক আছিলি, এতিয়াও তই তেনে ধৰণৰে আহম্মক হৈ আছ৷ – মই পুলিচত কাম কৰা মানুহ– কথা-কাণ্ড শুনি মই সাজু হৈ আহিছোঁ...৷’

তৰাদৈয়ে এইবাৰ অসহায় হৈ ককায়েকৰ মুখলৈ চালে–

‘কি কয়– কি কয় ই? হৰি হৰি! কি কয় ই?’

চব শেষ হৈ যোৱাৰ পাছত আঁচলত বহু মূল্যৱান বুলি যি মণিকক তাই ধৰি-বান্ধি ৰাখিব খুজিছে, আজি সেই আঁচলো এই মানুহটোৱে খুলিব খুজিছে৷...

ইতিমধ্যে তাইৰ শুই থকা ল’ৰা দুটা উঠি বহিল৷ তিনিওটা প্ৰাণীয়ে এইবাৰ সোমেশ্বৰৰ মুখলৈ ট-টকৈ চাবলৈ ধৰিলে৷

‘হৰি হৰি!কি কয়? কি কয় সি এতিয়া?’

তিনিওটাকে এইবাৰ মৰিশালিৰ তিনিটা প্ৰেতাত্মাৰ দৰে দেখা গ’ল৷

সোমেশ্বৰে তাৰ পকেট দুখন খুচৰিবলৈ ধৰিলে৷ ল’ৰা দুটাই ভাবিলে– মামাকে নিশ্চয় পইচা-পাতি কিবা দিব৷– যেনেদৰে খবৰ কৰিবলৈ অহা দুই-এটা মানুহে দি থৈ যায়৷ যেনেদৰে হিজলৰ তলত মাকৰ বাবে অহৰহ অপেক্ষ কৰি ৰৈ থকা মানুহটোৱে মনে মনে সিহঁতৰ হাতত টকা-সিকি গুজি দিয়ে৷ এইটো সিহঁতৰ মামাক৷ দেউতাক জেলত যোৱাৰ দিনাও সি খবৰ কৰিবলৈ কিন্তু অহা নাছিল৷

তিনিওটা প্ৰাণীয়ে আকৌ এটাই আনটোক ট-টকৈ চাবলৈ ধৰিলে৷ তৰাদৈয়ে যেন নিজৰ বুকুৰ ঢপঢপনি নিজে শুনা পালে...

সোমেশ্বৰ উঠিল আৰু তাৰ পকেট দুখন খুচৰি একমুঠি চিঠি উলিয়াই তৰাদৈৰ মুখলৈ মাৰি পঠিয়াই ক’লে–

‘নে এইবোৰ তাৰ বিয়াৰ চিঠি৷ কাণ্ড-কাৰখানা শুনি মই সাজু হৈয়ে আহিছোঁ৷ সি তোৰ বাবে বিয়া নকৰাওঁ বুলি ৰৈ থকা নাছিল৷ বিয়াৰ তাৰিখ ঠিক হৈছিল৷ চিঠি পৰ্য্যন্ত ছপা হৈছিল৷... পঢ়, পঢ়, চিঠি পঢ়৷ বিয়া কৰাবলৈ আহোঁতেই ঘটিল সেই দুৰ্ঘটনা৷ ... পঢ়৷ আৰু তাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰ৷’

কোঠাৰ পৰা গপগপাই ওলাই যোৱাৰ সময়ত হঠাৎ সোমেশ্বৰৰ চকু তৰাদৈৰ শৰীৰত লিপিট খাই থকা ল’ৰা দুটাৰ ওপৰত পৰিল৷ তাৰ পাছত ভঙা পইচা কেইটামান বিচাৰি সি পেণ্টৰ পকেট দুখন খেপিয়াবলৈ ধৰিলে৷ লগে লগে মুখেৰে ভোৰভোৰাই থাকিল–

‘মৰা পুৰিবলৈ অহা মানুহৰ লগত দেহৰ মাংসৰ ব্যৱসায় কৰা মানুহজনীক ধৰিব পৰাহেঁতেন কিছু মুনাফা পোৱা গ’লহেঁতেন, নাইবা হয়বৰক হাতে হাতে ধৰা পেলাব পৰাহেঁতেন! চাল্লাই মানুহক শাল খৰি বুলি গাঁথি থকা খৰি বেচে৷’

পকেট খেপিয়াই খেপিয়াই এইবাৰ ভঙা পইচা এমুঠি উলিয়াই ল’ৰা দুটাৰ হাত গুজি দিলে– আৰু সি যিপিনে আহিছিল সেইপিনেই হনহনাই খোজ পেলাই আঁতৰি গ’ল৷ হাতত পইচা পৰাৰ লগে লগে আধাপেটি ল’ৰা দুটা ফৰিং ছিটিকা দি ওচৰৰ দোকানলৈ যেন ছিটিকিহে পৰিল৷

বিয়াৰ নিমন্ত্ৰণী পত্ৰকেইখনৰ ওচৰত তৰাদৈ বহি থাকিল৷ এই শ্মশানতে ছাইৰ মাজৰ পৰা মৃতকৰ অস্থি বিচৰা মানুহৰ দৰে খেপিয়াই খেপিয়াই তৰাদৈয়ে নিমন্ত্ৰণী পত্ৰকেইখন চুই চালে৷ হয় হয়, এইকেইখন নিমন্ত্ৰণী পত্ৰ৷

বহুদিন তৰাদৈ আৰু বাহিৰলৈ ওলোৱা নাছিল৷ ল’ৰা দুটাই ভোকৰ অত্যাচাৰত ৰ’ব নোৱাৰি মৰাশ জ্বলাবলৈ অহা মানুহৰ ওচৰত ভিক্ষা খুজিছিল৷ কোনোবাই সৰু ল’ৰাটোৰ মূৰত এখন গামোচাও বান্ধি দিছিল৷ মুখাগ্নি কৰোঁতে কোনোবাই পিন্ধা গামোচা আছিল চাগৈ৷ খৰিৰ পাহাৰৰ ওচৰৰ পৰা দুটা খালী মদৰ বটল ধুই সিহঁত দুয়োৱে ম’হৰ পিঠিত উঠি থকা যম দেৱতাৰ মূৰ্তিৰ ওচৰত থকা কুৱাৰ পৰা পানী তুলি খাইছিল৷ ... ওচৰৰ মানুহে গম লৈ জানিছিল– তৰাদৈ আৰু চৰুলৈ যোৱা নাই৷ তাইৰ সন্মুখত সেই প্ৰকাণ্ড ক’লা বাকচটোৰ সাঁফৰখন মেল খাই আছিল৷ একেবাৰে নৰক কুণ্ডৰ দৰে৷

হিজলৰ তলত হয়বৰে প্ৰতিদিনেই তাইৰ বাবে অপেক্ষা কৰিছিল৷

এদিন এন্ধাৰে-পোহৰে তৰাদৈ আৰু তাইৰ ল’ৰা দুটাক এই কাঠৰ বাকচটো শ্মশানৰ পিনে টানি দিয়া দেখা গ’ল৷ যি ঠাইত হস্পিতালৰ কৰ্তৃপক্ষৰ ‘হেণ্ডিং অভাৰ’ পত্ৰ নিদিয়াকৈ জাৰজ সন্তান এটি জ্বলোৱা বুলি গণ্ডগোল লাগিছিল, সেই ঠাইত তাই বাকচটো আনি থ’লে৷ তাৰ পাছত তাই বাকচটোত জুই লগাই দিলে৷

হিজলৰ ওপৰত বুলবুলি চৰাইবোৰে কিচিৰ-মিচিৰ কৰিবলৈ ধৰিলে৷ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা যেন এটা ৰঙা দগমগীয়া সূৰ্য্য উঠি আহিল৷ সূৰ্য্যটোৰ শৰীৰত লাগি আছে কিছুমান হেঙুলীয়া আৰু মুগাবৰণীয়া ডাৱৰ৷ এয়া সূৰ্য্য নহয় যেন এক অসহায় বেশ্যাৰ ৰঙা পৰা মুখ৷ অনাহুত পুৰুষৰ লগত ৰাতি কটাবলগীয়া হোৱাৰ ভয়ত আড়ষ্ট এই মুখ৷ বেঙুনীয়া আৰু মুগাবৰণীয়া এই ডাৱৰে যেন নাঙঠ কৰি দেখুৱাই দিছে এই মুখৰ অসহায়তা, আৰু এই মুখৰ যুদ্ধ প্ৰস্তুতি৷

জ্বলি-পুৰি শেষ হৈ যোৱা বাকচটোৰ ছাইবোৰ চৰিওফালে সিঁচৰতি হৈ পৰিছে৷ শ্মশানৰ বুকুত উবুৰি হৈ পৰা পুৱাৰ সূৰ্য্যৰ কিৰণত এই ছাইবোৰ নতুনকৈ এটা ছাগলীৰ শুকাবলৈ দিয়া ছাল এখনৰ দৰে দেখা গৈছে৷

হিজলৰ ওপৰত বুলবুলি চৰাইবোৰে প্ৰচণ্ডভাৱে কিচিৰ-মিচিৰ কৰিবলৈ ধৰিলে৷

তৰাদৈ বাহিৰলৈ ওলাই আহিল৷

তাইৰ গাত চাদৰ নাছিল৷

আচৰিত কথা এয়ে যে হিজলৰ তলত অহৰহ থিয় হৈ থকা মানুহটো তাত নাছিল৷

তৰাদৈয়ে কিছুদূৰ আগুৱাই আহি চালে– নাই, হিজলৰ তলত মানুহটো আৰু নাই৷।

(সমাপ্ত)