১৯১৬ চনত ছাত্ৰ সন্মিলনীত


Image Description

(১)
সুদূৰ কলিকতা মহানগৰী আৰু আমাৰ ভিন ভিন ঠাইৰ পৰা আপোনাসকল আহি, আজি প্ৰকৃতিৰ কাম্য-কানন, অতীজৰ জ্ঞান-চৰ্চাৰ প্ৰধান কেন্দ্ৰ প্ৰাচীন প্ৰাগজ্যোতিষপুৰত উপস্থিত হৈছে৷ আপোনাসকলৰ অভ্যৰ্থনাৰ ভৰ পৰিছে আমাৰ নিচিনা অভাজন লোকৰ ওপৰত৷

প্ৰাতঃস্মৰণীয় ওজাদেৱ হেমচন্দ্ৰ, ঐতিহাসিক গুণাভিৰাম আৰু ভাষাবিদ লম্বোদৰক এৰিলে অসমীয়া ভাষাৰ বৰ্তমান বুৰঞ্জীত যিসকল প্ৰখ্যাত সাহিত্যৰথীৰ নাম অগ্ৰগণ্য, সেইসকলৰ প্ৰায়েই আজি এই মণ্ডপত উপস্থিত৷ অনেক মাতৃভাষাৰ একান্ত সেৱক আৰু সাহিত্যপ্ৰেমিক ছাত্ৰ, যি অসমৰ আৰু অসমীয়া ভাষাৰ সকলো আশা-ভৰসাৰ স্থল আজি আমাৰ মাজত৷

আপোনালোকক অভ্যৰ্থনা কৰিবৰ যোগ্যপাত্ৰ আমি নহওঁ৷ তথাপি যে আমাৰ নিচিনা নগণ্য ছাত্ৰৰ নিমন্ত্ৰণ উপেক্ষা নকৰি আপোনালোকে অশেষ ক্লেশ সহ্য কৰি, নিজৰ কাম-কৰ্ম পৰিত্যাগ কৰি আহিছে, সেইবাবে আপোনালকক শত শত বাৰ ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ ওচৰত সৰল কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷

মোৰ নিমন্ত্ৰণত অথবা তেওঁৰ অনুৰোধত, সমিতিৰ আহবান কিম্বা ভদ্ৰতাৰ খাতিৰত আপোনালোক সকলোৱেই নিশ্চয় অহা নাই; আহিছে এজনাৰ আহবানত, যাৰ ডাক, যথাৰ্থ মনুষ্যত্ব যাৰ হৃদয়ত আছে, তেওঁ কেতিয়াও উপেক্ষা কৰিব নোৱাৰে৷ আপোনালোক আহিছে সাহিত্য সভাৰ নামত৷ আপোনালোক আহিছে মাতৃভাষাৰ সেৱাত যোগ দিবলৈ, মাতৃপূজাত অঞ্জলি প্ৰদান কৰিবলৈ৷

আপোনালোকৰ অনেকেই নিঃস্বাৰ্থ সাহিত্য-সেৱী, সাহিত্য-চৰ্চা আপোনালোকৰ বৰ প্ৰিয়, মাতৃভাষা অতি চেনেহৰ, অতি আদৰৰ৷ আপোনালোকে নিজ অভিৰুচিমতে একভাৱে সেই পুণ্য ব্ৰত পালি আহিছে৷ এনে নতুন ধৰণৰ সাহিত্য-চৰ্চা আপোনালোকৰ মনত ভাল নালাগিব পাৰে, সাহিত্য-চৰ্চা কৰিবলৈ এনে সভা-সমিতি আপোনালোকৰ প্ৰয়োজন নাই বুলি বহুতৰ বিশ্বাস থাকিব পাৰে৷ বহুতে ক’ব, সাহিত্য-চৰ্চা অতি পবিত্ৰ কাৰ্য্য, গভীৰ গৱেষণাৰ কাম; তাৰ নিমিত্তে সাধনা লাগে৷ নিৰ্জন ঠাইত নিৰলে-নীৰৱে সাহিত্য-চৰ্চা কৰিলেহে তাৰপৰা ভাল ফল পোৱা যায়৷ সেই কথা সৰ্বাঙ্গে সঁচা৷ কিন্তু অসমীয়া ভাষাৰ বৰ্তমান অৱস্থাত এনে সভা-সমিতিৰ অত্যন্ত প্ৰয়োজন হৈছে৷

আজি-কালিৰ অসমীয়া সাহিত্য-ভঁৰাললৈ চকু দিলে বেজাৰ লাগে, তিনিশ বছৰৰ আগেয়ে অসমীয়া ভাষা কি আছিল আৰু আজি কি হৈছে! যি অসমীয়া ভাষাত কীৰ্তন পুথিৰ নিচিনা, নাম-ঘোষা ভক্তি-ৰত্নাৱলীৰ নিচিনা, যেনে, পুথিজগতৰ আন কোনো সাহিত্য-ভঁৰালত পাবলৈ নাই, পুথি ৰচনা হৈছিল, সেই ভাষাত আজি এখন ভাল পাঠ্য-পুথি নাই৷

মাতৃভাষাৰ এই দুৰৱস্থা যাতে অনতিবিলম্বে দূৰ হয় তাৰবাবে সকলো অসমীয়াই একান্তমনে নিঃস্বাৰ্থভাৱে চেষ্টা কৰিবৰ প্ৰয়োজন হৈছে৷ যি অসম এসময়ত সংস্কৃত-চৰ্চাৰ প্ৰধান স্থান আছিল, য’ত জ্যোতিষশাস্ত্ৰৰ বিশেষ আলোচনা আৰু উন্নতি হৈছিল, য’ত উচ্চ কাব্য আৰু ব্যাকৰণ ৰচনা হৈছিল, যি ঠাইৰ লোকে স্হুপতিবিদ্যা আৰু বহুবিধ কলাবিদ্যাত পাৰদৰ্শিতা দেখুৱাইছিল, যি দেশত শ্ৰীশঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি আৰু পুৰুষোত্তম ঠাকুৰৰ আৱিৰ্ভাৱ হৈছিল, সেই ইতিহাস আৰু পুৰাণ-প্ৰসিদ্ধ কামৰূপত জন্ম গ্ৰহণ কৰি যে আপোনালোকৰ সাহিত্যৰ প্ৰতি অনুৰাগ নাই অথবা মাতৃভাষাৰ প্ৰতি প্ৰেম নাই, তেনে হ’ব নোৱাৰে৷

বৰ্তমান অসমীয়াৰ অভাৱ কেৱল কাৰ্য্য কৰিবৰ ক্ষমতা৷ তেওঁলোকৰ নাই উদ্যোগ, উদ্যম তেওঁলোকত শূন্য৷ তেওঁলোকক লাগে উদগনি, উত্তেজনা শক্তি৷ তেওঁলোক সুপ্ত; তেওঁলোকক জগাই তুলিব লগা হৈছে৷ তেওঁলোক আত্ম-বিস্মৃত৷

তেওঁলোকক পূৰ্ব-গৌৰৱৰ কথা, অতীতৰ কাহিনী কাণৰ ওচৰত বজাই শুনাব লগা হৈছে৷ যেতিয়া অসমীয়া জাগ্ৰত হ’ব, যেতিয়া তেওঁলোকৰ হৃদয়ত উত্তেজনাৰ উদ্ৰেক হ’ব, যেতিয়া তেওঁলোকে উপলব্ধি কৰিব যে শঙ্কৰদেৱৰ আৰু অনন্ত কন্দলিৰ, আনন্দৰামৰ আৰু হেমচন্দ্ৰৰ বংশধৰ বুলি চিনাকি দিবলৈ যি যি গুণ গাত থাকিব লাগে, সেইবোৰ তেওঁলোকৰ নাই, তেতিয়াৰ পৰা অসমে উন্নতিৰ বাটত কোবাল বেগেৰে আগুৱাবলৈ ধৰিব৷

এটা সাহিত্যসম্বন্ধীয় আন্দোলন তুলিবৰ প্ৰয়োজন হৈছে৷ দেশজুৰি এটা হুজুগ লগাই দিব পাৰিলে অসমীয়া সাহিত্যৰ ভৱিষ্যৎ উজ্জ্বল হ’ব৷ কোনো কোনোৱে ভাবিব পাৰে হুজুগৰপৰা কোনো কাম নহয়, আন্দোলন অমঙ্গলৰ চিন মাথোঁ, তাৰপৰা কোনো ভাল ফল আশা কৰিব নোৱাৰি, বৰঞ্চ বেয়াহে ভুগিবলৈ আছে৷ কিন্তু সেই কথা বৰ ঠিক নহয়৷ হুজুগৰ ভৱিষ্যৎ ফল ভাল৷

আন্দোলনৰপৰা অতি সুফল ফলা দেখা গৈছে৷ জগতৰ বহুত সৎ কাৰ্য্যৰ মূলত আন্দোলন৷ হুজুগ আন্দোলনৰ সুফল হাতে হাতে পোৱা টান হ’ব পাৰে, কিন্তু তাৰ ভৱিষ্যৎ সুফল অৱশ্যম্ভাৱী৷ অসমৰ ইমূৰৰপৰা সিমূৰলৈ এটা তোলপাৰ তুলি দিব লগা হৈছে৷ জয়ঘণ্টা বজাই অসমীয়া মানুহৰ টোপনি ভাঙি দিবৰ সময় হৈছে৷ যেতিয়া অসমৰ ধুবুৰীৰপৰা শদিয়ালৈকে হেন্দোলদোপ-দল্‌দোপ লাগি যাব, সকলো অসমীয়াৰ মুখে মুখে, কাণে কাণে হ’ব- অসমীয়া ভাষাৰ আলোচনা হ’ব লাগে, উন্নতি হ’ব লাগে, অসমীয়া ভাষাত জীৱন-চৰিত লাগে, ইতিহাস লাগে, উচ্চ কাব্য লাগে, দৰ্শন-বিজ্ঞান ব্যাকৰণ লাগে, অৰ্থনীতি-সমাজনীতি লাগে, তেতিয়া দেখিব– অসমীয়া ভাষাৰ ভৱিষ্যৎ উন্নতিৰ বাট নিষ্কণ্টক হৈছে, তেতিয়া দেখিব অসমীয়া মানুহে ভাষাৰ উৎকৰ্ষৰ কাৰণে, সাহিত্যৰ উন্নতিৰ কাৰণে হাতে-কামে লাগি গৈছে৷

ইয়াতে প্ৰশ্ন হ’ব পাৰে যে এই মহৎ অনুষ্ঠানৰ গুৰু আৰু দায়িত্বপূৰ্ণ ভাৰ ছাত্ৰসকলে মূৰ পাতি লোৱাৰ প্ৰয়োজন কি? ছাত্ৰৰ এনে সাহিত্য সভা কিয়? ছাত্ৰই ছাত্ৰৰ কাম কাৰক, দেশৰ হিত-অহিতৰ হিচাপ-কিতাপ দেশৰ নেতাসকলৰ ওপৰত, নামজ্বলা সাহিত্যৰথীসকলৰ ওপৰত ন্যস্ত আছে৷ ছাত্ৰৰ কাম ভালকৈ লিখা-পঢ়া কৰি পৰীক্ষা পাছ কৰা, জীৱন-যুদ্ধৰ নিমিত্তে সাজু হোৱা৷ ডাঙৰৰ কাৰ্য্যত হস্তক্ষেপ কৰা তেওঁলোকৰ উচিত নহয়৷

এনে প্ৰশ্ন একেবাৰে অমূলক নহয়, কিন্তু সাহিত্য-চৰ্চা যে একেবাৰে ছাত্ৰৰ কৰ্তব্যৰ চৌদহৰ বাহিৰ, সেই কথা মানিবলৈ টান৷ ভাষা-চৰ্চা, সাহিত্য আলোচনা অতি পবিত্ৰ কাম৷ ই মাতৃপূজাৰ প্ৰধান অঙ্গ, যি জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, যি জন্মভূমিৰ উন্নতি মাতৃভাষাৰ সজীৱতাৰ ওপৰত, সাহিত্যৰ উন্নত অৱস্থাৰ ওপৰত অতি দৃঢ়ভাৱে প্ৰতিষ্ঠিত, সেই মাতৃপূজাৰ অধিকাৰ অকল বয়সত ডাঙৰবিলাকৰহে আছে, সৰুৰ নাই, অকল ভদ্ৰলোকৰহে আছে, ছাত্ৰৰ নাই, সেই কথাত আমি বেজাৰ পাওঁ৷

এই মহাপূজাৰ অধিকাৰ, এই মহান তীৰ্থৰ পুণ্যৰ ভাগ আনে যেনেকৈ পায়, ছাত্ৰয়ো তেনেকৈ পাব লাগে৷ অৱশ্যে শক্তি আৰু ভক্তিৰ তাৰতম্য অনুসাৰে পূজাৰ তাৰতম্য হ’ব৷ ডাঙৰে যেনেকৈ সেৱিব, পূজিব, ছাত্ৰই তেনেকৈ নোৱাৰে, সন্দেহ নাই৷ কিন্তু মাতৃভাষা বয়সস্থ সাহিত্যসেৱীৰ যেনে আপোন, সেৱ্য, পূজ্য, ছাত্ৰৰো তদ্ৰূপ৷ বৰঞ্চ আমাৰ ছাত্ৰৰ তাতকৈ বেছি; কিয়নো ছাত্ৰ মাতৃৰ নিচেই ওচৰত, সিবিলাকৰ তেওঁৰ কোলা এৰিবৰ সময় নৌ হয় এথোন৷ কোলাৰটিৰ প্ৰতি মাতৃৰ স্নেহ অত্যন্ত বেছি৷ কেঁচুৱা ল’ৰাই টেঁ টেঁ কৰিলেই মাকে দহোবন পেলাই থৈ উধাতু খাই ওচৰলৈ লৰ মাৰে আৰু বয়সত বুজনটিৰ প্ৰতি তেওঁৰ তিমান দায়িত্ব থকাটো নেদেখুৱায়৷

কেঁচুৱা ল’ৰাই টেঁ টেঁ কৰি চিঞৰি মাকক টোপনিৰ পৰা তোলে, চকু মেলিয়েই মাতৃয়ে সন্তানৰ মুখ দেখি এটি শুভ দিন আলিঙ্গন কৰি আনে৷ সন্তানে যদি আকাশৰ জোনটোকো আঙুলিয়াই লাগে বুলি কয়, মাকৰ একান্ত ইচ্ছা যেন তাক আনি দিব; দিব নোৱাৰিলে অত্যন্ত ব্যথিত হয়৷ মাতৃ আৰু কুমলীয়া সন্তানৰ ভিতৰত এনে ঘনিষ্ঠ সম্বন্ধ সন্তানৰ টেঁ টেঁৱনি, চিঞৰ-বাখৰ মাকৰ মনত কুলিৰ সুললিত গীত৷

(অহা সংখ্যাত সমাপ্ত)