নীৰৱ সাধনা


Image Description

পৃথিৱীৰ বুৰঞ্জীত বা ভাবমণ্ডলীত যিসকল পুৰুষে আটাইতকৈ বেছি খলকনি লগাই গৈছে, সেইবোৰ পুৰুষৰ আঁতি-গুৰি বিচাৰিলে দেখা যাব যে তেওঁলোক কাৰো চকুতেই পৰা বিধৰ লোক নাছিল৷ পাঁচশ বছৰ পূৰ হোৱা নাই, শ্বেইক্সপীয়াৰক লৈ কাব্য-জগত তোলপাৰ৷ অথচ শ্বেইক্সপীয়াৰ কোন আছিল, কি কৰিছিল কোনোৱে গম পোৱা নাই৷ বহুতে তেনে মানুহ নাই বুলিও ক’ব খোজে৷ সেইদৰে আমাৰ কালিদাসৰ বিষয়েও বুৰঞ্জী নিমাত৷ অথচ ভাৰতীয় কাব্য-জগত তেওঁৰ গৌৰৱৰে গৌৰৱান্বিত৷

বৰ্তমান জগতৰ ভাব-ৰাজ্যত কাৰ্ল মাক্সৰ্ৰ প্ৰভাৱ অতুলনীয়৷ কিন্তু তেওঁৰ বিখ্যাত গ্ৰন্থ ৰচনা কালত লেখত ল’বলগীয়া মানুহ নাছিল৷ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত নিতৌ কিতাপ পঢ়া অসংখ্য মানুহৰ ভিতৰত তেওঁ এজন৷ ওৰে দিনটো নানান কিতাপৰ টোকা লয়৷ ভাৰাকৈ লোৱা হোটেলৰ খোটালি এটিত থকা নিজৰ ল’ৰা-তিৰোতাৰ ওচৰলৈ গধূলি আহি দেখে যে খাবলৈ পইচা নাই, ঘৈণীয়েকৰ গাৰ অলংকাৰ এপদ খহাই লৈ ওলাই যায়৷ বেপাৰীৰ ওচৰত বন্ধকত ৰাখি খোৱা-বস্তু লৈ আহে৷ এয়ে বিখ্যাত ‘ডছ কেপিটেল’ [Das Capital, মূলধন] গ্ৰন্থ ৰচয়িতা কাৰ্ল মাক্সৰ্ৰ দৈনন্দিন জীৱন৷

দুৰ্বহ জীৱন-ভাবৰ হেঁচাত কিতাপ সম্পূৰ্ণ প্ৰকাশ হোৱাৰ আগতে তেওঁ ইহলীয়া সম্বৰণ কৰে৷ আজিৰ দিনত শিক্ষিত সমাজত কাৰ্ল মাক্সৰ্ৰ নাম নুশুনা কোনো নাই৷

আমেৰিকাৰ ভাগ্য-নিৰ্মাতা এব্ৰাহাম লিঙ্কনলৈ চোঁৱা– খেতিয়কৰ ল’ৰা৷ বাপেকে পথাৰলৈ হাল লৈ যায়৷ বাপেকে মুখে মুখে এক-দুই নেওতা শিকায়৷ অলপ লিখা-পঢ়া শিকি ওকালতি আৰম্ভ কৰে৷ দেখাতো সুশ্ৰী নাছিল৷ সাজ-পাৰত চকু নাই৷ হোজা মানুহ এজন যেন দেখি৷ কিন্তু তেওঁৰ সত্যনিষ্ঠা আৰু কৰ্তব্যপৰায়ণতা সৰ্বজনবিদিত আছিল৷

যেতিয়া আমেৰিকাৰ গৃহযুদ্ধৰ আয়োজন হ’ল, তেতিয়া প্ৰেচিডেণ্ট হ’বলৈ তেওঁৰ বাদে আনক বিচাৰি নাপালে৷ নীৰৱ খেতিয়কৰ দুখীয়া ল’ৰা আজি আমেৰিকাৰ এগৰাকী ভাগ্য-নিৰ্মাতাৰ ভিতৰত পৰিগণিত৷ বুৰঞ্জীত এনে নীৰৱ সাধনাৰ চিত্ৰ অসংখ্য পোৱা যায়৷

এইটো মূল সূত্ৰ বুলি ধৰি ল’বই লাগিব যে পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগডোখৰত সাধনা লাগিবই আৰু সেই সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা৷ সৰুৰে পৰা নিজক ডাঙৰ বোলাবলৈ যিবোৰে হৈ-চৈ কৰি ফুৰে, সেইবোৰৰ কৰ্ম-শক্তি হৈ-চৈত সাং হয়৷ পিছলৈ আৰু একো শক্তি বা উৎসাহ নাথাকে৷

ভীমৰ গদা ঘূৰাবলৈ হ’লে আগেয়ে ভীমৰ বল অৰ্জন কৰি ল’ব লাগে৷ এইটো যে মানুহে নুবুজে, এনে নহয়৷ কিন্তু বৰ্তমান ডেকা-গাভৰুসকলৰ মাজত এই কৃত্ৰিম অধৈৰ্য্যই দেখা দিছে৷ তেওঁলোকে নিজৰ জীৱনৰ দায়িত্বৰ ফালে আওকাণ কৰি ৰাইজৰ মংগলৰ দায়িত্বৰ কথাত বেছিকৈ মন দিয়ে৷ কিন্তু ৰাইজৰ মংগল সাধনা যে ভীমৰ গদা, শৰীৰত বল নহ’লে তাক দাঙিব নোৱাৰি, সেইটো পাহৰি যায়৷ ফলত হয় শক্তিৰ অপব্যৱহাৰ হয়৷

বিশেষকৈ ছাত্ৰ সমাজত এইটো খেলাৰ বেছি খেল দেখা যায়৷ কেতবোৰ অৰ্থনৈতিক-ৰাজনৈতিকি দলে নিজৰ স্বৰ্থৰ কাৰণে ছাত্ৰৰ অমূৰ্তক শক্তি প্ৰয়োগ কৰিবলৈ সুবিধা বিচাৰে৷ তেওঁলোকে আপঁইতা বিদ্যা-বুদ্ধিৰ ছাত্ৰসকলক নেতা, দেশ-সেৱক, দেশপ্ৰেমিক আদি আখ্যা দি ভুলাই নিজৰ কামত লগোৱা দেখা গৈছে৷ ইয়াৰ পৰা ছাত্ৰ সমাজত কৃত্ৰিম অশান্তিৰ উদয় হৈছে আৰু ছাত্ৰৰ সাধনা আৰু অধ্যয়নত অভাৱনীয় ৰূপে বাধা পৰিছে৷

ফলত পৰীক্ষা ঘৰতো দুৰ্নীতিয়ে সহজে গা কৰিব পাৰিছে৷ আনফালে আমাৰ বহল সামাজিক জীৱনত অপৰিপক্ক চিন্তাৰ ধাৰাই জাতীয় জীৱনৰ সকলো ক্ষেত্ৰতেই খেলি-মেলি লগাই দিছে৷ আজিকালি ছাত্ৰৰ মাজত যিবোৰ আন্দোলন চলে, তাৰ ভিতৰত নিজৰ দায়িত্বৰ ওপৰত চকু নাৰাখি নিজৰ বৰ্তমান কৰ্তব্য নকৰি কাল্পনিক স্বত্বৰ বাবে হাঁহাকাৰ কৰা দেখা যায়– যেন কোনোবাই তেওঁলোক ছাত্ৰৰ স্বত্বৰ পৰা বঞ্চিত হৈ পৰিছে৷ সমাজৰ এই মূল দোষৰ শুধৰণি হ’বলৈ হ’লে ছাত্ৰসকলক নিজৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়া ভাল হ’ল– নীৰৱ অধ্যয়নৰ ভিতৰেদিহে তেওঁলোকে কাল্পনিক স্বত্ব বা আদৰ্শৰ সপোন দিঠকত পৰিণত কৰিব পাৰিব৷

শাস্ত্ৰত আছে ‘যোগ্য-ভোগ্য বসুন্ধৰা'। পৃথিৱী যোগ্যৰহে ভোগ্যৰ স্থান৷ অনন্ত ধৈৰ্য্যশীল পৃথিৱী বুকু উদং কৰি পৰিয়েই আছে৷ ছাত্ৰসকলৰো গোটেই জীৱনৰ বাট আগত জিলিকি আছে, লাগে মাঁথোন যোগ্যতালৈ অপেক্ষা৷ এই অপেক্ষা খুৰৰ ধাৰৰ নিচিনা মণিব নোৱৰা, পৰ্বতীয়া বাটৰ দৰে পিছল৷ যিবোৰে অপেক্ষা কৰিব নোৱাৰে, সিবোৰে নৈতিক আত্মঘাতী হৈ শেষ বয়সত অকৰ্মণ্য হয় আৰু যিবোৰ সাধনাত সিদ্ধি হয়, তেওঁলোকে নিজৰ আৰু জাতীয় জীৱনৰ মংগল সাধনা কৰে৷

মৌ-মাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌ-চাক নিৰ্মাণ কৰে, সেই চাকৰ কিমান আদৰ। মকৰাই কিন্তু নিজৰ পেটৰ পৰা বিজলুৱা এঠা উলিয়াই জাল বয়৷ তিৰোতাই বাঢ়নীৰে সেই কৃত্ৰিম সূতাৰ জাল সাৰি পেলায়৷ নীৰৱ সাধকসকল মৌ-মাখিৰ নিচিনা হ’ব লাগিব৷ তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য-বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌ-চাক গঢ়ি তুলিব লাগিব৷ সেই মৌ-চাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব৷

যোগ্য পুৰুষৰ স্থান সমাজত কেতিয়াও নেহেৰায়; ‘গুণাঃ পূজাস্থানং শুনিষু, ন চ লিংগং ন চ বয়ঃ'। গুণী পুৰুষসকলৰ আদৰণীয় স্থান গুণ, জাতি, ধৰ্ম, বয়সভেদে পৰিচয় নহয়৷ আধুনিক ভাৰতত প্ৰথম এফ্‌আৰএচ্‌ ৰামানুজনৰ জীৱনী চাবলগীয়া৷ তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষা পাছ কৰি দুখীয়া অৱস্থাৰ কাৰণে কৰপ'ৰেশ্বন অফিছত কেৰাণীৰ কামত সোমায়৷ তেওঁৰ অঙ্কশাস্ত্ৰত বিশেষ ৰাপ দেখি বিশ্ববিদ্যালয়ৰ গৰাকীসকলে তেওঁৰ মেধাৰ কথা চৰকাৰৰ কাণলৈ আনে৷

চৰকাৰেও তেওঁক বৃত্তি এটি দি কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ অংকশাস্ত্ৰৰ গৱেষণাৰ কাৰণে পঠিয়ায়৷ তেওঁ অদ্বিতীয় প্ৰতিভাৰ কাৰণে ভাৰতীয় বিজ্ঞানবিদসকলৰ ভিতৰত প্ৰথম এফ্‌আৰুএচ্‌ হয়৷ এফ্‌আৰুএচ্ বিজ্ঞান জগতত অতি সন্মানৰ উপাধি লাভ কৰে প্ৰথম মিউনিচিপাল অফিচৰ কেৰাণী এজনে৷ তেওঁৰ পিছতহে ছাৰ জগদীশচন্দ্ৰ আদিয়ে এই উপাধি লাভ কৰে৷ এনে নীৰৱ সাধনা৷

চিকিৎসা-শাস্ত্ৰত শোথ নামে এটি ৰোগ আছে৷ পৰিপাক শক্তিৰ তেজ কমি শৰীৰত পানী জন্মে আৰু শৰীৰ মোটা হয়৷ বাহিৰৰ পৰা শকত হোৱা মানুহক স্বাস্থ্যৱান বুলি ভাবিলেও এই পানীৰ ভাৰে মানুহজনক ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ টানি নিয়ে৷ তেজৰ বলত যি মানুহ শকত-আৱত হয়, সিয়ে স্বাস্থ্যৱান৷ সেইদৰে যিবোৰ ডেকা-গাভৰুৱে নৈতিক বা সামাজিক জীৱনত আগৰ গতানুগতিক বচন কিছুমান গাই নিজক প্ৰভাৱশালী বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে, সেইবোৰক নৈতিক বল দহজনে স্বীকাৰ কৰিব৷ আনৰ যোজনা যদি নৈতিক তেজেৰে নিজৰ কৰি ল’ব নোৱাৰে, তেনেহ’লে ই তেওঁলোকক নৈতিক আওমৰণৰ বাটলৈকে টানিব৷

দহজনৰ উপকাৰ নালাগে নিজৰ গৌৰৱ আৰু ভোগৰ বাবেও নীৰৱ সাধনা লাগে৷ আমাৰ পুৰণি শাস্ত্ৰবোৰৰ উপাখ্যানলৈ চোঁৱা৷ নৰকাসুৰ, ৰাৱণ আদি দানৱ, দৈত্যসকলেও নিজৰ মহিমা আৰু ভোগৰ ক্ষেত্ৰ বঢ়াবলৈ জীৱনৰ এডোখৰ কালত ইষ্টদেৱতাৰ সাধনাত মগ্ন আছিল৷ তেওঁলোকৰ কি কঠোৰ তপস্যা৷ জাৰৰ দিনত এবুকু নৈৰ পানীত মন্ত্ৰ উচ্চাৰণ কৰি আৰু জহৰ দিনত চাৰিওফালে জুইশালৰ মাজত বহি মন্ত্ৰ সাধনা কৰিছিল৷ খোৱাৰ ভিতৰত গছৰ ফল আৰু আলু৷

সেইদৰে যুগ-যুগান্তৰ তপস্যাৰ পিছতহে ইষ্টদেৱতাই তুষ্ট হৈ অভীষ্ট সিদ্ধিৰ বৰ দিয়ে৷ সিদ্ধিৰ পথত সাধনাৰ মাজেদি যাবই লাগিব৷ বয়স আৰু অৱস্থাভেদে মানুহৰ সাধনাক্ষেত্ৰ বেলেগ৷ দৈত্য-দানৱৰ তপস্যা-প্ৰণালী ছাত্ৰৰ প্ৰণালী নহয়৷ শাস্ত্ৰই নিৰ্দেশ কৰিছে ‘‘ছাত্ৰানাম্‌ অধ্যয়নঃ তপঃ'। ছাত্ৰৰ তপস্যা অধ্যয়ন৷

যিবোৰে নিজক ছাত্ৰ বুলি ভাবে, তেওঁলোকে অধ্যয়নত থাকিব লাগিব৷ কিন্তু যদি কোনোবাই নিজক বেলেগ বুলি ভাবে, তেন্তে আন আন প্ৰণালী অৱলম্বন কৰিব৷ কিন্তু ছাত্ৰ বুলি নিজক পৰিচয় দি আত্মপ্ৰৱঞ্জনা বা লোক-প্ৰবঞ্চনা কৰিব নালাগে৷

মুঠৰ ওপৰত যিবোৰ সাময়িক বতাহৰ কোবত নিজক বেলুনৰ দৰে বেপাৰীৰ দোকানৰ জৰিত আঁৰি থ’বলৈ অমান্তি হৈ নিজৰ আদৰ্শ আৰু লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে– তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যৎ আশাৰ থল৷

বতাহত ওফন্দি উঠা বেলুনবোৰ ল’ৰা-ছোৱালীৰ ধেমালিৰ বস্তু– সমাজৰ কোনো কামতে নালাগে৷।