চন্দ্ৰকান্ত অভিধান


Image Description

চন্দ্ৰকান্ত অভিধানৰ বিশেষত্ব

এই অভিধানত ‘হেমকোষ’ত থকাৰ বাজেও বহুত নতুন আৰু পুৰণি শব্দ সোমাইছে৷ ইয়াৰ শব্দৰ মুঠ সংখ্যা ৩৬,৮১৯৷ ‘হেমকোষ’ত নথকা, কিন্তু ভাষাত প্ৰচলিত থকা অনেক শব্দ, অনেক হিতৈষী লোকৰ পৰা অৰ্থ দি আৰু অনেকৰ অনুগ্ৰহৰ মূৰতে এই অভিধানলৈ গোটাই অনা হৈছিল৷

এই কামটোত শ্ৰীযুত সন্দিকৈ ডাঙৰীয়াই নথৈ পৰিশ্ৰম কৰিলে৷ তেনেকুৱা বহুত শব্দ তেখেতে নিজে বিচাৰি উলিয়ালে; আৰু তেখেতৰ ভাৰ্য্যা শ্ৰীযুতা নাৰায়ণী আইদেৱেও তেখেতক এই কামত অনেক সহায় কৰিছিল৷ শব্দৰ অৰ্থত বাজেও, অভিধানত দিয়া প্ৰাণীতত্ত্ব, উদ্ভিদতত্ত্ব আদি বিজ্ঞানৰ কথাবোৰ, আৰু ভালেমান পদাৰ্থৰ দ্ৰব্যগুণ, ব্যৱহাৰ আৰু প্ৰস্তুত-প্ৰণালী আদি, আৰু জানিবলগীয়া অনেক পুৰণি কথা অকল তেখেতৰ গুণতেহে ইয়াত ভুক্ত হ’বলৈ পাইছে৷ এইবাবে তেখেতে বহুত কিতাপ-পুথি আৰু কাগজ-পত্ৰ পঢ়িবলগীয়া হৈছিল৷

নতুন আৰু পুৰণি ভাল ভাল বুৰঞ্জী আদি পুথি পঢ়ি, ‘হেমকোষ’ত নথকা শব্দবিলাক গোটাবলৈকো তিনিজন কৰ্ম্মচাৰী নিযুক্ত কৰা হৈছিল৷ তেওঁলোকে সংগ্ৰহ কৰা শব্দবোৰ অভিধানত ভৰাই দিয়া হৈছে৷ যিবিলাক শব্দ অকল পুৰণি পুথিতহে পোৱা যায়, সেইবিলাকৰ অৰ্থ লিখোঁতে, ‘পুথি’* বুলি উল্লেখ কৰি উদাহৰণ স্বৰূপে ঠায়ে ঠায়ে পুথিৰ পদো তুলি দিয়া হৈছে৷ সেইবোৰ শব্দৰ আখৰ-জোঁটনিও পুথিত পোৱামতেই থোৱা হৈছে৷ কিন্তু, কেতিয়াবা একেটা শব্দকে একেখন পুথিৰে বেলেগ বেলেগ ঠাইত বেলেগমতে, নতুবা ভিন ভিন পুথিত ভিনমতে লিখা পোৱা যায়, যেনে, ছণ্ড, ছিন্দ; মাৰি, মাৰী, মাড়ী ইত্যাদি৷

পাকৈত বঙ্গালী সাহিত্যিক একোজনে ইংৰাজী আদি কোনো কোনো বিদেশী শব্দৰ হৈ নিজৰ ভাষাৰে নতুনকৈ একোটা বঙ্গলা শব্দ গঢ়ি লৈ নিজ ভাষাক চহকী কৰিছে৷ আমাৰ অনেক লেখকে তাকে অসমীয়া লিখাত হুবহু সুমুৱাই লৈ অসমীয়া কৰিবলৈ ধৰিছে৷ তেনে কৰিলে ভাষা বিজতৰীয়া হয়৷ তেনে শব্দবোৰক, নিজ ভাষাৰ সাঁচত মাৰি ল’লেহে ভাষা চহকী হয়৷ এই নীতিমতেই, এই অভিধানত ‘আকাশী-জাহাজ’ [air-ship], ‘বিপদ-বন্তি’ [beacon-light], ‘ভুমুকি-বন্তি’ [search-light] আদি কোনো কোনো ন-কৈ সজা অসমীয়া শব্দ সুমুওৱা হৈছে৷

কিন্তু স্কুল, কাছাৰী, ৰেল, ষ্টেছন, পেঞ্চিল আদি কিছুমান ইংৰাজী, ফাৰ্চী, আৰবী আদি বিদেশী শব্দ, বিদেশী সাজেৰেই অসমীয়াত সোমাই পৰিল, আৰু তাৰ অৰ্থও অসমীয়া মানুহ সকলোৱে বুজিব পৰা হ’ল৷ তেনেবিলাক শব্দক সেই সাজেৰেই ইয়াতো সুমুওৱা হৈছে৷ খণ্ড-বাক্যৰ দৰে জতুৱা ঠাঁচৰ যুক্ত শব্দবোৰো যিমান পৰা যায় ইয়াত ভুক্ত কৰা হৈছে৷

অকল নামনিত প্ৰচলিত শব্দবোৰ ‘হেমকোষ’ত ‘নামনি’ বা ‘কামৰূপ’ বুলি লিখা আছে৷ সাহিত্য-সভাৰ আদেশমতে, এই অভিধানত সেই প্ৰথা তুলি দিয়া হৈছে৷ অনেক শব্দৰ বিষয়ে জানিবলগীয়া লাগতিয়াল মূল কথাবোৰৰো ইয়াত চমুকৈ উল্লেখ কৰা হৈছে৷

অসমীয়া ভাষাৰ অনেক শব্দৰ মূল উলিয়াবলৈ টান হৈ পৰিছে৷ গতিকে কোনো কোনো শব্দৰ মূল দিয়া হোৱা নাই৷ দিয়াৰ ভিতৰতো, কোনো কোনো ঠাইত অশুদ্ধও ওলাব পাৰে; কিয়নো, মূল নিৰ্ণয় কৰিবলৈ গৈ, কেতিয়া বিমোৰত পৰিব লাগে৷ এই কামলৈ অনেক ভাষাত পাৰ্গতালিৰ প্ৰয়োজন৷i

এইখিনিতে আৰু এটা কথা কোৱাৰ প্ৰয়োজন৷ ভাষা জতুৱা ৰাখিবলৈ হ’লে, যিমান পাৰি, নিজা ভঁৰালৰ শব্দহে ব্যৱহাৰ কৰা উচিত৷ বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নহাটো ধোঁৱাখুলীয়া লক্ষণ৷ অসমীয়া পুথি, বুৰঞ্জী আদিত থকা উপযুক্ত ভাল ভাল শব্দবোৰ বিচাৰি নুলিয়াই, কণামুনাকৈ একোটা বিদেশী শব্দ আমাৰ ভাষাত সুমুৱাই লোৱাটো বেয়া কথা৷ যেনে, ইংৰাজী procession শব্দৰ অৰ্থত, আজি-কালি অনেক অসমীয়া লিখকে, লোকক দেখি, ‘শোভাযাত্ৰা’ শব্দটো ব্যৱহাৰ কৰিবলৈ লৈছে৷ কিন্তু সেই পদটো procession শব্দৰ সকলো ভাবৰ অৰ্থত নেখাটে; শ্মশান-যাত্ৰাক ‘শোভাযাত্ৰা’ বোলাটো অশোভন হ’ব৷ তাতকৈ ‘কীৰ্ত্তন’ত আৰু আন আন পুৰণি পুথিত থকা আমাৰ নিজ ভাষাৰ ‘সমদল’ শব্দটো বেছি ব্যাপক ভাবৰ৷ ই procession শব্দৰ সকলো ভাব সামৰি ধৰে৷ অসমীয়া লিখাত পৰাপক্ষত সৰহকৈ সংস্কৃত ব্যৱহাৰ কৰা অযুগুত; কাৰণ, যিমানে আন আন ভাষাৰ শব্দক ঠাই দিয়া যায়, সিমানে আমাৰ ঘৰুৱা শব্দবোৰ এৰা পৰে আৰু ভাষাও বিজতৰীয়া হয়৷

ত্ৰুটী

যিমানেই যত্ন কৰা হওক লাগিলে, অভিধানৰ কামৰ আঁৰ মৰাটো এক প্ৰকাৰ অসম্ভৱ৷ অভিধান বুলিলেই অনেক শব্দ এৰা পৰি যোৱাৰ সম্ভৱ৷ এই অভিধানতো অনেক আসোঁৱাহ ৰৈ যোৱা নাই বুলি ক’ব নোৱাৰি; আৰু অনেক শব্দ এৰাও পৰিব পাৰে৷ ইয়াৰ আঁচনি চাবলৈ অসমীয়া, বঙ্গলা, সংস্কৃত, হিন্দী আৰু ইংৰাজীত ব্যুৎপত্তি থকা এগৰাকী অসমীয়া সাহিত্যিকক নিযুক্ত কৰা হৈছিল৷ আৰু ছপাখানাৰ আৰ্হি-কাকতবোৰ তেওঁ তিনি-চাৰি বাৰকৈ শুধৰাই দিয়াৰ পাছতো আকৌ এবাৰ সন্দিকৈ ডাঙৰীয়াই নিজেও চাই দিছিল৷ ইমানতো, এনে এখন বিৰাট গ্ৰন্থত কিছুমান ভুল যে ৰৈ যোৱা নাই¸ তাক আমি ক’ব নোৱাৰোঁ৷ স্বদেশ-হিতৈষীসকলে নিজৰ বস্তু বুলি, এই অভিধানৰ তেনেবিলাক ত্ৰুটী-প্ৰমাদ মানা কৰিব যেন৷

সামৰণি

এই অভিধানৰ অৰ্থে সন্দিকৈ ডাঙৰীয়াৰ বিষম খাটনিলৈ চালে বাস্তৱিকতে বিস্ময় মানিব লাগে৷ তেখেতে ইয়াৰ বাবে যতখিনি ডাঙৰ ডাঙৰ কিতাপ লুটিয়ালে, জাপে জাপে যতবোৰ কাগজ লিখিলে, লোকে লিখা যতবোৰ বহী ঘূৰাই ঘূৰাই পঢ়িলে, ছপাখানাৰ আৰ্হি-কাকত শুধৰালে– মুঠতে ১৯২৩ চনৰে পৰা আজি এই ন-দহ বছৰ জুৰি বয়সিয়াল অসুস্থ দেহাৰে যি অগাধ পৰিশ্ৰম কৰিলে, অৰ্থ-দানৰ কথাকে নকওঁ, তেখেতৰ অকল সেই পৰিশ্ৰমৰে ধাৰ পৰিশোধ কৰাটো টান কাম৷

তেখেতৰ নেৰা-নেপেৰা পৰিশ্ৰমৰ গুণতহে এই অভিধান ইমান দিনতে ওলাব পাৰিছে৷ আৰু এটা কথালৈ লক্ষ্য কৰা উচিত৷ ৰায়বাহাদুৰ সন্দিকৈ ডাঙৰীয়াই এই প্ৰকাৰে নকৰি আন অনেক উপায়েৰে আৰু গাৰে নখটাকৈও পুতেক, দুটিৰ সোঁৱৰণি-চিন ৰখাব পাৰিলেহেঁতেন; কিন্তু তেখেতে এই ত্ৰিশ হেজাৰকৈ ৰূপ সাহিত্যৰ অৰ্থেহে ভাঙিবলৈ মন মেলিলে; আৰু এই কাৰ্য্যৰ বাবে আজি দহ বছৰ কাল জুৰি হাড় ভঙা কঠোৰ খাটনি খাটিলে৷ ই কেৱল সাহিত্যত তেখেতৰ অপাৰ অনুৰাগ আৰু মাতৃ-ভাষা আৰু মাতৃ-ভূমিলৈ ঐকান্তিক ভক্তিৰ যুগমীয়া নিদৰ্শন৷

‘চন্দ্ৰকান্ত অভিধান’ৰ পৰা দাতাই শান্তি পাওক আৰু অসমীয়া সাহিত্য চহকী হওক– সাহিত্য-সভাৰ এয়ে অন্তৰৰ অভিলাষ৷

শ্ৰীদেবেশ্বৰ চলিহা

প্ৰধান সম্পাদক, অসম সাহিত্য সভা

যোৰহাৰ

২৮ ফেব্ৰুৱাৰী, ১৯৩৩ ছন

* দ্বিতীয়-তৃতীয় সংস্কৰণত এনেবোৰ শব্দ পু. অ. অৰ্থাৎ পুৰণি অসমীয়া বুলি মাত্ৰ নিৰ্দ্দেশ কৰা হৈছে৷।