লোক-সংস্কৃতিত পথাৰ, ভঁড়াল, ঢেঁকীশাল


Image Description

(১)
শিল্পযুগৰ সঙ্কুচিত পথ আৰু কৃষিযুগৰ উন্মুক্ত পথাৰ! পথাৰ, য’ত চকুৰ স্বপ্ন, মনৰ আকাংক্ষা, জীৱন ধাৰণৰ ঐশ্বৰ্য্যই ৰূপ জিলমিল হৈ নাচে ৷ পথাৰ অসমীয়া জন-জীৱনৰ জীৱন৷

মনৰ উদাৰতা দিয়ে মুকলি পথাৰে, সজীৱতা দিয়ে পথাৰৰ সেউজীয়া কোমল শস্যই, প্ৰাণলৈ যৌৱনৰ স্বৰ্ণময় মুহূৰ্ত আনি দিয়ে তাৰ উন্মুক্ত নিৰ্জন, মোহময় পৰিবেশ: ‘বহলকৈ পথাৰত ধান দাই আছিলে, হাতত চিকেমিকে কাঁচি, ৰূপে তিৰেবিৰে দাৱনী গাভৰু লওঁ কোনজনী বাছি৷’

জীৱনলৈ স্থায়ী নিশ্চিন্ততা আনি দিছে পথাৰৰ সোণালী ঐশ্বৰ্য্যই: ‘তুমি কৰি যাবা ৰোৱনী-দাৱনী, মইনো বাই যাম হাল৷’ মাটি আৰু জীৱনক নিবিড় নিবিড় কৰি দিয়া সেই পথাৰ!

মৰমৰ কটা তামোলখন চেনেহৰ জনক দিবলৈ পথাৰত ধান দাই থাকোঁতে সুযোগ: ‘থুৰিয়াই কাটিলোঁ তামোল তিনিখনি, নুৰিয়াই বান্ধিলোঁ পাণ, পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ ক’তে দাই আছিলা ধান৷’

প্ৰিয়জনক চেনেহৰ ফুলাম বতৰা দিওঁতেও পথাৰৰ ছবিখনহে মনৰ আগলৈ সাউৎ কৰে আহে: ‘ৰিৱ ৰিৱ কৰি বতাহজাকি মাৰিলে শালিধানে মেলিলে থোৰ, তোমাক মোৰ পৰা কোনে আঁতৰাব বিধতাই পাতিছে যোৰ৷’

জীৱনৰ লগৰী কৰি কাৰোবাক আনিবৰ মন থকা সত্ত্বেও বিয়াৰ বাবে যদি যোৰা নমৰে তেনেহ’লে খেতিৰ প্ৰধান আহিলা গৰু হালনো ক’লে গৈছে! ‘হালেৰে বেচিম মই ক’লা কজলা, গোহালিৰ বেচিম মই গাই৷’

বুকু ভগা বিৰহৰ তীব্ৰ যাতনা বুজাবলৈও যেতিয়া ৰিজনিয়েই মনলৈ আহে: ‘দলনি-পথাৰৰ খেতি কৰিছিলোঁ ভঁড়াল ভাঙি খালে চোৰে’ বা ‘হাত মেলি দাবলৈ নেপালোঁ পথাৰৰ মাগুৰী ধান৷’

ধাননি পথাৰখনৰ লগত সাঙোৰ খাই থকা হাল, গুৰু, মৈ যুৱলি, কঠীয়া, কাঁচি, বিৰিয়া, দোণ, কুলা, চালনী, ঢেঁকী, ঢেঁকী থোৰা, খুবলি, ভঁড়াল, ধান বহোৱা জঁকা, মৰণা, আখৈ-চিৰা, সান্দহ-পিঠাৰ উল্লেখ বিভিন্ন লোকগীত, লোকবিশ্বাস আৰু যোজনা-ফকৰাত মিহলি হৈ অসমীয়া সংস্কৃতিৰ নিভাঁজ পৰিচয় বহন কৰিছে৷

চহ্‌ শব্দৰ পৰা চহকী শব্দৰ উৎপত্তি৷ গাঁৱত ‘যাৰ নাই ধান, তাৰ নাই মান’, ‘যাৰ নাই গৰু সি সবাতোকৈ সৰু৷’ খেতিৰ গৰুলৈও অজস্ৰ ফকৰা-যোজনা! ‘গৰু কিনিবা ৰিংটোৰ, ছোৱালী আনিব দিনটোৰ৷’ ‘চোৰে নিয়া বুঢ়া গৰুৰ বাটে বাটে ঘাঁহ৷’ ‘উমৈহতীয়া বুঢ়া গৰু বাহী শ হোৱা৷’ ‘বুঢ়াই-ডেকাই দুহাল বাবা, তপতে পইতাই দুসাঁজ খাবা৷’

অসমীয়া হিন্দু সমাজত গৰুক লক্ষ্মী বুলি গণ্য কৰা হয়৷ বহাগ বিহুৰ প্ৰথম দিনটোত গৰু বিহু; গৰুক নোৱাই-ধুৱাই পঘা দি পিঠা খুৱাই আদৰ কৰাৰ উপৰি গোহালিত অশুচি গাৰে নোসোমোৱা, নতুন গৰু ঘৰলৈ আহিলে প্ৰথমেই গৰুৰ ভৰি ধুওৱা আদি প্ৰথাও উল্লেখযোগ্য৷

সেইদৰে অসমীয়া লোক-সাহিত্যত হালৰ উল্লেখো আছে৷ ‘হাল মৰকীয়া, ফাল মৰকীয়া, বিধান মৰকীয়া পৰৰ; বুটি নাঙলখন খুজি আনিছোঁ দলিবাৰীটোহে ঘৰৰ৷’ ‘ৰাতি জুহালত সাত হাল বোৱা’ যোজনাও অসমীয়া এলেহুৱা স্বভাৱৰ পৰিচায়ক৷

অঁকৰা মৈত উঠা, চল চাই কঠীয়া পৰা, ৰ’দ থাকোঁতেই ধান শুকুওৱা, ধানটোৱে প্ৰতি কণটো, কোনো কোনো পাকত ঢেঁকীথোৰাও সোমায় নাকত আদি এশ-এবুৰি যোজনা-ফকৰাৰে অসমীয়া সাহিত্য উপচি আছে৷

বিহু গীতত 'ধান বহাবৰে ঘুটঙা জকাটি', 'চাউল চালিবৰে সেৰেঙা চালনী' 'বকুল বৰাধানৰ আখৈ ভাজিছিলোঁ৷’, ‘বকুল বৰাধানৰ কৰাই’, ‘উৰিয়ামৰ খুবলি চাৰি আঙুলি মুকলি’ আজি অজস্ৰ অসমীয়া জীৱন-যাত্ৰাৰ তথা কৃষ্টিৰ পৰিচয় জিলিকি আছে৷

বিয়া-নামতো সেইদৰে ‘ৰঙা ধানৰ বগা চিৰা, সৰল কাঠৰ থোৰা, আইদেউতকৈ দৰা পালে বাপেকতকৈ বুঢ়া৷’ ‘আমাৰ আইদেউ নিচেই কুমলীয়া ধৰিব নেজানে কুলা৷’ ‘চালিব নেজানে কেঁচা পিঠাগুড়ি হাতত পানীজোলা বান্ধে।’ আদি বিয়া-নামত থোৰা, কুলা-চালনী, পিঠাগুড়ি আদিৰ উল্লেখে অসমীয়া জীৱন ধাৰণৰ ছবি স্বৰূপাৰ্থত বহন কৰিছে৷

অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিবেশনেৰে পথাৰ, ভঁড়াল আৰু ঢেঁকীশাল সজীৱ৷ খেতি পানীৰ বাবে প্ৰাকৃতিক শক্তিৰ কৰুণা বিচাৰি ভেকুলী-বিয়া পতা, চোতালত লোকৰ ঘৰৰ পৰা চুৰিকৈ অনা ঢেঁকী ওলোটাই থোৱা, বাঘধেনু বজোৱা, বানপানী বন্ধ কৰিবৰ বাবে নদীকে তামোল দি সেৱা কৰা, পানী অৰ্থাৎ নদী, বিল, পুখুৰীত চাকি দিয়া প্ৰথাই অসমীয়া সংস্কৃতি বিচিত্ৰ কৰি তুলিছে৷

(অহা সংখ্যাত সমাপ্ত)