উদং বাকচ


Image Description

এইখিনি সময়ত সাধাৰণতে কোনো মানুহ শুই নুঠে৷ শ্মশানৰ আশে-পাশে নতুনকৈ উঠি অহা মানুহবোৰো ইমান পুৱা শুই নুঠে৷

তৰাদৈৰ চালিখনৰ সন্মুখৰ হিজলজোপাত পৰি বুলবুল চৰাই কিছুমানে কিচিৰ-মিচিৰ কৰি আছে৷ কিছু আগেয়ে ব্ৰহ্মপুত্ৰৰ পূব হালধীয়া ঠোঁটৰ সৰু বকৰ শাৰী এটাই কক্‌ কক্‌ শব্দ কৰি উৰি গৈছিল৷

শ্মশানত মানুহ পোৰা গোন্ধৰ লগত দূৰৈত থকা কাজী নেমু ফুলৰ গোন্ধ মিহলি হৈ এক অদ্ভুত গোন্ধৰ সৃষ্টি কৰিছে৷

তৰাদৈয়ে বাহিৰলৈ ওলাই আহি দেখিলে– শ্মশানৰ খৰি বেপাৰী হয়বৰে আজিও হিজলৰ তলত থিয় হৈ আছে৷ ক’লা হাফপেণ্টৰ তলেৰে ওলাই থকা তাৰ ভৰি দুখন স্পষ্ট হৈ পৰিছে, তাৰ বগা দাঁত দুপাৰি কুঁহিয়াৰৰ চোবাই এৰা সিটা এটুকুৰাৰ দৰে জিলিকি আছে৷

তৰাদৈয়ে তাক দেখি লৰ মাৰি ভিতৰ সোমাল। মুখৰ ভিতৰতে তাই ভোৰ-ভোৰালে–

– কি বাকী আছে? শুকান হাড়কেইডাল চেলেকিবলৈ যে তাত ৰৈ আছে৷

সি কোৱা কথা কিছুমান ঠহ-ঠহকৈ তৰাদৈৰ কাণত বাজিল–

তোৰ সেই মদাহি ড্ৰাইভাৰটো জেলৰ পৰা ওলাই আহিবলৈ আৰু বহু সময় আছে, কি ঠিক সি ওলাই আহিব পাৰে নে নোৱাৰে৷ এটা নহয়, দুটা মানুহক সি গাড়ীৰে খুন্দিয়াই মাৰিছে৷ মদৰ জালত মৰা বুলি প্ৰমাণ হৈ গৈছে৷ মই সহায় কৰিম৷ মই সহায় কৰিম৷ এবাৰ মাথোঁ ৰাতি তই দুৱাৰ খুলি থ’বি৷ তোৰ ল’ৰা দুটাই অন্ততঃ নাখাই নমৰে৷

এই দুৱাৰ খুলি থোৱাৰ আশাত এন্ধাৰে-পোহৰে সি আহি হিজলৰ তলত ৰৈ থাকে৷ তাৰ মূৰৰ ওপৰত হিজলত বহি ফুলৰ ৰস খোৱা চৰাইবোৰে কিচিৰি-মিচিৰ কৰি থাকে৷

কিছু সময়ৰ পাছত তৰাদৈয়ে আকৌ এবাৰ পদূলিৰ মূৰলৈ গৈ চালে৷

– নাই, এইবাৰ হাফপেণ্ট পিন্ধা মানুহটো হিজলৰ তলত নাই৷

যিবোৰ মানুহে লুকাই-চুৰকৈ তাই শ্মশানৰ পৰা তুলি অনা কাঠৰ বাকচটো চাবলৈ আহিছিল সেইবোৰৰ মাজত এই মৰাক খৰি দিয়া হয়বৰ নামৰ মানুহটো নাছিল৷

তৰাদৈয়ে জুমি জুমি চালে৷ এতিয়াও কোনোবাই জুমা-জুমি কৰি আছে নেকি? কি মানুহ এইবোৰ? উঃ কি মানুহ? খাবলৈ নোপোৱা কুকুৰৰ দৰে ইটোৱে সিটোৰ গা শুঙি চাব খোজে৷

নিধকহঁত, গাৰ কানি-কাপোৰ আঁজুৰি একেবাৰে নাঙঠ কৰিব খোজে৷ সেইদিনা চ’ক বজাৰৰ জমিদাৰটো মৰিল, জমিদাৰে ব্যৱহাৰ কৰা উৰিয়াম কাঠৰ পালেংখনত চকীদাৰ হলধৰৰ সেই প্ৰেতনীৰ দৰে ঘৈণীয়েকে নুশুৱেনে? খৰি ফালি ভাত মোকোলোৱা শুকুৰাৰ ঘৈণীয়েকে এই শ্মশানৰ পৰা বুটলি নিয়া ঞগুড়গুড়ীটোত ধঁপাত নোহোপেনে? জ্বলি-পুৰি শেষ হোৱা মানুহ এটা ছাই ভষ্ম খেপিয়াই খেপিয়াই দুটামানে সোণৰ আঙঠিও আৱিষ্কাৰ কৰিছে৷

সেইবোৰতো কোনেও চাবলৈ যোৱা নাই৷ হয়, কোনেও খুকুৰিয়াই খুকুৰিয়াই চাবলৈ যোৱা নাই৷ ছাল ছিগা ভিকহু চকীদাৰৰ সেই প্ৰেতনীৰ দৰে মানুহজনীয়ে শ্মশানত জমিদাৰৰ বিছনাখনত কেনেদৰে শুইছে– সেই দৃশ্যও কোনেও চাবলৈ যোৱা নাই৷

জুপুৰি, চালিখন, শ্মশানৰ আশে-পাশে টিংপাত জোৰা লগাই কৰা চালিয়াত মৰা মানুহৰ এনেবোৰ বস্তু পৰি আছে৷ হয় হয়, বৰ বৰ মানুহৰ আৰামৰ বস্তুবোৰে ছাল ছিগা ভিকহুৰ ঘৰত যেন দাঁত-মুখ নিকটাই পৰি আছে– অথচ তাইৰ এই ক’লা বাকচটোৰ ওপৰত সকলোৰে চকু৷

তৰাদৈয়ে ভিতৰলৈ আহি আকৌ এবাৰ শুই থকা ল’ৰা দুটালৈ চালে৷ সিহঁতৰ বুকুৰ হাড়কেইডাল লেখিব পৰা হৈছে৷ নাইৰ তলৰ পেণ্ট কচাইৰ ঘৰত ওলোমাই থোৱা ছাগলীৰ ছালৰ দৰে ঢিলা হৈ পৰিছে৷

আহ্, সৌটো, সৌটো কাঠৰ বাকচ৷ মাজত এক যৌৱন চঞ্চল শক্তিৰ দৰে থিয় হৈ আছে৷

তৰাদৈয়ে বাকচটো হাতেৰে খেপিয়াই চালে৷ সুন্দৰকৈ কটা বকুল ফুলবোৰ একেবাৰে যেন জীৱন্ত বকুল হৈ পৰিছে৷

তাই গালখন লগাই কাঠৰ বাকচত এই ফুলবোৰ স্পৰ্শ কৰিলে৷ তাৰ পাছত মুখ মেলি থকা এই প্ৰকাণ্ড বাকচটোত আনদিনাৰ দৰে তাই কুঁচি-মুচি সোমাই গ’ল৷

বিস্ময়কৰ! বিস্ময়কৰ! তাই এক অনন্য সুখ অনুভৱ কৰি বহু সময় এই মৰাশ আনি শ্মশানত দলিয়াই থৈ যোৱা বাকচটোৰ ভিতৰত পৰি থাকিল৷ শ্মশানৰ পৰা বাকচটো বুটলি অনাৰ সময়ত কিছুমান তেজ লগা বৰফৰ টুকুৰাও তাই দলিয়াই পেলাবলগীয়া হৈছিল৷ সেই কথা তাইৰ যেন মনত নাছিল৷

বাকচটোৰ ভিতৰৰ পৰা তৰাদৈৰে ফেকুৰি, ফেকুৰি কন্দাৰ আৱাজ শুনা গ’ল৷

কিছু সময়ৰ পাছত প্ৰচণ্ড শব্দ কৰি এখন পুলিছৰ গাড়ী তাইৰ এই জুপুৰিটোৰ আগেৰে পাৰ হৈ গ’ল৷ এইফালে সাধাৰণতে কোনো গাড়ী নাহে৷ পুলিছৰ গাড়ীহে আহে৷ গুলী খাই মৰা মানুহৰ শ হেণ্ডঅ’ভাৰ আৰু চাৰ্টিফিকেটবোৰ সঠিক আছিলনে? চকিদাৰে ৰিপ’ৰ্ট দিয়া মতে হস্পিতালৰ হেণ্ডঅ’ভাৰ চাৰ্টিফিকেট নোহোৱাকৈ কোনোবাই জাৰজ সন্তান এটা পুতি থৈ গ’ল– এইবোৰৰ খবৰ ল’বলৈ হ’বলা আহিছে৷

সাতগাঁৱৰ দেহ-ব্যৱসায়ী তিৰোতাবোৰৰ ব্যৱসায়ো ইয়াত দহৰম-মহৰম হৈ উঠিছে৷ যেন মৰাশ যিমানেই জ্বলিছে সিহঁতৰ মাংসৰ উত্তাপ সিমানেই বৃদ্ধি হৈছে৷ আৰু পঞ্জীয়নভুক্ত নোহোৱা মৰাশ? অনেক কথা থাকে৷ অনেক কথাৰ বাবে পুলিছৰ গাড়ী অহা-যোৱা কৰে৷ শ্মশান কমিটীৰ সদস্যসকলৰ লগত তৰ্ক-বিতৰ্ক হয়৷

পুলিছৰ জুংগাখনৰ শব্দত ধহমহকৈ তৰাদৈ উঠি বহিল৷ এই কাঠৰ বাকচটোৰ সৈতে এনেদৰে ওতপ্ৰোতভাৱে তাইৰ সত্তা জড়িত হৈ পৰা? ... হয় হয়, এইবোৰৰ কথা । এইবোৰ কথা৷ ... হায়! হায়! বাকচটোত সেন্দূৰ আৰু খোপাত মৰা ফুল সিঁচৰিত হৈ পৰি আছে৷ কালি ৰাতি তাই একেবাৰে চিৰাচিৰ হোৱা কাপোৰ দ’মৰ মাজৰ পৰা বিয়াত পিন্ধা ব্ৰাউজটো লৈ পিন্ধিছিল৷ নফটা কাপোৰৰ ভিতৰত তাইৰ সেই ব্লাউজটোৱেই বাকী আছিল৷ কেৰাচিনৰ চাকিৰ পোহৰত আইনাত মুখ চাই তাই দহ বছৰৰ আগেয়ে যেনেদৰে অত্যন্ত আগ্ৰহেৰে সাজ-পোছাক কৰিছিল, ঠিক তেনেদৰে একেবাৰে উত্ৰাৱল হোৱাৰ দৰেই মূৰ ফণিয়াইছিল৷ ফণিয়াই থাকোঁতে তাইৰ অলপো ধাৰণা নহৈছিল যে ফণিখন মাজে-সময়ে তাইৰ কান্ধ আৰু ডিঙিৰ হাড়ত লাগে৷

কোমল মাংসৰে পোত খাই থকা এই শৰীৰৰ কোনখিনিত যে এই হাড়বোৰ থাকে এই বিষয়ে তাইৰ আগেয়ে ধাৰণা নাছিল৷ এতিয়া মানুহে কয়– এই শ্মশানত থাকিবলৈ অহা জীয়া কংকালবোৰৰ মাজত তায়ো এক কংকালতেই ৰূপান্তৰ হৈছে৷ দেহ আৰু মনেৰে বাঞ্ছা কৰা প্ৰেমিকৰ সৈতে একে বিছনাতে তাই যেন ৰাতি অতিবাহিত কৰিছিল বিস্ময়কৰ এই কাঠৰ বাকচটিত... তাইৰ মূৰৰ চুলি, তেল, সেন্দূৰ– সকলোৰে দাগ একেবাৰে স্পষ্ট হৈ আছে৷

... কোনোবাই বাৰু আকৌ চাই আছে নেকি? এইকেইদিন দুৱাৰৰ ফাঁকেৰে, খিৰিকীৰে, বেৰৰ জলঙাৰে সকলোপিনেই মানুহবোৰে জুমা-জুমি কৰি আছিল৷ সৌৱা তাইৰ কাষত, নিঃপাল দি শুই থকা ল’ৰা দুটাই যেন থেনাই কৈছিল– মানুহবোৰে মনে মনে চাই থাকে!!

– মৰা মানুহ অনা বাকচত শোৱে... ছিঃ ছিঃ/ পেলাই দে, বাকচটো পেলাই দে...৷

বাকচটোৰ ভিতৰত আকৌ তৰাদৈয়ে কুঁচি-মুচি পৰি ৰ’ল৷ এই অনুভূতি... এই অনন্য অনুভূতি৷

... হঠাৎ কোনোবাই বাহিৰৰ দুৱাৰত এটা প্ৰচণ্ড গোৰ বহুৱাই দিলে৷ ধহমহকৈ উঠি থিয় হ’ল তৰাদৈ৷ কাণ থিয় কৰি তাই শুনিলে... এয়া পুলিছত কাম কৰা তাই ককায়েকৰ আৱাজ৷

– তৰাদৈ? তৰাদৈ?

তৰাদৈয়ে দুৱাৰ খুলি লগে লগে পুলিছৰ সাজ-পোছাক পিন্ধা জবৰজং মানুহটো একেবাৰে ভিতৰ সোমাই আহিল৷ থুলন্তৰ চেহেৰা, নাকৰ তলত প্ৰকাণ্ড একোছা মোছ, গধপা জোতা, হাতত এডাল মজবুত দাণ্ডা৷ কোনো পাতনি নেমেলাকৈ সোমেশ্বৰ জুপুৰিটোৰ ভিতৰলৈ গপগপাই সোমাই আহিল৷

'তোৰ খবৰ ল’বলৈ আহিব পৰা নাই৷ আজি ডিউটি পৰিছে ইয়াতেই৷ সাতগাঁৱৰ বাৰোৱাৰী তিৰোতাজনীয়ে বোলে ইয়াত একেবাৰে দফ্‌টৰ পাতি লৈছে! ধৰ্ম বুলি আৰু একো বস্তুৱে নোহোৱা হৈ গৈছে৷ সেইদিনা বৰুৱা মৰিল! মৰাশ লৈ দুয়োটা পুতেক শ্মশানলৈ আহিল। এটা পুতেকে একেবাৰে নিকা হৈ গামোচা পিন্ধি পিতাকৰ মুখাগ্নিত ব্যস্ত হৈ থাকোঁতে ভিৰৰ মাজত কোন টলকত আনটো পুতেকে গৈ বেশ্যাজনীৰ কোঠাত সোমালগৈ কোনেও তৰ্কিবই নোৱাৰিলে৷ এনেকুৱা দিন-কাল হৈছে– এনেকুৱা৷’

কথাখিনি কৈ হঠাৎ সি সমুখত সাপ দেখা মানুহৰ দৰে উচপ খাই কিছুদূৰ পিছুৱাই গ’ল৷ তাৰ পিছত স্তম্ভিত হৈ কিছু সময় সোমেশ্বৰে কাৰুকাৰ্য্য কৰা প্ৰকাণ্ড বাকচটোলৈ জলকা লাগি চাই ৰ’ল৷

বাকচটোৰ একেবাৰে ওচৰলৈ আহি সি তাৰ হাতৰ দাণ্ডাডালেৰে কিছু সময় বাকচটো টুকুৰিয়াই চালে৷ প্ৰদক্ষিণ কৰাৰ দৰে সি বাকচটোৰ চাৰিওফালে ঘূৰিও চালে৷ তাৰ পিছত সি বাকচটোৰ ওচৰত আঁঠু কাঢ়ি বহিল৷ পকেটৰ পৰা ৰুমাল এখন উলিয়াই সোমেশ্বৰে তাৰ চকু দুটা মোহাৰি ল’লে৷ বেপৰোৱাভাৱে হনহনাই সোমাই অহা মানুহটোৰ অৱস্থা যুদ্ধত হৰা সৈনিকৰ দৰে হ’ল৷ তৰাদৈলৈ চাই সি এইবাৰ স্খলিত কণ্ঠেৰে ক’লে, ‘ঘৰত পানী-দুনি আনি থোৱা আছেনে? দেচোন, মোক পানী এগিলাচ দে৷’

ঘোট-ঘোটকৈ সি পানী গিলাচ খালে৷ তাৰ পিছত তলমূৰ কৰি ক’লে, ‘মই যি ভাবিছিলোঁ সেয়ে সত্য হৈছে৷ সৰু বোপাইৰ শটো এই কাঠৰ বাকচটোতে আহিছিল৷ বিমান বন্দৰৰ পৰা অহা পৰিয়ালটোৰ লগত ময়ো একখণ্ড আহিছিলোঁ– হয় হয়, এইটোৱেই বাকচ– এইটোৱেই বাকচ৷’

হঠাৎ সোমেশ্বৰে তৰাদৈলৈ পোন হৈ চাই ক’লে–

‘তই সিহঁতৰ ঘৰত চাকৰণী আছিলি নহয়? সৰু বোপাইৰ বাপেক ঠাকুৰৰ বেমাৰৰ সময়ত এবাৰ তই তেজ-পূজৰ কাপোৰ ধুই কিমানখিনি সহায় কৰিছিলি সেই কথা সকলোৱে জানে৷ আৰু সৰু বোপা?’

এইবাৰ এই প্ৰকাণ্ড বপুৰ কনিষ্টবলটোৱে একপ্ৰকাৰ যেন ফেকুৰি ফেকুৰিয়ে কান্দিবলৈ ধৰিলে৷ এক উচ্ছৃংখল কণ্ঠেৰে সি ক’লে–

‘তোৰ লগত মোৰ মিলাপ্ৰীতি আছিল সৰু বোপাৰ৷ তোক বিয়া কৰাম বুলি সেই সময়ত একেবাৰে কঁকালত টঙালি বান্ধিয়েই লৈছিল৷ কমখন গণ্ডগোল গৈছিলনে ঠাকুৰৰ ঘৰত! শেষত উজনি অসমত ট্ৰেন্সফাৰ– আৰু এই দুৰ্ঘটনা–!'

(অহা দেওবাৰে সমাপ্ত)