লোক-সংস্কৃতিত পথাৰ, ভঁড়াল, ঢেঁকীশাল


Image Description

(২)
খেতি আৰম্ভ কৰাৰে পৰা ৰুই, তুলি, দাই-চপাই, ধান বহাই শুকুৱাই খুন্দা-ভজালৈকে বিভিন্ন আচাৰ অনুষ্ঠান আৰু সংস্কাৰ অসমীয়া গৃহস্থী এখনে মানে৷

আজৰিৰ দিনতে কঠীয়া ধান বাছি তাক বেলেগে বেলেগে ভৰিৰে মাৰিব লাগে৷ এই কঠীয়াৰ বাবে থোৱা ধানৰ মৰণী গৰুৰে মাৰিব নেপায়৷ সেই ধানত গৰু-ছাগলীয়েও মুখ দিব নেলাগে আৰু চালনী নলগোৱাকৈ কুলাৰেহে জাৰিব লাগে৷ ৰ’দত দি কুমলীয়া বাঁহৰ কাঠীৰ টোমত ভৰাই থোৱা সেই ধান পাৰিবৰ সময়ত দুৰাতি মান পানীত তিঁয়াই গজালি উলিয়াই সিঁচা হয়৷

তিথি-বাৰ চাইহে হালবোৱাও হয়৷ পথাৰত কঠীয়াৰ প্ৰথম গোছ ৰোৱা এক সৰু-সুৰা উৎসৱেই৷ প্ৰথম গোছ ৰুবৰ দিনা পথাৰৰ আলিৰ মূৰতে কচুপুলি এটা, তৰাপুলি এটা, ৰুই তাত থুৰীয়া তামোল এযোৰ দি ‘গুৰুত লগাম, ভকতত লগাম’ আই লখিমী নদন-বদন হৈ উটিবৰ কাৰণে মনতে তুলি-প্ৰাৰ্থনা কৰি প্ৰথম ৰোৱা আৰম্ভ কৰা হয়৷

ন ভূঁই ৰুবৰ দিনা শুভকাৰ্য্য বুলি পথাৰতে হালোৱা ৰোৱনীক জা-জলপান খুওৱাৰ উপৰিও ঘৰত হাঁহ মাৰি আটায়ে পথাৰত ৰুই দিয়া ওচৰ-পাঁজৰৰ ৰোৱনীৰে সৈতে ভাত খাই আনন্দ কৰে৷ ভূঁই ৰোৱা শেষ হ’বৰ দিনা, নাঙলৰ কাম শেষ হ’ব বুলি ঘৰত ‘নাঙল ধোৱা পিঠা’, বা ‘বাত পিঠা’ [কেঁচা পিঠাগুড়ি পানীৰে সানি লৈ বাঁহৰ চালনীত ঘঁহাই ঘঁহাই উতলা পানীত দিলে টান মাৰি সৰু সৰু পুলিৰ আকৃতিৰ পিঠা হয়] কৰি মিলি-জুলি খোৱা হয়৷ কিছুমানে আহিন-কাতিৰ সংক্ৰান্তিৰ দিনাও এই পিঠা খোৱা উৎসৱ পাতে৷

কাতিৰ পথাৰ সেউজীয়া শোভাৰে উপচি যায়৷ কাতি বিহুৰ দিনা ন শস্যৰ অঙ্কুৰেৰে ফলৱৰ্তী এই পথাৰ চাবলৈ যোৱা অসমীয়া কৃষকৰ অপৰিহাৰ্য্য নিয়ম৷ এই সংক্ৰান্তিত লখিমী আগমনৰ সূচনা কৰি উদং-ভঁড়ালৰ আগতো চাকি-বন্তি-নৈবদ্য আগবঢ়াই পথাৰতো এগছি বন্তি দিয়াৰ নিয়ম৷ চাওঁতে চাওঁতে অপৰূপ সেউজীয়া শোভা সোণালী ৰহণেৰে জিলমিলাই উঠে৷

ধান দাবৰ বতৰ পায়হি৷ ধানত প্ৰথম কাঁচি লগাবৰ দিনাই প্ৰথম তিনি গোছা ধান কাটি আগলি কলপাতত থৈ নতুন গামোচা এখন আৰু থুৰীয়া তামোল এযোৰ দি আই লক্ষ্মী বুলি জ্ঞান কৰি সেৱা-সৎকাৰ জনাই মূৰত তুলি আনি নিকা-ভঁড়ালত থয়হি৷

ঘৰলৈ এই প্ৰথম লখিমী আনিবৰ দিনা আনোতাই বাটত কাকো মাতবোল নকৰে, পাছলৈ উভতি নাচায়৷ সেইদিনা আনক পা-পইচা চূণ-পাণ অকণ দিলেও লক্ষ্মী যায় বুলি ভবা হয়৷ লখিমী অনাৰ দিনা ঞঘৰত ভাত নৰন্ধাকৈ থাকিবও নেপায়, ডাঙৰ মাছ আনি ভাত খোৱাহে নিয়ম৷

আঘোণ মাহত ন ধানৰ চাউল বহাই শুকুৱাই উলিয়াই প্ৰথমেই গোসাঁইলৈ বুলি অগবঢ়াই নাম এষাৰ পাতি বাৰীৰ ন শাক-পাচলি, ঘিঁউ, মৌ, মাছ-মঙহেৰে জ্ঞাতি-গোত্ৰ আনি ‘ন খোৱা’ উৎসৱ পালন কৰা হয়৷

ধান কটা শেষ হ’লেও সেইদৰে তিনি গোছা ধান আগলি কলপাতত মান-সৎকাৰেৰে আনি ভঁড়ালত সুমুৱাই পিঠাগুড়ি, মাহ-প্ৰসাদৰ নৈবেদ্য আগবঢ়াই শঙ্খ-ঘণ্টা, ধূপ-ধূনা, চাকি-বন্তি দি ‘লখিমী সুমুওৱা’ অনুষ্ঠান পালন কৰা হয়৷ লখিমী সুমুওৱাৰ দিনাও গৃহস্থই অন্য মানুহক বয়বস্তু একো নিদিয়ে৷

চোতালৰ এমূৰে চাংঘৰ কৰি সাধাৰণতে কেঁচাকৈ সজা অসমীয়া মানুহৰ ভঁড়াল গোসাঁই ঘৰৰ দৰে শ্ৰদ্ধাৰ থল, পবিত্ৰতাৰ প্ৰতীক৷ ভঁড়ালত বাহি গাৰে কেতিয়াও সোমাব নেপায় বুলি অসমীয়া মানুহে বিশ্বাস কৰে৷ গা-পা ধুই ঘৰৰ মূল মানুহেহে ভঁড়ালৰ ধান সদায় উলিওৱাৰ পাছত ভঁড়ালত ধান এগছি উলিওৱা ধানৰ পৰা থৈ অহাৰ নিয়ম।

সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰে ধান ভঁড়ালৰ পৰা উলিওৱা বা বেচা নিষেধ৷ ভঁড়ালত উঠোতে নামোতে গাধৈত সেৱা এটি কৰি লোৱা নিয়ম প্ৰচলিত। বিহু সংক্ৰান্তি, দীপান্বিতা, লক্ষ্মীপূজা আদিত ভঁড়াল মচি-কাচি তাত চাকি, নৈবেদ্য দিয়া হয়৷ ভঁড়ালত থকা সাপ ঘৰ-জেউতি বা লক্ষ্মী বুলি অসমীয়া মানুহে বিশ্বাস কৰে আৰু সেই সাপ নামাৰে৷

ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি৷ নতুবা মাৰল ঘৰতেই বা পিৰালিতে ঢেঁকী পতা হয়৷ জকা, খৰাহি, পাচি, কুলা, চালনী, ৰইনা, তুঁহগুড়ি, বাঢ়নী মাৰীৰে সুশোভিত ঢেঁকীশাল, অন্তেষপুৰৰ জীৱৰী-বোৱাৰীৰ ক্লাব-ঘৰৰ সদৃশ৷ লুকাই-চুৰকৈ এঘুমটি শোৱা, ৰবাব টেঙা, আচাৰ জলফাই খোৱা, হাঁইচতি মৰা, মান-গুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই৷

তথাপি ঢেঁকীশালখনো লক্ষ্মীশাল৷ ভৰ-দুপৰীয়া মুনি-চুনি বেলিকা ঢেঁকী কোবোৱা কুলক্ষণীয়া কাম৷ কুলাৰ বুকুত চালনী, খুবলিৰ বুকুত থোৰা, ঢেঁকীৰ লগত বাঢ়নী মাৰি নথ’লে মাকৰ বুকুত সন্তান নেথাকে বুলি ধাৰণা প্ৰচলিত৷

সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰে চিৰা-সান্দহ-আখৈৰ খোলা ঢেঁকীশালত পাতিব নেপায়৷ সেইদৰে বিহু সংক্ৰান্তি লক্ষ্মীপূজাত ঢেঁকীশাল মচা-কচা নিয়ম৷

অসমীয়াৰ মানত ধান-চাউল বৰ পবিত্ৰ৷ সেয়েহে ধান-চাউলৰ ওপৰত ভৰিৰ খোজ পেলাব নেপায়৷ মাটিত ধান-চাউল পৰিলে বুটলি থোৱাটো নিয়ম৷ মাটিত পৰা ধান বা চাউলটোৱে এশবাৰ বোলে মূৰ তুলি চায়৷ বিয়াত দৰা-কইনাৰ পাটীত বা দৰা-কইনাৰ গালৈ চাউল ছটিয়াই অপদেৱতা আঁতৰোৱা হয়৷ ছোৱালী লোকৰ ঘৰলৈ বোৱাৰী হৈ যোৱাৰ আগমুহূৰ্তত কোচৰ ধান বা চাউল মাক-বাপেকৰ বৰঘৰত ছটিয়াই থৈ যোৱা নিয়ম অসমীয়া সমাজত প্ৰচলিত৷

য’লৈ ত’লৈ শুভযাত্ৰা কৰি যাওঁতে ভৰপূৰ এখৰাহি চাউল আৰু পানীৰ পূৰ্ণ-পাত্ৰত হাত দি যোৱা নিয়ম অসমীয়া সমাজত এতিয়াও আছে৷ বিয়াৰ হোমৰ পিছতেই ন দৰা-কইনাৰ ‘তামোল-কটাৰী’ খেলোতে চাউলত আঙঠি লুকুৱাবলৈ দিয়া নিয়মৰ লগত লক্ষ্মীৰ পূৰ্ণ-পাত্ৰত হাত দিয়া প্ৰথাই লুকাই আছে৷।

(সমাপ্ত)