মুক্তি


Image Description

সুকুমাৰ ডাঙৰ ল’ৰা৷ তাৰ খাব-পিন্ধিবৰ অভাৱ নাই। স্বভাৱতে সি বুদ্ধিমান, কিন্তু পঢ়া-শুনাত হ’লে তাৰ মন নাই ৷ তাৰ চৌধ বছৰ বয়স হ’ল; তথাপি সি ইংৰাজী স্কুলৰ চতুৰ্থ শ্ৰেণীতে৷ দেউতাকে ‘পঢ় পঢ়’ কৰে; সুকুমাৰে আগতে কিতাপ মেলি লৈ আকাশ-পাতাল ভাবে৷ ক’ত গছত পকা আম, দাঁহেচীয়া মধুৰী আম আছে, ক’ত ঘৰৰ পানী পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক’ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক’ত গছৰ বাহৰ পৰা চৰাই-পোৱালি আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালিৰে কেনেকৈ ধেমালি কৰিব লাগিব ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ।

স্কুললৈ তপতে তপতে ভাত এগাল খাই সি যায় হয়৷ কিন্তু পঢ়াৰ মহলা দিব নোৱাৰি শিক্ষকৰ গালি খাই শাস্তি ভুগি ঘৰলৈ আহে আৰু মাকে আতৌপুতৌকৈ দিয়া মহ’ৰ এঠা গাখীৰেৰে কোমল চাউলৰ জলপান এটা খাই, স্কুলৰ সকলো ডাবি-শাস্তি পাহৰি পেলাই লগৰীয়া ল’ৰাৰে সৈতে ধেমালিত পুৰ্বৱতে মগন হয় ৷

এদিন শিক্ষকে সুকুমাৰৰ পঢ়াত অমনোযোগিতাৰ বিষয়ে দেউতাকৰ আগত গোচৰ দিলত দেউতাকে ধৰি সুকুমাৰক চেকনিৰে নথৈ কোবালে৷ সি মাৰ খাই অভিমান কৰি পলাই কোনেও নেদেখাকৈ তেঁতেলী গছ এজোপাৰ ওপৰত উঠি তাৰ ফেৰেকা ডাল এটাত শুই থাকিল। ওৰে দিনটো ওৰে ৰাতিটো আৰু ঘৰলৈ নাহিল। মাকে বিচাৰি নাপাই ‘মোৰ ল’ৰাটো ক’লৈ গ’ল’ বুলি কান্দিবলৈ ধৰিলে; দেউতাকে মনত বৰ দুখ পাই অনুতাপ কৰি ‘হেৰ সুকু, আহত, ক’ত আছ ওলাই আহ; আজিৰ পৰা আৰু তোক মই নামাৰোঁ৷’ বুলি মাত মাতি ভাগৰি চিন্তাকুল হৈ বিছনাত শুই পৰিল৷

পিছদিনা পুৱা ভোকে-পিয়াহে লাল-কাল লগা সুকুমাৰ মাকৰ ওচৰত উপস্থিত হ’লত মাকে পুতেকক সাবট মাৰি ধৰি চকুলো টুকি আদৰেৰে সানমিহলি উৎৰ্সনা কৰি, গা-পা ধুৱাই ভালকৈ খাবলৈ দিলে; দেউতাকেও তাক দূৰেৰ পৰা মিঠা মাতেৰে সম্ভাষণ কৰি বুজনি দি শান্তি লভিলে৷

সুকুমাৰৰ দেউতাক পুৰণি ধৰণৰ মানুহ। কোন বাটেৰে পুতেকক সাৱধানে বলাই আনিলে তাৰ পঢ়া-শুনাত মন বহিব, সেইটোৰ উৱাদিহ তেওঁ ভালকৈ নাজানিছিল৷ তেওঁ জানিছিল যে, পুতেকক স্কুলত মাছুল দি পঢ়িবলৈ পঠিওৱা হৈছে যেতিয়া, স্কুলৰ অধ্যাপকে পুতেকক অচিৰতে সৰ্ববিদ্যা-বিশাৰদ কৰি তুলি তেওঁক শোধাই দিব৷ তেওঁ নাজানিছিল যে, আজিকালিৰ স্কুল আগৰ দিনৰ নিচিনা বিদ্যাৰ্থীক পবিত্ৰ বিদ্যা দান দিয়া পঢ়াশানি নহয়৷ সি চকী, মেজ, বেঞ্চ, ঘড়ী, চকীদাৰ আদিৰে বিভূষিত আৰু গুৰু-শিষ্যৰ আন্তৰিকতাশূন্য ক্ষন্তেকীয়া সম্বন্ধেৰে সম্বন্ধ লগা নিৰ্মম মহলা লোৱা কাৰখানাহে৷

তাত ছাত্ৰৰ মানসিক সুবৃত্তিবোৰ পৰিৱদ্ধিৰ্ত নহৈ জাঁতত চাউল পিহ খোৱাদি পিহ খোৱাৰহে বন্দবস্ত৷ সেইদেখি যেতিয়া তেওঁ এদিন সুকুমাৰৰ পঢ়া-শুনাৰ অভাৱ আৰু অমনোযোগিতাৰ বিষয়ে শিক্ষকৰ পৰা শুনিলে, তেতিয়া হতাশ হৈ সকলো দোষৰ বাগী সুকুমাৰকে কৰি সেইদৰে নিষ্ঠুৰভাৱে তাক প্ৰহাৰ কৰিছিল৷

দিন-ৰাতিৰ দোমোজা কালডোখৰ সকলোৰে পক্ষে ভয়ানক৷ দিন-ৰাতিৰ সন্ধিক্ষণতে নৰসিংহৰ দ্বাৰা হিৰণ্যকশিপুৰ বিনাশ ঘটিছিল। পুৰণি সভ্যতা বা অসভ্যতা আৰু নতুন সভ্যতা বা অসভ্যতাৰ মাজৰ দূৰদৃষ্টিৰ নিমিত্তেই এই ভদ্ৰলোকজনৰ এনে মানসিক বিপদ ঘটিছিল। সংক্ষেপতে এয়ে কথা৷

তেওঁৰ দুটি পুতেক– সুকুমাৰ আৰু সুকুমাৰৰ ককায়েক দেৱকুমাৰ। দেৱকুমাৰে কলিকতাতে পঢ়ি বি-এল পৰীক্ষাত উঠি ডিব্ৰুগড়ত ওকালতি কৰে। তেওঁ ভাল উকিল; গতিকে তেওঁৰ আয় আৰু সন্মানৰ ভাগো ভালৰ ফালে। দেউতাক আৰু মাকে এই পুতেকৰ যশ আৰু প্ৰতিপত্তিত স্বভাৱতে নিজক নথৈ গৌৰৱান্বিত বিবেচনা কৰিছিল৷ কোনো ভদ্ৰলোকৰে সৈতে দেখা-শুনা হ’লে ক্ষন্তেকৰ পিছতে দেউতাকৰ মুখৰ পৰা বৰপুতেকৰ যশস্যাৰ কথা ওলোৱাটো সূৰ্য্যোদয়ৰ নিচিনা নিশ্চয়।

উকীল পুতেকৰো দেউতাক-মাকৰ ওপৰত অশেষ প্ৰভাৱ; আৰু সেই প্ৰভাৱ বা প্ৰতাপ তেওঁ প্ৰতি কথাতেই প্ৰকাশ কৰিবলৈ কৃপণতা নকৰিছিল ৷ তেওঁ ছমাহে বছৰেকে ঘৰলৈ আহে; আৰু ককায়েক আহিবৰ আগ-বাতৰি শুনিলে সুকুমাৰে আনন্দতে জঁপিয়ায়; কিন্তু ককায়েক আহি পালে সুকুমাৰ তেওঁ সন্মুখত থিয় হ’ব নোৱাৰে। কাৰণ সি ককায়েকৰপৰা গালি আৰু কদৰ্থনাৰেহে প্ৰথম সম্ভাষণ পোৱাটো ধৰা-বন্ধা কথা৷

এবাৰ এনে ঘটনাত মাকে বৰপুতেকৰপৰা ইয়াৰ উত্তৰ পালে, ‘তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক৷ আৰু মৰম চেলাই চেলাই গুচালাহঁক৷ ইমানটো ধোদোঙা ল’ৰা, সি পঢ়া-শুনা নকৰে৷ আৰু দিনদিয়েকৰ পিছত সি ম’হ-গোৱাল হ’ব লাগিব; নাইবা লোকৰ ঘৰত সিন্ধি দিব লাগিব; নহ’লে ভাত খাব ক’ৰ পৰা?’ মাকে বৰপুতেকৰ মুখৰপৰা এই কঠোৰ তৰ্জন আৰু নিৰ্মম মন্তব্য শুনি চকুৰ পানী টুকি অলপ আঁতৰি গৈ প্ৰকৃতিস্থ হৈ পুনৰায় পুতেকৰ কাষ পাবলৈ কিছু সময় লাগিছিল৷

এবাৰ পূজাৰ বন্ধত উকীল পো ঘাই ঘৰলৈ আহোঁতে দেউতাক আৰু মাকক তেওঁ দৃঢ়ভাৱে ক’লে, ‘এইবাৰ মই এই গৰুটোক লগত লৈ যাম, মোৰ তত্ত্বাৱধানত ৰাখি পঢ়াম। তোমালোক আৰু ইয়াক ইয়াত ৰাখি ইয়াৰ ইহকাল-পৰকাল খাব নোৱাৰহঁক৷ মই কাইলৈ যাম; ইয়াৰ কাপোৰ-কানিৰ টোপোলাটো বান্ধি মোৰ লগত দিবা৷’ এই প্ৰচণ্ড আদেশ শুনি মাকে চকুৰ পানী টুকিলে; বাপেকে অনেক বিবেচনা কৰি অনেক থেৰো-গেৰোঁ কৰি সেই আদেশ মানিবলৈকে অন্তত থিৰ কৰিলে৷ এই অভাৱনীয় সিদ্ধান্ত শুনি সুকুমাৰৰ যদিও অণ্ঠে-কণ্ঠে শুকাই গৈছিল, তথাপি সি জানিলে যে, তাৰ আৰু অন্য পন্থা নাই; এইবাৰ ককায়েকৰ লগত ককায়েকৰ কঠোৰ শাসনৰ তলত থাকি সি লিখা-পঢ়া শিকিবলৈ যাবই লাগিব৷

গতিকে নিৰুপায় হৈ সিও এই নতুন অৱস্থাত আত্মসমৰ্পণ কৰাটোৱেই থিৰ কৰিলে। তেতিয়াই সি তেঁতেলী গছ, আম গছ, কঁঠাল গছ, বৰপুখুৰী, ফুলনিবাৰী, মুকলি আকাশ, আহল-বহল পথাৰ, উৰি ফুৰা পখিলা আৰু পোহনীয়া চৰাই-পহু, চৰিফুৰা পখিলা আৰু পোহনীয়া চৰাই-পহু, চৰিফুৰা গৰু-ঘোঁৰা, লৰিফুৰা লগৰীয়াসকলৰ পৰা শোকাকুল হৃদয়েৰে অথচ দৃঢ় মনেৰে বিদায় লৈ সেই পৰম আত্মীয়সকলক পৰিত্যাগ কৰি বিদেশলৈ যাবলৈ সাজু হ’ল।

সুকুমাৰক লগত লৈ দেৱকুমাৰে মাক-বাপেকক সেৱা কৰি বিদায় ল’বৰ সময়ত মাকে সুকুমাৰৰ মুখত এটা চুমা খাই ক’লে, ‘হেৰ’, তই ককাইদেৱৰ হাক-বচন মানি চলিবি, মোৰ সোণাই৷ আৰু মন দি পঢ়িবি৷’ আৰু বৰপুতেকৰ মুখত হাত ফুৰাই তেওঁ ক’লে, ‘হেৰ বৰবোপা তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা; সি লাহে লাহে পঢ়িব; অজলা ল’ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি৷’ এই বুলি নিজৰ আঁচলেৰে তেওঁ চকুৰ পানী মচিলে৷ বৰপুতেকে মাকৰ কথা শুনি মিচিক কৰে হাঁহি ক’লে– ‘হৈছে, হৈছে, আৰু তাৰ বিষয়ে তোমাৰ ভাবিবৰ দৰ্কাৰ নাই, লেন দি দি তাক যি লাগে কৰিলাহঁক৷’

সুকুমাৰক ডিবুৰুলৈ আনি ককায়েকে ইংৰাজী স্কুলত নাম লগাই দিলে আৰু পুৱা-গধুলি নিজে তাৰ পঢ়া-শুনাৰ তত্বাৱধান কৰিবলৈ ধৰিলে৷ মুকলি আকাশত উৰি ফুৰা চৰাই লোৰ সজাত বান্ধ খালে ৷ কঠোৰ শাসনৰ গধুৰ শিল সুকুমাৰৰ বুকুত বহিল৷ সুকুমাৰেও বিদ্ৰোহী নহৈ এই শাসন মানি ল’লে, কাৰণ তাৰ পঢ়া-শুনাত অপাৰগতাৰ নিমিত্তে এতিয়া নিজৰ মনতে ধিক্কাৰ উপস্থিত হৈছিল৷

ককায়েকো স্বভাৱতে যে বৰ নিষ্ঠুৰ প্ৰকৃতিৰ মানুহ আছিল এনে নহয়; কিন্তু ভাবিছিল, ভায়েকক কিছুদিন কঠোৰ শাসনৰ তলত ৰাখি অচিৰতে বিদ্বান কৰি দেউতাক-মাক আৰু আনকো তধা লগাই দিব৷ কিন্তু কঠোৰ আৰু অবিবেকী শাসনৰ ফল শীঘ্ৰে ফলিল; সুকুমাৰৰ স্ব-ইচ্ছাৰ বিৰুদ্ধে স্বভাৱ-বিদ্ৰোহী হৈ উঠিল; তীক্ষ্ণ বুদ্ধিৰ সুকুমাৰৰ বুদ্ধি অচিৰতে ক্লান্ত হৈ অকৰ্মণ্য হৈ পৰিল৷ ওৰে দিনটো সুকুমাৰে কিতাপ আগত লৈ পঢ়েহে পঢ়ে, কিন্তু তাৰ পঢ়া আৰু আয়ত্ত নহয়৷ ফলত ককায়েকৰ শাসন, প্ৰহাৰ আৰু কটুক্তি দিনে দিনে যিমান কঠোৰৰপৰা কঠোৰতৰ হ’বলৈ ধৰিলে, সুকুমাৰ বুদ্ধি-বৃত্তি, স্মৃতি আৰু পাঠ গ্ৰহণ কৰিবৰ ক্ষমতাও সিমান কমিবলৈ ধৰিলে৷

এদিন গধূলি ককায়েকে সুকুমাৰৰ পঢ়াৰ মহলা ল’বলৈ বহি দেখে যে সি একেবাৰে ভালকৈ উত্তৰ দিব নোৱাৰে; আনকি, সি আগেয়ে যিবোৰ শিকিছিল সেইবোৰো তাৰ মনত নাইকিয়া হ’ল৷ খং উঠি তেওঁ তাক অত্যন্ত প্ৰহাৰ কৰি আৰু গালি-শপনি পাৰি, শেহত নিজেই ক্লান্ত হৈ এই বুলি উঠি গ’ল, ‘তই আমাৰ বংশৰ কলঙ্ক। তোক মোৰ ভাই বুলি মানুহৰ আগত চিনাকি দিবলৈ মোৰ লাজ লাগে। তোক আয়ে আদৰ দি ডাঙৰ-দীঘল কৰক, তাৰ পিছত লোকৰ ম’হ- গৰু ৰাখি বা ছুৱা-পাত পেলাই ভাত খাবি৷’ সুকুমাৰ নিৰ্বাক-নিষ্পন্দ হৈ ৰ’ল৷

ৰাতি নমান বজাত বৌৱেকে সুকুমাৰক ভাত খাবলৈ মাতিলত সি বৌৱেকক লাহেকৈ ক’লে– ‘বৌদেও, মই আজি ভাত নাখাওঁ, মোৰ গাটো বেয়া লাগিছে৷’ সুকুমাৰ ভাত খাবলৈ অহা নাই বুলি শুনি ককায়েকে উঠি আহি তাক কটুক্তি কৰি ভাত খাবলৈ আহিবলৈ হুকুম দিলত সি কাতৰ কণ্ঠেৰে ক’লে, ‘ককাইদেউ, সঁচাকৈয়ে মোৰ গা বেয়া কৰিছে, মই ভাত খাবলৈ যাব নোৱাৰোঁ৷’ ককায়েকে তাৰ গাত হাত দি দেখিলে যে, সুকুমাৰৰ গা বৰ তপত৷

আজি সাত দিন হ’ল, সুকুমাৰৰ নেৰানেপেৰা জ্বৰ৷ মাজে মাজে সি ভ্ৰম বকিছে৷ ককায়েকে জিলাৰ ডাক্তৰ লগাই তাৰ চিকিৎসা কৰাইছে হয়; কিন্তু দেউতাকলৈ সুকুমাৰৰ জ্বৰৰ একো খবৰ দিয়া নাই। আঠ দিনৰ দিনা ডাক্তৰৰ পৰামৰ্শমতে সুকুমাৰৰ জ্বৰৰ বাতৰি বিজুলী-চাকেৰে ককায়েকে দেউতাকলৈ পঠিয়ালে। খবৰ পাই দেউতাক-মাক দুয়ো বিহ্বল হ’ল আৰু দিনে তিনি-চাৰিখনকৈ বিজুলী বাতৰি তেওঁলোকৰ ভিতৰত চলাচল কৰিবলৈ ধৰিলে।

বিকাৰ অৱস্থাতে সুকুমাৰৰ মুখৰপৰা এইকেইটা কথা শুনা গৈছিল, ‘আই তুমি আহিছা? মই পোহা চৰাই আৰু আন জন্তুবোৰ কেনে আছে? সিহঁতে মোক বিচাৰেনে? মই গৈ সিহঁতৰ সৈতে উমলিম৷ মই পঢ়িম আই, তুমি নাভাবিবা৷ ককাইদেৱে মই পঢ়া-শুনা নকৰাত বৰ বেয়া পাইছে। মই পঢ়িম, ডাঙৰ মানুহ হ’ম। উস ককাইদেও, মোক আৰু নেমাৰিবা, মই এইবাৰৰ পৰা পঢ়া ঠিক মনত ৰাখিম। মই ভাল ল’ৰা হ’ম। মোৰ বাবে তুমি লাজ নোপোৱা হ’বা৷’

নৰিয়া পৰিবৰ দিনাৰেপৰা চৈধ্য দিনৰ দিনা সুকুমাৰৰ দেহসজাৰপৰা প্ৰাণ-পখী ওলাই গৈ চিৰকাললৈ মুক্তি লাভ কৰিলে৷

(বাঁহী, ১২ শ বছৰ ১৯২৩ চন)