চন্দ্ৰকান্ত অভিধান


Image Description

দেবেশ্বৰ চলিহা
প্ৰধান সম্পাদক
অসম সাহিত্য সভা
১৯৩৩

চিনাকি

'চন্দ্ৰকান্ত অভিধান’ হৰ্ষ-বিষাদৰ বস্তু৷ দেশৰ এগৰাকী সুসন্তানৰ দানৰ বাবত মাতৃ-ভাষাই ন-কৈ এখন অভিধান পালে, ই অৱশ্যে হৰ্ষৰ কথা৷ কিন্তু, এই অভিধান আকুল হিয়াৰ ব্যাকুল বিননি৷ ই শোকাতুৰ পিতাই চকুলোৰ আঁজলিৰে কৰা পুত্ৰৰ তৰ্পণ– বাপেকে মৃত পুতেকৰ হৈ ৰখা সোঁৱৰণি-চিন৷ কিন্তু এই চিনেই অসমত চিৰদিনলৈ পিতা-পুত্ৰ উভয়ৰে চিনাকি-চিন হৈ জিলিকি থাকিব৷ ই চন্দ্ৰকান্ত, ৰাধাকান্ত, দুইকো অসমীয়া সাহিত্যত অমৰ কৰিলে৷

গুৰিৰ কথা

শ্ৰদ্ধেয় ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়া আৰু শ্ৰীযুক্তা নাৰায়ণী আইদেওৰ প্ৰথম আৰু তৃতীয় পুত্ৰ শ্ৰীমান কৃষ্ণকান্ত আৰু লক্ষ্মীকান্ত বিলাতত পঢ়ি আছিল৷ দ্বিতীয় পুত্ৰ চন্দ্ৰকান্তই বি.এ. পাছ কৰি আহি চাহ-বাগিচা চলোৱাৰ কাম শিকিছিল; আৰু সব্‌সৰু ইন্দ্ৰকান্তই গুৱাহাটীত বি.এ. পঢ়িছিল৷ চন্দ্ৰকান্ত, ইন্দ্ৰকান্ত দুয়ো সজ স্বভাৱৰ, নম্ৰ আৰু বুদ্ধিৱন্ত ল’ৰা আছিল৷ তাৰ উপৰিও, সভা-শুৱনি আৰু সৰবৰহী গুণে, চন্দ্ৰকান্তই সৰুৰেপৰা আটাইকে মৰম লগাইছিল; ইন্দ্ৰকান্তৰ সাহিত্য আৰু সঙ্গীতত বিশেষ ৰাপ আছিল৷

গুৱাহাটীতে ইন্দ্ৰকান্তক সান্নিপাত [typhoid] জ্বৰে ধৰিলে৷ তাৰপৰা তেওঁক যোৰহাটৰ ঘৰলৈ অনাৰ পাছত চন্দ্ৰকান্তই দিনে-ৰাতিয়ে শুশ্ৰূষা কৰিবলৈ ধৰিলেহি৷ সেই জ্বৰেই ইন্দ্ৰকান্তৰ জীৱনৰ অন্ত কৰি, তাৰ পিছদিনাই চন্দ্ৰকান্তকো সামৰি ধৰিলে৷ ইন্দ্ৰকান্ত ঢুকাবৰ ২১ দিনৰ মূৰতে চন্দ্ৰকান্তৰো ২২ বছৰীয়া আয়ুসৰ অন্ত পৰিল৷ একে থোপাৰে ফুলি অহা দুটি গোলাপ-কলি একেলগে অকালতে সৰি থাকিল৷ ই অকল সন্দিকৈ পৰিয়ালৰে শোকৰ কথা নহয়; ই দেশৰ দুৰ্ভাগ্যৰ কথা৷ এই ঘটনা ১৯২৩ ছনৰ ৯ ছেপ্তেম্বৰৰ দিনা ঘটে৷

শোকত বিহ্বল হৈ পিতৃ-মাতৃৰ হৃদয়ে পুত্ৰৰ স্মৰণ-চিনেৰেই কিঞ্চিৎ শান্তি লভিবৰ বাঞ্ছা কৰিলে৷ সন্দিকৈ ডাঙৰীয়াই চৰ্কাৰৰ ঘৰ আৰু অসম সাহিত্য সভাৰ লগত লিখা-লিখি কৰি কেইজনমান বিশিষ্ট লোকেৰে এখনি বিশ্বস্ত-সভা [Trust Board] গঠন কৰিলে৷ আৰু সেই সভাৰ হাততে, দুয়োটি ল’ৰাৰ স্মৃতি-ৰক্ষাৰ অৰ্থে তলত লিখা চৰ্ত্তেৰে ৩০,০০০ টকা দান কৰিলে:

[১] এই টকা অসমীয়া ভাষাৰ চৰ্চা, উদ্‌গনি আৰু উন্নতিৰ অৰ্থে ভাঙিব লাগিব; [২] ইয়াৰ ১৫ হেজাৰ টকাৰে ‘চন্দ্ৰকান্ত ইনষ্টিটিউট্‌’ নামদি এটা সভা-ঘৰ সাজিব লাগিব; [৩] বাকী টকা সুতলৈ লগাই সেই সুতেৰে ‘চন্দ্ৰকান্ত অভিধান’ নাম দি অসমীয়া ভাষাৰ এখন অভিধান সঙ্কলন কৰি ছপাব লাগিব; [৪] অভিধানৰ পাছত, সেই টকাৰ সুতেৰেই ‘ইন্দ্ৰকান্ত বুৰঞ্জী’ বুলি, অসম দেশৰ নতুনকৈ এখন বুৰঞ্জী উলিয়াব লাগিব৷ আৰু [৫] তাৰ পাছত এই দুখন গ্ৰন্থৰপৰা উৎপন্ন হোৱা টকা আৰু দানৰ টকাৰ সুত, ‘বিশ্বস্ত-সভাৰ’ আদেশ মতে দান-পত্ৰৰ [Trust Deed] উদ্দেশ্যলৈ লক্ষ্য ৰাখি, অসম সাহিত্য সভাই অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ অৰ্থে খৰচ কৰি থাকিব৷ দান-পত্ৰৰ সাৰাংশ তলত দিয়া হ’ল:

Whereas the donor is desirous of perpetuating the memory of his two beloved deceased sons, named Chandrakanta Handiqui, and Indrakanta Handiqui, and for the purpose, is willing to create a Trust Fund by making a donation of Rs. 30,000 (thirty thousand) to be called the 'Chandrakanta-Indrakanta Memorial Endowment Fund' and to be used for the advancement of the Assamese language in the manner herein specified, and whereas the Trust Board and the Assam Sahitya Sabha have accepted the proposal of the donor, and are willing to act in this behalf and help and accomodate the donor in carrying out the objects of his donation ............... it is hereby declared that the object of hte Trust shall be the cultivation, encouragement and improvement of the Assamese language and for that purpose the donor hereby makes a donation of Rs 30,000/- (Thirty thousand) out of which a sum of rupees fifteen thousand shall be utilised in constructing a suitable house to be called the 'Chandrakanta Institute' .............. and the balance rupees fifteen thousand shall be invested in 6% Bonds of which interest shall be used in compiling and publishing an Assamese Dictionary to be named 'Chandrakanta Abhidhan'. After the completion of this dictionary, the interest shall be used in publishing a History of Assam to perpetuate the memory of Indrakanta.

ওপৰত কোৱা চুক্তিমতেই যোৰহাট নগৰৰ মাজ ঠাইত সাহিত্য সভাৰ নিজা মাটিত ‘চন্দ্ৰকান্ত ইন্‌ষ্টিটিউট্‌’ নামেৰে, সাহিত্য-চৰ্চাৰ অৰ্থে থিতাপিকৈ এটি সভা-ঘৰ সজা হ’ল৷ ৰায়বাহাদুৰ ডাঙৰীয়াই সুকীয়াকৈ ধন ভাঙি সেই ঘৰকে চকী, মেজ আৰু বিজুলী বন্তিৰে আটোম-টোকাৰিকৈ সজাই-পৰাই দিছে৷ তদুপৰি তেখেতে তাত ইন্দ্ৰকান্তৰ এখনি সৰু পট আৰু চন্দ্ৰকান্তৰ জীৱন্ত আকাৰৰ ডাঙৰ তৈল-চিত্ৰ [oil painting] এখনো অঁৰাই দিয়ে৷ ১৯২৬ ছনৰ ২ ডিচেম্বৰ তাৰিখে, ৰাইজৰ বিপুল হৈ-ধবনিৰ মাজত এই সাহিত্য-মন্দিৰৰ দুৱাৰ মেলা উৎসৱত অসমৰ গভৰ্ণৰ চাৰ্‌ জন্‌ কাৰ্‌ বাহাদুৰে কৈছিল,

No more suitable method could have been found by any Assamese father for honouring the memory of his Assamese sons; and I have no doubt, willing and able workers will always be forthcoming to assist in carrying out the benefactor's wish, and that the Institute should become a great centre of Assamese culture.

সম্প্ৰতি, সজাৰ দিন ধৰি এই ঘৰেই সাহিত্য সভাৰ নিজা ঘৰ, এয়ে যোৰহাটত সাহিত্য আৰু তাৰ আন আন কলাৰ ওখ আলোচনাৰ ঘাই ঠাই৷ এই সাহিত্য-মন্দিৰ আৰু সেই ঢোপাতে সৰা ডেকা দুটিৰো প্ৰতিকৃতি এই অভিধানৰ মূৰতে ছপাই দিয়া হৈছে৷

অন্য অভিধান

সংস্কৃতৰ ‘অমৰ-কোষেই’ পৃথিৱীৰ পোন প্ৰথম অভিধান বুলি অনুমান হয়৷ তাৰ পূৰ্বে কোনো দেশতে অভিধান আছিল বুলি ওলোৱা নাই৷ অসমীয়া ভাষাত, ব্ৰন্‌ছন্‌ চাহাবৰ অভিধানেই প্ৰথম অভিধান৷ তেওঁ প্ৰয়াত ডেকা-বৰুৱাৰ সহায় লৈ, নিজে ইংৰাজী অৰ্থ লিখি, সেই অভিধান প্ৰণয়ন কৰিছিল৷ শিৱসাগৰৰ বেপ্‌চিষ্ট্‌ মিছন প্ৰেছে তাক প্ৰকাশ কৰিছিল৷ সেই অভিধানত অকল উচ্চাৰণৰ মতেহে আখৰ জোঁটোৱা আছিল৷ গতিকে, বৰ্ণমালাৰ অনেক আখৰ ওপৰঞ্চি বুলি তাত ব্যৱহাৰ নকৰিছিল; আৰু সেইবাবে শব্দবোৰৰ মূল বিচাৰি পাবলৈ নোহোৱা হৈছিল৷ আভিধানখনত মুঠতে শব্দও তাকৰ আছিল৷ তেওঁ বুলি, ই গুৰিতে অসমীয়া ভাষাৰ নথৈ হিত সাধিলে৷ সেইবাবে ব্ৰন্‌ছন্‌ চাহাব আৰু গোটেই বেপ্‌চিষ্ট মিছনৰ ওপৰত অসমীয়া মানুহ ধৰুৱা হৈ আছে৷ তেওঁলোক অসমীয়া সাহিত্যৰ বিপদৰ বন্ধু৷

ব্ৰন্‌ছন্‌ৰ অভিধান ১৮৯৭ ছনত ছপা হৈছিল৷ তাৰ ৩৩ বছৰৰ পাছত ১৯০০ ছনত ‘হেমকোষ’ ওলাল৷ প্ৰয়াত হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ আন সকলো সাহিত্য-কৰ্ম্ম এৰি দিলেও, সোণৰ ভঁৰাল অকল ‘হেমকোষে’ই অসমীয়া জাতি, ভাষা আৰু সাহিত্যৰ যি মহৎ উপকাৰ সাধিলে, তাক ক’বলৈ গ’লে বেলেগে এখন পুথি হ’ব৷ ‘হেমকোষ’ত শব্দৰ মূল আছে, পদৰ নিৰ্ণয় আছে, অসমীয়া আৰু ইংৰাজী দুই ভাষাৰে অৰ্থ আছে, আৰু পণ্ডিতালি থকা সাৰুৱা যুক্তি আছে৷ ভাষাৰ বাঢ়নৰ লগে লগে অভিধান পূৰঠ হৈ যায়৷ গতিকে ‘হেমকোষ’ আকাৰতো ডাঙৰ হ’ল৷ ইয়াত মুঠতে ২২,৩৪৬টা শব্দ আছে৷

চন্দ্ৰকান্ত অভিধান

এই ‘চন্দ্ৰকান্ত অভিধানে’ই অসমীয়া ভাষাৰ তৃতীয় অভিধান৷ ই ‘হেমকোষ’তকৈ ৩২ বছৰৰ পাছত ওলাইছে৷ ইয়াৰ সঙ্কলনৰ কাম ১৯২৪ ছনৰ ছেপ্তেম্বৰ মাহত আৰম্ভ হৈ ১৯৩৩ ছনৰ ফেব্ৰুৱাৰী মাহত অন্ত হৈছে৷ ‘হেমকোষে’ই ইয়াৰ ঘাই ধৰণী, আৰু তাৰ বিধানমতেইহে ইও চলিবলৈ যত্ন কৰিছে৷ ক’ৰবাত কোনো কথাত কিবা অমিল ঘটিছে যদিও, তাতো ‘হেমকোষ’ৰ মতৰ উল্লেখ আছে৷।

(অহা সংখ্যাত সমাপ্ত)