বিজ্ঞান অনুপ্ৰেৰণা আৰু সংশয়


Image Description

১৯৩৭ চনত চিকিৎসাবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰা হাঙ্গেৰীৰ ৰসায়নবিজ্ঞানী এলবাৰ্ট জেণ্ট গিয়াগীয়ে এবাৰ কৈছিল, ‘মোৰ ওচৰলৈ যদি কোনো গৱেষক ছাত্ৰ আহি কয় যে তেওঁ মানৱজাতিৰ উপকাৰত আহিব পৰা গৱেষণাত ব্ৰতী হ’ব বিচাৰে যাতে গৱেষণা লব্ধ ফলাফলে মানুহৰ দুখ-দুৰ্দশা উপশম ঘটোৱাত বৰঙণি যোগাব পাৰে, তেতিয়া মই কোনো দাতব্য অনুষ্ঠানলৈ যাবলৈ উপদেশ দিম৷ বিজ্ঞানৰ গৱেষণাকৰ্ম প্ৰকৃতিৰ ৰহস্য সমাধান কৰি নিজা আনন্দ আৰু সন্তুষ্টি লভা জনৰ বাবেহে৷'

আকৌ বিশ্ববিশ্ৰুত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে তেওঁৰ নিজা বিজ্ঞান-চৰ্চা আৰু মানবীয়বাদী উদ্বেগৰ অন্তৰালত থকা অনুপ্ৰেৰণা সম্পৰ্কে কৈছিল, ‘মোৰ বৈজ্ঞানিক কৰ্মৰাজিৰ বাবে অনুপ্ৰেৰণা লাভ কৰোঁ প্ৰকৃতিৰ ৰহস্য জনাৰ এক দুৰ্বাৰ বাসনাৰ বাবেহে৷ ন্যায় প্ৰতিষ্ঠাৰ বাবে মোৰ আগ্ৰহ বা মানুহৰ অৱস্থাৰ উন্নতিৰ বাবে অৰিহণা যোগোৱাৰ ইচ্ছা মোৰ বৈজ্ঞানিক আগ্ৰহৰ ওপৰত নিৰ্ভৰশীল নহয়৷'

আইনষ্টাইনৰ এই উক্তিয়ে প্ৰকাশ কৰে যে তেওঁৰ জীৱনৰ দুই মুখ্য কৰ্মৰ অনুপ্ৰেৰণাৰ উৎস সম্পূৰ্ণ পৃথক৷ এনে পাৰ্থক্য বহু বিজ্ঞানীৰ ক্ষেত্ৰতো থাকে৷

আনহাতে মানৱজাতিৰ সুখ-সমৃদ্ধিৰ বাবে পথ উন্মোচনৰ তাগিদাতো কিছুমান বিজ্ঞানী কামত ব্ৰতী হয়৷ প্ৰথমবিধে মানৱজাতিক বৌদ্ধিকভাৱে সমৃদ্ধ কৰে আৰু বৈজ্ঞানিক চিন্তা, জ্ঞান মানৱ-সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰে। দ্বিতীয়বিধ প্ৰেৰণাৰ ফলত লাভ কৰা জ্ঞানে মানুহৰ জীৱনৰ মান উন্নত কৰাত বৰঙণি যোগায়৷

অৱশ্যে দুয়োবিধৰ মাজত সীমাৰেখা অংকন কৰা বহু সময়ত সহজ নহয়৷ প্ৰযুক্তিৰ যোগেৰে বৈজ্ঞানিক জ্ঞান বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰি মানুহৰ কামত লগোৱা হয়৷ প্ৰায়ে এনেদৰে কামত লগাৰ পিছতহে বৈজ্ঞানিক জ্ঞানে সৰ্বসাধাৰণৰ মান্যতা লাভ কৰে আৰু বিজ্ঞানৰ উপযোগিতা সকলোৱে উপলব্ধি কৰিব পৰা হয়৷

বিজ্ঞানে মানুহে স্থিৰ কৰি যোৱা লক্ষ্যপ্ৰাপ্তিৰ বাবে শক্তিশালী উপায় সৃষ্টি কৰি দিব পাৰে৷ কিন্তু বহুক্ষেত্ৰত এই লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে বৈজ্ঞানিক গৱেষণাৰ বাবে উদ্গনি যোগোৱা পৃষ্ঠপোষকসকলেহে৷ এনে পৃষ্ঠপোষক হ’ল দেশৰ চৰকাৰ, বৃহৎ ব্যাৱসায়িক প্ৰতিষ্ঠান আৰু কিছু কিছু ক্ষেত্ৰত বিজ্ঞানত কৰ্মৰত হৈ থকা অনুষ্ঠান-প্ৰতিষ্ঠান৷

এনেদৰে নিৰ্ধাৰণ কৰাৰ লক্ষ্য বহুজনৰ হিতৰ সুখৰ বাবেও হ’ব পাৰে নাইবা শক্তিশালী ৰাষ্ট্ৰৰ প্ৰভুত্ব বিস্তাৰৰ উপায় উলিওৱাৰ বাবেও হ’ব পাৰে৷ এনে উপায়ৰ বৈশিষ্ট্য্য হ’ব ব্যাপক ধবংসলীলা চলোৱাৰ সামৰ্থ্য৷

স্বাভাৱিকতেই বিজ্ঞানৰ এনে প্ৰয়োগ মানৱতাবিৰোধী৷ কিন্তু মানৱজাতিৰ নিৰাপদ আৰু কল্যাণময় ভবিষ্যৰ বাবে বিজ্ঞান কেনেকৈ ব্যৱহাৰ হ’ব লাগিব তাৰ নিৰ্দেশনা বিজ্ঞানে নিদিয়ে৷ এই নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াব লাগিব মানুহে নিজেই৷

প্ৰখ্যাত পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনে এনে কথা ভাবিয়েই এবাৰ এটা প্ৰবচনৰ কথা উল্লেখ কৰিছিল৷ প্ৰবচনটো হ’ল, ‘প্ৰতিজন মানুহকে স্বৰ্গৰ দুৱাৰ খুলিব পৰা চাবি একোপাত দিয়া হৈছে৷ কিন্তু সেই একেপাত চাবিয়ে নৰকৰ দুৱাৰো খুলিব পাৰে৷'

বিজ্ঞান এনে এক সঁচাৰকাঠি যে ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে নিশ্চিত হ’ব নোৱাৰিলে ই ক’ত দুৱাৰ মুকলি কৰে ক’ব পৰা নাযাব৷ কল্যাণময় ভৱিষ্যত প্ৰাপ্তিৰ বাবে মানৱজাতিয়ে এই সঁচাৰকাঠি কেনেদৰে ব্যৱহাৰ কৰিব লাগিব তাৰ নিৰ্দেশনা মানুহেই প্ৰস্তুত কৰি উলিয়াব লাগিব৷

মাথোঁ ইয়াৰ ন্যায়সঙ্গত প্ৰয়োগৰ নিৰ্দেশনা সমাজে প্ৰস্তুত কৰিবলৈ যাওঁতে সমগ্ৰ মানৱজাতিৰ উমৈহতীয়া স্বাৰ্থ আৰু আকাংক্ষা গুৰুত্ব দিব লাগিব৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে ব্যৱসায়-বাণিজ্যৰ লগত ইয়াৰ সম্পৰ্কও দৃঢ়তৰ হ’বলৈ ধৰিছে৷

নিত্যনতুন সামগ্ৰী উদ্ভাৱনেৰে ব্যৱসায়-বাণিজ্যক বিজ্ঞান আৰু প্ৰযুক্তিয়ে সাৰ-পানী যোগাই আহিছে৷ ফলত বিজ্ঞান আৰু ব্যৱসায়-বাণিজ্যৰ পৰস্পৰ নিৰ্ভৰশীলতা বাঢ়ি গৈ আছে৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নিৰ্ভৰশীলতা গভীৰতৰ হৈ থাকিলেও দুয়োৰে লক্ষ্য কিন্তু একে নহয়৷

সৰল ভাষাত ক’বলৈ গ’লে বৈজ্ঞানিক লক্ষ্য হ’ল নতুন সত্য উদঘাটনৰ ফালে আগবাঢ়ি গৈ থকা আৰু ব্যাৱসায়িক স্বাৰ্থ হ’ল লাভৰ পৰিমাণ বৃদ্ধি৷ এই দুই স্বাৰ্থৰ সংঘাতৰ মীমাংসা বিজ্ঞানে উলিয়াব নোৱাৰে৷ ইয়াৰ বাবে প্ৰয়োজন সামাজিক দূৰদৰ্শিতা আৰু মীমাংসাৰ পথ উলিওৱাৰ সামৰ্থ্য৷

দেখাত নিৰীহ যেন লগা বিজ্ঞান আৰু প্ৰযুক্তিপ্ৰদত্ত মানুহৰ অতি দৰকাৰী বহু সঁজুলিয়ে [যেনে, ম'বাইল ফোন] একোটা প্ৰজন্মক এনেদৰে মোহাচ্ছন্ন কৰি তুলিছে যে ভবিষ্যতে ইয়াৰ সামাজিক প্ৰভাৱ কি হ’বগৈ পাৰে তাকে লৈ বহুলোকে উদ্বিগ্নতা প্ৰকাশ কৰিবলৈ ধৰিছে৷

ইয়াৰ সম্যক ব্যৱহাৰ ভৱিষ্যতে কেনে হ’লে ভাল হ’ব সেয়া বিজ্ঞানে উলিয়াব নোৱাৰে৷ ইয়াৰ বাবে সামাজিক প্ৰস্তুতি সমানেই চলাব লাগিব৷ এই ধৰণৰ আন বহু উদাহৰণো দিব পাৰি৷ এনে সমস্যা সমাধান সমাজৰ তীক্ষ্ণতৰ চেতনাবোধ আৰু বৰ্ধিত সামৰ্থ্যইহে উলিয়াবলৈ সক্ষম হ’ব৷।