প্ৰস্তুত মন আৰু বৈজ্ঞানিক আৱিষ্কাৰ


Image Description

বিজ্ঞানৰ বহু আৱিস্কাৰ আকস্মিকভাৱে হোৱা বুলি বহুতৰেই ধাৰণা৷ বৈজ্ঞানিক আৱিষ্কাৰৰ ইতিহাস, বিজ্ঞানীৰ কৰ্মসম্পৰ্কীয় বহু ৰচনাত এনে ধৰণৰ ইঙ্গিত থাকেই৷

বহুতে এনেদৰেও মত প্ৰকাশ কৰে যে কোনো আকস্মিকভাৱে পৰ্য্যবেক্ষণ কৰা ঘটনাৰ পৰা আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱাটো বিজ্ঞানীজনৰ এক প্ৰকাৰ ভাগ্য৷ বিজ্ঞানত এনেদৰে আকস্মিকতাক গুৰুত্ব দিব খোজাৰ প্ৰৱণতা অতি সৰলীকৰণৰ প্ৰভাৱ বুলিহে ক’ব পাৰি। যি কোনো সফল আৱিস্কাৰৰ বাবে একোটা প্ৰস্তুত মনৰ প্ৰয়োজন । তেনে মন আৱিষ্কাৰৰ বাবে সাজু বুলি ভাবিব পাৰি।

বিজ্ঞানৰ অনুসন্ধানত কেতিয়াবা বিজ্ঞানীজন হঠাতে নতুন ঘটনাৰ সন্মুখীন হয়। তেনে ঘটনাৰ আলমত নতুন আৱিষ্কাৰৰ দিশলৈ সকলো বিজ্ঞানী আগবাঢ়িব নোৱাৰে। বিষয়টোত ইতিমধ্যে প্ৰস্তুত হৈ থকা বিজ্ঞানী এগৰাকীহে নতুন আৱিষ্কাৰৰ বাবে আগবাঢ়িব পাৰে। হঠাতে আহি পৰা পৰ্য্যবেক্ষণৰ গুৰুত্ব অনুধাৱন কৰি নতুন আৱিষ্কাৰৰ পিনে আগুৱাবলৈ প্ৰস্তুত মনৰ বিজ্ঞানীজনৰহে অন্তৰ্দৃষ্টি থাকে। প্ৰস্তুত মনৰ অনুসন্ধানকাৰী আৰু এগৰাকী গতানুগতিক অনুসন্ধানকাৰীৰ এইখিনিতে পাৰ্থক্য আহি পৰে।

একোটা আকস্মিক ঘটনাৰ অন্তৰালত থকা প্ৰকৃত সত্যৰ দিশে সাজু মন এটাহে আগবাঢ়িব পাৰে। আন বহুতৰে এনে ঘটনা দৃষ্টিগোচৰ হ'ব পাৰে, কিন্তু গুৰুত্ব বুজি পাবলৈ অসমৰ্থ হয়৷ আচলতে আৱিষ্কাৰ কৰাতকৈও আৱিষ্কাৰ যে দুৱাৰদলিত উপস্থিত হৈছে বা হ’বৰ উপক্ৰম হৈছে সেয়া ধৰিব পৰাটোহে ডাঙৰ কথা৷

উদাহৰণ স্বৰূপে, জাৰ্মান পদাৰ্থবিজ্ঞানী ৰ'ণ্টজেনেৰ এক্স-ৰশ্মিৰ আৱিষ্কাৰ এনে এক আকিস্মক আৱিষ্কাৰৰ উদাহৰণ বুলি বহুতেই ক’ব খোজে। ৰ'ণ্টজেনে দীৰ্ঘদিন ধৰি কেথ’ড ৰশ্মি সম্পৰ্কে গৱেষণাৰে সমৃদ্ধ আৰু অভিজ্ঞ হৈ এটা প্ৰস্তুত মনৰ গৰাকী হৈছিল। সেইবাবে হঠাতে দেখা পোৱা এটা সম্পূৰ্ণ অজান ৰশ্মিৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছিল। ৰ'ণ্টজেনে পৰিকল্পিতভাৱে মনক তীক্ষ্ণ অনুসন্ধানৰ বাবে প্ৰস্তুত কৰি লৈছিল৷ ইয়াৰ ফলত সম্ভৱ হৈছিল এক্স-ৰশ্মিৰ আৱিষ্কাৰ৷

আন এক সৰল উদাহৰণ দাঙি ধৰিছোঁ। পোনতে বিদ্যুৎ আৰু চুম্বকত্বক পদাৰ্থবিজ্ঞানৰ পৃথক পৃথক ক্ষেত্ৰ হিচাবে ধৰা হৈছিল৷ দুয়োৰে মাজত সম্পৰ্ক বিচাৰি পোৱা নগৈছিল৷ কিন্তু হঠাতে কোপেনহেগেনৰ অ’ৰষ্টেড নামৰ অধ্যাপক এজনে লক্ষ্য কৰিলে যে পৰিবাহী তাঁৰ এডালেৰে বিদ্যুৎপ্ৰবাহ চালিত কৰিলে ওচৰতে থোৱা চুম্বকশলা এডাল লৰচৰ কৰে৷

অ’ৰষ্টেডৰ এই পৰ্য্যবেক্ষণ কোনো সুপৰিকল্পিত পৰীক্ষাৰ ফল নাছিল৷ তেওঁ হঠাতে চুম্বক শলাডালে লৰচৰ কৰা দেখিছিল৷ বিদ্যুৎপ্ৰবাহ বা চুম্বকশলা ব্যৱহাৰ কৰি সেই সময়ত অনেক পৰীক্ষাৰ হৈছিল৷ হয়তো এনে এটা ঘটনা আনৰো চকুত পৰিছিল৷ কিন্তু ঘটনাৰ গুৰুত্ব বুজি পালে অ’ৰষ্টেডে৷

অ’ৰষ্টেডৰ অন্তৰ্দৃষ্টিয়ে ধৰিব পাৰিলে যে এই হঠাতে দেখা ঘটনাটো বিদ্যুৎ আৰু চুম্বকত্বৰ মাজৰ সম্পৰ্ক স্থাপনৰ বাবে বৰ গুৰুত্বপূৰ্ণ৷ সুদীৰ্ঘ তেৰ বছৰ তেওঁ এই সম্পৰ্কে চিন্তা কৰিছিল৷ এক কথাত অ’ৰষ্টেডৰ সাজু হৈ থকা মনৰ সমুখত যেন নতুন ঘটনাই নতুন সত্য আৱিষ্কাৰৰ দুৱাৰ মুকলি কৰি দিলে৷

এই কাৰণেই বিজ্ঞানী মেক্স ক্লাংকে কৈছিল যে প্ৰস্তুত বা সাজু হৈ থকা মনকহে ভাগ্যই সহায় কৰে৷ বিজ্ঞানৰ ইতিহাসৰ পৰা আকস্মিক যেন লগা এনে বিস্তৰ উদাহৰণ দিব পৰা যায়৷

আকস্মিক হ’লেও প্ৰতিটো ঘটনাই কোনো সাজু মনৰ বিজ্ঞানীৰ মনত নতুন প্ৰশ্নৰ জন্ম দিয়ে। এনে নতুন প্ৰশ্নবোৰে বিজ্ঞানীৰ বাবে নতুন গৱেষণাৰ নতুন ক্ষেত্ৰ হৈ পৰে। বিজ্ঞানীয়ে এনে সমস্যাবোৰ সমাধান কৰিবলৈ প্ৰয়াস কৰে। এনে প্ৰয়াসেই হ’ল বৈজ্ঞানিক গৱেষণা৷ বিজ্ঞানত একোটা সমস্যা সমাধান কৰাটো যিদৰে গুৰুত্বপূৰ্ণ, এটা সঠিক প্ৰশ্ন বা সমস্যা দাঙি ধৰাটোও বেছি গুৰুত্বপূৰ্ণ হ’ব পাৰে। ইয়াৰ বাবে জ্ঞাতনকৈও কল্পনাৰ বেছি প্ৰয়োজন৷

সদায়ে যে এক সুনিৰ্দিষ্ট লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্যৰে বিজ্ঞানৰ অনুসন্ধান কাৰ্য্যত আগবঢ়া হয় তেনে নহয়৷ প্ৰকৃতিৰ ধৰণ-কৰণ জানিবলৈ কৰা গতানুগতিক অনুসন্ধানৰ কালতে হঠাতে অগতানুগতি বা অপ্ৰত্যাশিত ফলাফলত উপনীত হোৱাৰ বহু উদাহৰণ আছে। অতিপৰিবাহীৰ আৱিষ্কাৰ এনে এক উদাহৰণ৷ অতিশয় নিম্ন উষ্ণতাত বিদ্যুৎপৰিবাহিতাৰ অধ্যয়নত এই ফলাফল পোৱা গ’ল৷ এই ফলাফল অপ্ৰত্যাশিত হ’লেও ইয়াৰ আৱিষ্কাৰ কেথাৰলিনছ্ ওনছৰ সাজু মনতহে ধৰা পৰিছিল৷

এনে সাজু মনৰ অধিকাৰী যে প্ৰতিভাধৰ বিজ্ঞানীহে হ’ব পাৰে, তেনে নহয়৷ যিমানেই প্ৰতিভাধৰ নহওক কিয় কেনো বিজ্ঞানীয়েই স্বনিৰ্ভৰশীল হৈ আগবাঢ়িব নোৱাৰে৷ বিজ্ঞানৰ যি সৰু-বৰ যি কোনো আৱিষ্কাৰৰ অন্তৰালত থাকে অসংখ্য অখ্যাত, আৰু কল্পনাৰহিত কৰ্মত ব্ৰতী বিজ্ঞানীৰ প্ৰস্তুতিমূলক অৱদান৷ প্ৰতিভাধৰৰ কল্পনা আৰু চিন্তাৰে কৰা যুগান্তকাৰী আৱিষ্কাৰত অখ্যাত অৱদানৰো ক্ষীণমাত্ৰ হ’লেও অৰিহণা থাকে৷।