ডোং-বান্ধ: অসমৰ এক পৰম্পৰাগত জলসিঞ্চন পদ্ধতি


Image Description

ইতিহাসবিদ আৰু নৃতত্ত্ববিদে কয় যে খ্ৰীষ্টজন্মৰ আনুমানিক ৬০০০ বছৰ পূৰ্বে ইজিপ্ট, মেছ’পটেমিয়া আদি অঞ্চলত বসবাস কৰা কোনো কোনো জনগোষ্ঠীয় লোকে পোন প্ৰথমে কৃষিক্ষেত্ৰত জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগ কৰিছিল৷ নীল, টাইগ্ৰিছ, ইউফ্ৰেটিছ আদি নৈত কৃত্ৰিম বান্ধ সাজি আৰু নলা কাটি তাৰ পানীৰে তেওঁলোকে পথাৰত খেতি-বাতি কৰিছিল৷ চুমেৰীয়সকলেও অনুৰূপভাৱে জলসিঞ্চনৰ নলা কাটি পানী যোগানৰ ব্যৱস্থা কৰিছিল৷


ডোঙৰ জৰিয়তে গাঁৱলৈ নদীৰ পানী সৰবৰাহ

এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ জনগোষ্ঠীসকলে তেওঁলোকৰ পৰম্পৰাগত জ্ঞান-অভিজ্ঞতাৰ ভিত্তিত পাৰিপাৰ্শ্বিক প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খোৱাকৈ বহুতো থলুৱা জলসিঞ্চন প্ৰণালীৰ উদ্ভাৱন কৰিছে আৰু যুগ যুগ ধৰি কৃষিক্ষেত্ৰত তাৰ ব্যৱহাৰ কৰি আহিছে৷

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে জলসিঞ্চন প্ৰণালীৰো উন্নয়ন ঘটিছে সঁচা, কিন্তু পৃথিৱীৰ অনেক দুৰ্গম আৰু পিচপৰা ঠাইৰ মানুহে এতিয়াও পৰম্পৰাগত পদ্ধতিৰেই কৃষিক্ষেত্ৰত পানী যোগান ধৰে৷ এইবোৰৰ মাজত ইণ্ডোনেছিয়াৰ বালি দ্বীপপুঞ্জৰ চুবাক, উত্তৰ থাইলেণ্ডৰ চুংফাই, উত্তৰ-পশ্চিম ফিলিপাইনছৰ জাঞ্জিৰা, পশ্চিম হিমালয়ৰ কুল, ৰাজস্থানৰ যোহাদ আৰু খাদিন, মহাৰাষ্ট্ৰৰ ফাদ, বিহাৰৰ আহৰপানী, মেঘালয়ৰ বেম্বু ড্ৰিপ পদ্ধতি, নাগালেণ্ডৰ জাবো আদি উল্লেখনীয়৷

অসমৰো ভূটান-হিমালয় সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা জনগোষ্ঠীয় লোকসকলে এক বিশেষ জলসিঞ্চন পদ্ধতিৰ ব্যৱহাৰ কৰা দেখা যায়৷ স্থানীয় ভাষাত ইয়াক ডোং-বান্ধ পদ্ধতি বুলি কোৱা হয়৷ হিমালয়ৰ পাদদেশত অৱস্থিত হোৱা বাবে ভূটান সীমান্তৰ এই অঞ্চলটোৰ ভৌগোলিক পৰিৱেশ ৰাজ্যৰ বাকী অঞ্চলতকৈ সুকীয়া৷ হিমালয়ৰপৰা নামি অহা খৰস্ৰোতা নদীবোৰে এই ঠাইৰ সমভূমি অঞ্চলত সোমোৱাৰ লগে লগে মাটিৰ ঢাল হঠাতে সলনি হৈ পৰে। ফলত অঞ্চলটোত প্ৰচুৰ পৰিমাণে শিল, বালি আদি ক্ষয়জাত পদাৰ্থ জমা হয়৷ সেয়েহে এই ঠাইৰ মাটিৰ স্তৰ অপৰিপক্ক আৰু ঢিলা৷


বাক্সা জিলাৰ উত্তৰ অঞ্চলত পাগলাদিয়া নদী অৱবাহিকাত স্থানীয় ৰাইজে খন্দা মূল ডোংসমূহৰ বিতৰণ

পাহাৰৰ দাঁতিকাষত থকা হেতুকে অসমৰ আন আন ঠাইৰ তুলনাত এই অঞ্চলত বৰষুণ অলপ বেছিকৈ হয়। কিন্তু ভূপ্ৰকৃতি আৰু মাটিৰ গঠনৰ ফলত এই বৰষুণৰ পানী তৎক্ষণাৎ ভূগৰ্ভলৈ সোমাই যায়৷ আনহাতে মাটি শিলাময় হোৱা হেতুকে এই ঠাইত ভূগৰ্ভৰ পানী আহৰণ কৰাটোও যথেষ্ট কঠিন। এনে প্ৰতিকূল পৰিৱেশৰ বাবেই এই ঠাইৰ বাসিন্দাসকলে অতীজৰেপৰা সম্পূৰ্ণ থলুৱা পদ্ধতিৰে নদীত বান্ধ দি আৰু ডোং কাটি গাঁওসমূহত পানী যোগানৰ ব্যৱস্থা কৰি আহিছে৷ প্ৰায় এশ বছৰ পুৰণি এই ডোং-বান্ধ জলসিঞ্চন পদ্ধতি আজিও বাক্সা জিলাৰ উত্তৰাঞ্চলৰ মদাহী, বড়ো, নেপালী আদি জনগোষ্ঠীয় লোকসকলৰ পানী আহৰণৰ প্ৰধান উপায়৷

এই ডোং-বান্ধ পদ্ধতিত ডোং হৈছে পানী সৰবৰাহ কৰাৰ বাবে খন্দা নলা, আৰু বান্ধ হৈছে বিবিধ স্থানীয় সমলেৰে সজা অস্থায়ী ভেটা। এইদৰে পানীৰ গতিপথ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে নৈত বান্ধ দিয়াৰ উপৰি কেতিয়াবা ডাঙৰ বা মজলীয়া আকাৰৰ ডোংবোৰতো প্রয়োজন অনুসৰি বান্ধ দিয়া হয়। বিশেষকৈ এটা ডোঙৰপৰা আন এটা শাখা বা প্রশাখা ডোং খন্দা ঠাইত এনে শাখা-বান্ধ দিয়া হয়। অঞ্চলটোৰ গাঁওবোৰত এনে অনেক বান্ধ দেখা যায়। এনে একোটা ডোঙৰপৰা পানী পোৱা গাঁৱৰ ৰাইজে নিজৰ শাখা বান্ধবোৰৰ ৰক্ষণাৱেক্ষণৰ ব্যৱস্থা নিজেই কৰে। তাৰ বাবে প্রতিটো চুবুৰীতে একোজন ডোং-বান্ধ পৰ্য্যবেক্ষক থাকে। এই লোকজনক কেপ্টেইন বোলা হয়।


পাগলাদিয়া (সোঁহাতে) আৰু মৰা পাগলাদিয়া (বাওঁহাতে) নদীত ৰাইজে শ্ৰমদান কৰি বান্ধ সাজিছে

এই ডোংবোৰৰ নিৰ্মাণত ব্যৱহৃত প্ৰযুক্তি সম্পূৰ্ণৰূপে থলুৱা। তাত প্ৰয়োগ হোৱা সা-সামগ্ৰীবোৰো অঞ্চলটোত সহজতে পোৱা যায়। ভূটান পাহাৰৰপৰা প্ৰচণ্ড বেগেৰে বৈ অহা পানী যেতিয়া পাহাৰ আৰু ভৈয়ামৰ সংযোগস্থলীত উপস্থিত হয়, তেতিয়া ঠিক সেই ঠাইতে গাঁওবাসীয়ে নদীপৃষ্ঠ, মাটিৰ ঢাল, পানীৰ গভীৰতা আদি পৰ্য্যবেক্ষণ কৰি বান্ধ সজাৰ উপযুক্ত স্থান নিৰ্ধাৰণ কৰে৷ তাৰ পাছত তেওঁলোকে পৰম্পৰাগত কৌশলেৰে পাহাৰৰ হাবি-জংঘল, শিল-বালি, গছ-লতা আদিৰে নদীত অস্থায়ী বান্ধ এটি নিৰ্মাণ কৰে৷ এই বান্ধৰ সহায়েৰে নদীৰ পানীৰ গতিপথ সামান্য পৰিৱৰ্তন কৰি তাক তেওঁলোকে নিজৰ নিজৰ গাঁৱৰ ডোংবোৰলৈ প্ৰেৰণ কৰে৷

এই বান্ধবোৰ যদিও কোমল আৰু দুৰ্বল, সিবোৰৰ এনে গাঁঠনিৰো এক বিশেষ গুৰুত্ব আছে৷ বাৰিষা কেতিয়াবা কোবাল বান আহিলে এই বান্ধবোৰ সহজতে ভাঙি যায়। ফলত গাঁৱৰ ডোংবোৰেৰে অতিৰিক্ত পৰিমাণৰ পানী, বালি আদি সোমাই আহি কৃষিভূমি নষ্ট কৰিব নোৱাৰে৷ তাৰোপৰি এই ঠাইৰ নদীবোৰৰ পানীৰ ধাৰ প্ৰায়ে সলনি হৈ থাকে। ফলত ইয়াত পকী বান্ধ দিয়াটো বৰ সুবিধাজনক বা ফলপ্ৰসূ নহয়৷ কেতিয়াবা নৈৰ সোঁতত পাহাৰৰপৰা ডাঙৰ ডাঙৰ গছ-গছনি উটি আহি পকী বান্ধবোৰ ভাঙি পেলায়৷ সেয়ে অঞ্চলটোৰ ভৌগোলিক পৰিৱেশৰ ফালৰপৰা বিচাৰ কৰিলে পৰম্পৰাগত আৰু থলুৱা পদ্ধতিৰে সজা বান্ধবোৰ খুবেই গুৰুত্বপূৰ্ণ৷

এই ডোং-বান্ধ জলসিঞ্চন ব্যৱস্থাৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ প্ৰণালীও লেখত ল’বলগীয়া। ডোং-বান্ধ নিৰ্মাণ, তাৰ মেৰামতি আৰু তদাৰক, পানী বিতৰণ আদি সকলো কাম সঠিকভাবে পৰিচালনা কৰিবৰ বাবে এই ঠাইৰ অধিবাসীসকলে একগোট হৈ বিভিন্ন ডোং-বান্ধ কমিটি (Water User Association) গঠন কৰিছে৷ পাগলাদিয়া নদী অৱবাহিকাৰ উত্তৰাঞ্চলৰ ৰাইজে গঠন কৰা এনে ডোং কমিটিৰ মুঠ সংখ্যা বৰ্তমান ১৭ খন৷ ইয়াৰ ভিতৰৰ কেইবাখনো কমিটি প্ৰাক্-স্বাধীনতাৰ কালতে গঠন হোৱা৷ স্বাধীনতাৰ পাছত এই অঞ্চলটোত বহুতো নতুন নতুন মানুহ আহি বহে। এনেকৈ জনবসতি বৃদ্ধি পোৱাৰ লগে লগে খোৱা-বোৱা আৰু খেতি-বাতিৰ কাৰণে ডোঙৰ পানীৰ চাহিদা বৃদ্ধি পায়৷ ফলত লাহে লাহে আন বহুত ডোং আৰু ডোং-কমিটিৰ সৃষ্টি হয়৷


ডোং-বান্ধ জলসিঞ্চন পদ্ধতিৰে খেতি-পথাৰত পানী যোগান

ডোং কমিটিবোৰৰ মাজত পানীৰ ভাগ-বাটোৱাৰা আৰু ডোং ব্যৱস্থাৰ সুচাৰু পৰিচালনাৰ বাবে স্থানীয় ৰাইজে ১৯৫৪ চনত ‘উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডোং-বান্ধ কমিটি’ নামৰ এখন কেন্দ্ৰীয় কমিটি গঠন কৰে৷ তেতিয়াৰপৰাই এই কেন্দ্ৰীয় কমিটিখনে ১৪ খন গ্ৰুপ ডোং কমিটি আৰু দুখন আঞ্চলিক কমিটিৰ সহযোগত অঞ্চলটোত জলসিঞ্চন আৰু পানী যোগানত মুখ্য ভূমিকা পালন কৰি আহিছে৷ খৰালি কালত পাগলাদিয়া নদীৰ পানী বহু পৰিমাণে কমি যায়৷ তেনে সময়ত পানীৰ ভাগ-বাটোৱাৰাক লৈ গ্ৰুপ-কমিটিবোৰৰ মাজত যেন কাজিয়া-পেচাল নহয় আৰু সকলোৰে মাজত যেন পানীৰ সঠিক বিতৰণ সম্ভৱ হয় তাৰ বাবে তেওঁলোকে দুখন আঞ্চলিক পানী তদাৰক কমিটিও গঠন কৰিছে।

পাগলাদিয়া নদীৰ অৱবাহিকাৰ উত্তৰাঞ্চলত বসবাস কৰা জনগোষ্ঠীয় লোকসকলে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিবিৰ্শেষে একেলগে শ্ৰম দান কৰি ডোং-বান্ধৰ নিৰ্মাণ, সেই সমূহৰ তদাৰক আৰু মেৰামতি, পানী বিতৰণ আদি সকলো কাম সুচাৰুৰূপে পালন কৰি আহিছে৷ ডোং-কমিটিৰ নিয়ম অনুসৰি ডোঙৰ পানী ব্যৱহাৰ কৰা প্ৰত্যেক পৰিয়ালৰ খেতি মাটিৰ অনুপাতে এজন বা দুজন সদস্যই ডোং-বান্ধৰ কামত যোৱাটো বাধ্যতামূলক৷ যদি কোনোবা লোকে বিশেষ কোনো কাৰণ নোহোৱাকৈয়ে ডোং-বান্ধৰ কামত অনুপস্থিত থাকে, তেন্তে সেই ব্যক্তিয়ে তেনে অনুপস্থিতিৰ বাবে জবাবদিহি হ’ব লাগে আৰু লগতে ডোং-কমিটিৰ আইন অনুসৰি জৰিমনা ভৰিব লাগে। ঠিক তেনেদৰে যদি কোনো ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত পানী চুৰি, পানী অপচয় অথবা পানী বিষয়ক কাজিয়া আদিৰ অভিযোগ সঁচা বুলি প্ৰমাণিত হয়, তেন্তে সেই ব্যক্তিৰো যথোচিত শাস্তি বা জৰিমনাৰ ব্যৱস্থা কৰা হয়৷ আমাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত দেখিবলৈ পাইছিলোঁ যে অঞ্চলটোৰ প্ৰায় ৯০-৯৫ শতাংশ মানুহ ডোং-বান্ধ কমিটিৰ এই নিয়মাৱলীত সন্তুষ্ট আৰু এই নিয়মবোৰ মানি চলিবলৈ ইচ্ছুক৷


বাওঁহাতে, ১ নং গ্ৰুপ চৌকি পাগলাদিয়া ডোং-বান্ধ সমিতিৰ কাৰ্য্যালয়। সোঁহাতে, সমিতিৰ বছৰেকীয়া সাধাৰণ সভা

এই অঞ্চলৰ খোৱা পানীৰ সংকটক ৰাজস্থান, চাহাৰা আদি মৰুভূমি অঞ্চলৰ জল-সংকটৰ লগত তুলনা কৰিব পাৰি। অঞ্চলটোৰ প্রায় ৮০-৯০% মানুহৰ ঘৰত এতিয়াও খোৱা পানীৰ ব্যৱস্থা নাই। তেওঁলোকে দৈনিক ডোং, নিজৰা, নৈ, পুখুৰী আৰু ক'ৰবাত দুই-এটা চৰকাৰী কুঁৱা-নলীনাদ আদিৰপৰা পানী সংগ্ৰহ কৰে। ৰাজস্থানৰ জয়চলমিৰ আদি অঞ্চলৰ বাসিন্দাসকলৰ দৰে অসমৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এই ঠাইৰ লোকসকলেও খোৱা পানী আনিবৰ বাবে দৈনিক ২-৪ কিল’মিটাৰ বাট অতিক্রম কৰিবলগীয়া হয়। গড় হিচাবত ইয়াৰ এজন লোকে এবাৰ পানী অনাৰ নামত ২০-৪০ মিনিট সময় ব্যয় কৰিবলগীয়া হয়, আৰু প্ৰায়বোৰ লোকে প্ৰতিদিনে এইদৰে একাধিকবাৰ পানী আনিবলৈ যাব লাগে। এনেকৈ এসপ্তাহত প্রায় ৫-৬ ঘন্টা সময় তেওঁলোকৰ পানী অনাৰ নামতে ব্যয় হয়। অঞ্চলটোৰ মানুহখিনিৰ, বিশেষকৈ মহিলা আৰু স্কুলত পঢ়া বয়সৰ ছোৱালীহঁতৰ অনেক সময় এনেকৈয়ে অপচয় হয়।


অঞ্চলটোৰ বাসিন্দাসকলে খোৱা পানীৰ বাবে এতিয়াও এনেদৰে ডোঙৰ ওপৰতে নিৰ্ভৰ কৰে

পানীৰ এনে নাটনিৰ হেতুকে উত্তৰ-পূব ভাৰতৰ বহুতো জনগোষ্ঠীয়ে বিভিন্ন থলুৱা পদ্ধতিৰে পাহাৰৰ সৰু-বৰ নিজৰা, সুঁতি, নৈ আদিৰ পানীৰ অতি সুন্দৰ আৰু সুপৰিকল্পিত ব্যৱহাৰ কৰি আহিছে। এই লোকসকলৰ মাজত পানী-বিষয়ক সংঘাত তেনেই বিৰল আৰু পানীৰ অপচয় সম্পৰ্কেও তেওঁলোক যথেষ্ট সজাগ। মিজোৰামৰ আইজলত প্রায় সকলো মানুহৰ ঘৰত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা দেখা যায়। অৰুণাচল প্রদেশৰ আপাতানি লোকসকলে ধান খেতিত ব্যৱহৃত পানীৰ সঠিক ব্যৱহাৰ উদ্দেশ্যে তাত মাছ পালন কৰে।


ঘৰুৱা কামত ব্যৱহাৰৰ বাবে ঘৰৰ চালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ। মিজোৰাম, ২০১৭ চন

আজি যদি আমি উত্তৰ-পূবৰ চহৰবোৰলৈ চাওঁ, তেন্তে তাৰ প্ৰায়বোৰতে জল সংকটৰ এক গভীৰ ছাঁয়া দেখিবলৈ পোৱা যায়। দ্রুতগতিত বাঢ়ি অহা জনসংখ্যা, চৌপাশে মূৰ তুলি উঠা অসংখ্য ওখ অট্টালিকা, ধৰাপৃষ্ঠৰ নিৰ্বিচাৰ পকীকৰণ আদিয়ে ভুগর্ভৰ জলস্তৰত অতি বিৰূপ প্রভাৱ পেলাইছে। সেয়েহে অসম তথা উত্তৰ-পূবৰ আন আন ৰাজ্যৰ জনজাতীয় লোকসকলৰপৰা পানী যোগান, পানী সঞ্চয়ন, পানী ব্যৱস্থাপনা আদি সম্পৰ্কে সকলোৰে বহুতো কথাই শিকিবলগীয়া আছে।।