বৈজ্ঞানিক মানসিকতা


Image Description

বিজ্ঞানপ্ৰদত্ত জ্ঞান ব্যৱহাৰ কৰি মানুহে বহু ধৰণৰ কাম কৰাৰ ক্ষমতা অৰ্জন কৰিছে৷ এই কথা সকলোৱেই জানে৷ বিজ্ঞানৰ মূল্য কি বুলিলে মানুহে সচৰাচৰ এই ক্ষমতাকেই বুজি পায়৷ এয়া বিজ্ঞানৰ উপযোগবাদী মূল্য৷ কিন্তু বিজ্ঞানৰ আন মূল্যও আছে৷

দৰাচলতে বিজ্ঞান হ’ল প্ৰকৃতিক বুজা, ব্যাখ্যা কৰা আৰু পূৰ্বানুমান কৰাৰ এক প্ৰয়াস৷ এই প্ৰয়াসত অংশ লোৱাসকলেই হ’ল বিজ্ঞানী৷ এনে প্ৰয়াসৰ ফলতেই উন্মোচিত হয় প্ৰকৃতিৰ সত্য৷ খ্যাত-অখ্যাত সকলো সত্য উন্মোচনকাৰীয়েই এক প্ৰকাৰ মানসিক দৃষ্টিভঙ্গীৰে পৰিচালিত হৈ চিন্তা আৰু কৰ্মৰ পথত আগবাঢ়ে৷

বিজ্ঞানৰ উপযোগবাদী মূল্যৰ উপৰিও এই বৈজ্ঞানিক দৃষ্টিভঙ্গী মানৱজাতিলৈ বিজ্ঞানে আগবঢ়োৱা এক গভীৰ প্ৰমূল্য৷ এনে দৃষ্টিভংগী বা মানসিকতাই মানুহৰ চিন্তা আৰু কৰ্ম গভীৰভাৱে প্ৰভাৱিত কৰে৷ অকল বিজ্ঞান কিয় মানুহৰ আন চিন্তাকৰ্মতো এনে মানসিকতাৰ প্ৰভাৱ গভীৰ৷

এই আলোচনাত বিজ্ঞান মানসিকতাৰ নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে আলোচনালৈ নগৈ বিজ্ঞান মানসিকতাৰ বৈশিষ্ট্য কিছুমান সম্পৰ্কেহে আলোচনা কৰা হ’ব৷

আচলতে যি কোনো সময়ৰে বিজ্ঞান সাধনাত ব্ৰতীসকলৰ সন্মুখত পুৰ্বৰে পৰা সঞ্চিত কৰি ৰখা জ্ঞান আৰু অভিজ্ঞতাৰ এক বিপুল সঞ্চয় মজুত হৈ থাকেই৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই জ্ঞান আৰু অভিজ্ঞতা কোনোটোৱেই সম্পূৰ্ণ নহয় বা অভ্ৰান্তও নহয়৷ জ্ঞানৰ এই অপূৰ্ণতাৰ আধাৰত যুগুত কৰি উলিওৱা হয় নতুন নতুন প্ৰশ্ন৷ এনে প্ৰশ্নৰ সমাধান ওলোৱা মানেই নতুন জ্ঞান সৃষ্টি হোৱা৷ প্ৰশ্ন অবিহনে জ্ঞানৰ প্ৰগতি নহয়৷ সেয়েহে প্ৰশ্ন কৰাৰ স্বাধীনতা স্বাভৱিকভাবেই মানি লোৱা আৰু মানি চলা বিজ্ঞান মানসিকতাৰ অন্যতম বৈশিষ্ট্য৷ সকলোৱে মানি লয় মোৰ যিদৰে আনক প্ৰশ্ন কৰাৰ অধিকাৰ আছে, আনৰো একেদৰে মোকো প্ৰশ্ন কৰাৰ অধিকাৰ আছে৷ প্ৰশ্নৰ উদ্ধৰ্ত কোনো নহয়৷ মাঁথো এনে অধিকাৰ সাব্যস্ত কৰাৰ বাবে অনুপ্ৰেৰণা হ’ব লাগে অনুসন্ধানৰ আৰু সত্য উন্মোচনৰ হাবিয়াস৷ পূৰ্বৰে পৰা পোষণ কৰি থকা নিজৰ ধাৰণা আনৰ ওপৰত জাপি দিয়াৰ মানসেৰে নহয়৷

বৈজ্ঞানিক মানসিকতাই পতিয়ন নিয়ায় যে প্ৰায়ে জ্ঞান-বিজ্ঞানৰ ক্ৰমোন্নতিৰ সম্ভৱ হয় পূৰ্বতে প্ৰতিষ্ঠিত জ্ঞানৰ সংস্কাৰ ঘটাই, পৰিৱৰ্তন কৰি আৰু আনকি সময়ে সময়ে প্ৰত্যাখ্যান কৰিও৷ মানি লোৱা হয় যে জ্ঞানৰ বিকাশত প্ৰচলিত মতবিৰোধী ধাৰণাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিন্তু বহু নতুন ধাৰণাৰ পোনতে আত্মপ্ৰকাশ হয় প্ৰচলিত আৰু প্ৰতিষ্ঠিত ধাৰণাৰ বিৰোধী ধাৰণা হিচাবে৷ সকলোৱে জনা এটা উদাহৰণ হ’ল ক’পাৰ্নিকাছৰ সৌৰকেন্দ্ৰিক বিশ্ব৷ এৰিষ্টট’লৰ প্ৰতিষ্ঠিত ধাৰণাৰ সম্পূৰ্ণ বিপৰীত আছিল৷ এই বিপৰীত ধাৰণাই পিছলৈ সত্য বুলি প্ৰমাণ হ’ল শ্ব জ্ঞানৰ ইতিহাসত এনে বিস্তৰ উদাহৰণ আছে৷ সেয়েহে কোৱা হয় শ্বাশ্বত সত্যৰ সংৰক্ষণ কৰাৰ মানসিকতা বিজ্ঞানত নাথাকে৷ বৰঞ্চ সত্যৰ পুনৰীক্ষণ, বিশ্লেষণ, সংশোধন আৰু পৰিৱৰ্তনৰ প্ৰয়াস নিৰন্তৰ চলি থাকে৷ এনে প্ৰয়াসে আদৰো লভে৷ ইয়াৰ ফলত সময়ে সময়ে নতুন ধাৰণাই গঢ় লৈ থাকে, কিছু ভাঙেও৷ সেয়েহে বিৰুদ্ধ ধাৰণা অৱজ্ঞা নকৰা, বৰঞ্চ গুৰুত্বসহকাৰে বিবেচনা কৰি সিদ্ধান্তলৈ অহাৰ যত্ন কৰাটোহে বৈজ্ঞানিক মানসিকতাৰ এক প্ৰধান বৈশিষ্ট্য৷

কোনো প্ৰশ্নৰ, কোনো সমস্যাৰ সমাধান সম্পৰ্কে শেষ সিদ্ধান্ত দিওঁতা নাথাকে বুলি মানি চলাটোও বিজ্ঞান মানসিকতাৰ লক্ষণ৷ কীৰ্তিমান এজনে প্ৰকাশ কৰা ধাৰণা সম্পৰ্কে অখ্যাত এজনেও যুক্তিপূৰ্ণ সন্দেহ ব্যক্ত কৰাৰ স্বাধীনতা থাকে, সেই ধাৰণাৰ সত্যতা নিৰ্ণয়নৰ বাবে অনুসন্ধানৰ পথত খোজ দিব পাৰে৷ ধাৰণা সত্য বুলি প্ৰমাণিত নহ’লে মুক্তকণ্ঠে প্ৰকাশো কৰিব পাৰে৷ এয়েই শেষ সিদ্ধান্ত বুলি গ্ৰহণ কৰাতকৈ সন্দেহৰ অৱকাশ ৰখাটোও বৈজ্ঞানিক মানসিকতাৰ বৈশিষ্ট্য৷ সন্দেহৰ অৱকাশ ৰাখিলে বা অনিশ্চিত হ’লে কি ধৰণে উপকৃত হোৱা যায় সেয়া দাৰ্শনিক ফ্ৰান্সিছ বেকনৰ এষাৰি কথাৰ পৰা হৃদয়ঙ্গম কৰিব পাৰি৷ বেকনৰ ভাষাত ‘‘কোনো ধাৰণা বা সমস্যাৰ সমাধান সম্পৰ্কে আদিতে সন্দেহ থাকিলে দুই ধৰণে উপকৃত হোৱা যায়৷ প্ৰথমতে, ধাৰণাটো শুদ্ধ নহ’লে সন্দেহে ভুল পথে অগ্ৰসৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু সত্যানুসন্ধানৰ প্ৰক্ৰিয়া সঠিক পথেৰে আগলৈ লৈ যোৱাত সহায় কৰে৷ দ্বিতীয়টো হ’ল ধাৰণা বা বিচাৰ্য্য বিষয় ওপৰে ওপৰে চাই এৰি দিয়াৰ সলনি সন্দেহ থকাৰ বাবেই সেইবোৰ সুক্ষ্মতৰভাৱে বিশ্লেষণ কৰাৰ সম্ভাৱনা বাঢ়ে৷"

কোনো বিচাৰ্য্য বিষয় বা কোনো পৰিঘটনা সম্পৰ্কে পূৰ্বৰে পৰা পোষণ কৰি থকা ধাৰণা নতুন জ্ঞান, নতুন প্ৰমাণৰ আলোকেৰে বিচাৰ কৰাৰ মানসিকতাও বৈজ্ঞানিক মানসিকতাৰ বৈশিষ্ট্য৷ আমাৰ পূৰ্বজসকলে পোষণ কৰা জ্ঞান বা ধাৰণা পৰম্পৰাই আমাৰ হাতত তুলি দিয়ে৷ উদাহৰণ স্বৰূপে আমাৰ স্বাস্থ্যৰ যতনসম্পৰ্কীয় পৰম্পৰাগত বহু আচাৰ-আচৰণ শুদ্ধ বুলি নতুন জ্ঞানেও দেখুৱায়৷ আনহাতে আকৌ, বহু আচাৰৰ সত্যৰ লগত একো মিল নথকাটোও প্ৰমাণ কৰে৷ সেইদৰে সূৰ্য্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ আদি নভোমণ্ডলীয় পৰিঘটনা সম্পৰ্কে পৰম্পৰাগতভাৱে লাভ কৰা ধাৰণা বিজ্ঞানৰ নতুন প্ৰতিষ্ঠিত ধাৰণাই নাকচ কৰে৷ এনে বিস্তুৰ উদাহৰণ দিব পাৰি৷ আমাৰ হাতলৈ অহা এনে জ্ঞান, ধাৰণা নতুন জ্ঞানৰ আধাৰত বিশ্লেষণ, পুনৰীক্ষণ, প্ৰশ্ন কৰি বিচাৰ কৰি চাব পাৰি৷ এনে বিচাৰত এইবোৰ ধাৰণা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলি পতিয়ন গ’লে তেনে ধাৰণা বা জ্ঞান বৰ্জন কৰাৰ সাহস বৈজ্ঞিানিক মানসিকতাই দিয়ে৷

পৰম্পৰাগত ধ্যান-ধাৰণা নিৰ্বিচাৰে অনুসৰণ নকৰি যুক্তি আৰু বিচাৰবুদ্ধিৰে অন্বেষণ কৰাহে বৈজ্ঞানিক মানসিকতাৰ লক্ষণ৷ বৈজ্ঞানিক পদ্ধতিৰে অন্বেষণ কৰি উন্মোচন কৰা সত্যক প্ৰায় সত্য বুলি গ্ৰহণ কৰাটোহে বৈজ্ঞানিক মানসিকতাৰ লক্ষ্য৷ প্ৰায় সত্য বুলি এই কাৰণেই কোৱা হয় যে এনে উন্মোচিত সত্যৰো বিশ্লেষণ শেষত পুনৰীক্ষণ চলি থাকে৷

প্ৰাকৃতিকেই হওক বা সামাজিকেই হওক যি কোনো ঘটনাই সংঘটিত হোৱাৰ কাৰণ হ’ল বহু ধৰণৰ ক্ৰিয়া৷ প্ৰাকৃতিক ঘটনা প্ৰাকৃতিক ক্ৰিয়াৰ ফল৷ সামাজিক পৰিঘটনা সামাজিক ক্ৰিয়াৰ ফল৷ এই ক্ৰিয়াসমূহ বহু ক্ষেত্ৰত অতি জটিল আৰু পাক লগা৷ এই পাক ভঙা বহু সময়ত টান হৈ পৰে৷ কিন্তু বিজ্ঞান ইতিহাসৰ পৰাই দেখা যায় যিমানেই কঠিন নহওক, সকলোবোৰ ঘটনা-পৰিঘটনা বুজা, ব্যাখ্যা কৰা সময়ত সম্ভৱ হৈ পৰে৷ এনে প্ৰত্যয়ো বিজ্ঞান মানসিকতাৰ বৈশিষ্ট্য৷

এইটোও ঠিক যে কোনো কোনো সময়কালত কোনো প্ৰশ্নৰ উচিত সমাধান, কোনো পৰিঘটনাৰ প্ৰায় শুদ্ধ ব্যাখ্যা মানুহৰ হাতত নাথাকিব পাৰে৷ এয়া অতি স্বাভাৱিক৷ এনে উচিত সমাধান বা ব্যাখ্যা নাথাকিলে সেয়া অকপটে স্বীকাৰ কৰি লোৱাৰ বিনয় আৰু সাহস বৈজ্ঞানিক মানসিকতাৰেই বৈশিষ্ট্য৷ কিন্তু এই অজ্ঞতা যে সাময়িক আৰু চিন্তা-কৰ্মৰ সহায়ত এই অজ্ঞতা যে আঁতৰাব পৰা যায় সেই দৃঢ়তাও এনে মানসিকতাৰেই ফল৷

প্ৰথমতেই কোৱা হৈছিল যে বিজ্ঞানৰ উপযোগবাদী মূল্যৰ বিষয়ে সকলোৱে জানে৷ বৈজ্ঞানিক মানসিকতাও বিজ্ঞানৰ আন এক গভীৰ প্ৰমূল্য৷ বৈজ্ঞানিক জ্ঞান সম্পৰ্কে সজাগতাৰ পৰা ই সম্পূৰ্ণ পৃথক৷ এজন মানুহৰ বৈজ্ঞানিক সজাগতা নিৰ্ভৰ কৰে তেওঁ পঢ়ি-শুনি আহৰণ কৰা বৈজ্ঞানিক জ্ঞান আৰু তথ্যৰ ওপৰত৷ এনে সজাগতাৰো সমাজত প্ৰয়োজন৷ কিন্তু বিজ্ঞান শিক্ষাৰ আশীৰ্বাদেৰে ধন্য হোৱা, বৃত্তিগত বা বিজ্ঞানৰ লগত জড়িত হৈ থাকিলেও এজন মানুহৰ চিন্তা আৰু কৰ্মত বৈজ্ঞানিক মানসিকতাৰ লক্ষণ নাথাকিবও পাৰে৷ আনহাতে, আনুষ্ঠানিকভাবে বিজ্ঞান শিক্ষাৰে শিক্ষিত নহৈও, বৈজ্ঞানিক জ্ঞানেৰে মানসিভাৱে সমৃদ্ধ নহ’লেও বহু সময়ত মানুহৰ চিন্তা আৰু কৰ্মত বৈজ্ঞানিক মানসিকতাৰ বৈশিষ্ট্যসমূহ দেখা যায়৷ আচল কথা হ’ল প্ৰায় মানুহৰে চিন্তাত কম-বেছি পৰিমাণে এনে বৈশিষ্ট্য থাকেই৷ মাঁথো যুক্তিহীন ধাৰণাৰ অহৰহ প্ৰচাৰ-প্ৰসাৰে চিন্তাৰ এনে বৈশিষ্ট্য তল পেলাই ৰাখে৷