বিশ্বব্ৰহ্মাণ্ডৰ ছবি: মানুহৰ বুদ্ধিমত্তাৰ জয়


Image Description

বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে বিজ্ঞানৰ এটা ধাৰণা আছে। বিশ্বব্ৰহ্মাণ্ডৰ এটা আৰম্ভণি আছে। আজিৰ সময়ত বিশ্বব্ৰহ্মাণ্ডৰ এটা বয়স আছে। বয়স হ'ল প্ৰায় ১৩৮০০,০০০,০০০ (১৩৮ কৌটী) বছৰ।

আকৌ বিজ্ঞানে বিচাৰি পাইছে যে বিশ্বব্ৰহ্মাণ্ড অনবৰতে আকাৰত বাঢ়ি আছে। আৰম্ভণী মুহূৰ্তৰ পৰা বাঢ়ি আছে। বাঢ়িয়েই আছে। প্ৰচণ্ড বেগেৰে বাঢ়ি আছে।

২০২১ চনৰ ২৫ ডিছেম্বৰত নাছাই এখন মহাকাশযান পঠিয়ালে। ই কঢ়িয়াই নিলে এটা শক্তিশালী দূৰবীক্ষণ। মহাকাশবিদ জেমছ ৱেবৰ নামত উৎসৰ্গিত।

এইটো অভিযানৰ উদ্দেশ্য দুটা আছিল। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ একেবাৰে আৰম্ভণিৰ তৰাৰ ছবি তোলা। আৰু মানুহ থাকিব পৰা গ্ৰহ আদি ক’ৰবাত আছে নেকি তাৰ সন্ধান লোৱা।

কম সময়ৰ ভিতৰতে মানুহৰ দিগন্ত বহু প্ৰসাৰিত হ'ল। অভাৱনীয় খবৰ দূৰবীণটোৱে পঠিয়ালে। দূৰৰ খবৰ আহে পোহৰৰ পিঠিত উঠি। বহু দূৰৰ তৰাৰ পোহৰ আপেক্ষিকভাৱে ওচৰৰ তৰাৰ বিশাল থূপে বেকাঁ কৰে। দিশ সলায়। তেনে পোহৰে কিন্ত্ত দূৰৰ খবৰকে দিব। অতীতক চাবলৈ আৰু জানিবলৈ উৎকৃষ্ট চিন্তা বিজ্ঞানীয়ে পালে

তেনে পোহৰ দূৰবীণে নাছালৈ পঠিয়ালে। ১১ জুলাইত আহি পালে। গণনা চলিল। বিজ্ঞানীৰ আনন্দ সীমা নোহোৱা হ'ল। বিশাল দূৰত্বত থকা তৰাৰ পোহৰ পৃথিৱী পালেহি!

সেয়া বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ সময়তে সৃষ্টি হোৱা তৰাৰ পোহৰ! আমি পাবলৈ ১৩০ কৌটী বছৰৰ প্ৰয়োজন হ'ল। ছবিবোৰ লৈ উৎকণ্ঠাৰ অন্ত নাই। নহ'বৰে কথা! বিশ্বব্ৰহ্মাণ্ডৰ বয়স মোটামুটিভাৱে আমি জানিলোঁ। আইনষ্টাইন আকৌ এবাৰ জিলিকি উঠিল।

বিশ্বব্ৰহ্মাণ্ডক জানিবলৈ বিজ্ঞানে অভূতপূৰ্ব পদক্ষেপ ল'লে। যুক্তি, বিজ্ঞান আৰু অন্বেষণেহে মানুহৰ নতুন সভ্যতা ৰচিব।।