বৈজ্ঞানিক অনুসন্ধানৰ স্বৰূপ


Image Description

প্ৰকৃতিৰ সত্য উন্মোচন কৰাৰ মানসেৰে নিৰন্তৰভাৱে কৰা অনুসন্ধানকেই সচৰাচৰ বৈজ্ঞানিক অনুসন্ধান বুলি বুজা যায়৷ বৈজ্ঞানিক অনুসন্ধানৰ এক প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ বাবে অনুসৰণ কৰা পদ্ধতি৷ মূলতঃ দুই ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এনে অনুসন্ধানৰ পথত আগ বঢ়া হয়৷

ইয়াৰে প্ৰথমবিধ হ’ল প্ৰকৃতিৰ ৰহস্য উদ্‌ঘাটন৷ এয়া বিশুদ্ধ সত্যানুসন্ধান৷ এনে প্ৰয়াসৰ ফলত উন্মোচন হোৱা সত্য মানুহৰ ব্যৱহাৰৰ উপযোগী কিবা কামত আহিব নে নাই সেয়া অনুসন্ধান কৰোতাজনৰ বিচাৰ্য্য বিষয় হৈ নাথাকে৷ যদিও বহু ক্ষেত্ৰতেই এনেদৰে উন্মোচিত সত্য বা ধাৰণাৰ সুদৃঢ় ভেঁটিতেই ভৱিষ্যত প্ৰযুক্তিৰ সৌধ নিৰ্মাণ হয়৷

উদাহৰণ স্বৰূপে, ১৮৩১ চনত বৃটিছ বিজ্ঞানী মাইকেল ফেৰাডেই তেওঁৰ তীক্ষ্ণ পৰ্য্যৱেক্ষণ ক্ষমতাৰ সহায়ত কৰা অনুসন্ধানৰ ফলত বিদ্যুৎচুম্বকীয় আৱেশ নামৰ পৰিঘটনা আৱিষ্কাৰ হয়৷ এই পৰিঘটনাৰ এটা সূত্ৰ তেওঁ উলিয়ায়৷ অতি সাধাৰণ আৰু সৰল পৰীক্ষাৰ দ্বাৰা তেওঁ অসাধাৰণ সিদ্ধান্তত উপনীত হ’ব পাৰিছিল৷ কোনো সাম্ভাব্য প্ৰয়োগৰ কথা চিন্তা কৰি তেওঁ এই অনুসন্ধান আৰম্ভ কৰা নাছিল৷ লণ্ডনৰ ৰ'য়েল ছ'ছাইটিৰ সভাত এই যুগান্তকাৰী পৰীক্ষাৰ প্ৰদৰ্শন কালত সভাত উপস্থিত থকা এগৰাকী সম্ভ্ৰান্ত মহিলাৰ প্ৰশ্ন আছিল– ‘এই পৰীক্ষাৰ ফলাফলৰ ব্যাৱহাৰিক প্ৰয়োগ কি হ’ব ।'

ফেৰাডেৰ উত্তৰ আছিল– ‘এটা সদ্যজাত শিশু কি ব্যাৱহাৰিক কামত লাগিব পাৰে?' আজি সকলোৱেই জানে যে আধুনিক গধুৰ বৈদ্যুতিক উদ্যোগৰ মূল আধাৰ হ’ল ফেৰাডেৰ এই আৱিষ্কাৰ৷

ফেৰাডেৰ আৱিষ্কাৰৰ দুমাহ আগেয়ে জন্ম লাভ স্কটলেণ্ডৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী আৰু গণিতজ্ঞ হ’ল জেমছ ক্লাৰ্ক মেক্সৱেল ৷ বিদ্যুৎচুম্বকত্ব সম্পৰ্কীয় আন কেইটামান প্ৰতিষ্ঠিত সূত্ৰৰ লগতে ফেৰাডেৰ বিদ্যুৎচুম্বকীয় ধাৰণা ব্যৱহাৰ কৰি মেক্সৱেলে চাৰিটা সমীকৰণ স্থাপন কৰে৷ এই চাৰিটা সমীকৰণ মেক্সৱেলৰ সমীকৰণ নামেৰে জনাজাত হয়৷ এইকেইটা সাধাৰণ সমীকৰণ নাছিল৷ ইয়াৰ পৰাই বিদ্যুৎচুম্বকীয় তৰংগৰ অস্তিত্বৰ বিষয়ে জনা গ’ল৷

তাৰোপৰি পোহৰ যে আন একো নহয় তীব্ৰবেগে ধাৱমান বিদ্যুৎচুম্বকীয় তৰংগহে তাকো পূৰ্বানুমান কৰা হ’ল৷ আধুনিক দূৰ -সংযোগ প্ৰযুক্তিৰ লগতে অত্যাধুনিক আন যোগাযোগ ব্যৱস্থাৰো তাত্ত্বিক বুনিয়াদ হ’ল মেক্সৱেলৰ বিদ্যুৎচুম্বকীয় তত্ত্ব৷ মেক্সৱেলৰ মৃত্যুৰ দহ বছৰ পিছত এনে তৰংগৰ গৱেষণাগাৰত উৎপাদন কৰা আৰু ধৰা পেলোৱাত বিজ্ঞানী সক্ষম হয়৷

বিজ্ঞানৰ অনুসন্ধান প্ৰক্ৰিয়াৰ এই দুই উদাহৰণ দিয়াৰ কাৰণ হ’ল– ফেৰাডেই সত্য উদ্‌ঘাটন কৰিছিল পৰীক্ষাৰ দ্বাৰা কৰা পৰ্য্যৱেক্ষণৰ সহায়ত, মেক্সৱেলে একেই কাম কৰিছিল সম্পূৰ্ণ গাণিতিকভাৱে৷ উদ্দেশ্য এটাই: প্ৰকৃতিক বুজি পোৱা ।

১৯৩৪ চনত আমেৰিকাৰ বিজ্ঞানী ৰবাৰ্ট মিলিকানে ন'বেল বঁটা গ্ৰহণ কৰি দিয়া বক্তৃতাত কৈছিল– ‘বিজ্ঞান সচৰাচৰ দুখন ভৰিৰে খোজ কাঢ়ি আগবাঢ়ে– তত্ত্ব আৰু পৰীক্ষা৷ কেতিয়াবা এখন ভৰি পোনতে আগবঢ়োৱা হয়৷ কেতিয়াবা আনখন৷ কিন্তু বিজ্ঞানৰ অনুসন্ধান আগবাঢ়ে দুয়োখন ভৰিৰ ব্যৱহাৰৰ বাবেই৷’

বিজ্ঞানৰ অনুসন্ধানকাৰীসকলে গ্ৰহণ কৰা আনটো প্ৰত্যাহ্বান হ’ল মানৱজাতিৰ নিত্য-নতুন প্ৰয়োজন পূৰণ কৰা । এই প্ৰয়োজন পূৰণৰ তাগিদাত কৰা অনুসন্ধানৰ ফলত মানৱজাতিয়ে সমৃদ্ধিময় জীৱন লাভ কৰে৷ অৱশ্যে দুই প্ৰত্যাহ্বানৰ মাজত এক স্পষ্ট সীমাৰেখা অংকন কৰাটো বহু ক্ষেত্ৰত সহজ নহয়৷ তত্ত্ব বা পৰীক্ষা যিয়েই নহওক যি কোনো সময়ৰে অনুসন্ধানকাৰীৰ সমুখত সদায়ে পূৰ্বৰ বা সমসাময়িক অনুসন্ধানকাৰীৰ চিন্তা আৰু পৰিশ্ৰমৰ ফল হিচাবে জ্ঞান আৰু অভিজ্ঞতাৰ এক বিপুল সঞ্চয় মজুত হৈ থাকে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই সঞ্চিত জ্ঞানৰ কোনোটোৱেই প্ৰশ্নাতীত বা সন্দেহাতীত নহয়৷ সঞ্চিত জ্ঞানৰ এই অপূৰ্ণতাৰ আঁত ধৰিয়েই ভৱিষ্যতৰ অনুসন্ধানকাৰীজন কামত আগবাঢ়ে৷

বৈজ্ঞানিক অনুসন্ধানৰ ফলত উন্মোচিত সত্য স্থান-কাল-অনুসন্ধানকাৰীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে৷ এনে সত্য যি কোনো সময়ত, যি কোনো ঠাইত পুনঃ পুনঃ সত্যাপন কৰি চাব পৰি৷ বৈজ্ঞানিক অনুসন্ধানৰ এক প্ৰধান বৈশিষ্ট্য হ’ল অনুসন্ধান প্ৰক্ৰিয়া অনুসন্ধানকাৰীৰ ইচ্ছা-অনিচ্ছা, অনুভূতি, পূৰ্বে পোষণ কৰা ধাৰণা বা মতাদৰ্শ আদিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে৷ বিচাৰ-বিশ্লেষণ, যুক্তি-তৰ্ক চলি থাকে৷ কিন্তু এইবোৰৰ একমাত্ৰ লক্ষ্য হ’ল প্ৰকৃতিৰ সত্য যিমান পাৰি শুদ্ধকৈ নিৰ্ণয় কৰা৷

মানৱতাবাদী হিচাবে সুখ্যাতি অৰ্জন কৰা কুৰি শতিকাৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এবাৰ কৈছিল– ‘মোৰ কৰ্মৰাজিৰ বাবে অনুপ্ৰেৰণা লাভ কৰোঁ প্ৰকৃতিৰ ৰহস্য জানিবলৈ এক দুৰ্বাৰ বাসনাৰ বাবেহে৷ ন্যায় প্ৰতিষ্ঠাৰ বাবে মোৰ আগ্ৰহ বা মানুহৰ অৱস্থাৰ উন্নতিৰ বাবে অৰিহণা যোগোৱাৰ মোৰ ইচ্ছা এই অনুপ্ৰেৰণাৰ পৰা সম্পূৰ্ণ পৃথক৷’

বৈজ্ঞানিক অনুসন্ধানত ব্ৰতী সকলোৱেই যি পদ্ধতি অনুসৰণ কৰি কামত আগ বাঢ়ে সেয়া মূলতঃ সূক্ষ্ম বিচাৰ-বিবেচনা, প্ৰতিষ্ঠিত সূত্ৰ-বিধি আৰু যুক্তিৰ দ্বাৰা পৰিচালিত৷ বৈজ্ঞানিক অনুসন্ধানত এনে পদ্ধতিৰ প্ৰয়োগেই বিজ্ঞানৰ দ্ৰুত বিকাশৰ কাৰণ বুলি বহুতে ভাবে৷ ইয়াৰ পৰাই অনুপ্ৰেৰণা লভি আন আন অনুসন্ধানৰ ক্ষেত্ৰতো এনে পদ্ধতিৰ প্ৰয়োগ কৰাৰ যত্ন কৰা হয়৷

বৈজ্ঞানিক অনুসন্ধানৰ সাফল্য লক্ষ্য কৰিয়েই খৰচি মাৰি, সকলো খুঁটি-নাটি বিবেচনা কৰি হাতত লোৱা বহু কৰ্ম-কাণ্ডকো বৈজ্ঞানিকভাৱে পৰিচালিত বুলি কোৱা হয়৷ বহু অনুসন্ধান কাৰ্য্যৰ আগত বৈজ্ঞানিক বিশ্লেষণ সংযোগ কৰাও হয়৷ কিন্তু এনে বহু কৰ্মকাণ্ডত বা অনুসন্ধানত ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ অভাৱ দেখা যায়৷ তেতিয়া এইবোৰক বৈজ্ঞানিক অনুসন্ধান বা কৰ্মকাণ্ডৰ সলনি খুঁটি-নাটি বিচাৰ কৰি সম্পন্ন কৰা কাৰ্য্যহে বুলিব পাৰি৷