ক্ষুদ্ৰ অৰণ্যৰ সৃষ্টিঃ সময়ৰ এক প্ৰত্যাহ্বান


Image Description

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ এক অন্যতম সমস্যা হৈছে পৰিস্থিতিতন্ত্ৰৰ (ecosystem) ধ্বংস কাৰ্য্য বন্ধ কৰাৰ লগতে নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি আৰু পুনৰুদ্ধাৰ কৰা ৷ প্ৰকৃতিৰ বুকুত অৱস্থিত পাহাৰ, পৰ্বত, বনাঞ্চল, খাল, বিল, নদ,নদী, সাগৰ, মহাসাগৰকে ধৰি সকলো ধৰণৰ পৰিস্থিতিতন্ত্ৰ আজি ক্ৰমাগতভাৱে ধ্বংস গৰাহত ৷ ফলশ্ৰুতিত বাঢ়ি অহা জলবায়ু পৰিৱৰ্তনে বিশ্ববাসীৰ বাবে অন্য এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে ৷ সময়ৰ গতিত জীৱকুল পৃথিৱী নামৰ গ্ৰহটোত সুৰক্ষিত হৈ থাকিব নে নাথাকে বিজ্ঞানীৰ মাজত প্ৰশ্ন উদয় হৈছে৷ উল্লেখ্য যে ২০১৫ চনত বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হোকিন্সএ ভবিষ্যৎবাণী কৰিছে—'Human will need to search for another planet to colonise within 600 years, otherwise face extinction'.

জীৱ-বৈচিত্ৰৰ সমৃদ্ধিশালী পৰিস্থিতিতন্দ্ৰৰ এটা মুখ্য উপাংশ বনাঞ্চলৰ ভূমিকা সৰ্বজনবিদিত ৷ দ্ৰুতগতিত প্ৰকৃতি আজি ধ্বংসৰ গৰাহত ৷ পুনৰুদ্ধাৰৰ সৰ্বাত্মক প্ৰয়োজন হৈছে ৷ এই পৰিপ্রেক্ষিতত বনাঞ্চল ধ্বংস বন্ধ কৰা মানৱসৃষ্ট অৰণ্যৰ (man made forest) সৃষ্টিৰ ওপৰতে গোটেই বিশ্বতে গুৰুত্ব আৰোপ কৰিছে ৷ সাম্প্ৰতিক সময়ত মানৱসৃষ্ট ক্ষুদ্ৰ অৰণ্য (micro forest /mini forest)বিশ্বৰ বিভিন্ন দেশত সমাদৃত হৈছে ৷ ইয়াৰ পৰা অতি কম ঠাইত আৰু কম সময়ত এখন অৰণ্য সৃষ্টি কৰিব পাৰি ৷ জানিব পৰা হৈছে ইয়াৰ পৰিৱেশিক গুৰুত্ব প্ৰাকৃতিকভাবে সৃষ্টি হোৱা অৰণ্যতকৈ কোনো গুণে কম নহয়৷

অতি কম [প্ৰায় ৩০ বৰ্গ মিটাৰ] অধিক ঘনকৈ [প্ৰায় ৩০টা প্ৰজাতিৰ] উদ্ভিদ ৰোপন কৰি বা প্ৰাকৃতিকভাৱে ঘনকৈ হ’বলৈ দি ক্ষুদ্ৰ অৰণ্য সৃষ্টি কৰা হয়৷ ক্ষুদ্ৰ অৰণ্যৰ [ঘনত্ব বেছি আৰু ওখ হোৱা বাবে] বায়ুমণ্ডলৰ কাৰ্বন ডাই-অক্সাইড শোষণৰ ক্ষমতা পৰম্পৰাগত অৰণ্যতকৈ ৩০ গুণৰো অধিক৷ সেইবাবে ই জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ সৃষ্টি কৰা অৰণ্য অঞ্চলটোৰ পৰিসৰ অধিক হ’লে কোনো অসুবিধা নহয়৷ জাপানী উদ্ভিদবিজ্ঞানী আকিৰা মিয়াকী [Akira Miyawaki] নামৰ বিজ্ঞানীজনৰ ধাৰণাৰ ভিত্তি সৃষ্টি কৰা আৰু বিস্বৰ বিভিন্ন দেশত আদৰি লোৱা এই পদ্ধতিক মিয়াকী [Moyawaki Forest] নামেৰে পৰিচিত হৈছে. উল্লেখনীয় যে মিয়াকীৰ প্ৰচেষ্টাত জাপান, মালয়েচিয়া আদি দেশত ১০০০তকৈ অধিক ক্ষুদ্ৰ অৰণ্য সৃষ্টি হৈছে৷ বৰ্তমান ইয়াৰ প্ৰসাৰতাই এছিয়া আৰু ইউৰোপ মহাদেশৰ বিভিন্ন স্থানত [নেডাৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স আদি] জনপ্ৰিয়তা অৰ্জন কৰিছে৷

প্ৰায় তিনি দশক পূৰ্বে আমাৰ দেশত বাঙ্গালোৰৰ ভাৰতীয় বিজ্ঞানী প্ৰতিষ্ঠানত প্ৰায় ১.৭৫ হেক্টৰ এলেকাত সৃষ্টি কৰা অৰণ্যখন হৈছে ক্ষুদ্ৰ অৰণ্যৰ ধাৰণাৰ ওপৰত গঢ় লৈ উঠা এক জলন্ত উদাহৰণ৷

আমাৰ ৰাজ্যখন প্ৰমুখ্যে দেশৰ সকলো অঞ্চলৰে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি সকলো অনুষ্ঠান, প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্য্যালয়ত খালী হৈ পৰি থকা মাটিত ক্ষুদ্ৰ অৰণ্য গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে।