ডিজিটেল ৰূপান্তৰণ আৰু উত্তৰণৰ দোমোজাত: প্ৰত্যাশা আৰু প্ৰত্যাহবান


Image Description

প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোৰ্তিবিজ্ঞানী ব্ৰহ্মগুপ্তই [৫৯৮-৬৭০ খৃষ্টাব্দ] ৬২৮ খৃষ্টাব্দত 'ব্ৰহ্মানুস্ফুতসিদ্ধান্ত' ৰচনা কৰিছিল৷ এই গ্ৰন্থতে ব্ৰহ্মগুপ্তই পোন প্ৰথমবাৰৰ বাবে ‘শূন্য’ক সংখ্যা হিচাপে গণ্য কৰাৰ ধাৰণা ব্যাখ্যা কৰিছিল৷ শূন্যৰ ধাৰণাৰ আধাৰতে কেলকুলাছ [calculus], পদাৰ্থবিজ্ঞান, আভিযান্ত্ৰিক বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানৰ ধাৰণা আৰু প্ৰয়োগ সম্ভৱ হৈছিল৷

আজিৰ ডিজিটেল কৌশল আৰু প্ৰযুক্তিৰ আৰম্ভণিও ব্ৰহ্মগুপ্তৰ ‘শূন্য’ ধাৰণাৰ পৰাই হৈছিল বুলি ক’লে ভুল কোৱা নহ’ব৷

আজি পৃথিৱীত মানুহৰ এনে এখনো ক্ষেত্ৰ নাই য’ত ডিজিটেল প্ৰযুক্তি আৰু কৌশলৰ প্ৰভাৱ আৰু সম্পৰ্ক নাই৷ সাম্প্ৰতিক কালত গুৰুত্বপূৰ্ণ বিবেচিত দহোটা প্ৰধান ডিজিটেল কৌশল [প্ৰযুক্তি] হ’ল:

১৷ ছাইবাৰ নিৰাপত্তা [Cyber Security]

২৷ ক্লাউড কম্পিউটিং [Cloud Computing]

৩৷ ব্লক চেইন [Block Chain]

৪৷ মেটাভাৰ্ছ [Metaverse]

প্ত৷ আৰ্টিফিছিয়েল ইন্ টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তা [Artificial Intelligence, চমুকৈ AI]

৬৷ এজাইল্ প্ৰজেক্ট মেনেজমেণ্ট [Agile Project Management]

৭৷ ডেভ্ অপ্ ছ [Dev Ops]

৮৷ ৰ’ব’টিক প্ৰছেছ অ’ট’মেশ্বন [Robotic Process Automation]

৯৷ ডাটা ছায়েন্স [Data Science]

১০৷ কন্ টেণ্ট মাৰ্কেটিং [Content Marketing]

ডিজিটেল প্ৰযুক্তিৰ সৰ্বগ্ৰাসী ব্যাপক ৰূপৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি গোটেই পৃথিৱীতে বিৰাট চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ যোৱা ১০-১১ ফেব্ৰুৱাৰীত নতুন দিল্লীত National Institute of Electronics and Information, চমুকৈ NIELITৰ উদ্যোগত ডিজিটেল প্ৰযুক্তিৰ প্ৰথমখন আন্তৰ্জাতিক সন্মিলন–NIELIT– International Conference on Communication, Electronics and Digital Technology, চমুকৈ NICE-DT, অনুষ্ঠিত হয়৷

দুদিনীয়া আন্তৰ্জাতিক সন্মিলনখনত ডিজিটেল প্ৰযুক্তিৰ বিভিন্ন দিশসমূহৰ গৱেষণাৰ বিষয়ে ৮খন সত্ৰত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল৷ G-20ত ভাৰতৰ সভাপতিত্বৰ উদ্ যাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন অনুষ্ঠানৰ ভিতৰত এই সন্মিলনখন অন্যতম আছিল৷ ‘জীৱবিজ্ঞানত ডিজিটেল প্ৰযুক্তিৰ ভৱিষ্যত' (Future of Digital Technology in Bioscience) শীৰ্ষক সত্ৰখনত মোক মূল বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনবিজ্ঞান মন্ৰালয়ৰ সচিব শ্ৰীঅলকেশ কুমুৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিষয়া, ডিজিটেল উদ্যোগৰ লগত জড়িত কেইবাখনো দেশৰ বিশেষজ্ঞ, বিজ্ঞানী আৰু ৰাষ্ট্ৰসংঘৰ অনুষ্ঠান UNESCOৰ AIৰ সঞ্চালক আৰু সামাজিক মানৱ খণ্ডৰ মুখ্য কাৰ্য্যবাহী বিষয়া ড॰ মেৰিয়া গ্ৰেজিয়া স্কুইচিয়াৰিনিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছিল৷

বৰ্তমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী আৰু ইতিমধ্যে বিভিন্ন উদ্যোগ ক্ষেত্ৰত নিয়োজিত হৈ থকা কৰ্মচাৰীক ডিজিটেল কৌশল সম্পৰ্কে প্ৰশিক্ষিত কৰাৰ ওপৰত দেশ-বিদেশৰ বিশেষজ্ঞই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছিল। আমাৰ দেশৰ জ্ঞানকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত কৌশলৰ গুৰুত্ব আৰম্ভণিৰপৰাই নথকাৰ ফলত আজি ডিজিটেল প্ৰযুক্তিৰ ব্যাপক প্ৰসাৰৰ পৰিপ্ৰেক্ষিতত শিক্ষা-ব্যৱস্থাত ডিজিটেল কৌশলৰ ওপৰত গুৰুত্ব আৰোপৰ প্ৰয়োজনৰ বিষয়েও দুদিনীয়া সন্মিলনত বিস্তৃতভাৱে আলোচনা কৰা হয়৷

আমাৰ দেশত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি থকা উৎসাহৰ প্ৰসংগত একাধিক বিশেষজ্ঞই মত প্ৰকাশ কৰে যে আজি দেশত কম্পিউটাৰ বিজ্ঞানৰ লগতে ইলেক্ট্ৰনবিজ্ঞানৰ স্নাতকৰো বিৰাট প্ৰয়োজন আছে৷ কাৰণ ইলেক্ট্ৰনবিজ্ঞান অবিহনে কম্পিউটাৰ বিজ্ঞান আগবাঢ়িব নোৱাৰে৷

ডিজিটেল কৌশলৰ বিৰাট প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি টাইৱানৰপৰা অহা প্ৰতিনিধিয়ে অলপতে প্ৰতিষ্ঠা কৰা Asia-Pacific Foundation for Digital Skillingৰ কথা উল্লেখ কৰে৷ আমাৰ দেশতো ডিজিটেল কৌশলৰসমূহৰ ক্ষেত্ৰত মূল অৰ্হতা আহৰণৰ প্ৰয়োজনৰ কথা বিশেষজ্ঞসকলে দোহাৰিছিল৷ উল্লেখযোগ্য যে ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত বিষয় জ্ঞানৰ লগতে কৌশলগত অৰ্হতা আহৰণতো গুৰুত্ব আৰোপ কৰা হৈছে৷

২০২৩ চনৰ ভিতৰত আমাৰ দেশত ২০ নিযুত ডিজিটেল কৌশলযুক্ত পাৰদৰ্শী লোকৰ প্ৰয়োজন হ’ব৷ বৰ্তমান বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা ৫০ শতাংশ লোকক ডিজিটেল কৌশলৰ বিষয়ে পুনৰ প্ৰশিক্ষিত কৰা কথা আলোচনা কৰা হৈছে৷ এই বছৰতে ২০২৩ চনত ভাৰতৰ AI ছাইবাৰ নিৰাপত্তা আৰু ব্লক চেইন ব্যৱহৃত কৰ্মক্ষেত্ৰত ২ নিযুত চাকৰি খালী হৈ ৰ’ব বুলি ঠাৱৰ কৰা হৈছে৷

বিশ্ব অৰ্থনৈতিক ফ'ৰামৰ সমীক্ষাত প্ৰকাশ যে ডিজিটেল কৌশলকাৰীৰ সহায়ত ২.৩ নিযুত লোকৰ নিযুক্তিয়ে ভাৰতৰ অৰ্থনীতি ৫৭০ বিলিয়ন ডলাৰ বৃদ্ধি সম্ভৱপৰ কৰিব৷

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰ সচিব আৰু ন'বেল বঁটা বিজয়ী হেনৰী কিছিঞ্জাৰ, গোগোল(Google)ক দশকজুৰি, নেতৃত্ব দিয়া প্ৰাক্তন মুখ্য কাৰ্য্যবাহী বিষয়া এৰিক স্মিড্ট আৰু মেছাচুটাছ ইন্ ষ্টিটিউট অব্ টেকন’ল’জিৰ শ্বাৰজমেল কলেজ অৱ কম্পিউটিংৰ ডিন ডেনিয়েল হাটেন ল’চা এই তিনিগৰাকী বিশিষ্ট ব্যক্তিৰদ্বাৰা লিখিত অলপতে প্ৰকাশিত গ্ৰন্থ The Age of AI and our Human Futureত ডিজিটেল প্ৰযুক্তিৰ এক মুখ্য প্ৰযুক্তি AIৰ অভূতপূৰ্ব উত্থান আৰু প্ৰসাৰৰ পৰিপ্ৰেক্ষিতত আহি পৰা কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন, যেনে, স্বাস্থ্য জীৱবিজ্ঞান, মহাকাশবিজ্ঞান আৰু কুৱাণ্টাম পদাৰ্থবিজ্ঞান AIৰ দ্বাৰা সম্ভৱ উদ্ভাৱন সমূহ কি?, AIৰ দ্বাৰা পৰিচালিত যুদ্ধৰ সম্ভাৱনা কি? ইত্যাদি বিস্তৃতভাৱে আলোচনা কৰা হৈছে৷

AI প্ৰযুক্তিয়ে শেহতীয়াকৈ উদ্ভাৱন কৰা আৰু বিনামূলীয়াকৈ লাভ কৰিব পৰা কৌশল Chat– GPT3 (Generative Pre-Trained Transformer for the Third (৩) Generation)য়ে সমগ্ৰ পৃথিৱী তোলপাৰ কৰাৰ সময়ত ছাইবাৰ অপৰাধে বিশ্বজুৰি সংশয় সৃষ্টি কৰাৰ সময়ত, এই সকলো দিশ সামৰি এই সৰু ২৬৬ পৃষ্ঠাৰ কিতাপখনত AI প্ৰযুক্তিৰ ফলত আহি পৰা সম্ভাৱনা আৰু প্ৰত্যাহবান আলোচনা কৰা হৈছে৷

ডিজিটেল প্ৰযুক্তিয়ে নিঃসন্দেহে মানৱ সভ্যতাৰ এক নতুন উত্তৰণৰ পথ উন্মোচিত কৰিছে৷।