অসমত পৰম্পৰাগত জ্ঞান সংৰক্ষণৰ আৱশ্যকতা


Image Description

অসমত বিশেষভাৱে ঔষধীয় উদ্ভিদৰ সংৰক্ষণৰ কথাকে মই ক’ব খুজিছোঁ। এইটো এটা বৃহৎ বিষয়৷ মই কেইটামান গুৰুত্বপূৰ্ণ দিশ ইয়াত উল্লেখ কৰিব খুজিছোঁ ।

পৰম্পৰাগতভাবেৱ চলি অহা উত্তৰণৰ আধাৰত ইতিমধ্যে বহুতো মূল্যৱান ঔষধৰ আৱিষ্কাৰ হৈছে৷ যেনে, মেলেৰিয়াৰ ঔষধ ‘কুইনাইন’ চিনকোনা গছৰ পৰা তৈয়াৰ কৰা হয়৷ কেন্সাৰৰ ঔষধ ‘টেক্সল’ টেক্সাছ গছৰ পৰা, পেনিছিলিন ঔষধ পেনিছিলিয়াম নামৰ ভেকুঁৰৰ পৰা আৰু ষ্টেপ্ট'মাইছিন নামৰ জীৱনৰক্ষক ঔষধ ষ্টেপ্ট'মাইছিছ নামৰ মাটিত থকা এবিধ বেক্টেৰিয়াৰ পৰা আৱিষ্কাৰ কৰা হয়৷ এইকেইবিধ উদাহৰণ মাত্ৰ ।

ইয়াৰ উপৰিও আৰু বহুতো এনে ধৰণৰ জীৱনৰক্ষাৰ ঔষধ আছে যিবোৰ ঔষধ পৰম্পৰাগত জ্ঞানৰ আধাৰত আৱিষ্কাৰ কৰা হৈছে৷ এতিয়া প্ৰশ্ন হ’ল, এই পৰম্পৰাগত জ্ঞানৰ উৎসৰ পৰা কেনেকৈ ঔষধ তৈয়াৰ কৰা হৈছে ? এনে ধৰণৰ জ্ঞান সংগ্ৰহ কৰোঁতে তেনে জ্ঞানৰ অধিকাৰীজনক যথাযথভাৱে মূল্যায়ন কৰা হৈছেনে ? বৌদ্ধিক জ্ঞানৰ বিনিময়ত অধিকাৰীজনক প্ৰেৰণামূলক স্বীকৃতি তথা আৰ্থিকভাৱে সহাঁৰি দিয়া হৈছেনে- এইটো এটা ডাঙৰ প্ৰশ্ন৷

আজি গোটেই পৃথিৱীতে বৌদ্ধিক জ্ঞান সংৰক্ষণৰ [conservation of intellectual right] ওপৰত নানা ধৰণৰ আন্তৰ্জাতিক সন্মিলন হৈ আছে, অথচ পৰম্পৰাগত জ্ঞানৰ যথোচিত মূল্যায়ন হোৱা নাই৷ এইখিনিতে ১৯৯৪ চনত লক্ষ্মৌত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক লোক জীৱবিজ্ঞান সমাৰোহত আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতবৰ্ষৰ উদ্ভিদবিজ্ঞানী ড॰ এম. এছ. স্বামীনাথনে কোৱা এষাৰ কথা ইয়াত প্ৰণিধানযোগ্য বুলি ভাবিছোঁ। তেখেতে কৈছিল–

‘Those who have conserved biodiversity tend to remain poor while those who have converted such genetic diversity into commercial products through biological technology are rich.'

যেতিয়ালৈকে আমি পৰম্পৰা জ্ঞান সংৰক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা নকৰোঁ, আমি জৈৱবৈচিত্ৰতা সংৰক্ষণৰ কথা ভাবিবই নোৱাৰোঁ৷

আমাৰ সমাজৰ আজিও পৰম্পৰাগত জ্ঞানৰ আধাৰত লোকচিকিৎসা চলি আছে৷ সেই লোকচিকিৎসা কৰা ব্যক্তিসকলৰ চিকিৎসা পদ্ধতি বা তেওঁলোকে ব্যৱহাৰ কৰা ঔষধীয় গছসমূহৰ বিষয়ে আমাৰ জনাৰ আগ্ৰহ নথকা বাবে লোকচিকিৎসকজনৰ মৃত্যুৰ লগে লগে জ্ঞানসমূহো বিলুপ্তি হৈ গৈছে৷

উত্তৰ- পূৰ্বাঞ্চলৰ হিমালয়ৰ পাদভূমি বিশ্বই চিহ্নিত কৰা জৈৱবৈচিত্ৰ্যৰ ভঁৰাল বুলি কোৱা হয়৷ সেইকাৰণে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অৰণ্যবোৰত অতি আপুৰুগীয়া আৰু বিৰল বনজ সম্পদবোৰ পোৱা যায়৷ কিন্তু এই সম্পদবোৰ সংৰক্ষণৰ কোনো সঠিক আৰু বিজ্ঞানসন্মত ব্যৱস্থা নথকা কাৰণে বহুতো সম্পদ ইতিমধ্যে বিলুপ্ত হৈ গৈছে, বা বিলুপ্তিৰ পথলৈ আগবাঢ়িছে৷

অসমত বহুতো জাতি -জনগোষ্ঠীৰে চহকী এখন সৰু ৰাজ্য৷ ইয়াৰ এতিয়াও বহুত দুৰ্গম ঠাই আছে য’ত আধুনিক চিকিৎসা সহজতে পোৱা নাযায়৷ তেনে দুৰ্গম অঞ্চলত চিকিৎসাৰ কাৰণে ওচৰে-পাজৰে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ বংশানুক্ৰমে চলি অহা পৰম্পৰাগত জ্ঞানৰ আধাৰত বনৌষধিৰ সহায়ত চিকিৎসাৰ প্ৰথা এতিয়াও আমাৰ সমাজত প্ৰচলিত হৈ আছে৷ নানা ধৰণৰ ৰোগ বিশেষজ্ঞও আমাৰ সমাজত পোৱা যায়৷ এইসকলক কবিৰাজ, বেজ বুলিও কোৱা হয়৷ এওঁলোকৰ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাই । এওঁলোকে বংশানুক্ৰমিকভাৱে চলি অহা পৰম্পৰাগত জ্ঞানৰ আধাৰত ৰোগীক সেৱা শুশ্ৰুষা কৰে৷ আধুনিক চিকিৎসাবিজ্ঞানৰ দৰে এওঁলোকৰ মাজতো ৰোগ বিশেষজ্ঞ পোৱা যায়৷ কিছুমান অস্থিৰোগ বিশেষজ্ঞ, কিছুমান স্ত্ৰীৰোগ বিশেষজ্ঞ, কিছুমান শিশুৰোগ বিশেষজ্ঞ ইত্যাদি৷ আজিও এই ধৰণৰ চিকিৎসা পদ্ধতি চলি আছে৷

মোৰ লেখাৰ উদ্দেশ্য এই ধৰণৰ মৌখিক চিকিৎসা পদ্ধতিক উৎসাহিত কৰা মুঠেই নহয়৷ মই মাত্ৰ অন্য এটা দিশহে ইয়াৰ যোগেদি উনুকিয়াব বিচাৰিছোঁ৷ সেইটো হ’ল এই ৰোগ বিশেষজ্ঞসকলে ব্যৱহাৰ কৰি অহা ঔষধীয় গছৰ অধ্যয়নৰ প্ৰয়োজনীয়তা৷ কোন কোন ৰোগৰ কাৰণে কি কি গছ ব্যৱহাৰ কৰা হয়, সেই গছবোৰ ক’ত ক’ত পোৱা যায়, গছবোৰ বিৰল প্ৰজাতি নে যথেষ্ট পৰিমাণে পোৱা বিধৰ৷ এনেবোৰ প্ৰশ্নৰ উত্তৰ আমি এই লোক চিকিৎসকসকলৰ পৰা পাব পাৰোঁ৷ সেই জ্ঞান লিপিবদ্ধ কৰি ৰাখিব পাৰিলে চিকিৎসকজনৰ মৃত্যুৰ পিছতো সেই জ্ঞান সমাজত ৰৈ যাব৷ অসমৰ চুকে'কোণে এনে ধৰণৰ ৰোগ বিশেষজ্ঞ বহুত পোৱা যায়৷ তেওঁলোকৰ জ্ঞানৰ সংৰক্ষণ কৰিব পাৰিলে আৰু তেওঁলোকক বহনক্ষম ব্যৱহাৰৰ বিষয়ে জ্ঞান দিব পাৰিলে বহুতো বনজ সম্পদক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব পৰা যায়৷

অসমৰ হাবিত বহুতো স্থানীয় উদ্ভিদ পোৱা যায়৷ স্থানীয় মানে সেই বিশেষ ঠাইতে বিশেষ উদ্ভিদবিধ পোৱা যায় । এনে ধৰণৰ উদ্ভিদ অতি বিৰল আৰু যি কোনো সময়ত পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব পাৰে৷ সেইকাৰণে উদ্ভিদৰ বহনক্ষম ব্যৱহাৰ অতি প্ৰয়োজন৷ প্ৰশ্ন হ’ল, এনে ধৰণৰ সজাগতামূলক জ্ঞান দিয়া, কোনবিধ উদ্ভিদ বিৰল, কোনবিধ উদ্ভিদৰ ব্যৱহাৰ কেনেকুৱা ইত্যাদি বিষয়ত মানুহক সজাগ কৰাৰ দায়িত্ব কাৰ?

চৰকাৰৰ কোনো ধৰণৰ আইন-কানুনে জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰিব নোৱাৰে যেতিয়ালৈকে মানুহক সজাগ কৰিব পৰা নাযায়৷ এই বিষয়ে চৰকাৰৰ হাতত কোনো নীতি নাই বা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো বিষয়বোৰ সন্নিবিষ্ট নহয়৷ ভাৰতৰ বাহিৰত বহুতো আগশাৰীৰ বিশ্ববিদ্যালয়বোৰত নৃ-জৈৱবিজ্ঞান নামৰ বিশেষ সুকীয়া বিভাগ এটা আছে য’ত নৃ-উদ্ভিদবিজ্ঞান [ethnobotany] আৰু নৃ-জীৱবিজ্ঞান [ethnozoology] শাখা আছে৷ অসম যিহেতু জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল, গতিকে অসমৰ বিশ্ববিদ্যালয়বোৰত নৃ-জীৱবিজ্ঞান অধ্যয়নৰ সুবিধা থাকিব লাগে৷ আমাৰ কলেজসমূহৰ জীৱবিজ্ঞানীসকলে এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে৷

এইখিনিতে মই নিজৰ এটা অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ৷ ১৯৯৫ চনৰ জুন-জুলাইত চীন দেশৰ কুনমিং বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা কচু সম্পৰ্কীয় আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিলোঁ৷ এজন স্নাতক পৰ্য্যায়ৰ ছাত্ৰৰ লগত হোৱা কথাবাৰ্তাৰ পৰা গম পাইছিলোঁ সেই ছাত্ৰজনে কচুৰ বিষয়ে অধ্যয়ন কৰি আছে৷ অৰ্থাৎ এই ছাত্ৰজনে যেতিয়া স্নাতকোত্তৰ ডিগ্ৰী ল’ব তেতিয়া কচুৰ বিষয়ে সকলো জ্ঞান আয়ত্ত কৰি ল’ব পাৰিব৷ কোনবিধ কচু কি পৰ্য্যায়ত আছে, কোনবিধ বিলুপ্তিৰ পথত, সেই বিষয়ে জ্ঞান আয়ত্ত কৰি ল’ব পাৰিব৷ এনে ধৰণৰ বিশেষ অধ্যয়নৰ ব্যৱস্থা আমাৰ ইয়াত নাই৷ ফলত আমি উদ্ভিদৰ স্থান সম্পৰ্কে একো ক’ব নোৱাৰোঁ৷ বিশ্ববিদ্যালয়ে নিৰ্দ্ধাৰণ কৰি দিয়া বিশেষ বিশেষ গোত্ৰৰ উদ্ভিদ অধ্যয়ন কৰা হয় ।এনে পাঠ্যক্ৰমে উদ্ভিদ সংৰক্ষণত কোনো সহায় নকৰে৷

গতিকে ইয়াৰ কাৰণে বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি লাগিব৷ আমাৰ নিজৰ চৌহদতে গজা কিছুমান উদ্ভিদ আমাৰ জ্ঞানৰ অভাৱত হয়তো উভালি পেলাই দিছোঁ৷ কিজানি আমি উভালি পেলোৱা উদ্ভিদবিধ হয়তো অতি বিৰল পদ্ধতিৰ উদ্ভিদো হ’ব পাৰে! এই উদ্ভিদৰ ভিতৰত হয়তো বিৰল ঔষধীয় গুণো থাকিব পাৰে৷ আমি নাজানো বা জনাৰ কোনো সুবিধা নাই৷

আমাৰ শিক্ষানীতিয়ে ঠিক কৰি দিয়া পাঠ্যক্ৰমত সেইবোৰ জনাৰ কোনো উপায় নাই৷ অসমৰ উদ্ভিদবিজ্ঞানীসকলে চুকে'কোণে সিঁচৰতি হৈ থকা পৰম্পৰাগত জ্ঞান বুটলি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে অসমৰ বহুতো বিৰল প্ৰজাতিৰ ঔষধীয় উদ্ভিদবোৰক বিলুপ্তিৰ পৰা ৰক্ষা কৰিব পৰা যাব৷