ভবিষ্যতৰ পূৰ্বানুমান


Image Description

“The best way to predict the future is to study the past, or prognosticate”.

- Robert Kiyosaki

ক'ৰ'না মহামাৰীৰ সংক্ৰমণৰ দ্বাৰা জৰ্জৰিত পৃথিৱীৰ প্ৰত্যেক বাসিন্দাই এতিয়া ভৱিষ্যতৰ জল্পনা-কল্পনাত নিমগ্ন । সাধাৰণ মানুহৰ ভৱিষ্যত কল্পনাৰ বিষয় হৈছে জীৱন আৰু জীৱিকা ।ভৱিষ্যতৰ পূৰ্বানুমান অতীজৰে পৰা এক আমোদকাৰী বিষয়। সাহিত্য আৰু মনোৰঞ্জনৰ বিভিন্ন মাধ্যম, যেনে, নাটক,বোলছবি আদিত ভৱিষ্যতৰ বিভিন্ন বিজ্ঞান কল্পকাহিনীয়ে বহু প্ৰজন্মক আমোদৰ খোৰাক যোগাই আহিছে।

Image Description

ষ্টাৰ ট্ৰেক চিৰিজত ১৯৬৬ চনতেই দেখুৱা ম'বাইল ফ'ন এটা। (১৯৭৩ চনতহে ১.১ কেজি ওজনৰ প্ৰথম ম'বাইল ফ'ন মটৰলা কোম্পানীয়ে উদ্ভাৱন কৰিছিল)

বৰ্তমানৰ বীজ অতীতত আৰু ভৱিষ্যতৰ বীজ বৰ্তমানত লুকাই থাকে।আমি যদি অতীতৰ ঘটনাৰাজিক বৰ্তমানৰ প্ৰেক্ষাপটত বিশ্লেষণ কৰি এই ঘটনাবহুল পুৰণি দিনবোৰৰ পৰিক্ৰমাৰ কিবা নিয়ম আৱিষ্কাৰ কৰিব পাৰোঁ (যেনে অৰ্থনীতিৰ উত্থান-পতন চক্ৰৰ পুনৰাবৃত্তি ), তেন্তে ভৱিষ্যতৰ দিনবোৰো কম-বেছি পৰিমাণে এই নিয়মৰ দ্বাৰা পূৰ্বানুমান কৰিব পৰা যাব।

Image Description

বিজ্ঞান আৰু কাৰিকৰী জগতত অহা নৱ উদ্ভাৱনে নিয়ন্ত্ৰণ কৰা অৰ্থনৈতিক উত্থান-পতনৰ চক্ৰ, ১৮০০ চনৰ পৰা ১৯৯০ চনলৈ।

অসমৰ জাতীয় জীৱনত হ'ব লগা প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ ভৱিষ্যতৰ দিনবোৰনো কেনেকুৱা হ'ব তাৰ স্পষ্ট ধাৰণা থাকিব লাগিব। এই ধাৰণা বাস্তৱ সত্যাসত্যৰ ওপৰত প্ৰতিস্থিত হ'বলৈ হ'লে হয়তো অহা এক দশক,দুই দশক কিম্বা অৰ্ধ শতিকাত হ'ব লগা জলবায়ু পৰিৱৰ্তন, জনসংখ্যা আৰু জন-বিন্যাসৰ বিজ্ঞানসন্মত অনুমান অথবা জনসংখ্যা বৃদ্ধিৰ ওপৰত হ'ব লগা হস্তক্ষেপৰ ৰূপৰেখা, বিজ্ঞান আৰু কাৰিকৰী ক্ষেত্ৰত আমাৰ জীৱন আৰু জীৱিকা চুই যাব পৰা নৱতম বিকাশৰ নক্সা ইত্যাদিৰ অধ্যয়ন আৰু গৱেষণাসম্বলিত জ্ঞান থাকিব লাগিব।

পৃথিৱীৰ প্ৰতিপত্তিশীল দেশবোৰৰ যোৱা শতিকাজোৰা আগ্ৰাসাত্মক কাৰ্য্যবোৰৰ মূল উদ্দেশ্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে এই দেশসমূহে শক্তিখণ্ডৰ ইন্ধনসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰি, বিকাশশীল দেশসমূহক বজাৰ আৰু সস্তীয়া শ্ৰমিকৰ সৰহবৰাহকাৰী হিচাবে পৰিচালনা কৰি নিজৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ সকলো কূট কৌশল অৱলম্বন কৰিছিল। চলিত ধাৰা অক্ষুণ্ণ ৰাখিবলৈ উন্নত দেশবোৰে অহা কেইবাদশক এই চেষ্টাতেই নিমগ্ন থাকিব যাতে আমাৰ নিচিনা বিকাশশীল দেশসমূহে নিজৰ বৰ্ধিত জনসংখ্যাৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যা, যেনে শিক্ষা,স্বাস্থ্য,জীৱিকা, কৃষিউপযোগী ভূমিৰ হ্ৰাস আৰু খোৱাপানীৰ অভাৱ আদিবোৰৰ দ্বাৰা জৰ্জৰিত হৈ থাকে। জীৱন আৰু জীৱিকাৰ এই সমস্যাবোৰে আকৌ ধৰ্ম,ভাষা,জাতি আদিৰে প্ৰৰোচিত হৈ বিভিন্ন সামাজিক ব্যাধিৰো জন্ম দিয়ে আৰু লালন-পালন কৰি বিভেদকামী দৈত্য কৰি তোলে। সময়ে সময়ে এই দৈত্যবোৰৰ আশ্ৰয় লৈ অদূৰদৰ্শী ৰাজনৈতিক দলবোৰে ক্ষমতা হস্তগত কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰিব।

বৰ্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ চেষ্টাত আৰু অৰ্থ নিয়ন্ত্ৰণকাৰী ধনকুবেৰৰ হেঁচাত বিকাশশীল দেশবোৰৰ চৰকাৰসমূহে পৰোক্ষভাৱে হ'লেও পৰিৱেশ বিনষ্টকাৰী বহু হঠকাৰী সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু অনাগত দিনবোৰতো কম-বেছি পৰিমাণে একেই পৰম্পৰা ৰক্ষা কৰিব।জনতাৰ মাজত হ'ব পৰা আক্ৰোশ দমন কৰিবলৈ চৰকাৰসমূহে সকলো ব্যক্তিকে ইলেক্ট্ৰ'নিক নিৰীক্ষণৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিব। ফলত মানুহৰ ব্যক্তি স্বাধীনতা মাত্ৰ এক ধাৰণাহে হৈ ৰ'ব।

আগন্তুক দিনৰ জলন্ত সমস্যাসমূহৰ ভিতৰত আন এটা হ'ল প্ৰব্ৰজিত শৰণাৰ্থীৰ সমস্যা। এই শৰণাৰ্থীসকল দুই ৰকমৰ। এবিধ হ'ল ৰাজনৈতিক অস্থিৰতা, ধৰ্মীয় উৎপীড়ণৰ ফলত এখন দেশৰ পৰা আন এখন দেশলৈ বিতাড়িত হোৱা শৰণাৰ্থী আৰু আনবিধ হ'ল জলবায়ু পৰিৱৰ্তনৰ ফলত বাসোপযোগী ঠাইৰ অভাৱত এখন দেশৰ নিজ চাৰিসীমাৰ ভিতৰতে বা অন্য দেশলৈ বিস্থাপিত হোৱা শৰণাৰ্থী।

Image Descriptionআহিব লগা দিনবোৰৰ শৰণাৰ্থী সমস্যাটোৰ এই প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায় আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত । এই ৰাষ্ট্ৰখন এতিয়া ওপৰত উল্লেখিত দুয়োবিধ শৰণাৰ্থী সমস্যাৰে জৰ্জৰিত। উপৰ্য্যুপৰি বানপানী, সাগৰীয় ধুমুহা আৰু সাগৰীয় জলস্তৰৰ বৃদ্ধিৰ ফলত উপকূলীয় অঞ্চলৰ খোৱা পানী লুণীয়া হোৱাকে আদি কৰি বিভিন্ন সমস্যাৰ ফলত দেশখনৰ ভিন্ন অঞ্চলৰ পৰা এতিয়া জীৱিকাৰ সন্ধানত ঢাকা মহানগৰলৈ প্ৰব্ৰজন বাঢ়িছে। ফলত ঢাকা হৈ পৰিছে পৃথিৱীৰেই ভিতৰত এখন অন্যতম জনবহুল মহানগৰ। আকৌ ভূতৰ ওপৰত দানৱ পৰা দি দেশখনে এতিয়া গ্ৰহণ কৰিব লগা হৈছে ম্যানমাৰৰ পৰা বিতাড়িত ৰহেংগীয়াসকলকো। বাংলাদেশ চৰকাৰে এতিয়া ৰহেংগীয়াসকলক সংস্থাপিত কৰিবলৈ বাছনি কৰি লৈছে এটা দ্বীপক, যি দ্বীপৰ অস্তিত্ব ২০০৬ চনৰ আগলৈ পৃথিৱীত নাছিল। ৪০ বৰ্গকিল'মিটাৰ ভূমিৰে আবেষ্টিত এই দ্বীপটো সৃষ্টি হৈছে বছৰে বছৰে হৈ থকা বানপানীৰ ফলত প্লাৱিত হৈ অহা পলস জমা হৈ। দ্বীপটোৰ নাম "ভাসাণ চৰ", অৰ্থাত ভাঁহি থকা চৰ।

অগ্নিগৰ্ভা ম্যানমাৰৰ পৰিস্থিতিয়ে আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামকো চুইছে, য'ত শৰণাপন্ন হৈছে ম্যানমাৰৰ বহুতো বিতাড়িত লোকৰ লগতে দেশখনৰ এজন প্ৰান্তীয় মুখ্যমন্ত্ৰীও।

ইমানখিনি কথাৰ আঁত ধৰি বোধহয় এতিয়া অসমৰ ভৱিষ্যত দিনবোৰৰ সম্যক পূৰ্বানুমান কৰিবলৈ সহজ হ'ব। এছিয়া মহাদেশত চীন দেশৰ ক্ৰমবৰ্ধমান শক্তি আৰু আগ্ৰাসী ভূমিকাই সকলোকে সচকিত কৰি তুলিছে।চীনৰ উদ্যমী নাগৰিকসকলে দেশখনক গঢ়ি তুলিছে পৃথিৱীৰ ভিতৰতে এক উৎপাদনৰ কেন্দ্ৰ হিচাবে। দিনক দিনে বাঢ়ি অহা অৰ্থনৈতিক শক্তিৰ জোৰত দেশখনে এতিয়া আগবাঢ়িছে কৃত্ৰিম বৰষুণৰ জৰিয়তে এক বিস্তীৰ্ণ অনুৰ্বৰ ভূমি কৃষি-উপযোগী কৰিবলৈ। চীনে এতিয়া বিভিন্ন নদ-নদীত সৰু-বৰ বান্ধ সাজিছে যাতে উৎপাদিত শক্তিয়ে আৰু বহু দশকলৈ অৰ্থনৈতিক উন্নয়নৰ ধাৰা অব্যাহত ৰাখে।

চীন দেশে পৰিৱেশৰ ওপৰত কৰা এনে হস্তক্ষেপে অসমৰ জীৱনৰেখা স্বৰূপ চিৰপ্ৰবাহী লুইতলৈ ভাবুকি মাতি আনিছে।তিব্বতৰ মাজেৰে বৈ অহা লুইতৰ বুকুত সজা বান্ধে আৰু তেওঁলোকৰ কৃত্ৰিম বৰষুণৰ কাৰিকৰী যোগ্যতা বৃদ্ধিয়ে গোটেই উত্তৰ-পূব ভাৰতৰ লগতে বাংলাদেশৰ গড় উষ্ণতা,আৰ্দ্ৰতা আৰু বৃষ্টিপাতৰ তাৰতম্য সাধিছে। ইয়াৰ ফলত গোটেই অঞ্চলটোতেই আবতৰীয়া খৰাং আৰু বানপানীৰ সম্ভাৱনা বঢ়াই তুলিছে।

এনে পৰিস্থিতিত এই কথা সহজেই অনুমেয় যে আগন্তুক দিনবোৰত জলবায়ু পৰিৱৰ্তন, কৃষি-উপযোগী ভূমিৰ সংকোচন,বহিৰাগতৰ প্ৰব্ৰজন, জন-বিন্যাসৰ পৰিৱৰ্তন আৰু সামাজিক অস্থিৰতা আদি সমস্যাই এটাই আনটোক এক শৃংখল প্ৰতিক্ৰিয়াৰে অধিক জটিল কৰি তুলিব। সেয়েহে আমাৰ সমাজ জীৱনে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত এই সমস্যাসমূহক মোকাবিলা কৰিবলৈ এক দীৰ্ঘকালীন পৰিকল্পনা প্ৰস্তুত কৰি প্ৰত্যেকজন নাগৰিকক এই পৰিকল্পনাৰ এক উদ্যমী অংশীদাৰ কৰিব লাগিব।

কথাতেই দেশ আৰু জাতি মহীয়ান হ'ব নোৱাৰে।ইয়াৰ বাবে লাগিব এক যুদ্ধকালীন জনজাগৰণ। আমাৰ এক মহান আৰু দৃঢ় সংকল্পইহে সকলো বিভেদকামী আৰু জাতিধংসী কাৰ্য্যৰ পৰা আমাক ৰক্ষা কৰিব।