মঙল গ্ৰহত বসতিৰ যো-জা


Image Description

ইল'ন মাস্কে ২০৪০ চনৰ ভিতৰত মঙল গ্ৰহত বসতি স্থাপনৰ পণ লৈছে৷ ধনী দেশবোৰৰ মহাকাশ গৱেষণা সংস্থাবোৰেও একে ধৰণৰ কাম কৰি আছে৷ আশা কৰা হৈছে যে ২০৫০ চনৰ ভিতৰত ৰঙা গ্ৰহটোত মানুহৰ স্থায়ী বসতি আৰম্ভ হ’ব৷

মানুহে কেনেকৈ, কি যানেৰে তালৈ যাব, কেনেকৈ মন গ’লে আৰু প্ৰয়োজন হ’লে উভটি আহিব তাৰ কাৰিকৰী দিশবোৰ অতি জটিল৷ আনহাতে তাত মানুহে কেনেকৈ বাস কৰিব, তাৰ কাৰিকৰী দিশবোৰো জটিল, কিন্তু মনোগ্ৰাহী৷

সামগ্ৰিকভাৱে মঙলৰ পাৰিপাৰ্শ্বিক অৱস্থাটো এনে ধৰণৰ-- প্ৰায় শূন্য অক্সিজেন, ভয়াৱহ ঠাণ্ডা, কম পোহৰ, নিম্ন বায়ুমণ্ডলীয় চাপ, উচ্চ বিকিৰণ, আদি৷ আনহাতে তাত পানী আছে নে নাই কোনেও সঠিকভাৱে ক’ব পৰা নাই৷ পানী থাকিলেও বৰফ হিচাবেহে থাকিব৷ চাৰিওফালে শুকান বকৰা [অনুৰ্বৰ ভূমি] আৰু শিলৰ পাহাৰ৷ তাত ঘৰ সাজিবলৈ হ’লে প্ৰতিটুকুৰা ইটাৰ বিনিময়ত ব্যয় কৰিব লাগিব প্ৰায় দুই বিলিয়ন আমেৰিকান ডলাৰ৷ তাত মানুহৰ বসতি হ’লে প্ৰথম কাম হ’ব ঘৰ সজা৷ ঘৰ সজাৰ কথা আহিলেই প্ৰয়োজন হ’ব অক্সিজেন, উত্তাপ, পোহৰ, সঠিক চাপ, খাদ্যৰ বাবে খেতি, ঔষধ, ডাক্তৰখানা, নিম্ন বিকিৰণ, ৰন্ধা-বঢ়া আৰু ঘৰ সজাৰ সামগ্ৰী আদি৷

অতি উচ্চ বিকিৰণৰ বাবে মানুহৰ ক্ষতি হ’ব৷ বিকিৰণ প্ৰতিৰোধী ঘৰ বনাব লাগিব আৰু মানুহবোৰ বেছিভাগ সময় ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব৷ ঘৰৰ বেৰাও হ’ব লাগিব বিকিৰণ প্ৰতিৰোধী৷ তাৰ প্ৰতিকাৰ হিচাবে কিছুমানে মাটিৰ তলত ঘৰ বনোৱাৰ পৰামৰ্শ দিছে৷ কিছুমানে পোহৰ সৰকি যোৱা বৰফৰ টুকুৰাৰে ঘৰ বনোৱাৰ পৰামৰ্শ দিছে৷

মানুহবোৰে তালৈ গৈ খাদ্য খাব লাগিব৷ খাবৰ বাবে খেতি কৰিব লাগিব৷ কিন্তু ইমান ঠাণ্ডাত আৰু ইমান কম পোহৰত খেতি কেনেকৈ হ’ব সমাধান হোৱা নাই। মঙলৰ পৃষ্ঠত খেতি কৰিলে শস্যবিধৰ অতি দ্ৰুত বৃদ্ধি হ'ব লাগিব, শস্যবিধ নিম্ন পোহৰত বৰ্তি থাকিব পাৰিব লাগিব৷ পেলনীয়া আৰু অপচয় একেবাৰেই কম হ’ব লাগিব৷ ইয়াৰ বাবে বাছনি কৰা হৈছে দুবিধমান শেলাই জাতীয় উদ্ভিদ৷

সেইহেন বাতাবৰণত তিষ্ঠি থাকিবলৈ মানুহৰ স্বাস্থ্য ঠিকে থাকিব লাগিব৷ বেমাৰ-আজাৰ নিয়ন্ত্ৰণত থাকিব লাগিব৷ তাৰ বাবে ডাক্তৰ আৰু ঔষধ লাগিব৷ ঔষধ মানে একেবাৰে মহৌষধ, যাতে এটা টেবলেটেৰে সকলো বেমাৰ আৰোগ্য কৰিব পৰা যায়৷

অক্সিজেন ক’ৰ পৰা পোৱা যাব তাৰ বিভিন্ন গৱেষণা চলি আছে৷ এটা উপায় হ’ল- যদি বৰফ পোৱা যায়, তাৰ পৰা প্ৰস্তুত কৰা৷ আন এটা উপায় হ’ল, মঙলৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন আৰু আৰ্গন গেছ সংগ্ৰহ কৰি তাৰ পৰা প্ৰস্তুত কৰা৷ কিন্তু আৰ্গনৰ দৰে নিষ্ক্ৰিয় গেছক বিক্ৰিয়াত নমোৱাটো ইমান সহজ নহয়৷ কিছুমানে আমি নিশাহত এৰি দিয়া কাৰ্বন-ডাইঅক্সাইড গেছৰ পৰা পুনৰ নবীকৰণ কৰি অক্সিজেন প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছে৷

মঙল গ্ৰহৰ গড় উষ্ণতা অতি কম মাইনাছ ৬০ ডিগ্ৰী৷ দিনৰ ভাগত বিষুৱীয় অঞ্চলত গড়ে ২০ ডিগ্ৰী ছেলছিয়াছ থাকে৷ ৰাতি মাইনাছ ৭৫ ডিগ্ৰী ছেলছিয়াছমান হয়৷ আনহাতে মেৰু অঞ্চলত ঠাণ্ডাৰ দিনত মাইনাছ ১২৫ ডিগ্ৰী ছেলছিয়াছ মান হয়৷৷ দিনটোৰ ভিতৰতে উষ্ণতাৰ প্ৰচণ্ড তাৰতম্য হয়৷ ইলনে আণবিক বোমা ফুটাই উষ্ণতা বঢ়োৱাৰ প্ৰস্তাৱ দিছে৷

সূৰ্য্যৰ পৰা দূৰৈত আছে বাবে মঙলৰ পৃষ্ঠত পোহৰো অতি কম৷ ঘৰৰ ভিতৰবোৰ লাইট জ্বলাই ৰাখিব পৰা যাব যদিও গোটেই মঙল গ্ৰহটো পোহৰাই ৰখাটো ধেমালি কথা নহ’ব৷

নিম্ন বায়ুমণ্ডলীয় চাপৰ বাবে তাত অনেক সমস্যাৰ সৃষ্টি হ’ব৷ তাৰ ভিতৰত প্ৰধান সমস্যা হ’ব খাদ্যৰ সমস্যা৷ এই সকলো প্ৰত্যাহ্বান নেওচি আমি মঙলত বসতি স্থাপন কৰিম৷ প্ৰথমে বিজ্ঞানী আৰু ধনৱান ব্যক্তিসকল যাব৷ তাৰ পিছত কিছুমান যাব আলহী খাবলৈ৷ দুটা গোলকত বাস কৰা বাবে পৃথিৱীৰ বাসিন্দাসকলক পৃথিৱীয় আৰু মঙল গ্ৰহৰ বাসিন্দাসকলক মঙলীয় বুলি কোৱা হ’ব৷ চহৰৰ পৰা মানুহ গাঁৱলৈ ফুৰিবলৈ যোৱাৰ দৰে মঙলীয়সকল পৃথিৱীলৈ ফুৰিবলৈ আহিব৷ দুই-এজনে মাক-বাপেকক লগত লৈ যাবলৈ প্ৰস্তাৱ দিব৷ তেতিয়া মাক-বাপেকে ক’ব, ‘'নালাগে বোপাই, নিজৰ জন্মৰ পৃথিৱীখনেই ভাল৷ তই যা৷ ভালকৈ থাকিবি!!'