আন তৰাৰ আন গ্ৰহত আন জীৱ আছেনে?


Image Description

পৃথিৱীখনত বহুতো জীৱ আছে। কিমান আছে মানুহে এতিয়াও নাজানে। মানুহ তাৰে মাথোন এবিধ । গছ এজোপাও জীৱ। গছজোপাত কুঠাৰ মাৰোঁতে মনলৈ নাহে। আহিলে জলবায়ুৰ অৱক্ষয় ৰোধ হলহেঁতেন।

বিশ্বব্ৰহ্মাণ্ডৰ আন অঞ্চলত জীৱ আছেনে? এই বিষয়ে বিজ্ঞানীৰ সন্দেহ নোহোৱা হ'ল। বিশ্বব্ৰহ্মাণ্ডত প্ৰায় 100,000,000,000,000,000,000,00টা তৰা আছে। সূৰ্য্য ইয়াৰে মাথোন এটা তৰা। সূৰ্য্যৰ চাৰিওফালে আঠোটা গ্ৰহ ঘূৰি আছে । আমি সকলোৱে জানো।

আঠোটা গ্ৰহৰ এটা পৃথিৱীখন। পৃথিৱীৰ সৃষ্টি হৈছিল প্ৰায় 4500 কোটি বছৰৰ আগতে। প্ৰথমে জীৱৰ বাবে পৰিৱেশ অনুকুল নাছিল। প্ৰায় 100 কোটি বছৰৰ পাছতহে পৃথিৱীত জীৱৰ সৃষ্টি হ'ল। সৃষ্টিৰ লগত জড়িত আছিল বিজ্ঞান । প্ৰক্ৰিয়াটো পৰিচালিত কৰিছিল মাথোন বিজ্ঞানে। আন একোৰে প্ৰয়োজন নাছিল।

বিজ্ঞানৰ নিয়ম বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে একেই। ই বিজ্ঞানীৰ বিশ্বাসৰ আধাৰ আৰু সাহস। তৰাবোৰ একে ধৰণে সৃষ্টি হয়। জীৱন বৃত্তান্ত ভিন্ন হ'ব পাৰে। বহুত তৰাৰ চাৰিওফালে গ্ৰহ ঘূৰে। তেনে বহু গ্ৰহৰ পৰিবেশ পৃথিৱীৰ দৰেই হ'ব পাৰে। তেনেস্থলত, আন তৰাজগতৰো গ্ৰহত জীৱ থাকিব পাৰে।

বিজ্ঞানী আজি নিশ্চিত যে আন তৰাৰ আন গ্ৰহত আন জীৱ আছে। সেইয়া আৰু কল্পনাৰ বিষয় নহয়। আন জীৱবোৰ কেনেকুৱা সেইয়াহে কল্পনাৰ বিষয়। বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন অঞ্চলৰ জীৱৰ মাজত যোগাযোগ সম্ভৱনে? এই শতিকাতে ইয়াৰ উত্তৰটোৰ ভেটি নিৰ্মাণ হ'ব।

পৃথিৱীৰ বিজ্ঞানীয়ে চাৰিওফালে বাৰ্তা পঠিয়াই আছে। বৰ্তমান সময়ৰ বিখ্যাত বিজ্ঞানী ব্ৰায়ান গ্ৰিনৰ আশা কিজানি আন তৰাৰ আন গ্ৰহৰ আন জীৱই আমাৰ বাৰ্তা পাইছেই!!