অন্ধবিশ্বাস আৰু বৈজ্ঞানিক বিশ্লেষণ


Image Description

আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰৰ উৎসৰ কথা নাজানিছিল৷ বতাহ, বৰষুণ, বিজুলী-ঢেৰেকনি, শিল-বৰষুণ ইত্যাদিৰ লগত পৰিচিত আছিল যদিও এইবোৰ এক অলৌকিক ঘটনা বুলিয়েই ভাবিছিল৷ তেওঁলোকে ভাবিছিল তেওঁলোকতকৈও অধিক শক্তিশালী কিবা এটা অদৃশ্য শক্তি আছে যিয়ে এনে ধৰণৰ অঘটন ঘটাই থাকে৷ তেওঁলোকে ভাবি ল’লে যে এনে ধৰণৰ প্ৰতিটো দুৰ্যোগৰ কোনোবা এটা শক্তি আছে যাক পিছলৈ দেৱ-দেৱতাৰ নামেৰে অনুভূত কৰা হ’ল।

যেনে, বৰষুণ বা বতাহৰ কাৰণে, পানীৰ কাৰণে,বিজুলী-ঢেৰেকনিৰ কাৰণে, গৰমৰ কাৰণে– ইত্যাদি প্ৰত্যেক দুৰ্যোগৰ কাৰণে একো একোটা শক্তি [দেৱতা] তেওঁলোকে চিনাক্ত কৰিলে আৰু ভাবি ল’লে যে এই দুৰ্যোগবোৰৰ মূল কাৰণ হ’ল দেৱতাসকলৰ অসন্তুষ্টি৷ তেওঁলোকে এই দেৱতাবোৰক সন্তুষ্ট কৰিবলৈ নানা ধৰণৰ উপায় অৱলম্বন কৰিলে৷ যুক্তিৰ অভাৱৰ কাৰণে এনে ধৰণৰ ভয়-সন্ত্ৰাস তেওঁলোকৰ মনত স্থায়ীভাৱে থাকি গ’ল৷ তাৰে পৰিণতি হিচাবে আজিও আমাৰ মাজত বৰুণ দেৱতা [বৰষুণৰ দেৱতা], বায়ু দেৱতা [বতাহৰ দেৱতা], বিজুলী -ঢেৰেকনিৰ কাৰণে ইন্দ্ৰদেৱতা ইত্যাদিৰ পূজা-পাতল আমাৰ মাজত প্ৰচলিত হৈ আছে৷

এনে ধৰণৰ ধাৰণাই মানুহৰ মগজুত দকৈ শিপাই থাকিল। ইয়াৰ পৰিণাম স্বৰূপে আজিও কোনাবা নতুন মহামাৰীয়ে দেখা দিলে সেই মহামাৰীকো কোনোবা দেৱ-দেৱীৰ অসন্তুষ্টিৰ কাৰণ বুলি ভাবিবলৈ আৰম্ভ কৰিলে৷ আনকি ক'ৰ'ণা মহামাৰীৰ সময়ত বহুতে নদীৰ কাষলৈ গৈ ‘ক'ৰ'ণা মা’ দেৱী সজাই পূজা অৰ্চনাও আৰম্ভ কৰিলে৷

সৰ্পদৰ্শনৰ পৰা বাচিবলৈ সাপ পূজা কৰা, মনসা দেৱী পূজা কৰা প্ৰথা এতিয়াও চলি আছে আৰু চলি থাকিব৷ উনৈছ শতিকাত আমাৰ দেশত সৰু আইৰ কাৰণে হাজাৰ হাজাৰ মানুহ মৰিছিল আৰু তেতিয়াৰ পৰাই আইৰ দেৱী শীতলাৰ সৃষ্টি হ’ল আৰু আজিও ভাৰতবৰ্ষত শীতলা দেৱীৰ পূজা অব্যাহত আছে৷ ঠিক সেইদৰে ১৯ শতিকাতে মহামাৰীৰূপে দেখা দিয়া কলেৰা বেমাৰৰ কাৰণে মুছলমান সম্প্ৰদায়ৰ লোকে ‘ওলা বিবি’ আৰু হিন্দুসকলে ‘ওলাচান্দি’ দেৱীক পূজা কৰে৷

এনে ধৰণৰ অসংখ্য ‘বিশ্বাস’ আমাৰ মাজত এতিয়াও বৰ্তি আছে৷ যুক্তিৰে বিশ্লেষণ কৰি চোৱাৰ পৰিৱৰ্তে আমি এনে ধৰণৰ বিশ্বাসবোৰক অন্ধভাৱে মানি চলিছোঁ যদিও কিছুমান বিশ্বাসৰ পটভূমি বিজ্ঞান বুলি প্ৰমাণিত হৈছে৷ তথাপি কিছুমান আকোঁৰগোজ স্বভাৱৰ আৰু অবৈজ্ঞানিক মানসিকতাৰে পৰিপুষ্ট ব্যক্তিৰ কাৰণে ই বিজ্ঞানৰ অগ্ৰগতিত হেঙাৰ হিচাবে থিয় দিছে৷

অবৈজ্ঞানিক চিন্তা-চৰ্চাৰে বিজ্ঞান চৰ্চা আৰম্ভ হ’ল৷ আজি বিজ্ঞান যিদৰে আগবাঢ়ি যাব ধৰিছে তাৰ লগত খোজ মিলাই যাবলৈ হ’লে আমাৰ আওপুৰণি মানসিকতাও সলনি কৰিব লাগিব৷ অবৈজ্ঞানিক মানসিকতাই জন্ম দিয়ে অন্ধবিশ্বাস আৰু অন্ধবিশ্বাসৰ পৰাই সমাজত কুসংস্কাৰৰ সৃষ্টি হয়৷ আমাৰ সমাজত এতিয়াও বহুতো অন্ধবিশ্বাস চলি আছে তাৰে কিছুমান বৈজ্ঞানিক দৃষ্টিভংগীৰে ব্যাখ্যা কৰিব পৰা যায় । কিছুমান বিশ্বাসৰ কোনো বৈজ্ঞানিক বিশ্লেষণ নাই৷

পৰম্পৰাগতভাৱে চলি আহি আছে আৰু হয়তো চলি থাকিব৷ ইয়াত কেইটামান অন্ধবিশ্বাস যিটো আজিও আমাৰ মাজত চলি আছে উল্লেখ কৰিব বিচৰিছোঁ।

১) সূৰ্য্যাস্তৰ পিছত নখ কাটিব নালাগে বুলি এটা জনবিশ্বাস আছে৷ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা এনে ধৰণৰ: অতীতত মানুহৰ ঘৰত আজিৰ দৰে পোহৰৰ ব্যৱস্থা নাছিল৷ তেনেক্ষেত্ৰত নখ কাটিলে আঙুলি কটাৰ শংকা থাকে । সেই নখ খোৱাবস্তুতো পৰিব পাৰে ।

২৷ নেমুটেঙা আৰু জলকীয়া ঘৰত বা দোকানত ওলোমাই থ'লে জনবিশ্বাস মতে অশুভ দৃষ্টিৰ পৰা ৰক্ষা পৰে৷ ইয়াৰ বৈজ্ঞানিক কাৰণ হ’ল জলকীয়া আৰু নেমুটেঙা উভয়তে কীটনাশক গুণ থাকে৷ নেমু-জলকীয়া ওলোমাই ৰাখিলে কীট-পতঙ্গৰ পৰা ৰক্ষা পাব পাৰি৷ তদুপৰি যিডাল সূতাৰে ইয়াক ওলোমাই ৰখা হয় সেই সূতাডালে নেমুটেঙা আৰু জলকীয়াৰ ভিটামিন ছি শোষণ কৰে আৰু এটা সুগন্ধ নিৰ্গত কৰে। ই সেই ঠাইৰ পৰিৱেশকো সুস্থ কৰি ৰাখে৷

৩৷ শুবৰ সময়ত উত্তৰফালে মূৰ কৰি শুব নালাগে বুলি এটা প্ৰবাদ আজিও চলি আছে৷ এনে কৰিলে হেনো বিপদক আমন্ত্ৰণ জনোৱা হয়৷ ইয়াক বিজ্ঞানসন্মত ব্যাখ্যা হ’ল পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ আৰু জৈৱিক চুম্বক ক্ষেত্ৰৰ মাজত এটা সম্পৰ্ক থাকে৷ হয়তো উত্তৰফালে মৃৰ কৰি শুলে চৌম্বকীয় প্ৰভাৱৰ কাৰণে ৰক্তচাপজনিত বা অন্যান্য আনুষংগিক বেমাৰে দেখা দিব পাৰে৷

৪। সন্ধ্যা সময়ত ঘৰ সৰা কাম অশুভজনক বুলি এটা বিশ্বাস আছে৷ এনে কৰিলে হেনো ডাইনী বা যখিনীক আন্ত্ৰণ জনোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা হ’ল সন্ধ্যা পোহৰ কম থাকে– তেনে ক্ষেত্ৰত ঘৰ সাৰিলে কেতিয়াবা মাটিত পৰি থকা প্ৰয়োজনীয় নথিপত্ৰ বা মূল্যবান বস্তুও সাৰোঁতে বাহিৰত পৰিব পাৰে৷ আজিৰ দৰে পোহৰৰ ব্যৱস্থা নাছিল কাৰণে তাৰ আধাৰত এনে বিশ্বাসৰ সৃষ্টি হৈছিল যিটো গাঁওবিলাকত আজিও প্ৰচলিত হৈ আছে৷

৫৷ ক'লা মেকুৰী ৰাস্তাইদি পাৰ হোৱাটো এটা অশুভ কাৰণ৷ এই বিশ্বাস আজিও আমাৰ মাজত আছে৷ এনে ঘটনাৰ সন্মুখীন হ’লে গাড়ীচালকে গাড়ী ৰখাই কিছু সময় এইদৰে থাকি পাছত যাত্ৰা আৰম্ভ কৰে৷ ক'লা মেকুৰী ৰাস্তাইদি পাৰ হোৱা মানেই চালক অথবা যাত্ৰীজনৰ মৃত্যু নিশ্চিত বুলি ধৰা হয়৷ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা এনে ধৰণৰ: আগৰ দিনত মানুহে গৰুগাড়ী বা ঘোঁৰীগাড়ীৰে যাত্ৰা কৰিছিল৷ ৰাতিৰ হাবিৰ মাজেদি গৈ থাকোঁতে যদি কলা মেকুৰী সন্মুখেদি পাৰ হৈ যায় বা ৰাস্তাত থিয় হৈ ৰয়, তেতিয়া গাড়ীৰ নৈশ গৰু বা ঘোঁৰাই ভয়ত যেনি-তেনি দৌৰি পলাব খোজে। ফলত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়৷ অন্য এক কাৰণ হ’ল দৌৰি পাৰ হৈ যোৱা মেকুৰী দেখিলে বুজিব লাগিব যে আন কোনোবা ডাঙৰ জন্তুয়ে তাক চিকাৰৰ কাৰণে খেদি ফুৰিছে৷ এনে ক্ষেত্ৰত গাড়ী কিছু সময় ৰখাই থোৱা হয় যাতে ডাঙৰ জন্তুয়ে তাৰ চিকাৰ সহজে উপলব্ধ কৰিব পাৰে৷ গাড়ী নৰখাই গৈ থাকিলে তেনে জন্তুয়ে গৰু, ঘোঁৰা, চালক বা যাত্ৰীক আমন্ত্ৰণ কৰিব পাৰে৷

৬৷ যি কোনো কামৰ কাৰণে ঘৰৰ পৰা ওলাই যোৱা সময়ত দৈ আৰু চেনি খোৱাটো মঙ্গলজনক বুলি বিশ্বাস কৰা হয়৷ আজিও এই প্ৰথা প্ৰচলিত হৈ আছে৷ প্ৰকৃতাৰ্থত ইয়াৰ অন্তৰ্নিহিত বিজ্ঞান হ’ল দৈ খালে দৈয়ে পেট ঠাণ্ডা কৰি ৰাখে আৰু চেনিয়ে গ্লুক'জৰ কাম কৰে । ই তাৎক্ষণিকভাৱে শৰীৰক শক্তি দিয়ে৷

৭৷ দাপোণ ভঙাটো অশুভ কাৰণ বুলি ধৰা হয়৷ ইয়াৰ প্ৰকৃত ব্যাখ্যা এনে ধৰণৰ৷ এটা সময়ত দাপোণ অতি দুষ্প্ৰাপ্য আৰু মূল্যৱান সামগ্ৰী আছিল৷ গতিকে এনে দুষ্প্ৰাপ্য সামগ্ৰী যাতে ভাঙি নাযায় তাৰ আঁৰত এনে বিশ্বাস গঢ়ি উঠিছিল আৰু ভয় দেখুৱা হৈছিল যে আৰ্চি ভঙাজন এটা অসুখত ভুগিব লাগিব৷

৮৷ ৰেল বা মটৰ গাড়ীৰে যাত্ৰা কৰোঁতে বাটত যদি ডাঙৰ নদী পাৰ হ’বলগীয়া হয়, তেতিয়া গাড়ীৰ যাত্ৰীয়ে মুদ্ৰা এটা নদীলৈ দলিয়াই দিয়া দৃশ্য হয়তো বহুতে লক্ষ্য কৰিছে৷ এনে কৰিলে যাত্ৰা শুভ হয় বুলি জনবিশ্বাস এতিয়াও অব্যাহত আছে৷ প্ৰকৃততে আগৰ দিনত তামৰ মুদ্ৰাৰ প্ৰচলন আছিল৷ তামৰ মুদ্ৰা পানীত পেলাই দিলে সেই পানী বিশুদ্ধ হয় আৰু তেনে পানী খালে স্বাস্থ্যও ভালে থাকে৷ বৈজ্ঞানিক কাৰণ নাজানিলেও মানুহে তামৰ পাত্ৰত পানী সংৰক্ষণ কৰি খোৱা কাৰ্য্য এতিয়াও চলি আছে৷ আজিকালি তামৰ মুদ্ৰাৰ পৰিৱৰ্তে যি কোনো মুদ্ৰা এটা নদীলৈ দলিয়াই দিয়া দেখা যায়৷ ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷

৯। তুলসী পাত চোবাই খাব নালাগে, পোনে পোনে গিলি দিব লাগে৷ তুলসী মানে লক্ষ্মী দেৱীৰ অৱতাৰ. চোৱাই খোৱা মানে লক্ষ্মী দেৱীক অপমান কৰা৷ এনে বিশ্বাসৰ কাৰণে তুলসীপাত গিলি খোৱা হয়৷ ইয়াৰ বৈজ্ঞানিক যুক্তি এনে ধৰণৰ: তুলসীপাতত কম- বেছি পৰিমাণে আৰ্ছেনিক নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে৷ তুলসীপাত চোবাই খালে এই আৰ্ছেনিক পদাৰ্থই দাঁতৰ এনামেল নষ্ট কৰিব পাৰে ।লগতে দাঁতৰ ৰঙো হালধীয়া হয়৷

১০৷ গাত জেঠী পৰিলে অমঙ্গল বুজায় বুলি মানুহৰ বিশ্বাস আছে৷ প্ৰকৃততে জেঠীয়ে আত্মৰক্ষাৰ কাৰণে এবিধ বিষাক্ত পদাৰ্থ নিঃসৰণ কৰে৷ এই পদাৰ্থ কেতিয়াবা গাত পৰিলে ছালত বেমাৰ হ’ব পাৰে বা খাদ্যত পৰিলে ই খাদ্যবস্তু বিষাক্ত কৰিব পাৰে৷ সেই কাৰণে গাত জেঠী পৰাটো বেয়া বুলি কয়৷

১১৷ ঘৰৰ ভিতৰত বাদুলী সোমালে অমঙ্গল হ’ব বুলি কোৱা হয়৷ প্ৰকৃততে বাদুলী নানা বীজাণুৰ বাহক৷ ঘৰৰ ভিতৰত সোমালে বা আঁচুৰিলে ই কঢ়িয়াই অনা বীজাণু মানুহৰ শৰীৰত প্ৰয়োগ কৰে৷ আগৰ দিনত আজিৰ দৰে উন্নত চিকিৎসাৰ ব্যৱস্থা নাছিল । ফলত হয়তো ‘ৰেবিছ’ ‘ঈৰ'লগ’ বা ‘নিপাহ’ ৰোগত আক্ৰান্ত হৈ ৰোগীৰ মৃত্যু হৈছিল৷

১২৷ আঁহত গছত ভূতে বাস কৰে৷ ৰাতি তালৈ যাব নাপায়৷ আজিও বিশ্বাস ঠায়ে ঠায়ে চলি আছে৷ আচলতে গছে ৰাতি এঙাৰ গেছ নিষ্কাষণ কৰে আৰু দিনৰ ভাগত অক্সিজেন গেছ এৰি দিয়ে৷ এঙাৰ গেছ বিষাক্ত পদাৰ্থ৷ ৰাতি গছৰ তলত শুলে এঙাৰ গেছ শ্বাস- প্ৰশ্বাসত হাঁওফাঁওৰ ভিতৰলৈ সোমাই এটা অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে যিটোক মানুহ ভূত থকা বুলি কয়৷

১৩৷ মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে চুলি ধুব নাপায়৷ এতিয়াও ঠায়ে ঠায়ে এনে বিশ্বাস চলি আছে৷ প্ৰকৃততে অতীতত পানীৰ নাটনি হোৱাত পানীৰ ব্যৱহাৰ যাতে কম কৰিব পাৰি তাৰ উপায় বিচাৰি এই নিষেধ আজ্ঞা আৰোপ কৰা হৈছিল৷

উপসংহাৰ

বিজ্ঞান যিদৰে আগবাঢ়িছে, অন্ধবিশ্বাসো বাঢ়িব ধৰিছে৷ অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ উন্নত দেশবোৰতো অন্ধবিশ্বাস এতিয়াও বৰ্তি আছে৷ জাৰ্মেনীত প্ৰায় আধাসংখ্যক মানুহেই অন্ধবিশ্বাসী, ৪০ শতাংশ আমেৰিকাৰ মানুহে অন্ধবিশ্বাসী চিকিৎসাত বিশ্বাস কৰে, আফ্ৰিকা মহাদেশত প্ৰায় ৭০ শতাংশ মানুহে ডাইনী-যখিনী আদিত বিশ্বাস কৰে আৰু পৰম্পৰাগত ঔষধৰ দ্বাৰা চিকিৎসা কৰোৱায়৷ অসমত ডাইনী প্ৰথা এতিয়াও চলি আছে৷

বিজ্ঞান আৰু অন্ধবিশ্বাস একেলগে আগবাঢ়ি আছে কাৰণে বহুক্ষেত্ৰত বিজ্ঞানৰ অগ্ৰগতিত অন্ধবিশ্বাস হেঙাৰ হিচাবে থিয় দিয়ে৷ আমাৰ মানসিকতাক বিজ্ঞানমুখী কৰিব পাৰিলেহে সমাজৰ উন্নতি আশা কৰিব পাৰি৷ ইয়াৰ কাৰণে লাগিব বিজ্ঞানমুখী গণচেতনা আৰু এই চেতনা জগাই তুলিবলৈ লাগিব বৈজ্ঞানিক মানসিকতাৰ এখন গণ আন্দোলন৷।