পৃথিৱী পোহৰোৱা এডিছন


Image Description

আমেৰিকাৰ আহিঅ’ ৰাজ্যত ১৮৪৭ চনত জন্ম লাভ কৰা থমাছ আলভা এডিছন সৰুৰে পৰাই সুস্বাস্থ্যৰ অধিকাৰী নাছিল৷ এডিছনে কাণেৰেও সৰুৰে পৰাই কম শুনিছিল আৰু ডাঙৰ হৈ একেবাৰে নুশুনা হৈছিলগৈ৷

এডিছনৰ স্কুলীয়া শিক্ষা আৰম্ভ হয় ঘৰৰ ওচৰৰে এক কোঠালীৰ এখন স্কুলত৷ মাকে এই স্কুলত নাম লগাই দিয়ে৷ কিন্তু প্ৰথমৰেপৰাই এডিছনে স্কুলত মন বহুৱাব পৰা নাছিল৷ ইয়াৰ কাৰণ আছিল স্কুলখনত ছাত্ৰ-ছাত্ৰীক শিকোৱাৰ ধৰণ-কৰণ৷

স্কুলখনত তেওঁক পঢ়োৱা শিক্ষকজন আছিল কাঢ়া প্ৰকৃতিৰ৷ তেওঁ বিচাৰে ছাত্ৰসকলে নভবা-নিচিন্তাকৈ তেওঁ যি কয় তাকে কৰি থাকক৷ কিন্তু স্কুলৰ এনে পৰিৱেশে এডিছনৰ মন বান্ধি ৰাখিব নোৱাৰিছিল৷ ফলত তেওঁৰ মনৰ অস্থিৰতা প্ৰকাশ হৈছিল৷

শ্ৰেণীত শিক্ষকে কৰিব দিয়া কামৰ সলনি নিজৰ নোট বুকত ছবি আঁকি বহু সময় পাৰ কৰিছিল৷ বহু সময়ত শিক্ষকৰ নিৰ্দেশ পালনত অনীহা প্ৰদৰ্শন কৰিছিল৷ কাণেৰে ভালদৰে নুশুনা বাবে এই দোষ অধিক প্ৰকট হৈ পৰিছিল৷

স্বাভাৱিকতে তেওঁৰ শিক্ষক অসন্তুষ্ট হোৱাৰে কথা৷ অসন্তুষ্টিৰ আন এটা কাৰণো আছিল৷ এডিছনৰ অত্যধিক কৌতুহলী স্বভাৱ আৰু অনবৰতৈ শিক্ষকক প্ৰশ্ন সুধি থকাৰ অভ্যাস৷

ছাত্ৰজনৰ এনে মতি-গতি দেখি শিক্ষকৰ ধাৰণা হ’ল যে এডিছনৰ পঢ়া-শুনা একো নহ’ব, ইয়াৰ বুদ্ধি-বৃত্তিও নাই৷ এইবোৰ কাৰণতে এডিছনে স্কুলত শাস্তিও ভোগ কৰিবলগীয়া হ’ল৷ প্ৰায়েই শিক্ষকে শ্ৰেণীকোঠাৰ এমূৰে এডিছনক সৰু টেবুল এখনত বহু সময় ধৰি বহুৱাই ৰাখে৷ সহপাঠী সকলৰ সমুখতে তিৰস্কাৰো কৰে৷ আন শাস্তিও দিয়ে৷

এদিনাখন এডিছনে কান্দি কান্দি ঘৰলৈ উভতি আহি মাকক ক’লে যে শিক্ষকে পঢ়া-শুনা ভালদৰে কৰিবৰ বাবে তেওঁৰ মগজুয়েই নাই বুলি কৈছে৷ শিক্ষকজনে মাকলৈ এই সম্পৰ্কে লিখিও পঠিয়ালে৷

কথাষাৰ শুনি এডিছনৰ মাক খঙত জ্বলি উঠিল৷ শিক্ষকৰ কথাত কাণ নিদিবলৈ কৈ মাকে এডিছনক স্কুলৰপৰা উলিয়াই আনিলে৷ এডিছনৰ মাক নিজে এগৰাকী শিক্ষিতা মহিলা আছিল আৰু কিছুদিনৰ বাবে তেওঁ এগৰাকী শিক্ষয়িত্ৰীও আছিল৷

তেতিয়াৰপৰা এডছনক ঘৰতে পঢ়ুওৱাৰ দায়িত্ব নিজেই ল’লে৷

মাকে স্কুলৰপৰা উলিয়াই লৈ অনা এই থমাছ এডিছনেই হ’ল পৃথিৱীবিখ্যাত উদ্ভাৱক, আৱিষ্কাৰক থমাছ আলভা এডিছন৷ সচৰাচৰ দেখা যায় দুটা বা তিনিটামান মানুহৰ কামত অহা সঁজুলি বা যন্ত্ৰ আৱিষ্কাৰ কৰি একোজন উদ্ভাৱকে জীৱনজোৰা খ্যাতি আৰু লগতে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে৷

থমাছ আলভা এডছনে উদ্ভাৱন কৰা সঁজুলি দুটা-তিনিটা নহয়, বহুতো৷ আমেৰিকাত এডিছনে কৰা উদ্ভাৱনে এহেজাৰৰো অধিক পেটেণ্ট লাভ কৰিছে৷ তেওঁ উদ্ভাৱন কৰা সঁজুলিবোৰৰ অন্যতম হ’ল– ইলেক্টিক বাল্‌ব, চলচিত্ৰ কেমেৰা, মাইক্ৰ’ফ'ন, শব্দগ্ৰহণ আৰু পুনৰুৎপাদন কৰা সঁজুলি, যেনে, ৰেকৰ্ড প্লেয়াৰ, ফ’ন’গ্ৰাফ, টেলিগ্ৰাফ আদি৷

১৯৩১ চনত মৃত্যুৰ আগে আগে এডিছনে তেওঁৰ ১০৯৩ নম্বৰ আমেৰিকান পেটেণ্টৰ বাবে আবেদন কৰে৷ তেওঁৰ শৱযাত্ৰাৰ দিনা সন্ধিয়া পৃথিৱী পোহৰোৱা এই মহান উদ্ভাৱক আৰু আৱিষ্কাৰকজনলৈ শ্ৰদ্ধা নিবেদন স্বৰূপে আমেৰিকাৰ জনসাধাৰণে এক মিনিটৰ বাবে তেওঁলোকৰ ঘৰৰ বিজুলীবাতি নুমাই ৰাখে৷

থমাছ আলভা এডিছনে মাথো তিনিমাহহে স্কুলত আনুষ্ঠানিকভাৱে শিক্ষা লাভ কৰিছিল৷ মাকে স্কুলৰপৰা লৈ অহাৰ পিছত ঘৰখনেই এডিছনৰ স্কুল হৈ পৰিল৷ মাকৰ এই এজনীয়া ছাত্ৰৰ স্কুলখনত এডিছনে মনৰ আনন্দত পঢ়িবলৈ ধৰিলে৷

কিতাপৰ উপৰি কিতাপ পঢ়িলে৷ মাকে শিকাই উঠি কৰিব দিয়া কাম খৰকৈ কৰিবলৈ আগ্ৰহী হ’ল, কৰিব পৰাও হ’ল৷ এনে স্বাধীন পৰিৱেশত আজৰি সময় ওচৰে-পাজৰে ঘূৰি ফুৰি, পৰ্য্যবেক্ষণ কৰি তেওঁৰ কৌতুহলী স্বভাৱ বাঢ়ি গ’ল৷ কৌতুহলী নিবাৰণৰ বাবে তেওঁ কৰা চেষ্টাত কোনেও বাধাও নিদিলে৷

এডিছনৰ ল’ৰালি কালৰ কৌতুহলী সম্পৰ্কে আৰু কৌতুহল নিবাৰণৰ বাবে তেওঁ অনুসৰণ কৰা পন্থা সম্পৰ্কে বহু কাহিনী প্ৰচলিত হৈ থকা দেখা যায়৷ এনে এটা কাহিনী হ’ল:

‘এডিছনক এদিনাখন কুকুৰাৰ কণী এটাৰ ওপৰত বহু সময় বহি থকা দেখি এজনে তেওঁনো কি কৰি আছে সুধিলে৷ উত্তৰত এডিছনে ক’লে যে কুকুৰা এটা এনেদৰে কণীৰ ওপৰত বহি থাকি পোৱালি জগায়৷ তেওঁও তাৰেই চেষ্টা কৰিছে৷’

পিছলৈ থমাছ আলভা এডিছন আমেৰিকাৰ এগৰাকী ধনী-মানী ব্যক্তিত পৰিণত হয়৷ সাফল্যৰ শিখৰত উপস্থিত হোৱাৰ পিছত তেওঁ কৈছিল– ‘মোৰ মাইহে মোক গঢ়ি তুলিছিল৷ মোৰ বিষয়ে মা নিশ্চিত আছিল আৰু এয়া প্ৰত্যয়েৰে বিশ্বাস কৰিছিল৷’

আজীৱন আৱিষ্কাৰ বা উদ্ভাৱনাৰ প্ৰয়াসত লাগি থকা এডিছনে সদায়ে যে সাফল্যৰ মুখ দেখিছিল সেয়াও নহয়৷ ব্যৰ্থও বহুবাৰ হৈছিল৷ কোনো আৱিষ্কাৰৰ প্ৰচেষ্টাত ব্যৰ্থতাৰ সন্মুখীন হ’লে সেই সম্পৰ্কে তেওঁৰ বিখ্যাত উক্তিটো আছিল ‘মই ব্যৰ্থ হোৱা নাই৷ মই মাত্ৰ ১০,০০০ ধৰণে কৰি চাই গম পালোঁ যে কামটোত সফল হ’ব পৰা নাযাব৷’