জোনবাইৰ দেশলৈ


Image Description

‘জোনবাই এ এটি তৰা দিয়াঁ

এটি তৰা নালাগে দুটি তৰা দিয়াঁ।

এইযে সুন্দৰ কবিতাফাঁকিত জোনবাইৰ লগত থকা তৰাটি হ’ল শুক্ৰ গ্ৰহ৷ কিন্তু ই তৰা মানে নক্ষত্ৰহে, প্ৰকৃততে ই গ্ৰহ নহয়৷ যাৰ নিজা পোহৰ নাই সেইবোৰেই হ’ল প্ৰকৃত গ্ৰহ৷ জোনবাই মানে কাঁচিজোনৰ পৰা পূৰ্ণজোনলৈ ৰাতিৰ আকাশত দেখা পোৱা চন্দ্ৰ নামৰ উপগ্ৰহটোহে৷ ই হ’ল পৃথিৱীৰ উপগ্ৰহ৷ পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ল তিনি লাখ চৌৰাশী হাজাৰ চাৰিশ কিল'মিটাৰ আৰু পৃথিৱীৰ পৰা মঙল গ্ৰহলৈ দূৰত্ব হ’ল ৫৪.৬ মিলিয়ন, অৰ্থাৎ চন্দ্ৰতকৈ ১৪২ গুণ বেছি৷ গতিকে মঙল গ্ৰহলৈকে যাবলৈ আমাৰ আৰু বেছি দিন লাগিব৷

১৯৬৯ চনৰ পৰা ১৬ জুলাইত নীল আৰ্মষ্ট্ৰং, এডৱিন এলড্ৰিন আৰু মাইকেল কলিন্‌ছ নামৰ তিনিজন মহাকাশচাৰীয়ে এপ’ল' ১১১ সহায়ত চন্দ্ৰলৈ, অৰ্থাৎ জোনবাইৰ দেশলৈ যাত্ৰা আৰম্ভ কৰিছিল৷ সেই যাত্ৰা সফল হোৱাত নীল আৰ্মষ্ট্ৰঙে কৈছিল– ‘এয়া এজন মানুহৰ এৰু সৰু খোজ৷ মানৱ জাতিৰ কাৰণে এটা বৃহৎ পদক্ষেপ৷’ আৰ্মষ্ট্ৰঙে চন্দ্ৰত পেলোৱা সেই সৰু খোজটোৱে মানজাতিৰ উত্তৰণত এটা বিশাল জাঁপ আছিল।

১৯৬৯ চনৰ ১৫ আগষ্টত পাৰমাণৱিক শক্তি বিভাগৰ অধীনত ভাৰতীয় মহাকাশ গৱেষণা, সংস্থা চমুকৈ [ISRO] গঠন কৰা হয়৷ ১৯৮৪ চনৰ ৩ এপ্ৰিলত ভাৰত আৰু ৰাছিয়াৰ যুটীয়া মহাকাশ অভিযানত ছয়ূছ যানেৰে ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মা আৰু দুজন ছোভিয়েট মহাকাশচাৰী য়ুৰী মেলিছেফ্‌ৰ লগতে গেনাৰ্ড ষ্টেকালভে মহাকাশত ৰূপ আৰু জাৰ্মেনিয়ামৰ সংকৰ ধাতু তৈয়াৰ কৰিবলৈ চেষ্টা চলাইছিল৷

বিজ্ঞানী তথা ভাৰতীয় মহাকাশচাৰী হিচপে ৰাকেশ শৰ্মা আছিল প্ৰথমজন ভাৰতীয়৷ তেওঁ সুকলমে মহাকাশ অভিযান সমাপ্ত কৰি ভাৰতীয় বিজ্ঞানীৰ মহাকাশ যাত্ৰাৰ পাতনি মেলিছিল৷ ইয়াৰ পাছত ভাৰতীয় মহিলা মহাকাশচাৰী হিচাপে কল্পনা চাওলাই ১৯৯৭ চনৰ ১৯ নৱেম্বৰত নাছাৰ ক'লম্বিয়া মহাকাশ অভিযানত ভাগ লয়৷ পুনৰ তেওঁক ২০০২ চনৰ ২৩ মে’ত নাছাই অন্য এটা মহাকাশ অভিযানত ভাগ লোৱাটো নিশ্চিত কৰে৷ নাছাৰ যানেৰে ২০০৩ চনৰ ১৬ জানুৱাৰীত মহাকাশলৈ গৈ ফেব্ৰুৱাৰীত উভতি আহোঁতে যানখন দুৰ্ঘটনাত পতিত হয় আৰু আটাইকেইজন মহাকাশ যাত্ৰীয়ে [৭ জন] প্ৰাণ হেৰুৱাব লগাত পৰে৷

২০০৮ চনৰ ২২ অক্টে'বৰত চন্দ্ৰাৰয়ন-১ আৰু ২০১৯ চনৰ ২২ জুলাইত উৎক্ষেপণ কৰা হয় চন্দ্ৰায়ন -২৷ এই দুয়োটা মহাকাশ অভিযানত ভাৰতীয় মহাকাশ কেন্দ্ৰতে গৱেষণাৰ আটাইখিনি কাম সমাপন কৰিছিল । সেই অভিযানত এজনো বিজ্ঞানী মহাকাশলৈ যোৱা নাছিল৷

এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে এনে এটা আঁচনি যুগুত কৰিছে, য’ত ভাৰতীয় বিজ্ঞানীসকলে মহাকাশলৈ, অৰ্থাৎ জোনবাইৰ দেশলৈ আৰু মঙল গ্ৰহলৈকে স্বতন্ত্ৰভাৱে যাব৷ এনে পৰিকল্পিত আঁচনিৰ প্ৰথম পদক্ষেপত ২০২২ চনত ‘গগনযান-২’ নামৰ মহাকাশ যানেৰে মানুহক মহাকাশলৈ প্ৰেৰণ কৰাৰ উপৰি ভাৰতীয় বিজ্ঞানীয়ে মহাকাশত নিজস্ব ভাৰতীয় মহাকাশ আস্থান এটাও গঢ়ি তুলিব, য’ত মহাকাশচাৰীৰ লগতে ভাৰতীয় মানুহেও কেইদিনমান মহাকাশতে জিৰণি লৈ আহিব পাৰিব৷

ভাৰতীয় সাধাৰণ জনগণে সেই পৰিকল্পিত আঁচনিৰ প্ৰতি সমৰ্থন জনাই ভাৰতীয় বিজ্ঞানীসকলক লৈ গৌৰৱবোধ কৰাই শ্ৰেয়৷ কিন্তু আমি ভাবোঁ আজি আটায়ে মহাকাশলৈ গৈ মহাকাশ ষ্টেচনত সময় কটোৱাৰ কথা নাভাবি এই পৃথিৱীখনকেই চিৰসেউজ বাতাবৰণেৰে প্ৰদূষণমুক্ত কৰি বিশুদ্ধ বায়ু সেৱন কৰাৰ চিন্তা-চৰ্চা কৰো আঁহক৷

প্ৰকৃতিবিদ হেনৰী থেৰিয়ালে ভবাৰ দৰে আমিও ভাবিব পাৰোঁ যে ‘এই সুন্দৰ গ্ৰহত অৱস্থান নহ’লে যেনেকৈ এটা সুন্দৰ গৃহ অৰ্থহীন’ , ঠিক তেনেকৈ এটা সুস্থ পৰিৱেশ গঢ়ি নুঠিলে এজন সুস্থ মানুহ গঢ়ি নুঠে৷